Saturday, January 16, 2016

গেংটকৰ ডেকা




গেংটক যাবলৈ ৰাজধানী এক্সপ্ৰেছত গৈ সপৰিয়ালে শিলিগুড়ি চহৰৰ উপকণ্ঠত নিউ জলপাইগুড়ি ষ্টেচনত নামিছোঁ। গেংটকত ঠিক কৰি থোৱা হোটেল ‘চুম্বি ৰেছিডেন্সী’লৈ যাবলৈ টেক্সী বিচাৰিলোঁ। দালালে আগুৰি ধৰিলে। অতি কম পইছাত গেংটকৰ পেকেজ টুৰৰ প্ৰলোভন দিয়াত এজনতকৈ আনজন চৰা। এজনেতো বেগ দুটা ডাঙিয়েই এটা ট্ৰেভেল এজেন্সিলৈ আগবঢ়াই লৈ গ’ল। ষ্টেচনৰ ওচৰতে ট্ৰেভেল এজেন্সী গিজগিজাই আছে।

ট্ৰেভেল এজেন্সীত খবৰ কৰি গম পালোঁ তেওঁলোকে পেকেজ টুৰৰ বাবদ যিটো খৰছৰ কথা কৈছে, তাতকৈ আমি নিজাববীয়াকৈ ব্যৱস্থা কৰিলে বহুত কম খৰছতে হ’ব। কিন্তু পেকেজ টুৰ নোলোৱাকৈ গেংটক যাবলৈ টেক্সীয়ে বহুত টকা বিচাৰে। পেকেজ টুৰ নোলোৱাৰ সিদ্ধান্ত কৰি বাহিৰত টেক্সী বিচাৰিলোঁ। কিন্তু দালালে সমগ্ৰ এলেকাটো এনেদৰে কব্জা কৰি ৰাখিছে যে তেওঁলোকৰ সহায় নোলোৱাকৈ টেক্সী বিচৰাটো অসম্ভৱ প্ৰায়। প্ৰি পেইড টেক্সী কাউণ্টাৰত টেক্সী পাবলৈ নাই। তাতো দালালৰ টিঘিলঘিলনী।

ভাগ্য ভাল আছিল, গেংটকৰ পৰা যাত্ৰী নমাবলৈ অহা গাড়ী এখন পালোঁ। ড্ৰাইভাৰজন গেংটকৰ স্থানীয় মানুহ বুলি জানি ভাল পালোঁ। আনতকৈ কিছু কমত টেক্সীখনৰ বন্দোবস্ত হ’ল। দালালে নিজৰ প্ৰাপ্য আদায় কৰি আমাক যাবলৈ দিলে। এটা কথা স্পষ্ট হ'ল যে দাৰ্জিলিং আৰু ছিক্কিমৰ পৰ্যটনক লৈ দালালি কৰা চক্ৰ এটাই শিলিগুড়িত ব্যৱসায় কৰি আছে।

দুৰ্গাপূজাৰ সময়। বাটত কেইবা ঠাইতো ৰখাই চান্দা বিচাৰিলে। ড্ৰাইভাৰে বিশ ত্ৰিশ টকাৰ চান্দা দি যাবলগীয়া হ'ল।

নিউ জলপাইগুড়িৰ পৰা গেংটকলৈ এই সমগ্ৰ পথচোৱা ড্ৰাইভাৰ অৰ্জুন চেত্ৰীৰ লগত কাষৰ আসনত বহি কথা পাতি গ’লোঁ। অতি অমায়িক ব্যৱহাৰৰ অৰ্জুনক বৰ ভাল লাগিল। অৰ্জুনে আগতে অসমলৈ আহিছে। অসমত তেওঁৰ আত্মীয় মানুহো আছে।

