২০১৪ চনৰ নৱেম্বৰ মাহত দেউতাৰ অসুখ দেখুৱাবলৈ চেন্নাই এপ’লো হস্পিতাললৈ ওলাইছিলোঁ। লগত
মানৱ দৰদী ফিলিপৰ বিষয়ে অধিক কথা জানিবলৈ মোৰ আগ্ৰহ হ’ল। ইয়াৰ পিছৰ দিন কেইটাত তেওঁৰ লগত বহি বন্ধুৰ দৰে বহুত কথা পাতিলোঁ। তেওঁৰ পৰা জানিব পাৰিলোঁ যে তেওঁ ব্যক্তিগত কোম্পানীৰ কামত কেইবা বছৰো অসমত বাস কৰিছিল। অসমত থকা সেই সময়তে তেওঁ তেজপুৰৰ অসমীয়া যুৱতী অঞ্জনা গোস্বামীক লগ পাইছিল। অঞ্জনা আৰু ফিলিপৰ প্ৰণয় আৰু পিছলৈ বিবাহ হৈছিল। অঞ্জনাৰ সান্নিধ্যত ফিলিপে অসমীয়া ভাষা ভালদৰে আয়ত্ব কৰি পেলাইছিল,
মা আৰু ভণ্টি। চেন্নাই এপ’লো হস্পিতালৰ ওচৰে পাজৰে থকা হোটেল বোৰৰ বিষয়ে খবৰ কৰিছিলোঁ। আগতে চেন্নাইলৈ যোৱা সকলৰ পৰা জানিব পাৰিছিলোঁ এপ’লোৰ নিচেই কাষতে গ্ৰীম্ছ ৰোডত কেইবাখনো হোটেল আছে, চিন্তাৰ কোনো কাৰণ নাই। হোটেল বোৰত ৰান্ধি বাঢ়ি খোৱাৰ সুবিধা আছে। চেন্নাইলৈ ওলোৱা বুলি খবৰ পাই বন্ধু, সহকৰ্মী ৰাজীৱ শৰ্মাই এখন হোটেলৰ মালিকৰ ফোন নম্বৰ দি মোক কথা পাতি চাবলৈ ক’লে। হোটেলৰ মালিকক ফোন কৰিলোঁ। তেওঁৰ নাম ফিলিপ। নামটো পাই মনতে ভাবিলোঁ, হয়তো কোনোবা দক্ষিণ ভাৰতীয় ভদ্ৰলোক হ'ব।
কেইবাবাৰো ফোন ৰিং হোৱাৰ পিছত ছোৱালী এজনীয়ে ফোন ধৰিলে। অসমৰ পৰা ফোন কৰা বুলি
গম পাই ফোন ধৰা ছোৱালীজনীয়ে মোক আচৰিত কৰি নিভাঁজ অসমীয়াত ক'লে, "ৰ'ব দেই দেউতাক মাতি দিছো"। অলপ সময়ৰ পিছতে মোৰ লগত ফিলিপে কথা পাতিলে খাটি অসমীয়া ভাষাত। ফিলিপে ক’লে, “চিন্তা নকৰিব, আমাৰ বৰলুইতত থাকিব পাৰিব”। বৰলুইত !! নামটো শুনিয়েই মনটো ভাল লাগি গ’ল। অসমীয়া মানুহৰ বাবেই ফিলিপে চেন্নাইত বৰলুইত স্থাপন কৰিছে। তেওঁ বৰলুইতত থকাৰ
ব্যৱস্থা হৈ যাব বুলি আশ্বাস দিলে। আমাৰ চেন্নাই আগমনৰ দিন, বাৰ, সময় সকলো নোট কৰি থলে। তেওঁ ক’লে যে আমাক আনিবলৈ তেওঁ বিমানকোঠলৈ গাড়ী পঠিয়াব।
চেন্নাইৰ কামৰাজ বিমানকোঠৰ পৰা বাহিৰ ওলাওঁতে ৰাতি এঘাৰ বাজিবৰ হৈছিল। ওলায়েই চকুত পৰিছিল আমাৰ নামৰ ফলক লৈ ৰৈ থকা ‘মুথু’ নামৰ তামিল লোকজনক। ফিলিপে পঠিওৱা ‘মুথু’ৰ গাড়ীত উঠি পঞ্চল্লিশ মিনিট মান পিছতে উপস্থিত হ’লোঁগৈ বৰলুইতত। আমাৰ বস্তু বাহানি নিবলৈ নামি আহিল এজন অসমীয়া যুৱক। কোঠালৈ গৈ মুখ হাত ধোৱাৰ পিছতে আন এজন অসমীয়া যুৱকে আহি ক’লেহি, “ভাত বাঢ়িছোঁ। খাই লওক”।
