Sunday, July 29, 2018

মাকাউৰ বাছ ষ্টপেজ



হোটেল আৰু কেছিন’ৰ চহৰ মাকাউ গৈ পোৱাৰ নিশা আমাৰ কোনো কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নাছিল। মাকাউত কেইবাখনো ডাঙৰ ডাঙৰ হোটেল আছে। গেলেক্সী, ভেনিচিয়ান, পেৰিছিয়ান – বিভিন্ন নামৰ কেইবাখনো হোটেলেৰে মাকাউ দিনে ৰাতিয়ে জিলিকি থাকে। সেই হোটেলবোৰত পৰ্যটকৰ কাৰণে বিভিন্ন শ্ব’ আয়োজন কৰা হয়, তাকো বিবামূলীয়াকৈ। এই শ্ব’বোৰৰ আয়োজনৰ মূল উদ্দেশ্য হৈছে হোটেলবোৰত থকা বিশাল কেছিন’ বোৰলৈ পৰ্যটকক আকৰ্ষিত কৰা। ডাঙৰ ডাঙৰ হোটেলবোৰ ওচৰা ওচৰিকৈ একেটা অঞ্চলতে আছে। সেই অঞ্চলটো বহু পৰিমাণে আমেৰিকাৰ কেছিন’ চহৰ লাছ ভেগাছৰ দৰেই।

আমি থকা হোটেলখনৰ পৰা সেই অঞ্চলটো কিছু আঁতৰত। টেক্সী লৈ যাব পাৰি যদিও আন কি উপায় আছে কবৰ কৰাত গম পালোঁ, হোটেলখনৰ নিচেই কাষতে এটা বাছ ষ্টপেজ আছে। টেক্সীত যোৱাৰ সলনি বাছত যোৱাটোকে ঠিৰাং কৰিলোঁ। পইছাও কম লাগিব, এটা বেলেগ অভিজ্ঞতাও হ’ব।  সেই ষ্টপেজটোত কেইখনমান নিৰ্দিষ্ট নম্বৰৰ বাছত গ’লে আমি আমাৰ গন্তব্যস্থান পাব পাৰিম বুলি আমাক কোৱা হ’ল। আমি হোটেলৰ পৰা দিয়া বাছ নম্বৰ লিখা থকা কাগজখন হাতত লৈ বাছ ষ্টপেজটোলৈ আহিলোঁ।

মাকাউত বিদেশী পৰ্যটকৰ কাৰণে এটা প্ৰধান সমস্যা গ’ল তাৰ স্থানীয় মানুহে ইংৰাজী নুবুজে আৰু বুজিলেও নকয়। তাত চীনা ভাষাৰ অপভ্ৰংশ কেণ্টোনিজ ভাষা চলে যিটো ভাষা বুজি পোৱাটো অসম্ভৱ। এখন পৰ্যটক কেন্দ্ৰিক চহৰ হোৱা স্বত্বেও সাধাৰণ পথচাৰী, টেক্সী ড্ৰাইভাৰ, বাছ চালক কোনেও ইংৰাজী ক’ব নোখোজে। আমি ফেৰীঘাটৰ পৰা হোটেললৈ টেক্সী পাবলৈকে বহুত অসুবিধা হৈছিল। ইংৰাজী ক’লেই টেক্সী ড্ৰাইভাৰে মুখ ঘূৰাই কথা পাতিব নোখোজে। শেষত যেনিবা এজন কোনোমতে মান্তি হ’ল।

আমি বাছ ষ্টপেজটোত আহি ৰ’লোঁ হয়, কিন্তু হোটেলৰ পৰা দিয়া কাগজখনত থকা নম্বৰৰ বাছ নাহেহে নাহে। কেইবাখনো বাছ আহিল, গ’ল। আমি কেইবাজনো মানুহক আন বাছ কি পোৱা যায় সুধিও সুফল নাপালোঁ। অৱশেষত এগৰাকী মহিলাই আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তেওঁ ইংৰাজী জানে। তেওঁ আমাক ষ্টপেজটোত মাৰি থোৱা বিভিন্ন বাছৰ নম্বৰ সমূহ কোনপিনে যায় আৰু আন কোনখন বাছত গ’লে আমি আমাৰ গন্তব্য স্থান পাম বুজাই দিলে।

এখন নিৰ্দিষ্ট নম্বৰৰ বাছ আহোঁতে তেওঁ আমাক সেই বাছখনত উঠিব ক’লে। বাছবোৰৰ আগপিনৰ ড্ৰাইভাৰৰ বিপৰীতে থকা দুৱাৰেৰে উঠিব লাগে। মই উঠিয়েই চালকজনক বাছখন গেলেক্সী হোটেল যাবনে নাই ইংৰাজীত সুধি দিলোঁ। মানুহজন জাঙুৰ খাই উঠিল আৰু আমাক নামি যাবলৈ ক’লে। মহিলাগৰাকীয়ে কথাটো শুনি ক’লে বাছ চালকক একো সুধিবই নালাগে। ইংৰাজীত সুধিলে তেওঁলোকে তেনে ব্যৱহাৰ কৰেই।

কেইবাখনো বাছ আহিল, গ’ল। মহিলাগৰাকীয়ে আমাৰ ওচৰতে ৰৈ থাকিল। তেওঁৰ লগত কথা পাতি জানিব পাৰিলোঁ তেওঁ ফিলিপিনছৰ পৰা আহি তাত সৰু ল’ৰা ছোৱালীৰ আলপৈচান ধৰা কাম (বেবী ছিটিং) কৰে। তেওঁ ক’লেযে মাকাউৰ স্থানীয় মানুহে সৰু সুৰা কামবোৰ নকৰে। সেয়েহে ফিলিপিনছৰ পৰা বহুত মানুহ আহি মাকাউত সৰু সুৰা কামবোৰ কৰে।
আমাৰ লগত ৰৈ থকা দেখি তেওঁক সুধি দিলোঁ, “আপুনি ক’লৈ যাব? আপোনাৰো বাছ অহা নাই নেকি”?

তেওঁ ক’লে, “মোৰ ঘৰ ওচৰতে, মাত্ৰ দুটা ষ্টপেজ। মই যাব পৰা কেইবাখনো বাছ আহি গ’ল। কিন্তু আপোনালোকৰ আলাই আথানি হ’ব বুলিয়েই আপোনালোকে বাছ এখন পোৱালৈ মই ৰৈ দিছোঁ। আপোনালোকক বাছত উঠাই মই যামগৈ”।

মানুহজনীৰ আন্তৰিকতাত মন ভৰি গ’ল। কেতিয়াবা আশা নকৰাকৈ এনে সৰল অন্তৰৰ মানুহ লগ পোৱা যায়। আমি ইংৰাজী নাজানো বাবেই আমাক সহায় কৰিবলৈ তেওঁ আমাৰ কাৰণে বহু সময় তাত আমাৰ লগত ৰৈ থাকিল। বিনিময়ত ধন্যবাদৰ বাদে আমি তেওঁক দিব পৰা একোয়েই নাছিল।

