Wednesday, December 6, 2017

গোৱাৰ আমোদ কৰ

সেয়া ১৯৯৭ চন মানৰ কথা। সেয়া আছিল মোৰ অসমৰ বাহিৰত প্ৰথম বিভাগীয় প্ৰশিক্ষণ। প্ৰশিক্ষণৰ স্থান আছিল গোৱা। পোন্ধৰ দিনৰ প্ৰশিক্ষণটোত মোৰ সতীৰ্থ হৈছিল মোৰ কেইবছৰমানৰ ছিনিয়ৰ জোৰাৱৰ সিং দা।

গোৱালৈ প্ৰশিক্ষণলৈ ওলাওঁতেই বিভাগীয় মুৰব্বী গৰাকীয়ে আমাক দুয়োকে মাতি নি উপদেশ দিলে, “গোৱাত তোমালোকক প্ৰশিক্ষণৰ বাবেহে পঠিয়াইছোঁ। তোমালোকক প্ৰলোভিত কৰিব পৰা বহুত কিবা কিবি গোৱাত পাবা। কিন্তু সেইবোৰলৈ মন নিদিবা। ভালদৰে প্ৰশিক্ষণ লৈ ঘূৰি আহিবা”।

জোৰৱাৰদা সাংঘাটিক ছিৰিয়াছ। মোক ক’লে, “গোৱালৈ গৈ আমি বেছিকৈ ঘূৰি নুফুৰোঁ। য’তে ত’তে সময় নষ্ট নকৰোঁ। কেৱল ওচৰতে সাগৰৰ পাৰলৈ যাম”। মই হয়ভৰ দিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে কোম্পানীয়ে মোক প্ৰশিক্ষণলৈ পঠিয়াইছে। ভালদৰে প্ৰশিক্ষণ ল’ম।

তেতিয়া ইণ্টাৰনেটৰ প্ৰচলন নাই। কিতাপত পঢ়িছোঁ কালাংগুটে, কোলভা, বাগ্গা আদি গোৱাৰ সুন্দৰ বীচ্চ বোৰৰ কথা। গোৱাত দেশী বিদেশী সুন্দৰী যুৱতীয়ে ছুইম ছ্যুট পিন্ধি সাগৰত সাতোৰা, বীচ্চত ঘূৰি ফুৰা ছিনেমা আৰু ছবিত দেখিছোঁ। কেইখনমান বীচ্চত হেনো কেৱল বিদেশীহে যাব পাৰে। সেইবোৰত তেওঁলোকে নিৰাভৰণ হৈ পৰি থাকে।  কিন্তু আমি দুয়ো ঠিৰাং কৰিলোঁ, দূৰলৈ যাবলৈ নাই, বেয়া বস্তু চাবলৈ নাই। আমি য’তে থাকোঁ, তাৰে ওচৰতে সাগৰৰ পাৰলৈ যাম। গোৱাৰ কোনো প্ৰলোভনে আমাক চুব নোৱাৰিব।

গোৱাৰ ভাস্কো ডা গামা চহৰৰ এখন হোটেলত আমাৰ প্ৰশিক্ষণ আৰু থকা মেলাৰ ব্যৱস্থা কৰা হৈছিল। দুদিনমান খুন মনপুতি ক্লাছ কৰিলোঁ। তৃতীয় দিনা ক্লাছৰ পাছত সন্ধিয়া জোৰাৱৰদাক ক’লোঁ, “বলক বীচ্চ চাবলৈ যাম”। তেওঁ ক’লে, “আমি ওচৰৰ বীচ্চখনলৈহে যাম দেই। দূৰলৈ যাবলৈ নাই”।
হোটেলৰ বাহিৰ ওলাই অট’ এখন পালোঁ। চালকক ক’লোঁ, “আমাক ওচৰৰ বীচ্চ খনলৈ লৈ বলা”। সি চোন কথাটো শুনি ফিচিঙা ফিচিঙি কৰিবলৈ ল’লে। “চাহাব, ইয়াতে কিয় সময় নষ্ট কৰে, বলক কালাংগুটেলৈ লৈ যাম। ভাল পাব”।

আমি নগ’লোঁ। ভাবিলোঁ, ওচৰৰ খনেই চাই লওঁচোন। দোকান এখনত সুধিলোঁ, “ওচৰৰ বীচ্চ খনলৈ কোনপিনে যায়”? দোকানীজনে বেলেগ ধৰণৰ হাঁহি এটা মাৰি ক’লে, “যাওক যাওক, খুব ভাল পাব। কেৱল সাৱধানে যাব”।

দোকানীজনে কোনপিনে যাব লাগে দেখুৱাই দিলে। আচৰিত হ’লোঁ, ওচৰৰ বীচ্চখন বুলি ক’লেই সকলোৱে হাঁহে। আক তাক শুনি বীচ্চখনৰ নামটোও গম পালোঁ, বাইনা বীচ্চ।

দেখুৱাই দিয়া ৰাষ্টাৰে গৈ বীচ্চখন পালোঁ। শাৰী শাৰী নাৰিকল গছেৰে ভৰা বীচ্চখন আন সাধাৰণ বীচ্চৰ দৰে নহয়। মানুহো কম। দূৰলৈ কিছুমান জুপুৰি ঘৰ আৰু মাজে মাজে একোখন হোটেল বা ৰেষ্টোৰেণ্ট আছে।