ডাইনিং টেবুলত বহি ভাত খাই থাকোঁতে এনে লাগিছিল আমি যেন আলহী হিচাপেহে কাৰোবাৰ ঘৰলৈ আহিছোঁ। ঘৰত খোৱাৰ দৰে গৰম ভাত ডাইল তৰকাৰীৰ অসমীয়া ভাতসাজ উদৰ পুৰাই খালোঁ। ভাত খাই বেচিনত হাত ধুই ওলোমাই থোৱা অসমীয়া গামোচাত হাত মচিলোঁ।
পিচদিনা ৰাতিপুৱাই হস্পিতালৰ লৰা ধপৰা আৰম্ভ হৈছিল। চেন্নাইৰ এপ’লো হস্পিতালৰ পৰা তামোল এখন খোৱা দুৰত্বত বৰলুইত খন আছে। খোজকাঢ়ি গ’লে ১০-১৫ মিনিট লাগে। বৰলুইত বুলি সৰুকৈ লিখা ফলক খন তত্ক্ষণাত চকুত নপৰে। কিন্তু চেন্নাইৰ প্ৰায় প্ৰতিজন অট’চালকে বৰলুইত চিনি পায়। তেওঁলোকে পিছে বৰলুইত বুলি নকয়, শব্দটোৰ অৰ্থ নাজানে। কয় ‘আছাম গেষ্ট হাউচ’ বুলি।
প্ৰায় গোটেই দিনটো হস্পিতালত ব্যস্ত থকাৰ পিছত সন্ধিয়া উভতি আহি প্ৰথম বাৰৰ বাবে লগ পাইছিলোঁ হোটেলৰ মালিক ৰাজেন্দ্ৰ আলফ্ৰেড ফিলিপক। বৰলুইতৰ মেনেজাৰৰ কোঠাত আন এজন ব্যক্তিৰ সৈতে তামিল ভাষাত কথা পাতি থকা ফিলিপে মোক অসমীয়াত সম্ভাষন জনালে। এমুৰ পকা চুলিৰে কৃষ্ণবৰ্ণৰ হাঁহিমুখীয়া ফিলিপক দেখিয়েই বুজিব পাৰিলোঁ যে তেওঁ তেওঁক তামিল ভাষী বুলি ধৰিব নোৱাৰে। তেওঁ বহা চকীখন শুৱাই ৰাখিছিল এখন অসমীয়া চেন্নাইৰ স্থানীয় তামিল ভাষী লোক। কিন্তু তেওঁৰ লগত অসমীয়াত কথা পাতিলে কোনেও
ফুলাম গামোচাই। অলপ সময় কথা পাতিয়েই বুজিব পাৰিছিলোঁ মানুহক সহায় কৰিবলৈ সকলো সময়তে সাজু ফিলিপৰ মহানুভৱতাৰ কথা।
মানৱ দৰদী ফিলিপৰ বিষয়ে অধিক কথা জানিবলৈ মোৰ আগ্ৰহ হ’ল। ইয়াৰ পিছৰ দিন কেইটাত তেওঁৰ লগত বহি বন্ধুৰ দৰে বহুত কথা পাতিলোঁ। তেওঁৰ পৰা জানিব পাৰিলোঁ যে তেওঁ ব্যক্তিগত কোম্পানীৰ কামত কেইবা বছৰো অসমত বাস কৰিছিল। অসমত থকা সেই সময়তে তেওঁ তেজপুৰৰ অসমীয়া যুৱতী অঞ্জনা গোস্বামীক লগ পাইছিল। অঞ্জনা আৰু ফিলিপৰ প্ৰণয় আৰু পিছলৈ বিবাহ হৈছিল। অঞ্জনাৰ সান্নিধ্যত ফিলিপে অসমীয়া ভাষা ভালদৰে আয়ত্ব কৰি পেলাইছিল,
