ডুবাইৰ‘ডেজাৰ্ট ছাফাৰী’ৰ বিষয়ে আমাৰ বিশেষ একো আইডিয়া নাছিল। কিন্তু প্ৰণীতাই কাৰোবাৰ
মুখত শুনিছিল সেইবিধ অতি ভয়ংকৰ। মৰুভূমিৰ মাজেৰে বালিৰ ওপৰেদি এনে সাংঘাটিক
ৰাষ্টাৰে লৈ যায় যে পেটৰ নাড়ি ভুৰু ওলাই অহা যেন লাগে বোলে। তাতে ডুবাইত লগ পোৱা
প্ৰণীতাৰ সহপাঠী নয়ন আৰু তেওঁৰ পৰিবাৰ ৰাধিকায়ো ক’লেযে ‘ডেজাৰ্ট ছাফাৰী’ত এবাৰ
উঠিলে মানুহে আৰু দুনাই সেইবিধলৈ নাযায়। কথাটো শুনাৰ পিছতে প্ৰণীতাই ডেজাৰ্ট
ছাফাৰীত যাবলৈ সাহস কৰা নাছিল।
সেয়েহে যেতিয়া ‘ডেজাৰ্ট ছাফাৰী’ যাবলৈ সাজু হৈ থাকিবলৈ ড্ৰাইভাৰজনে ফোন কৰিলে, প্ৰথম প্ৰশ্নটো
কৰিলোঁ, “আমি বাৰু ভয়ংকৰ বাটচোৱা নগ’লে হ’ব নেকি”? সিফালৰ পৰা কোমল সুৰত মানুহজনে
ইংৰাজীতে ক’লে, “ভয় কৰিবলগীয়া একো নাই”। অলপ সময়ৰ পিছতে বৃহৎ আকাৰৰ টয়’টা লেণ্ড
ক্ৰুজাৰ এখন আমাৰ হোটেলৰ সমমুখত আহি ৰ’ল আৰু ফোন কৰা ড্ৰাইভাৰজনে আমাক লবীত
বিচাৰিলে। দেখিলোঁ, ড্ৰাইভাৰজন ক্ৰীম ৰঙৰ দীঘৰ আৰৱী হলৌ চোলা (গণ্ডুৰা) পিন্ধা
ৰুক্ষ চেহেৰাৰ এজন আৰৱ। নাম তেওঁৰ হবীব। তেওঁক বুজাবলৈ যত্ন কৰিলোঁ, আমাক যেন অতি
ভয়ংকৰ ৰাষ্টাৰে নিনিয়ে। তেওঁ বাৰে বাৰে একেটা কথাই কৈ থাকিল, “ড’ণ্ট ৱৰি”।
আমাৰ লগত গাড়ী খনত আৰু এটা পৰিয়াল বহিল। অলপ সময়ৰ পিছতে গাড়ী ডুবাই চহৰ অতিক্ৰম কৰি মৰুভূমিৰ পিনলৈ আগবাঢ়িল। কিছুদূৰ যোৱাৰ পিছত গাড়ীখনে মূল পথ এৰি মৰুভূমিত প্ৰৱেশ কৰিলে। তাত দেখিলোঁ কেইবাখনো গাড়ী শাৰী পাতি ৰৈ আছে। প্ৰায় আটাইকেইখন গাড়ীৰে চালক সকল স্থানীয়
আৰৱ। আটায়ে তেওঁলোকৰ জাতীয় পোচাক দীঘল হলৌ চোলা পৰিধান কৰি আছে।
ডেজাৰ্ট ছাফাৰীত কেইবাখনো গাড়ী একেলগে যায়। যোৱাৰ আগতে সেই ঠাইত ৰৈ তেওঁলোকে গাড়ীৰ চকাবোৰৰ হাৱা উলিয়াই টায়াৰবোৰ কিছু চেপেটা কৰি লয়। তেনে নকৰিলে হেনো মৰুভূমিত গাড়ীবোৰ পিচলি পৰাৰ সম্ভাৱনা থাকে।
অলপ সময়ৰ পিচতে আৰম্ভ হ’ল আমাৰ ‘ডেজাৰ্ট ছাফাৰী’। বালিৰ পাহাৰবোৰ বগাই বগাই গাড়ীবোৰ আগবাঢ়ি গ’ল। কোনোবা এটা পাহাৰত উঠি ভুৰুংকৈ গাড়ীখন তললৈ নামি যায়, কোনোবা এটা পাহাৰৰ দাঁতিয়েদি এঢলীয়া হৈ গাড়ীখন আগবাঢ়ে, কোনোবাখিনিত আকৌ প্ৰচণ্ড বেগত কেঁকুৰি এটা ঘূৰে। মুঠতে
শুনি অহাৰ দৰেই এক শিহঁৰণকাৰী অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ। প্ৰণীতাই বাৰে বাৰে কয়,
“লাহে লাহে চলাবলৈ কোৱা”। মই পিছপিনৰ পৰা চিঞৰো, “শ্লো প্লিজ”। হবীবৰ কাণষাৰেই
নাই। তেনে ভয়ংকৰ ৰাষ্টাত মাজে মাজে বাজি উঠিছে তেওঁৰ মোবাইল ফোন। ফোনত তেওঁ নিজৰ
ভাষাত খুব সাধাৰণ ভাৱে কথা পাতিছে, মাজে মাজে কাৰোবাক গালি পাৰিছে। ইফালে যে আমাৰ
জীৱ ওলাওঁ ওলাওঁ অৱস্থা, তালৈ তেওঁৰ কোনো ভ্ৰূক্ষেপেই নাই।