শেষত আমি যাব পৰা বাছখন আহিল। তেওঁক ধন্যবাদ দি আমি বাছত উঠিলোঁ। তেওঁ আমাক হাত জোকাৰি বাই বাই দিলে। পাছতহে অনুভৱ কৰিলোঁ, আমাক ইমান সহায় কৰা মানুহজনীক আৰুতো কেতিয়াও লগ নাপাম। তেওঁৰ নামটোও সোধা নহ’ল।

Wednesday, December 6, 2017

গোৱাৰ আমোদ কৰ

সেয়া ১৯৯৭ চন মানৰ কথা। সেয়া আছিল মোৰ অসমৰ বাহিৰত প্ৰথম বিভাগীয় প্ৰশিক্ষণ। প্ৰশিক্ষণৰ স্থান আছিল গোৱা। পোন্ধৰ দিনৰ প্ৰশিক্ষণটোত মোৰ সতীৰ্থ হৈছিল মোৰ কেইবছৰমানৰ ছিনিয়ৰ জোৰাৱৰ সিং দা।

গোৱালৈ প্ৰশিক্ষণলৈ ওলাওঁতেই বিভাগীয় মুৰব্বী গৰাকীয়ে আমাক দুয়োকে মাতি নি উপদেশ দিলে, “গোৱাত তোমালোকক প্ৰশিক্ষণৰ বাবেহে পঠিয়াইছোঁ। তোমালোকক প্ৰলোভিত কৰিব পৰা বহুত কিবা কিবি গোৱাত পাবা। কিন্তু সেইবোৰলৈ মন নিদিবা। ভালদৰে প্ৰশিক্ষণ লৈ ঘূৰি আহিবা”।

জোৰৱাৰদা সাংঘাটিক ছিৰিয়াছ। মোক ক’লে, “গোৱালৈ গৈ আমি বেছিকৈ ঘূৰি নুফুৰোঁ। য’তে ত’তে সময় নষ্ট নকৰোঁ। কেৱল ওচৰতে সাগৰৰ পাৰলৈ যাম”। মই হয়ভৰ দিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে কোম্পানীয়ে মোক প্ৰশিক্ষণলৈ পঠিয়াইছে। ভালদৰে প্ৰশিক্ষণ ল’ম।

তেতিয়া ইণ্টাৰনেটৰ প্ৰচলন নাই। কিতাপত পঢ়িছোঁ কালাংগুটে, কোলভা, বাগ্গা আদি গোৱাৰ সুন্দৰ বীচ্চ বোৰৰ কথা। গোৱাত দেশী বিদেশী সুন্দৰী যুৱতীয়ে ছুইম ছ্যুট পিন্ধি সাগৰত সাতোৰা, বীচ্চত ঘূৰি ফুৰা ছিনেমা আৰু ছবিত দেখিছোঁ। কেইখনমান বীচ্চত হেনো কেৱল বিদেশীহে যাব পাৰে। সেইবোৰত তেওঁলোকে নিৰাভৰণ হৈ পৰি থাকে।  কিন্তু আমি দুয়ো ঠিৰাং কৰিলোঁ, দূৰলৈ যাবলৈ নাই, বেয়া বস্তু চাবলৈ নাই। আমি য’তে থাকোঁ, তাৰে ওচৰতে সাগৰৰ পাৰলৈ যাম। গোৱাৰ কোনো প্ৰলোভনে আমাক চুব নোৱাৰিব।

গোৱাৰ ভাস্কো ডা গামা চহৰৰ এখন হোটেলত আমাৰ প্ৰশিক্ষণ আৰু থকা মেলাৰ ব্যৱস্থা কৰা হৈছিল। দুদিনমান খুন মনপুতি ক্লাছ কৰিলোঁ। তৃতীয় দিনা ক্লাছৰ পাছত সন্ধিয়া জোৰাৱৰদাক ক’লোঁ, “বলক বীচ্চ চাবলৈ যাম”। তেওঁ ক’লে, “আমি ওচৰৰ বীচ্চখনলৈহে যাম দেই। দূৰলৈ যাবলৈ নাই”।
হোটেলৰ বাহিৰ ওলাই অট’ এখন পালোঁ। চালকক ক’লোঁ, “আমাক ওচৰৰ বীচ্চ খনলৈ লৈ বলা”। সি চোন কথাটো শুনি ফিচিঙা ফিচিঙি কৰিবলৈ ল’লে। “চাহাব, ইয়াতে কিয় সময় নষ্ট কৰে, বলক কালাংগুটেলৈ লৈ যাম। ভাল পাব”।

আমি নগ’লোঁ। ভাবিলোঁ, ওচৰৰ খনেই চাই লওঁচোন। দোকান এখনত সুধিলোঁ, “ওচৰৰ বীচ্চ খনলৈ কোনপিনে যায়”? দোকানীজনে বেলেগ ধৰণৰ হাঁহি এটা মাৰি ক’লে, “যাওক যাওক, খুব ভাল পাব। কেৱল সাৱধানে যাব”।

দোকানীজনে কোনপিনে যাব লাগে দেখুৱাই দিলে। আচৰিত হ’লোঁ, ওচৰৰ বীচ্চখন বুলি ক’লেই সকলোৱে হাঁহে। আক তাক শুনি বীচ্চখনৰ নামটোও গম পালোঁ, বাইনা বীচ্চ।

দেখুৱাই দিয়া ৰাষ্টাৰে গৈ বীচ্চখন পালোঁ। শাৰী শাৰী নাৰিকল গছেৰে ভৰা বীচ্চখন আন সাধাৰণ বীচ্চৰ দৰে নহয়। মানুহো কম। দূৰলৈ কিছুমান জুপুৰি ঘৰ আৰু মাজে মাজে একোখন হোটেল বা ৰেষ্টোৰেণ্ট আছে।

আমি উপস্থিত হোৱাৰ প্ৰায় লগে লগে কিছুমান সৰু ল’ৰাই আমাক আগুৰি ধৰিলে। এটাই কয়, “চাহাব, বলকনা আমাৰ ঘৰলৈ বলক”। আনটোৱে সিফালৰ পৰা চোলাত ধৰি টানে, “বলকনা, আমাৰ ঘৰলৈ যাব। বৰ ভাল পাব”। ৰে’ল ষ্টেচনত টেক্সী আৰু অট’ চালকসকলে তেওঁলোকৰ বাহনলৈ মানুহ টনাৰ দৰে কাৰবাৰ।

কথাটো কি বুজিব নোৱাৰি সিহঁতক ধমক দি খেদিলোঁ। অলপ সময় পানীৰ ওচৰেৰে খোজকাঢ়ি আমি শীতল পানীয় খাবলৈ এখন ৰেষ্টোৰেণ্টত সোমালোঁ। ৰেষ্টোৰেণ্টখনত উচ্চ ভলিউমত গান বাজি আছিল। গ্ৰাহক কম। কেইজনীমান ছোৱালীয়ে গানৰ তালে তালে নাচি আছিল। আমি চুক এটাৰ টেবুল এখনত বহি দুটা কোকা কোলা অৰ্ডাৰ কৰিলোঁ।