অসমীয়া সংস্কৃতিক ভাল পাবলৈ শিকিছিল। অঞ্জনায়ো খ্ৰিষ্টধৰ্মী ফিলিপৰ ভাষা আৰু সংস্কৃতিক শ্ৰদ্ধা কৰিছিল। অসমত থকা সময়তে তেওঁলোকৰ তিনিটি সন্তান সংগীতা, কবিতা আৰু ৰাজাৰ জন্ম হৈছিল। তিনিওটি সন্তানে অসমীয়া আৰু তামিল ভাষা দুয়োটা ভাষাই শিকিছে আৰু সলসলীয়াকৈ ক’ব পাৰে। উল্লেখ্য যে ফিলিপৰ বৰজোৱাঁই অসমীয়া।
১৯৯৬ চনত কৰ্মসূত্ৰে ফিলিপ পৰিয়াল সহ চেন্নাইত উপস্থিত হৈছিল। চেন্নাইত প্ৰথম বাৰৰ বাবে থাকিবলৈ লোৱা অঞ্জনাৰ অসমৰ কথা বৰকৈ মনত পৰিছিল। সুবিধা পালেই তেওঁ চিকিত্সাৰ বাবে চেন্নাইলৈ যোৱা অসমৰ ৰোগী সকলক, অসমীয়া মানুহ বোৰক লগ ধৰিছিল, তেওঁলোকৰ পাৰ্যমানে সহায় কৰিছিল। অসমৰ মানুহে চেন্নাইত সন্মুখীন হোৱা থকা খোৱাৰ সমস্যাই তেওঁৰ মন চুই গৈছিল। তেতিয়াই তেওঁৰ অসমৰ পৰা যোৱা লোক সকলৰ সহায়ৰ কাৰনে কিবা এটা কৰিবলৈ মনত ইচ্ছা জাগিছিল। ১৯৯৯ চনত দুটা কোঠা ভাড়ালৈ লৈ স্বামী ফিলিপৰ সহায়ত অঞ্জনাই আৰম্ভ কৰিছিল বৰলুইত। অসমৰ পৰা দুজন ল’ৰা আনি তেওঁলোকৰ হতুৱাই অসমীয়া খাদ্য ৰন্ধাৰ ব্যৱস্থা কৰিছিল। লাহে লাহে বৰলুইত হৈ পৰিছিল চেন্নাইৰ এপ’লো হস্পিতাললৈ যোৱামানুহৰ বাবে ঘৰৰ আতৰত থকা দ্বিতীয় ঘৰ। লাহে লাহে শ্ৰী বৃদ্ধি হৈ এতিয়া বৰলুইতত সংযোজিত হৈছে বাৰটাকৈ বিভিন্ন আকাৰৰ কোঠা। এতিয়া ফিলিপে নিজৰ চাকৰি বাদ দি পত্নীৰ লগত বৰলুইততে ব্যস্ত হৈ পৰিছে আৰু সুবিধা পালেই অসমৰ পৰা যোৱা আৰ্তজনৰ সহায় কৰিছে।
বৰলুইতত আমি মাত্ৰ পাঁচটা দিনৰ বাবে আছিলোঁ। কিন্তু সেই পাঁচটা দিনতে বৰলুইতত থকা আন আবাসী সকলৰ লগত গঢ়ি উঠিছিল গভীৰ আত্মীয়তা। সন্ধিয়া সময়ত নিজৰ নিজৰ কামৰ পৰা, হস্পিতালৰ পৰা উভতি অহা লোক সকল ডাইনিং ৰুমত গোট খাই চিনাকী হৈছিল, দিনটোৰ অভিজ্ঞতা এজনে আনজনক কৈছিল, অভিজ্ঞ সকলে নতুনকৈ অহা সকলক দিহা পৰামৰ্শ দিছিল, কিনি অনা ফলমুল ভগাই খাইছিল। আজিকালি ব্যস্ত জীৱনত পাবলৈ নাইকীয়া হোৱা সমুহীয়া আড্ডাৰ সোৱাদ পাই মন জীপাল হৈ উঠিছিল। কোঠালীত টেলিভিচন নোহোৱা কাৰনে প্ৰথমতে বেয়া লাগিছিল যদিও পিছলৈ এনে ভাৱ আহিছিল যে টেলিভিচন নথকা জীৱনেই ভাল। অন্তত: মানুহে আন মানুহৰ হিয়াৰ বতৰা লবলৈ সময় পায়।
