ডুবাইৰ মসৃণ
ৰাষ্টাত অৰ্ণৱ দাই একান্ত মনে গাড়ী চলাই গৈ আছিল। আমি বিমুগ্ধ নয়নেৰে দুয়োকাষৰ ঘৰ,
অট্টালিকা, দোকান, গাড়ীবোৰ চাই গৈছিলোঁ। আমাক সকলোতকৈ আচৰিত কৰিছিল মৰুৰ মাজৰ
সেইখন দেশৰ ফুলৰ প্ৰাচুৰ্যই। যিপিনে চকু ফুৰাওঁ সেইপিনেই ফুল। বাটৰ কাষে কাষে ফুলি
আছে শাৰী শাৰী পিট’নিয়া।
“ইয়াত ইমান
ফুল কেনেকৈ ফুলে অৰ্ণৱ দা”।
অৰ্ণৱ দাই
হাঁহি মাৰি ক’লে, “ইয়াত সকলো কৃত্ৰিম উপায়েৰে কৰা হয়। ইয়াৰ মাটি ফুলৰ বাবে উপযোগী
নহয়। বেলেগ দেশৰ পৰা সাৰুৱা মাটি আনি ফুল ৰোৱা হয়। ফুলৰ খুব যত্ন লোৱা হয়। উন্নত
ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়। ফুলত নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে স্বয়ংক্ৰিয়ভাৱে পানী
দিয়াৰ ব্যৱস্থা আছে”।
অৰ্ণৱ দা
আমাৰ কলেজৰ ছিনিয়ৰ ২৪ বছৰ পিছত তেওঁক লগ পাইছোঁ বিদেশৰ এইখন চহৰত। ফেইচবুকত মই
ডুবাই যাম বুলি গম পাই অৰ্ণৱ দাই দঢ়াই দঢ়াই লগ পোৱাৰ কথা কৈছিল। সেয়েহে ডুবাই গৈ
পোৱাৰ পিছদিনাই ৰাতিপুৱা তেওঁলৈ ফোন কৰিছিলোঁ। সেইদিনা আছিল শুক্ৰবাৰ। ডুবাইৰ
সাপ্তাহিক বন্ধৰ দিন। অৰ্ণৱ দাই ক’লে, “তোমালোক হোটেলত ওলাই থাকিবা। মই তোমালোকক
মিৰাকল গাৰ্ডেনলৈ লৈ যাম”।
আমি
ব্ৰেকফাষ্ট কৰি হোটেলৰ লবীত কিছু সময় অপেক্ষা কৰাৰ পিছত অৰ্ণৱ দা আহি পালে। তেওঁৰ
ক’লা ৰঙৰ প্ৰাডো গাড়ীখনত বহি আমি মিৰাকল গাৰ্ডেন অভিমূখে ৰাওনা হ’লোঁ। বাটত পোৱা
ঠাইবোৰৰ বিষয়ে অৰ্ণৱ দাই কৈ গ’ল। সৌৱা চোৱা, বিশ্বৰ আটাইতকৈ ওখ বুৰ্জ খলিফা, এইপিনে গ’লে বিশ্বৰ
আটাইতকৈ চহকী হোটেল আল আৰৱ পোৱা যায়, সৌপিনে আছে বিশ্বৰ আটাইতকৈ সম্ভ্ৰান্ত মানুহে
বাস কৰা পাম আইলেণ্ড। আমি আচৰিত হৈ শুনি থাকিলোঁ, ডুবাইৰ সকলো নিৰ্মাণ কাৰ্য যেন
বিশ্ব অভিলেখ স্থাপনৰ বাবেই কৰা হৈছে। ওখ ওখ বিল্ডিং বোৰৰ ডিজাইনো বেলেগ বেলেগ।
কোনোবাটো ধেনুভিৰীয়া, কোনোবাটো লাটুমটোৰ দৰে, কোনোবাটো আকৌ ঢৌখেলীয়া।
প্ৰায়
এঘণ্টা গাড়ীৰে গৈ চহৰৰ উপকণ্ঠত ডুবাইলেণ্ড নামৰ ঠাইখনত থকা মিৰাকল গাৰ্ডেন
পালোঁ। ভিতৰ সোমাই আমি বিচূৰ্তি খালোঁ।