অলপ পাছতে উগ্ৰ প্ৰসাধন কৰা দুজনী ছোৱালী আহি আমাৰ টেবুলৰ খালি হৈ থকা চকীদুখনত বহিল। আঁতৰৰ উগ্ৰ গোন্ধ নাকত লাগিল। দুয়োজনীয়ে হাঁহি মাৰি আমালৈ চাই ক’বলৈ ধৰিলে, “অকলে অকলে খাই আছাযে, আমাকো খাবলৈ দিয়া। আমাৰ কাৰণেও অৰ্ডাৰ কৰা”। তেতিয়া আমাৰ দুয়োৰে গাত ডেকা তেজ। উপযাচি খুৱাবলৈ কোৱা ছোৱালীদুজনীক নিৰাশ কৰিবলৈ মন নগ’ল। দুয়োজনীৰ কাৰণেও কোকা কোলা অনালোঁ।

সিহঁতৰ লগত কথা পাতি গা চেবালে। দুয়োজনীয়ে আমাক সিহঁতৰ ঘৰলৈ যাবলৈ জোৰ কৰিলে। আমি মান্তি নোহোৱাত অলপ পাছতে ছোৱালী দুজনীয়ে আমাক নাচিবলৈ লগ ধৰিলে। সিহঁতৰ মতি গতি দেখি আমাৰ সিহঁতৰ বিষয়ে আৰু বুজিবলৈ বাকী নাথাকিল।

জোৰাৱৰদাই ক’লে, “ইয়াৰ পৰা সোনকালে ওলোৱা”। আমি আধা খোৱা বটল সামৰি খোৱাৰ পইছা দিবলৈ গ’লোঁ। কিমান হ’ল বুলি সোধাত ক’লে, “এশ টকা”। আমি দুয়ো আচৰিত। চাৰিটা কোকা কোলাৰ দাম কেনেকৈ এশ টকা হয়? আমি উভতি ধৰিলোঁ। ল’ৰাটোৱে ক’লে, অতিৰিক্তখিনি হেনো মনোৰঞ্জন কৰ, এণ্টাৰটেইনমেণ্ট টেক্স। আমাকযে খোৱাৰ সময়ত ছোৱালী দুজনীয়ে সান্নিধ্য দিলে তাৰ কাৰণে অতিৰিক্ত পইছা দিব লাগিব। আমি কিন্তু অতিৰিক্ত পইছা দিবলৈ আপত্তি কৰিলোঁ, আমিতো কোনো মনোৰঞ্জন বিচৰা নাছিলোঁ। জবৰদস্তি কৰিলে কেনেকৈ হ’ব? এইবাৰ সি আমাক দম দিলে, পইছা নিদিলে হেনো আমাৰ কাপোৰ কানি খুলি ৰাখিব। মই জোৰাৱৰদাক ক’লোঁ, “এশ টকা দি ইয়াৰ পৰা ওলাই যোৱাই ভাল হ’ব”।

ওলাই আহিয়েই আকৌ সৰু ল’ৰা কেইটাক পালোঁ। সিহঁতে আকৌ ঘৰলৈ মাতিবলৈ টনা টনি কৰিবলৈ ধৰিলে। সুধিলোঁ, “তঁহতে আমাক কিয় ঘৰলৈ নিব খুজিছ”। এটাই ক’লে, “মোক মায়ে পঠিয়াইছে গ্ৰাহক ধৰিবৰ কাৰণে”। এটাই ক’লে, “মোৰ বাইদেউৰ কাৰণে”।


কোবাকুবিকৈ ওলাই আহি হোটেলৰ সন্মুখত পোৱা অট’ৱালাজনক পালোঁ। সি আমাক কটাক্ষ কৰি ক’লে, “আপোনালোক দেখাত ভাল মানুহযেন লাগে কাৰণে মই ইয়ালৈ আহিবলৈ মানা কৰিছিলোঁ। এইখন বাইনা বীচ্চ, গোৱাৰ ৰেড লাইট এৰিয়া বুলি আপোনালোকে নাজানে নেকি”?