বৰলুইত সকলো আধুনিক সা সুবিধা যুক্ত, বিলাসী হোটেল নহয়। থকা খোৱাৰ খৰছো বেছি নহয়। কিন্তু ইয়ালৈ আহি মানুহে বিচাৰি পায় অসমীয়া খাদ্য আৰু ঘৰুৱা পৰিৱেশৰ উমাল সান্নিধ্য। বয়সীয়াল লোক সকলৰ বাবে বা ৰোগী সকলৰ বাবে এই পৰিৱেশে মনলৈ আনি দিয়ে সজীৱতা। ঘৰৰ পৰা হেজাৰ হেজাৰ কিল’মিটাৰ আঁতৰত থাকিও অসমীয়া মানুহৰ লগত, অসমীয়া মাত কথাৰে অসমীয়া খাদ্য খাই থাকিব পৰাটোৱেই বহুতৰে বাবে সকাহৰ কাৰণ। সন্ধিয়া কিছু সময়ৰ বাবে হ’লেও সকলোৱে প্ৰাণ খুলি হাঁহে, মনৰ কথা ভগাই লয়। বৰলুইতত এতিয়া কাম কৰি থকা অসমীয়া যুৱক কেইজনে কম সময়ৰ ভিতৰতে অতিথি সকলক আপোন কৰি লয়। ঘৰলৈ অহা অতিথিৰ দৰে আদৰ সাদৰ কৰে। দুৰণিৰ চেন্নাইত এনে পৰিৱেশ আনি দিয়াৰ বাবে ফিলিপ দম্পত্তি নিশ্চয়কৈ অশেষ ধন্যবাদৰ পাত্ৰ।
ফিলিপে আমাক কৈছিল, কেতিয়াবা বৰলুইতত ইমানেই ভীৰ থাকে যে বহুত মানুহে টেলিফোনত কোঠাৰ বাবে জনোৱা অনুৰোধ তেওঁ ৰাখিব নোৱাৰে। কিন্তু আগতিয়াকৈ খবৰ দি থলে ৰাতি বিয়লি
চেন্নাইত উপস্থিত হোৱা মানুহক তেওঁ গাড়ী পঠিয়াই ৰেলৱে’ ষ্টেচন বা এয়াৰপোৰ্টৰ পৰা বৰলুইতকৈ আনি ভাত এসাজ খুৱায় আৰু যথাসাধ্য ওচৰ পাজৰৰ আন হোটেলত তেওঁলোকক কোঠা দিয়াবলৈ চেষ্টা কৰে। উল্লেখ্য যে বৰলুইতক কেন্দ্ৰ কৰিয়েই ওচৰতে ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰী নামৰ আন দুটা ল’জ গঢ়ি উঠিছে। তেনে ল’জত থকা অসমীয়া মানুহেও বৰলুইতলৈ আহি খোৱা বোৱা কৰিব পাৰে।
কেৱল আগতিয়াকৈ জনালেই হ’ল। কিন্তু ইমান খিনিৰ পিছতো বৰলুইতত স্থান দিব নোৱাৰাৰ বাবে কোনো কোনো মানুহৰ পৰা তেওঁ কটু কথা শুনিবলগীয়া হয়। তেতিয়া তেওঁৰ দুখ লাগে। তথাপিও তেওঁ যেতিয়াই যি ধৰণে অসমৰ পৰা যোৱা মানুহে সহায় বিচাৰে তেনে ধৰণেই সহায় কৰি দিয়ে। বৰলুইততে লগ পোৱা এগৰাকী মহিলাৰ পৰা জানিব পাৰিছিলোঁ যে তেওঁ এপ’লোলৈ প্ৰথম বাৰেই অকলে আহিব লগীয়া হৈছিল। তেওঁক ফিলিপে নিজেই গৈ হস্পিতালত লগতে থাকি দি ডাক্তৰক দেখুওৱা কামত সহায় কৰি দিছিল।
ফিলিপে জনাইছিল যে তেওঁ এনে এটা ছফট্ৱেৰৰ কাম হাতত লৈছে যিটো ছফট্ৱেৰৰ জৰিয়তে মানুহে চেন্নাইৰ যিকোনো হস্পিতালত যিকোনো ডাক্তৰৰ এপইণ্টমেণ্ট লব পাৰিব। তেওঁ কৈছিল চেন্নাই আৰু ওচৰে পাজৰে এপ’লোতকৈ কম খৰচৰ আৰু ভাল ডাক্তৰ থকা বহুতো হস্পিতাল আছে। কিন্তু মানুহে সেইবোৰৰ কথা নাজানে। তেওঁৰ ছফট্ৱেৰটো ব্যৱহাৰ কৰি মানুহে অসমৰ পৰাই ইণ্টাৰনেট যোগে যিকোনো হস্পিতালত ডাক্তৰৰ এপইণ্টমেন্ট লব পাৰিব আৰু চেন্নাইত কম খৰচতে ভাল চিকিত্সা কৰি উভতি যাব পাৰিব। অসমৰ মানুহৰ কাৰণে ইমান খিনি চিন্তা কৰা মানুহৰ সংখ্যা আজিৰ দিনত বিৰল।