আমি উপস্থিত হোৱাৰ প্ৰায় লগে লগে কিছুমান সৰু ল’ৰাই আমাক আগুৰি ধৰিলে। এটাই কয়, “চাহাব, বলকনা আমাৰ ঘৰলৈ বলক”। আনটোৱে সিফালৰ পৰা চোলাত ধৰি টানে, “বলকনা, আমাৰ ঘৰলৈ যাব। বৰ ভাল পাব”। ৰে’ল ষ্টেচনত টেক্সী আৰু অট’ চালকসকলে তেওঁলোকৰ বাহনলৈ মানুহ টনাৰ দৰে কাৰবাৰ।

কথাটো কি বুজিব নোৱাৰি সিহঁতক ধমক দি খেদিলোঁ। অলপ সময় পানীৰ ওচৰেৰে খোজকাঢ়ি আমি শীতল পানীয় খাবলৈ এখন ৰেষ্টোৰেণ্টত সোমালোঁ। ৰেষ্টোৰেণ্টখনত উচ্চ ভলিউমত গান বাজি আছিল। গ্ৰাহক কম। কেইজনীমান ছোৱালীয়ে গানৰ তালে তালে নাচি আছিল। আমি চুক এটাৰ টেবুল এখনত বহি দুটা কোকা কোলা অৰ্ডাৰ কৰিলোঁ।

অলপ পাছতে উগ্ৰ প্ৰসাধন কৰা দুজনী ছোৱালী আহি আমাৰ টেবুলৰ খালি হৈ থকা চকীদুখনত বহিল। আঁতৰৰ উগ্ৰ গোন্ধ নাকত লাগিল। দুয়োজনীয়ে হাঁহি মাৰি আমালৈ চাই ক’বলৈ ধৰিলে, “অকলে অকলে খাই আছাযে, আমাকো খাবলৈ দিয়া। আমাৰ কাৰণেও অৰ্ডাৰ কৰা”। তেতিয়া আমাৰ দুয়োৰে গাত ডেকা তেজ। উপযাচি খুৱাবলৈ কোৱা ছোৱালীদুজনীক নিৰাশ কৰিবলৈ মন নগ’ল। দুয়োজনীৰ কাৰণেও কোকা কোলা অনালোঁ।

সিহঁতৰ লগত কথা পাতি গা চেবালে। দুয়োজনীয়ে আমাক সিহঁতৰ ঘৰলৈ যাবলৈ জোৰ কৰিলে। আমি মান্তি নোহোৱাত অলপ পাছতে ছোৱালী দুজনীয়ে আমাক নাচিবলৈ লগ ধৰিলে। সিহঁতৰ মতি গতি দেখি আমাৰ সিহঁতৰ বিষয়ে আৰু বুজিবলৈ বাকী নাথাকিল।

জোৰাৱৰদাই ক’লে, “ইয়াৰ পৰা সোনকালে ওলোৱা”। আমি আধা খোৱা বটল সামৰি খোৱাৰ পইছা দিবলৈ গ’লোঁ। কিমান হ’ল বুলি সোধাত ক’লে, “এশ টকা”। আমি দুয়ো আচৰিত। চাৰিটা কোকা কোলাৰ দাম কেনেকৈ এশ টকা হয়? আমি উভতি ধৰিলোঁ। ল’ৰাটোৱে ক’লে, অতিৰিক্তখিনি হেনো মনোৰঞ্জন কৰ, এণ্টাৰটেইনমেণ্ট টেক্স। আমাকযে খোৱাৰ সময়ত ছোৱালী দুজনীয়ে সান্নিধ্য দিলে তাৰ কাৰণে অতিৰিক্ত পইছা দিব লাগিব। আমি কিন্তু অতিৰিক্ত পইছা দিবলৈ আপত্তি কৰিলোঁ, আমিতো কোনো মনোৰঞ্জন বিচৰা নাছিলোঁ। জবৰদস্তি কৰিলে কেনেকৈ হ’ব? এইবাৰ সি আমাক দম দিলে, পইছা নিদিলে হেনো আমাৰ কাপোৰ কানি খুলি ৰাখিব। মই জোৰাৱৰদাক ক’লোঁ, “এশ টকা দি ইয়াৰ পৰা ওলাই যোৱাই ভাল হ’ব”।

ওলাই আহিয়েই আকৌ সৰু ল’ৰা কেইটাক পালোঁ। সিহঁতে আকৌ ঘৰলৈ মাতিবলৈ টনা টনি কৰিবলৈ ধৰিলে। সুধিলোঁ, “তঁহতে আমাক কিয় ঘৰলৈ নিব খুজিছ”। এটাই ক’লে, “মোক মায়ে পঠিয়াইছে গ্ৰাহক ধৰিবৰ কাৰণে”। এটাই ক’লে, “মোৰ বাইদেউৰ কাৰণে”।


কোবাকুবিকৈ ওলাই আহি হোটেলৰ সন্মুখত পোৱা অট’ৱালাজনক পালোঁ। সি আমাক কটাক্ষ কৰি ক’লে, “আপোনালোক দেখাত ভাল মানুহযেন লাগে কাৰণে মই ইয়ালৈ আহিবলৈ মানা কৰিছিলোঁ। এইখন বাইনা বীচ্চ, গোৱাৰ ৰেড লাইট এৰিয়া বুলি আপোনালোকে নাজানে নেকি”?