Monday, October 9, 2017

নায়েগ্ৰাৰ চকুলো

আমেৰিকাৰ নায়েগ্ৰা জলপ্ৰপাতৰ গাতে লাগি নায়েগ্ৰা নামৰ সৰু চহৰ এখন আছে। নায়েগ্ৰা জলপ্ৰপাত চাবলৈ যোৱাৰ সময়ত সেই সৰু চহৰখনৰ এখন হোটেলত এৰাতি আছিলোঁ। মোৰ লগত আছিল মোৰ এগৰাকী সহকৰ্মী । সেয়া ২০০৩ চনৰ কথা।
দিনটো নায়েগ্ৰা জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি ঘূৰি ফুৰিছিলোঁ। গা মূৰ প্লাষ্টিকৰ পোচাকেৰে ঢাকি পিচল বাটেৰে খুপি খুপি জপপ্ৰপাতটোৰ একেবাৰে ওচৰ পাইছিলোঁগৈ। জলপ্ৰপাতটোৰ ওচৰলৈ যাবলৈ বিশেষভাৱে তৈয়াৰী চেন্দেল পিন্ধিব লাগে। ওচৰলৈ গ’লে পানীৰ কাণ তাল মৰা শব্দত একোৱে শুনা নাযায়। বিশ্ববিখ্যাত জলপ্ৰপাতটো মন্ত্ৰমুগ্ধ হৈ চাইছিলোঁ। আনন্দত চকুলো ওলাই গৈছিল।
নায়েগ্ৰা চহৰখন বৰ ধুনীয়া। গাড়ী মটৰ কম। সৰু চহৰখনত মানুহে খোজকাঢ়িয়েই ঘূৰি ফুৰে। খোজকাঢ়ি ঘূৰি ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ ফুটপাথ আছে। সেই ফুটপাথবোৰতে আছে বিভিন্ন ৰেষ্টোঁৰা আৰু পাব। ফুটপাথবোৰ সৰু সৰু ৰঙীন লাইটেৰে ধুনীয়াকৈ সজোৱা। মাজে মাজে গীটাৰ বজাই একোজনে গান গাইছে। মানুহে গান শুনি স্ব ইচ্ছাই দান পাত্ৰত পইছা ভৰাই গৈছে। কোনো দাবী নাই।
আবেলি সময়ত ঘূৰি ফুৰি ভাগৰ লগাত আমি কিবা এটা খাবলৈ এঠাইত ৰৈছিলোঁ। তাত এখন ৰেষ্টোৰাঁত বিৰিয়ানী পোৱা যায় বুলি ডাঙৰ আখৰেৰে লিখা আছিল। ভাৰতীয় খাদ্য পাই মনটো আনন্দত নাচি উঠিছিল। ভিতৰ সোমাই গম পাইছিলোঁ ৰেষ্টোৰাঁখনৰ মালিক পাকিস্তানী। তেওঁলোকে বিৰিয়ানীৰ ব্যৱসায় তাত বহুদিনৰ পৰা চলাই আছে। আমাক ভাৰতীয় বুলি জানিব পাৰি আথে বেথে বহুৱালে। ক’ৰ পৰা আহিছোঁ, ক’ত আছোঁ সকলো খবৰ ল’লে। দেশৰ বাহিৰত হিন্দুস্তানী, পাকিস্তানীযে সদায় ভাই ভাই তাৰ উমান বাৰুকৈয়ে পালোঁ। তেওঁলোকৰ পৰা জানিব পাৰিলোঁ নায়েগ্ৰা জলপ্ৰপাত চাবলৈ বছৰি বহুত ভাৰতীয় তালৈ আহে আৰু তেওঁৰ ৰেষ্টোৰাঁত টকালি পাৰি বিৰিয়ানী খায়। আমিও চিকেন বিৰিয়ানী তৃপ্তিৰে খালোঁ।
ৰেষ্টোৰাঁৰ পৰা ওলাই পাব এখনৰ বাহিৰত বহি মানুহৰ ৰেহ ৰূপ চাই থাকিলোঁ। প্ৰায়বোৰ মানুহে খোজকাঢ়ি এক অলস সন্ধিয়া উপভোগ কৰিছে। কিছুমানে উপহাৰৰ দোকানবোৰত সোমাইছে, কিছুমান সোমাইছে পাব বা ৰেষ্টোৰাঁত।
অলপ সময়ৰ পাছত আমি বহি থকা বেঞ্চ এখনৰ এচুকত এজনী গাভৰু ছোৱালী আহি বহিলহি। তাই আমাৰ পিনে চাই হাঁহিলে। আমেৰিকাত অচিনাকী মানুহেও ইজনে সিজনক দেখি হাঁহি মাৰে, সম্বোধন কৰে। ছোৱালীজনীৰ অযত্নৰে ৰখা চুলি আৰু সাজ পোচাক দেখি সহজেই বুজিব পাৰিলোঁ, তাইৰ আৰ্থিক অৱস্থা ভাল নহয়।
আমাৰ লগত চিনাকী হৈ তাই ভাল পোৱা যেন লাগিল। ভাৰতৰ নাম তাই শুনিছে। সেই ঠাইত বিৰিয়ানী খাবলৈ অহা বহুত ভাৰতীয় মানুহ তাই লগ পাইছে। ভাৰতলৈ যাবলৈ তাইৰ বৰ মন আছে। পিছে তাইৰ হাতত পইছা পাতি নাই। তাই এটা শ্বপিং মলত কাম কৰিছিল। কিন্তু চকুৰ অসুখ হোৱা বাবে তাই ভালদৰে মণিব নোৱৰা হৈছে আৰু সেই কাৰণতে তাই চাকৰিটো হেৰুৱালে। সেয়েহে তাই কাম বিচাৰি অনাই বনাই ঘূৰি ফুৰিছে।
হঠাতে তাই ক’লে, “মোক এটা সহায় কৰিব পাৰিবানে? তোমালোকে অলপ সহায় কৰিলে আজি মই ৰাতি টোপনি যাব পাৰিম”।
আচৰিত হৈ তাইৰ মুখলৈ চালোঁ, “কি সহায় লাগে”?
বেকাৰী এখনলৈ আঙুলিয়াই তাই ক’লে। “সেইখন বেকাৰীত এক ডলাৰত ব্ৰেড পোৱা যায়। মোক এটা ব্ৰেড কিনি দিব পাৰিবানে? আজি ৰাতি মোৰ খাবলৈ একোৱে নাই। ব্ৰেডটো খালে মই ৰাতি টোপনি যাব পাৰিম”।
তাইৰ এই কৰুণ অৱস্থা দেখি বেয়া লাগিল। তাইলৈ ব্ৰেড এটা কিনি আনিলোঁ। তাইৰ মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিল। আমি দুখীয়া দেশৰ মানুহে ধনী দেশৰ ছোৱালী এজনীক সহায় কৰিবলৈ পাই আমাৰো ভাল লাগিল।
তাইৰ বৰ ভোক লাগি আছিল। ব্ৰেডটো তাতেই ঘপাঘপ খাই শেষ কৰিলে। ব্ৰেডটো খাই তাই ক’লে, “মোক পেনি এটা দিবানে”? আমেৰিকাত এক চেণ্টৰ মুদ্ৰাটোক পেনি বুলি কয়।
“কি কৰিবা এটা পেনিৰে”? তাইক সুধিলোঁ।
মই তোমালোকক এটা সুন্দৰ বস্তু দেখুৱাম। অলপ আগলৈ এটা সৰু নিজৰা আছে। আমাৰ বিশ্বাস আছেযে এই নিজৰাৰ পানীত এক পেনি দি প্ৰাৰ্থনা কৰিলে মানুহৰ মনোবাঞ্চা পূৰ্ণ হয়”।
আমি আচৰিত হ’লোঁ। আমেৰিকাৰ মানুহেও এইধৰণৰ কথা বিশ্বাস কৰেনে? এটা কথা বুজিলোঁ, দুখীয়া মানুহৰ সকলো দেশতে হয়তো এনে অন্ধবিশ্বাস থাকে।
তাইৰ লগে লগে গৈ সৰু ধুনীয়া নিজৰাটো দেখিলোঁ। ওচৰলৈ গৈ তাই পেনি দলিয়াই প্ৰাৰ্থনা কৰিবলৈ ক’লে। তাইক দিয়া পেনিটো দলিয়াই তাই চকু মুদি বুকুত হাত দি প্ৰাৰ্থনা কৰিলে।
তাইক সুধিলোঁ, “কি প্ৰাৰ্থনা কৰিলা”?
তাই ক’লে, “সোনকালে যাতে মই কাম এটা পাওঁ আৰু তোমালোকৰ দৰে ভাল মানুহ যাতে আকৌ লগ পাওঁ”।
“আমিতো বহুত দূৰৰ মানুহ। আকৌ কেতিয়াবা লগ পাম জানো”? তাইৰ লগত ধেমালি কৰিলোঁ।
“পাম। তোমালোক আকৌ আহিলে মোক এইখিনি ঠাইৰ ওচৰে পাজৰে বিচাৰিলেই পাবা। তোমালোকে পাৰিলে সোনকালে আকৌ আহিবা”। তাইৰ দুচকু সেমেকি উঠিছিল।