এনেদৰে গৈ গৈ এডোখৰ সমতল ঠাইত গাড়ীবোৰ ৰ’ল। মানুহবোৰ নামিল। সকলোৱে মৰুভূমিৰ মাজত ফটো তুলিলোঁ। আৰৱী পোচাক পিন্ধা ড্ৰাইভাৰবোৰৰ লগত ফটো তুলিবলৈ সকলোৱে হেতা ওপৰা লগালে। বৰ আশাৰে হবীবক সুধিলোঁ, “আগলৈ চাগে’ ভাল ৰাষ্টা পাম নহয়নে”? তেওঁ নিৰুদ্বিগ্ন ভাবত ক’লে,
“আমি এইখিনিৰ পৰা উভতিম। উভতি যাওঁতে একেটা ৰাষ্টাৰে উভতিম”।
অলপ সময়ৰ পিছত পুনৰ একা বেকা বাটেৰে গাড়ী চলিবলৈ ধৰিলে। মাজতে এখন গাড়ী বালিত পিচলি পৰো পৰো হৈ কোনোমতে বাচিল। আনবোৰ গাড়ীৰ ড্ৰাইভাৰে নামি আহি সেইখন গাড়ী উদ্ধাৰ কৰিলে। বহু কেইখন গাড়ী একেলগে যোৱাৰ কাৰণটো তেতিয়াহে বুজিলোঁ।
পুনৰ সেই ভয়ংকৰ পথেৰে যাত্ৰা কৰি গাড়ীখন শেষত এটা ডেজাৰ্ট কেম্পৰ ওচৰত ৰ’ল। সেই কেম্পটোত আমাৰ বাবে সন্ধিয়াৰ আমোদ প্ৰমোদ আৰু ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিল। উটৰ পিঠিত উঠিলোঁ,
পোহনীয়া চিলনীক হাতত লৈ ফটো উঠিলোঁ। আমাৰ বাবেচাহ, ঠাণ্ডা পানীয় আৰু জলপানৰো
ব্যৱস্থা আছিল। অলপ সময়ৰ ভিতৰতে কেইবাখঅনো গাড়ীৰে বহুসংখ্যক পৰ্যটক আহি কেম্পটো
ভৰি পৰিছিল। আমাৰ গাড়ীচালক হবীবে আলহী অতিথি সকলৰ চোৱা চিতা কৰাত ব্যস্ত হৈ
পৰিছিল।
নিশালৈ কেম্পৰ সোঁমাজত থকা অস্থায়ী মঞ্চখনত আৰম্ভ হৈছিল সাংস্কৃতিক অনুস্থান। এজন পুৰুষে বৰ
আকৰ্ষণীয়কৈ ইজিপ্তৰ চুফি সকলৰ পৰম্পৰাগত টনুৰা নাচ প্ৰদৰ্শন কৰিছিল। জুইৰে সৈতে আন
এজনে নৃত্য কৰিছিল। তাৰ পিছতে আৰম্ভ হৈছিল এগৰাকী সুন্দৰী নৰ্তকীৰ দ্বাৰা আৰৱৰ
বিখ্যাত বেলি ডান্স। নৃত্যৰতা যুৱতী গৰাকীয়ে উদ্যাম নৃত্যৰ তালে তালে আমি চাই থকা
মানুহবোৰকো নচুৱালে।
কেবাব, বিৰিয়ানী, বাৰবেকিউ কৰা মঙহেৰে জুতি লগা ৰাতিৰ সাজ আমি সকলোৱে খালোঁ। ঘূৰণীয়া মঞ্চৰ
চাৰিওফালে সজাই ৰখা চাপৰ মেজবোৰত খাদ্য লৈ কাৰ্পেটত বহি খোৱাৰ অনন্য অভিজ্ঞতা হ’ল।
খোৱা হোৱাৰ পিছত আমি আমাৰ গাড়ীখন বিচাৰি নাপাই চিন্তিত হ’লোঁ। আনবোৰ পৰ্যটক অনা গাড়ীবোৰ এখন এখনকৈ গ’লগৈ। আমি চিন্তিত হ’লোঁ। কিন্তু কেম্পৰ মানুহবোৰে আমাক আহি ক’লেহি, হবীব ভাই
এতিয়াই পাবহি, চিন্তা নকৰিব।
সঁচাকৈয়ে অলপ পাছতে হবীব ভাই আহি পালেহি। তেওঁ ক’লে, এটা জৰুৰী কামত তেওঁ হঠাতে যাবলগীয়া হ’ল। তেওঁ কেম্পত কাম কৰা মানুহবোৰৰ লগত কিছু সময় কথা বতৰা পাতিলে। আমি ভাবিলোঁ, আমি আটাইতকৈ বেয়া ড্ৰাইভাৰজন পালোঁ। নিজৰ কামতকৈ তেওঁ নলগা জেঙত লাগিহে ভাল পায়।
“বেয়া নাপাব ছাৰ। এয়াও মোৰ দায়িত্ব। এই কেম্পটোৰ ময়েই মালিক”। হবীবে ক’লে।
“ইমান ডাঙৰ কেম্প এটাৰ মালিক হয়ো আম্পুনি গাড়ী চলায়”? আমি আচৰিত হ’লোঁ।
“কেম্পটোৰ মালিক হ’লো বুলি মই হাত সাৱটি বহি থাকিম নেকি? গাড়ী চলোৱাটোৱেই মোৰ পেছা। এই কামটো কৰি কৰিয়েই কেম্পটো গঢ়ি তুলিছোঁ। সেই কাৰণে মই মোৰ কাম আজিও কৰি আছোঁ”। হবীব ভাইৰ কথাত আমি তধালাগি চাই থাকিলোঁ!!