অসমৰ পৰা বহুতো মানুহে চিকিত্সাৰ বাবে চেন্নাইলৈ যায়। এপ’লো হস্পিতালত প্ৰতিখন বাৰাণ্ডাতে অসমীয়া মাত কথা শুনিবলৈ পোৱা যায়। অসমীয়াৰ দৰে বহুত বঙালী মানুহো এপ’লোলৈ যায়। এইখন হস্পিতালত ইংৰাজী, তামিল আৰু হিন্দীৰ পিছতে প্ৰায় সকলো প্ৰপত্ৰ, নিৰ্দেশাৱলী আৰু ফলকত বাংলা ভাষাৰ প্ৰয়োগ দেখিবলৈ পালোঁ। বাংলা ভাষা আৰু অসমীয়া ভাষাৰ আক্ষৰিক মিল থকাৰ বাবে অসমীয়া মানুহৰো বহুত সুবিধা হয়। এপ’লোত লগ পাইছিলোঁ শিলচৰৰ বাঙালী যুৱক মুস্তাফাক। মুস্তাফাই এপ’লো হস্পিতালতে কাম কৰে আৰু অসমৰ মানুহ যোৱা বুলি খবৰ পালে মাত এষাৰ দিবলৈ আহে। মুস্তাফাই আমাক বিভিন্ন ডাক্তৰৰ এপইণ্টমেণ্ট লোৱা কামত সহায় কৰি দিছিল। এপ’লোত একেবাৰে অন্য ভাষা বুজি নোপোৱা মানুহৰ বাবে দোভাষীৰো ব্যৱস্থাও কৰি দিয়া হয়।মুস্তাফায়ো বহুবাৰ অসমৰ পৰা যোৱা মানুহৰ দোভাষীৰ কাম কৰিছে। ফিলিপেও অসমৰ পৰা যোৱা মানুহৰ বাবে এনে কামত সহায় কৰি দিয়ে।
অসমৰ বৰলুইতৰ দৰে চেন্নাইৰ বৰ লুইতেও আদৰি লয় অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন ঠাইৰ পৰা যোৱা বিভিন্ন জনক। এই বৰলুইতৰ বুকুতে বিপৰ্যস্ত মানুহে লাভ কৰে ক্ষণিকৰ প্ৰশান্তি, হিয়া
উজাৰি উপভোগ কৰে আপোন মাত কথাৰ অমিয়া সুৰ, উদৰ পুৰাই খায় এসাজ ঘৰৰ আহাৰ। বৰলুইতৰ কথা ইমানকৈ কোৱাৰ পিছত বৰলুইতৰ যোগাযোগৰ ঠিকনাটো জনোৱা
উচিত হ’ব।
ইণ্টাৰনেটত গুগলত borluit guest house Chennai বুলি বিচাৰিলে বৰলুইতৰ সবিশেষ তথ্য পোৱা যায়। বৰলুইতৰ ঠিকনা হ’ল No. 12Z, (Old No 19), Rutland Gate, 4th Street,
ইণ্টাৰনেটত গুগলত borluit guest house Chennai বুলি বিচাৰিলে বৰলুইতৰ সবিশেষ তথ্য পোৱা যায়। বৰলুইতৰ ঠিকনা হ’ল No. 12Z, (Old No 19), Rutland Gate, 4th Street,
Greams Road, Chennai - 600006 । বৰলুইত তাজ কৰমণ্ডল নামৰ বিলাসী হোটেল খনৰ নিচেই ওচৰত অৱস্থিত। যোগাযোগৰ ফোন নং - 044 – 28332470।