Friday, November 11, 2016

অচল টকা

বিদেশলৈ গ'লে বিমানত বহাৰ পিছতে হাতত থকা ভাৰতীয় মুদ্ৰা কেইটা অচল টকা হৈ পৰে। পইছাৰ বেগত ভাৰতীয় নোটৰ ঠাই দখল কৰে বিদেশী নোটে। তথাপিও ভাৰতীয় নোট আৰু মুদ্ৰা কেইটা মই হাততে পোৱাকৈ থৈ দিওঁ। সদায় এনে অনুভৱ কৰোঁ যে কেতিয়াবা ভাৰতীয় মুদ্ৰা আৰু নোট হয়তো কিবা নহয় কিবা কামত আহিব।
দুবাৰমান তেনে নোহোৱাও নহয়। এবাৰ লছ এঞ্জেলেছ বিমানকোঠত ঘৰলৈ উভতিবৰ আগে আগে এজন জ্যেষ্ঠ সহকৰ্মীৰ সৈতে ঘূৰি ফুৰোঁতে ইস্কনৰ বগা ছালৰ তপা মূৰৰ সাধু কেইজনমানৰ পাল্লাত পৰিছিলোঁ। তেওঁলোকে বিমানকোঠৰ মানুহৰ মাজত ইস্কনৰ কিতাপ বেছি ফুৰিছিল। দলটোৱে আমাক ভাৰতীয় বুলি চিনিব পাৰি আগচি ধৰিলে।
তেওঁলোকৰ হাতত আছিল কেইনাখনো ইস্কনে প্ৰকাশ কৰা কিতাপ। কিতাপ এখন নোলোৱালৈ তেওঁলোকে নেৰে। কিতাপৰ দাম লিখা আছে আমেৰিকান ডলাৰত । দামটো কিমান সুধিলত ক'লে দহ ডলাৰ। কিতাপৰ আকাৰটো চালে আমাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত বহুত বেছি।
সেই সময়ত এটা মগজত বুদ্ধি খেলালে। আমি ক'লোঁ যে আমাৰ হাতত আমেৰিকান ডলাৰ একেবাৰে নাই। সকলো শেষ হৈ গ'ল। ভাৰতলৈ উভতিবলৈ ওলাইছোঁ যেতিয়া হাতত ভাৰতীয় টকাহে আছে। তেওঁলোকে কি বুজিলে নাজানো, এজনে ক'লে, "কোনো কথা নাই, ভাৰতীয় নোট দিলেও হ'ব"।
আন এজনে উচ্ছাহেৰে ক'লে, "দেখুওৱা চোন ভাৰতীয় নোট কেনে হয়"।
মই জেপৰ পৰা দহটকীয়া নোট এখন উলিয়াই ক'লোঁ, "এয়া ভাৰতীয় দহ ডলাৰ"।
নোটখন পাই তেওঁলোকৰ মুখত হাঁহি ফুটি উঠিল। অতি বিনম্ৰ ভাৱে দহ ডলাৰ দামৰ কিতাপখন মাত্ৰ দহ টকাতে মোৰ হাতত তুলি দিলে। সেয়া আছিল ভাৰতীয় টকাৰ কামাল। মোৰ হাতত থকা অচল দহটকীয়া খনতে দহ ডলাৰ দামৰ কিতাপখন পাই গ'লোঁ।
আন এবাৰ এটা সহপাঠী দলৰ সৈতে জাৰ্মানীৰ বাৰ্লিন চহৰৰ এটা মিউজিয়াম চাবলৈ গৈছিলোঁ। বহুসময় ঘূৰি পকি মিউজিয়াম চাই বাহিৰলৈ আহি আমি আটায়ে প্ৰস্বাৱগাৰলৈ যোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিলোঁ।
কিন্তু প্ৰস্বাৱগাৰৰ দুৱাৰত জপনা লগোৱা আছে। মানুহবোৰে জপনাৰ দাঁতিত থকা মেচিন এটাত এটা মুদ্ৰা সুমুৱাই দিয়ে আৰু জপনাখন এজন মানুহৰ বাবে খোল খায়। গম পালোঁ এবাৰ প্ৰস্বাৱ কৰাৰ বাবে এক ইউৰো ভৰিব লাগে।
আকৌ মগজুৰ কেলকুলেটৰ চলিল। এবাৰ প্ৰস্বাৱ কৰিলে এক ইউৰো !! আমাৰ বাবে ভাবিব নোৱৰা কথা।
কি কৰা যায় ভাবি থাকোঁতে লগৰ এজনে আমাৰ এটকীয়া মুদ্ৰা এটা মেচিনত ভৰাই দি চালে। আচৰিত কথা জপনা খোল খালে। আৰু কোনে পায়, সকলোৰে মাজত থকা এটকীয়া মুদ্ৰা বোৰ জমা কৰি এজন এজনকৈ ভিতৰলৈ গ'লোঁ। অচল টকাবোৰ কামত আহিল।
গাৰ্ড এজনৰ কিবা কাৰণত সন্দেহ হ'ল। হয়তো প্ৰস্বাৱগাৰত সোমাওতে আমাৰ উত্সাহ আৰু হাঁহি খিকিন্দালি দেখি কিবা এটা গন্দগোল হোৱা যেন ভাবিলে। তেওঁ আগবাঢ়ি আহি আমাৰ উত্সাহৰ কাৰণ সুধিলে।
আমাৰ এজনে গাৰ্ডজনক ক'লে, "আমাৰ তাত এইবোৰ কাম ফ্ৰিতে কৰিব পাৰি। তোমালোকে এইফেৰাৰ বাবেও যে দানপাত্ৰ ৰাখিছা তাকে দেখি হাঁহি উঠিছে"।