সকলো পিনে কেৱল ফুল আৰু ফুল। বিভিন্ন ডিজাইনত, বিভিন্ন আকাৰৰ ফ্ৰেমত ফুলবোৰ সজোৱা
হৈছে। মৰুভূমিৰ মাজত যেন মানুহে কল্পনা কৰিবও নোৱৰা এখন ফুলৰ চহৰ। সেইবাবেই হয়তো এইখনৰ
নাম মিৰাকল গাৰ্ডেন। বাগিচাৰ ভিতৰত আছে ফুলেৰে সজোৱা ঘৰ গাড়ী জীৱ জন্তুৰ অবয়ব,
ফুলৰ চলি থকা বৃহৎ আকাৰৰ ঘড়ী, নানাৰঙী ফুলৰ দলিচা আদি। এইখন গাৰ্ডেনৰ ভিতৰৰ সৰগীয় দৃশ্য মাথোন উপভোগহে
কৰিব পাৰি, বৰ্ণনা কৰাটো সম্ভৱ নহয়। প্ৰায় ৭২০০০ বৰ্গমিটাৰ জোৰা এইখন বিশ্বৰ
বৃহত্তম প্ৰাকৃতিক ফুলৰ বাগিচা। এই বাগিচা খনত প্ৰায় ৫ কোটি ফুল আছে বুলি জানিব
পাৰিলোঁ।
মৰুভূমিৰ
মাজত আন দেশৰ পৰা অনা সাৰুৱা মাটিৰে এই বাগিচাখন নিৰ্মাণ কৰা হৈছে। বাগিচাখন
অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈহে দৰ্শনাৰ্থীৰ বাবে খোলা থাকে, বাকী মাহ কেইটাত ডুবাইৰ
প্ৰচণ্ড গৰমৰ বাবে ফুলবোৰ মৰহি যায়। বাগিচাখনৰ ফুলবোৰত পানী দিবলৈ দৈনিক প্ৰায়
চাৰে সাত লাখ লিটাৰ পানীৰ প্ৰয়োজন হয়। মৰুভূমিত পানীৰ নাটনিৰ বাবে ড্ৰিপ পদ্ধতিৰে
ফুলত দিয়া পানী সংগ্ৰহ কৰি সেই পানীকে পুনৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।
ডুবাই
মিৰাকল গাৰ্ডেনৰ গাতে লাগি আছে বিশ্বৰ সৰ্ব বৃহৎ পখিলাৰ উদ্যান। এই উদ্যান খনত ২৬
টা প্ৰজাতিৰ মুঠ ১৫ হাজাৰ মান পখিলা সংৰক্ষণ কৰা হৈছে।
মিৰাকল
গাৰ্ডেনৰ চালে চকু ৰোৱা ফুলৰ মাজে মাজে খোজকাঢ়ি কিছুসময় কটোৱাৰ পিছত আমি ওলাই
আহিলোঁ। অৰ্ণৱ দাই হাঁহি মাৰি সুধিলে, “মিৰাকল গাৰ্ডেনে তোমালোকক আচৰিত কৰিব
পাৰিলেনে”?
মিৰাকল
গাৰ্ডেনে ইমানেই আভিভূত কৰিছিলযে মই উত্তৰ দিবলৈ ভাষা বিচাৰি পোৱা নাছিলোঁ। মই
মাথোন ক’লোঁ, “স্বৰ্গৰ দৰ্শন কৰি অহা যেন লাগিছে”।
ঘূৰি আহোঁতে
বাটত অৰ্ণৱ দাই কৈছিল, “অসমতচোন বহুত বৰষুণ হয়, তাতো এখন ধুনীয়া বাগিচা গঢ়িব পৰা
যায়। মৰুভূমিত পানী নোহোৱা ঠাইত যদি পাৰিছে, পানীৰে উভৈনদী অসমত কিয় নোৱাৰিব”।
মই
হাঁহিলোঁ। এনে এখন মিৰাকল গাৰ্ডেনৰ কথা ভাবিবলৈকো অসমত আমি হয়তো আৰু বহুদিন বাট চাব
লাগিব।
No comments:
Post a Comment