Friday, November 11, 2016

অচল টকা

বিদেশলৈ গ'লে বিমানত বহাৰ পিছতে হাতত থকা ভাৰতীয় মুদ্ৰা কেইটা অচল টকা হৈ পৰে। পইছাৰ বেগত ভাৰতীয় নোটৰ ঠাই দখল কৰে বিদেশী নোটে। তথাপিও ভাৰতীয় নোট আৰু মুদ্ৰা কেইটা মই হাততে পোৱাকৈ থৈ দিওঁ। সদায় এনে অনুভৱ কৰোঁ যে কেতিয়াবা ভাৰতীয় মুদ্ৰা আৰু নোট হয়তো কিবা নহয় কিবা কামত আহিব।
দুবাৰমান তেনে নোহোৱাও নহয়। এবাৰ লছ এঞ্জেলেছ বিমানকোঠত ঘৰলৈ উভতিবৰ আগে আগে এজন জ্যেষ্ঠ সহকৰ্মীৰ সৈতে ঘূৰি ফুৰোঁতে ইস্কনৰ বগা ছালৰ তপা মূৰৰ সাধু কেইজনমানৰ পাল্লাত পৰিছিলোঁ। তেওঁলোকে বিমানকোঠৰ মানুহৰ মাজত ইস্কনৰ কিতাপ বেছি ফুৰিছিল। দলটোৱে আমাক ভাৰতীয় বুলি চিনিব পাৰি আগচি ধৰিলে।
তেওঁলোকৰ হাতত আছিল কেইনাখনো ইস্কনে প্ৰকাশ কৰা কিতাপ। কিতাপ এখন নোলোৱালৈ তেওঁলোকে নেৰে। কিতাপৰ দাম লিখা আছে আমেৰিকান ডলাৰত । দামটো কিমান সুধিলত ক'লে দহ ডলাৰ। কিতাপৰ আকাৰটো চালে আমাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত বহুত বেছি।
সেই সময়ত এটা মগজত বুদ্ধি খেলালে। আমি ক'লোঁ যে আমাৰ হাতত আমেৰিকান ডলাৰ একেবাৰে নাই। সকলো শেষ হৈ গ'ল। ভাৰতলৈ উভতিবলৈ ওলাইছোঁ যেতিয়া হাতত ভাৰতীয় টকাহে আছে। তেওঁলোকে কি বুজিলে নাজানো, এজনে ক'লে, "কোনো কথা নাই, ভাৰতীয় নোট দিলেও হ'ব"।
আন এজনে উচ্ছাহেৰে ক'লে, "দেখুওৱা চোন ভাৰতীয় নোট কেনে হয়"।
মই জেপৰ পৰা দহটকীয়া নোট এখন উলিয়াই ক'লোঁ, "এয়া ভাৰতীয় দহ ডলাৰ"।
নোটখন পাই তেওঁলোকৰ মুখত হাঁহি ফুটি উঠিল। অতি বিনম্ৰ ভাৱে দহ ডলাৰ দামৰ কিতাপখন মাত্ৰ দহ টকাতে মোৰ হাতত তুলি দিলে। সেয়া আছিল ভাৰতীয় টকাৰ কামাল। মোৰ হাতত থকা অচল দহটকীয়া খনতে দহ ডলাৰ দামৰ কিতাপখন পাই গ'লোঁ।
আন এবাৰ এটা সহপাঠী দলৰ সৈতে জাৰ্মানীৰ বাৰ্লিন চহৰৰ এটা মিউজিয়াম চাবলৈ গৈছিলোঁ। বহুসময় ঘূৰি পকি মিউজিয়াম চাই বাহিৰলৈ আহি আমি আটায়ে প্ৰস্বাৱগাৰলৈ যোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিলোঁ।
কিন্তু প্ৰস্বাৱগাৰৰ দুৱাৰত জপনা লগোৱা আছে। মানুহবোৰে জপনাৰ দাঁতিত থকা মেচিন এটাত এটা মুদ্ৰা সুমুৱাই দিয়ে আৰু জপনাখন এজন মানুহৰ বাবে খোল খায়। গম পালোঁ এবাৰ প্ৰস্বাৱ কৰাৰ বাবে এক ইউৰো ভৰিব লাগে।
আকৌ মগজুৰ কেলকুলেটৰ চলিল। এবাৰ প্ৰস্বাৱ কৰিলে এক ইউৰো !! আমাৰ বাবে ভাবিব নোৱৰা কথা।
কি কৰা যায় ভাবি থাকোঁতে লগৰ এজনে আমাৰ এটকীয়া মুদ্ৰা এটা মেচিনত ভৰাই দি চালে। আচৰিত কথা জপনা খোল খালে। আৰু কোনে পায়, সকলোৰে মাজত থকা এটকীয়া মুদ্ৰা বোৰ জমা কৰি এজন এজনকৈ ভিতৰলৈ গ'লোঁ। অচল টকাবোৰ কামত আহিল।
গাৰ্ড এজনৰ কিবা কাৰণত সন্দেহ হ'ল। হয়তো প্ৰস্বাৱগাৰত সোমাওতে আমাৰ উত্সাহ আৰু হাঁহি খিকিন্দালি দেখি কিবা এটা গন্দগোল হোৱা যেন ভাবিলে। তেওঁ আগবাঢ়ি আহি আমাৰ উত্সাহৰ কাৰণ সুধিলে।
আমাৰ এজনে গাৰ্ডজনক ক'লে, "আমাৰ তাত এইবোৰ কাম ফ্ৰিতে কৰিব পাৰি। তোমালোকে এইফেৰাৰ বাবেও যে দানপাত্ৰ ৰাখিছা তাকে দেখি হাঁহি উঠিছে"।