Thursday, September 29, 2016

সীমান্ত দৰ্শন



২০০৪ চন মানৰ কথা।
ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ পৰা ১২০ কিল'মিটাৰ দূৰৈত আছে তানোট মন্দিৰ ৷
তানোট মন্দিৰৰ পৰা সাধাৰণ মানুহ পশ্চিমলৈ যোৱাত বাধা আছে। কিন্তু কোম্পানীৰ মানুহক পৰিচয় পত্ৰ দেখুৱলে যাবলৈ দিয়ে। কেইবাটাও তৈল খাদ সীমান্তৰ নিচেই ওচৰত আছে। দুখন দেশ বিভাজিত কৰা সীমান্তৰ বেৰখন দুটামান খাদৰ প্ৰায় গাতে লাগি আছে।
সেই তানোট সীমান্তৰ ওচৰতে আছে বৰ্ডাৰ কথাছবিত দেখুওৱা বিখ্যাত লংগেৱালা। সেই লংগেৱালাৰ যুদ্ধতে পাকিস্তানে মুখ থেকেচা খাইছিল। সেই স্থানত সেই যুদ্ধত ব্যৱহাৰ কৰা টেংক এখন সজাই থোৱা আছে আৰু সৈনিকৰ স্মাৰক এটা নিৰ্মাণ কৰি থোৱা আছে।
সীমান্তলৈ যোৱা বাটটোৰ দুয়োকাষে ভাৰতীয় সেনাৰ বাবে নিৰ্মাণ কৰি থোৱা আছে মাটিৰ তলৰ বাংকাৰ। সেনাৰ পৰা অনুমতি লৈ সেই বাংকাৰ সমূহত সোমাই চোৱাৰ সুবিধা পাইছিলোঁ। ৰাষ্টাৰ দুয়োকাষে মৰুভূমিৰ বালিৰ পাহাৰবোৰৰ আঁৰৰ পৰা যুদ্ধ কৰাৰ ব্যৱস্থা কৰি থোৱা আছে। যুদ্ধৰ সময়ত এই সমগ্ৰ অঞ্চলটো হৈ পৰে যুদ্ধক্ষেত্ৰ।
সীমান্তত ভাৰতীয় সেনাৰ কেইবাটাও পোষ্ট আছে। এবাৰ চাই আহোঁ বুলি 'শক্তি' নামৰ পোষ্টটোৰ ওচৰ পাইছিলোঁ। সেনাৰ মানুহে আমাৰ গাড়ীখন হুইছেল মাৰি দূৰতে ৰাখিবলৈ সংকেত দিছিল। কেইবাজনো সশস্ত্ৰ সৈনিক বন্দুক টোৱাই আগবাঢ়ি আহিছিল। সেই অঞ্চলত সাধাৰণ মানুহৰ আহ যাহ নিষিদ্ধ। আমি সেই নিয়ম ভংগ কৰিছিলোঁ।
কোম্পানীৰ পৰিচয় পত্ৰ চাই তেওঁলোকে সন্তুষ্ট হৈছিল। আমি পোষ্টটোৰ ভিতৰত সোমাবলৈ অনুমতি পাইছিলোঁ। এটা দুৰ্গৰ দৰে সুৰক্ষিত পোষ্টটোৰ ওপৰত ভাৰতৰ পতাকা উৰি আছিল। সেনাৰ জোৱান সকলে আমাক অভিবাদন জনাইছিল। বহুদিনৰ মূৰত সাধাৰণ মানুহ দেখি তেওঁলোকে ভাল পাইছিল।
ওখ নিৰীক্ষণ টাৱাৰটোত সাধাৰণতে উঠিবলৈ নিদিয়ে। কিন্তু আমি পাকিস্তানৰ পোষ্ট চাব বিচৰাত অলপ সময়ৰ বাবে উঠিবলৈ অনুমতি পাইছিলোঁ। ওপৰত থকা সৈনিকজনে দুৰবীণ যোগে আমাক চাবলৈ দিছিল। দেখিছিলোঁ সীমান্তৰ সিপাৰে থকা পাকিস্তানত পোষ্ট আৰু তাত উৰি থকা সেউজীয়া পাকিস্তানৰ পতাকা। ভাবিছিলোঁ, আমি তেওঁলোকক চাই থকাৰ দৰে তেওঁলোকেও হয়তো আমাক চাই আছে।
সেনাৰ জোৱানজনে কৈছিল, পাকিস্তানী সেনাক সদায় নজৰত ৰাখিব লাগে। তেওঁলোকে প্ৰায়েই কিবা নহয় কিবা হৰকত কৰি থাকে। কেতিয়াবা অপ্ৰৰোচিত ভাৱে গুলীয়াগুলি কৰে। কেতিয়াবা অকাৰণত সৈনিকৰ কুচ কাৱাজ কৰে। তেওঁলোকৰ উদ্দেশ্য বুজি প্ৰয়োজনমতে সেনাক সাৱধান কৰি দিয়াটো নিৰীক্ষণ টাৱাৰত কৰ্তব্য কৰি থকা জোৱানজনৰ কাম।
সেনা বাহিনীৰ জোৱান কেইজনমানৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছিল, পাকিস্তানে কেতিয়াবা অপ্ৰৰোচিত ভাৱে অলপ অচৰপ হৰকত কৰিলেও ভাৰতীয় সেনাই বিশেষ কৰিব নোৱাৰে। কাৰণ উভতি আক্ৰমণ কৰিবলৈ অনুমতি ল’ব লাগে। তেওঁলোকৰ মতে যুদ্ধ হ’লে পাকিস্তানে তিস্থিবই নোৱাৰিব। কিন্তু ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণ নকৰাৰ আদৰ্শত অটল থকাৰ বাবে পাকিস্তানে সুবিধা লৈ থাকে।
কিন্তু এতিয়া হয়তো পাকিস্তানে আৰু বেছি সুবিধা লৈ থাকিব নোৱাৰিব। পাকিস্তানৰ হৰকত সহ্য কৰি থকাৰ সলনি ভাৰতে পকিস্তান অধিকৃত কাশ্মীৰত আক্ৰমণ কৰি ৰণনীতিৰ পৰিৱৰ্তন কৰিছে। এই পৰিৱৰ্তনে দেশবাসীৰ লগতে সেনা সকলৰ মনোবলো হয়তো বৃদ্ধি কৰিছে।
এই অভিযান সফল কৰি তোলা প্ৰতিজন সেনা জোৱানলৈ প্ৰনাম কৰিছোঁ।

Saturday, September 24, 2016

নিউ মুন লাইট হাউছ বোট

 বাৰে বাৰে গুলাম ভাইক ফোন কৰিছিলোঁ। “পৰিস্থিতি ঠিকে আছেনে? আমাৰ একো অসুবিধা নহয়তো”?
“আপুনি চিন্তাই নকৰিব। একো অসুবিধা নহয়”, তেওঁ আশ্বাস দিছিল।

“ফেমিলী লৈ গৈ আছোঁ, লগত মা দেউতাহঁতো যাব, তেওঁলোক বয়সস্থ মানুহ। একেবাৰে নিশ্চিত হ’লেহে কওক”, মনত শংকা আছিল।

“একেবাৰে ভয় নাখাব। আমাৰ হাউছ বোটত আপোনালোকক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিম”।

গুলাম ভাইৰ পৰা ফোনযোগে পোৱা আশ্বাসতে কাশ্মীৰলৈ যাবলৈ সাহস কৰিছিলোঁ। ২০১১ চনৰ মাৰ্চ মাহত শ্ৰীনগৰত সপৰিয়ালে কেইদিনমান কটাই অহাৰ পৰিকল্পনা কৰিছিলোঁ। ডাল লেকৰ ‘নিউ মুন লাইট’ হাউছ বোটত আমাৰ থকাৰ ব্যৱস্থা হৈছিল। সেইবছৰ কাশ্মীৰত যথেষ্ট সংখ্যক পৰ্যটক গৈছিল। আমিও সাহস কৰি ওলাইছিলোঁ।

সম্বন্ধীয় মানুহ আৰু বন্ধু বান্ধৱ বহুতেই কৈছিল, কাশ্মীৰত হঠাতে বোমা ফুটে, গুলীয়াগুলি হয়। অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। একেৰাহে কেইবাদিনো সকলো বন্ধ হৈ যায়। যুদ্ধসদৃশ পৰিস্থিতি হয়। তথাপি মনে কৈছিল, ইমানবোৰ মানুহ সাহস কৰি কাশ্মীৰলৈ ফুৰিবলৈ গৈছে, আমিনো নাযাম কিয়? কাশ্মীৰৰ পৰিস্থিতি পুনৰ বেয়া হৈ গ’লে পুনৰ সেই সুযোগ নাপাবও পাৰোঁ। ডাল লেকৰ হাউছবোটত থকাৰ অপূৰ্ব সুযোগ আৰু নাপাবও পাৰোঁ।

নতুন দিল্লীৰ পৰা যোৱা ইণ্ডিগোৰ বিমানখন শ্ৰীনগৰ বিমানকোঠত অৱতৰণ কৰিব নোৱাৰি যেতিয়া আকাশমাৰ্গত বহু সময় জুৰি ঘূৰি আছিল এক অজান আশংকাত বুকু কঁপি উঠিছিল। পাইলটে যেতিয়া অভয় দি কৈছিল, বতৰ বেয়া হোৱাৰ বাবেহে অৱতৰণ কৰাত দেৰী হৈছে, তেতিয়াহে মুখলৈ পানী আহিছিল।

গুলাম ভাই বিমানকোঠলৈ আহিছিল আমাক আদৰি নিবলৈ। তেওঁ অনা গাড়ীখনতে বহি ডাল লেকৰ পাৰ পাইছিলোঁ। বাটত দেখিছিলোঁ পুলিছ, মিলিটাৰীৰ টহল। অসম আন্দোলনৰ সময়ৰ কথা মনলৈ আহিছিল। পৰ্যটককে ধৰি সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবেই হয়তো আছিল এই ব্যৱস্থা।