শিলিগুড়িৰ যুৱকৰ দাদাগিৰীত অৰ্জুন আতিস্থ। "গেংটকত এইদৰে দাদাগিৰী মৰা ডেকা আপুনি নাপায়। গেংটকত সকলোৱে মেহনতৰ উপাৰ্জনৰ পৰা খায়। শিলিগুড়িত ল'ৰা বিলাকে কাম বন নকৰি এইদৰে কিবা নহয় কিবা উত্সৱ পাতি আমাৰ পৰা চান্দা উঠাই চলি থাকে"। অৰ্জুনৰ কথাত লাজ পালোঁ। এইদৰে গাড়ী ৰখাই চান্দা তোলাতো অসমত সাধাৰণ কথা।

গেংটকত থকা কেইদিন আমাক অৰ্জুনেই নিচেই কম খৰছত ফুৰালে। অৰ্জুনৰ লগতেই আমি গেংটকৰ ঠাইবোৰ চোৱাৰ উপৰিও ভাৰত চীন সীমান্তৰ নাথুলা পাছৰ ওচৰ পাইছিলোঁগৈ।

গেংটকলৈ গৈ অনুভৱ কৰিছিলোঁ কেৱল পৰ্যটন উদ্যোগে এখন পহাৰীয়া ৰাজ্যৰ চেহেৰা কেনেদৰে সলনি কৰি দিব পাৰে। ১৯৭৫ চনলৈ এখন স্বাধীন দেশ হিচাপে থকা ছিক্কিম ৰাজ্যখনে আজিৰ দিনত অকল পৰ্যটন উদ্যোগৰ বাবেই উন্নয়নৰ পথত দোপত দোপে আগবাঢ়িছে।

অৰ্জুনৰ পৰা জানিব পাৰিলোঁ, ছিক্কিমত কোনো ডেকাল’ৰা ঘৰত বহি থাকিবলগীয়া নহয়। পৰ্যটন উদ্যোগে সকলোৰে বাবে কিবা নহয় কিবা কামৰ সুবিধা উলিয়াই দিয়ে। ছিজনৰ সময়ত গেংটকত পৰ্যটকৰ সেৱাৰ বাবে মানুহৰ অভাৱ হয়।

"কিন্তু গেংটকৰ স্থানীয় ডেকা গাভৰু মদ আৰু ড্ৰাগছত আসক্ত হোৱাৰ বাবে দূৰ দুৰণিৰ মানুহে আহি গেংটকত ভীৰ কৰিছে আৰু কাম বিচাৰি লৈছে"। অৰ্জুনে দুখ মনেৰে ক'লে।

অসমক কেন্দ্ৰ কৰি আমাৰ পাহাৰীয়া ৰাজ্য কেইখনত যদি পৰ্যটন উদ্যোগে ছিক্কিমৰ দৰে আকৰ্ষণ লাভ কৰে, অসমতো হয়তো এজনো ডেকা ল’ৰা বহি থাকিবলগীয়া নহ’ব। কিন্তু তাৰ বাবে লাগিব আমাৰ ডেকা সকলৰ মানসিক প্ৰস্তুতি আৰু সেৱাৰ মনোবৃত্তি। পৰ্যটন উদ্যোগৰ বাবে অতিশয় জৰুৰী হ’ল বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰশীলতা। উত্সৱ পাতি ৰাষ্টাত গাড়ী ৰখাই চান্দা তোলাৰ মনোবৃত্তি সলনি হ'ব লাগিব।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত যদি পৰ্যটন উদ্যোগ বিকশিত হয়, অসমত যে প্ৰচুৰ কৰ্মসংস্থানৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি। অৱশ্যে গেংটকৰ স্থানীয় যুৱকৰ দৰে স্থানীয় যুৱকে মদ আৰু নিচাশক্তিৰ বাবে কৰ্ম সংস্থাপনৰ  সুৱৰ্ণ সুযোগ হেৰুৱালে বাহিৰৰ পৰা তেনে কামৰ বাবে আকৌ মানুহৰ সোঁত ববলৈ ল’ব।

No comments:

Post a Comment