মাৰ্চৰ শেষতো শীতে কঁপাইছিল। বেগ খুলি গৰম কাপোৰ উলিয়াই ল’বলৈ বাধ্য হৈছিলোঁ।

ডাল লেকৰ অসংখ্য হাউছ বোটৰ মাজতে আছে গুলাম ভাইৰ হাউছ বোট ‘নিউ মুন লাইট’।

গুলাম ভাইৰ হাউছবোটৰ সাজ সজ্জা দেখি চকু ঠৰ হৈ গৈছিল। কাৰ্পেটেৰে ঢকা, নানান কাৰু কাৰ্যৰ আচ বাবেৰে ভৰ্তি একোটা কোঠা। পানীত ওপঙি থকা জাহাজ এখনত এনে কোঠা একোটা থকাৰ কথা কল্পনা কৰিবই নোৱাৰি। এখন ভাল হোটেলৰ সকলো সুবিধাই আছে।

হাউছ বোট গুলাম ভাই হঁতৰ পৰিয়ালৰ ফেমিলী বিজনেছ। ভাই ককাই আটাইকেইজনে আলহীৰ সোধ পোচ কৰে। ঘৰত বনোৱা সুস্বাদু আহাৰ খুৱায়। যেনেদৰে বিচাৰোঁ তেনেদৰেই খাদ্য বনাই আমাক খুৱালে। গুলাম ভাইৰ পৰিয়ালৰ মানুহ হবিব, বিলাল, হাফিজ আদিয়ে ঘনে ঘনে খবৰ লৈ আমাক নিজৰ মানুহৰ দৰে আদৰ সাদৰ কৰি ৰাখিলে।

গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি গুলমাৰ্গ, পেহেলগাম, সোণমাৰ্গ আদি ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। হাউছ বোটৰ পৰা ছিকাৰাত উঠি ডাল লেকত ঘূৰি ফুৰিছিলোঁ। ডাল লেকত থকা ওপঙা বজাৰ (ফ্লোটিং মাৰ্কেট) বোৰ চাইছিলোঁ।
সেই সময়ত ভাৰতত বিশ্ব কাপ ক্ৰিকেট প্ৰতিযোগিতা হৈছিল। আমি কাশ্মীৰত থকা সময়খিনিত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেলখন হৈছিল। গুলাম ভাইৰ হাউছ বোটৰ কাঠৰ মজিয়াৰ কাৰ্পেটৰ ওপৰত হবিব, বিলাল, হাফিজ আৰু হাইছ বোটত কাম কৰা দুই এজন কৰ্মচাৰীৰ লগত একেলগে টি ভিত খেল চাইছিলোঁ। পাকিস্তান দলৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰত্যক্ষ কৰিছিলোঁ। পাকিস্তান খেলখনত জিকিছিল। তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হৈছিল। শ্ৰীনগৰ চহৰৰ কেইবাঠাইৰ পৰা ফটকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। তেওঁলোকে নাচি বাগি স্ফূৰ্তি কৰা দেখি তেওঁলোকৰ অন্তৰত থকা পাকিস্তান প্ৰীতি বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ।

পাকিস্তানৰ খেলৰ পিচদিনাই আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ কোৱাৰ্টাৰ ফাইনেল খেল। সেইখন খেলো আটায়ে একেলগে উপভোগ কৰিছিলোঁ। সেইখন খেলত হবিব ভাই, বিলাল ভাই হঁতে বৰতৰ পক্ষ লোৱা দেখিছিলোঁ। পাকিস্তানক যিদৰে সমৰ্থন কৰিছিল, ভাৰতকো ঠিক একেদৰেই সমৰ্থন কৰিছিল। সেইখন খেলত ভাৰত জিকিছিল। ভাৰত জিকা কাৰণে তেওঁলোক আনন্দিত হৈছিল। ভাৰত জিকাৰ পিছত অৱশ্যে ফটকাৰ শব্দ শুনা নাছিলোঁ।

বিলাল ভাইক সুধিছিলোঁ, তেওঁলোকে ভাৰতক সমৰ্থন কৰে নে পাকিস্তানক? তেওঁ সৰু মাতেৰে কৈছিল, “ভাৰতে আন দেশৰ বিৰুদ্ধে খেলিলে আমি ভাৰতকে সমৰ্থন কৰোঁ, কিন্তু পাকিস্তান যি দলৰেই লগত নেখেলক কিয়, পাকিস্তান জিকাটো বিচাৰোঁ। ভাৰত পাকিস্তানৰ খেল হ’লে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

“কিয়? তোমালোকে পাকিস্তানক কিয় ইমানকৈ সমৰ্থন কৰা”? মই আচৰিত হৈছিলোঁ।

বিলাল ভায়ে তেওঁৰ পাইজামাটো ডাঙি তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰা অংশ এটা দেখুৱাই কৈছিল, “মোৰ এই জখম কিহৰ কাৰণে জানেনে? ভাৰতীয় সেনাই মোক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি গুলীয়াইছিল। এনেদৰে ভাৰতীয় সেনাই বহুতো কাশ্মীৰি যুৱকক পংগু কৰিছে। বহুতো ছোৱালীৰ সৰ্বনাশ কৰিছে। আমি কাশ্মীৰৰ আজাদী বিচাৰোঁ। পাকিস্তানে আমাক সমৰ্থন কৰে। সেইকাৰণে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

তেওঁৰ কথা শুনি ভয় খাইছিলোঁ। সুধিছিলোঁ, “আমাৰ ওপৰত যদি হঠাতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে তোমালোকে আমাক বচাবানে? নে তোমালোকে তেওঁলোকৰ লগ হৈ ল’বা”?

“আপোনালোকে নিশ্চিন্ত থাকক। সন্ত্ৰাসবাদীয়ে আমাৰ লাচৰ ওপৰেৰে পাৰ হৈহে আপোনালোকক চুব পাৰিব। 

আপোনালোক আমাৰ মেহমান। আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰি আমি বাচি আছোঁ। আপোনালোকক প্ৰাণ দি হ’লেও আমি ৰক্ষা কৰিম”। বিলাল ভায়ে প্ৰত্যয়েৰে কৈছিল।


Saturday, September 17, 2016

দাঢ়িৱালা বিশ্বকৰ্মা


ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ কথা। ২০০৪ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে মোৰ এজন কনিস্থ সহকৰ্মীক লৈ জয়ছালমেৰ চহৰ চলাথ কৰিলোঁ। আমাক বিশ্বকৰ্মা পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তি এটা লাগে। আচৰিত হ’লোঁ, দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিখ্যাত চহৰখনত ক’তো বিশ্বকৰ্মাৰ মূৰ্তি পাবলৈ নাই।

জয়ছালমেৰ চহৰৰ পৰা ১২০ কিলোমিটাৰ আতৰত তানোটত আমাৰ কাম চলিছিল। তনোট হ’ল ভাৰতৰ পশ্চিম সীমন্তৰ শেষ জনবসতি থকা গাওঁ। তাৰ পৰা কেই কিলোমিটাৰমান আতৰত পাকিস্তান সীমন্ত। তানোটত সেনা বাহিনীৰ এখন গেট আছে। সেনাৰ বাহিৰে আন মানুহক সেই গেট অতিক্ৰম কৰি সীমান্তৰ পিনে যাবলৈ নিদিয়ে। কিন্তু আমাৰ কেইবাটাও তৈলখাদ সীমান্তৰ ওচৰে পাজৰে থকা বাবে বিশেষ অনুমতি লৈ তানোটৰ আগলৈও যাব পাৰিছিলোঁ। 

তানোটত আমাৰ কেম্প আছিল। কেম্পৰ ওচৰতে আছিল বিখ্যাত তানোট মাতাৰ মন্দিৰ। এই মন্দিৰটো চাবলৈ ভাৰতৰ বহুতো ঠাইৰ মানুহ আহে। সেনা বাহিনীয়ে পৰিচালনা কৰা এই মন্দিৰটোত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে কেইবাটাও বোমা নিক্ষেপ কৰিছিল। কিন্তু তানোট মাতাৰ কৃপাত এটাও বোমা নুফুটিল। সেই নুফুটা বোমাবোৰ নিষ্ক্ৰিয় কৰি মন্দিৰটোৰ ভিতৰত সজাই ৰখা হৈছে। ৰাতিপুৱা আৰু আবেলি মন্দিৰটোত আৰতি হয় আৰু মাইকযোগে সেই আৰতিৰ শব্দ বহুদূৰলৈ শুনিবলৈ পোৱা যায়।

মই তানোটত থকাৰ সময়তে বিশ্বকৰ্মা পূজা আহিছিল। দুলীয়াজানত ধুমধামকৈ বিশ্বকৰ্মা পূজা পতা হয় কাৰণে আমাৰ বিভাগৰ কৰ্মী সকলৰ লগত মিলি ঠিৰাং কৰিলে যে আমি তানোটতো বিশ্বকৰ্মা পূজা পাতিম। সমস্যা হ’ল  মৰুভূমিৰ মাজত থকা তানোটত দিয়াচলাই এটাও পোৱা নাযায়। আমি পূজা পাতিবলৈ হ’লে ৬০ কিল’মিটাৰ আতৰত থকা ৰামগড়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আনিব লাগিব। পূজা পাতিবলৈ অন্তত: এটা বিশ্বকৰ্মাৰ মূৰ্তি লাগিব। সেয়েহে ততাতৈয়াকৈ ৰামগড়লৈ ওলাই গ’লোঁ। ৰামগড়ত পূজাৰ সামগ্ৰী পালোঁ যদিও ক’তো মূৰ্তি পাবলৈ নাই। ৰামগড় অভিযান ব্যৰ্থ হোৱাত ডাঙৰ চহৰ জয়ছালমেৰলৈ ঢাপলি মেলিলোঁ।

জয়ছালমেৰত বহুত ঘূৰি পকিও ক’তো হাতীৰ লগত থিয় হৈ থকা বিশ্বকৰ্মাৰ মূৰ্তি বিচাৰি নাপালোঁ। উপায় নাপাই বিশ্বকৰ্মাৰ ফটো বিচাৰিলোঁ। দোকান এখনত বিশ্বকৰ্মাৰ নামত যিখন ফটো উলিয়াই দিলে সেইখন দেখি আমাৰ মূখৰ মাত হৰিল। এমূখ দাঢ়িৰে পদুম ফুলৰ ওপৰত বহি থকা বিশ্বকৰ্মা। ওচৰত এটা ৰাজহাঁহ। হাতীৰ চিন মোকাম নাই। তেওঁলোকে আমাক বুজাই দিলে, ৰাজস্থানত সেইজনেই হ’ল বিশ্বকৰ্মা।

উপায় নাঅপই দাঢ়িমুখীয়া হাতী নথকা বিশ্বকৰ্মাৰ ডাঙৰ আকাৰৰ ফটো এখন লৈ তানোট পালোঁহি। ফটোখন দেখিয়েই মানুহ বোৰে ইচ আচ কৰিবলৈ ধৰিলে।

-       - ছাৰ, যিয়েই নহওক আমি এইজনক বিশ্বকৰ্মা বুলি মানিব নোৱাৰোঁ ।

-       - ৰাজস্থানত বোলে এইজনেই বিশ্বকৰ্মা, বহুত বিচাৰিও আমাৰ জনৰ দৰে বিশ্বকৰ্মা বিচাৰি নাপালোঁ।

-       - ছাৰ আমাক মুখত দাঢ়ি থকা বিশ্বকৰ্মা নালাগে।

-       - হেৰা মৰুভুমিত ক’ত সদায় দাঢ়ি খুৰাবলৈ পানী পাব? সেইকাৰণে ইয়াতে দাঢ়িৱালা বিশ্বকৰ্মাৰ পূজা পাতে।

-      -  কিন্তু হাতীটো নাথাকিলে কেনেকৈ হ’ব ছাৰ। হাতী নাথাকিলে বিশ্বকৰ্মা হ’বই নোৱাৰে।

-       - মৰুভূমিত ক’ত হাতী থাকেহে? সেই কাৰণে ৰাজহাঁহ এটাকে দিছে।

মানুহবোৰক বুজাইছোঁহে বুজাইছোঁ, তেওঁলোকে নামানে। মুঠতে দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মা লাগিবই। দাঢ়িৱালা, হাঁহ থকা বিশ্বকৰ্মাৰ পূজা তেওঁলোকে নকৰে।

শেষত উপায় নাপাই ৰামগড়লৈ দৌৰ মাৰিলোঁ। ডাঠ কাগজ আৰু ৰঙীন পেঞ্চিল কিনি আনিলোঁ। ৰাতি ডাঙৰ কাগজ এখন লৈ তাত আমাৰ চিনাকী দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মাৰ ছবি আঁকি পেলালোঁ। ৰাতিপুৱা সেইখন চাইহে ৰাইজৰ মুখলৈ পানী আহিল।

সেইজন ছবিকে সমুখত লৈ পূজাৰ ব্যৱস্থা কৰা হ’ল। মন্দিৰৰ পূজাৰী এজনক পূজা কৰিবলৈ মাতি অনা হ’ল।

ছবিখন দেখিয়েই পূজাৰীজনে চিঞৰি উঠিল – য়ে কৌন চা ভগৱান কা পিকচাৰ হেই।

-       য়ে বিশ্বকৰ্মা হেই। আছাম মে বিশ্বকৰ্মা এইছাহি হোতা হেই।

-       এইছা কিউ হেই?

-      ৱহা জংগল হেই না, ইছলিয়ে বিশ্বকৰ্মা হাথী পে চঢ়কে আতা হেই। আপ ৱহ চব ছোৰিয়ে, আপ বচ পূজা কিজিয়ে।

(সংযোজন: পশ্চিম ভাৰতৰ মানুহে ব্ৰহ্মাকে বিশ্বকৰ্মা বুলি মানে। ব্ৰহ্মাই আছিল সেই দাঢ়িৱালা বিশ্বকৰ্মাজন)