Friday, January 29, 2016

ফ্ৰাচোঁৱা অ'লাণ্ডে


২০১২ চনৰ মে’ মাহৰ কোনোবা এটা দিন।  ফ্ৰান্সৰ দক্ষিণ পূবৰ সমুদ্ৰ তীৰত থকা চহৰ নিচত (Nice) সপৰিয়ালে দুদিনৰ বাবে আছিলোঁ। নিচৰ সাগৰৰ পাৰ শিলাময়, বালিৰ সলনি কেৱল সৰু ডাঙৰ শিল। সাগৰৰ পাৰত কেইবাখনো ৰিজৰ্ট গঢ়ি উঠিছে। সাগৰৰ পাৰৰ ধুনীয়া ৰেষ্টোৰাবোৰ আমোদপ্ৰিয় ফৰাচী লোক সকলৰ বিনোদৰ স্থান।

নিচত আমি থকা হোটেলখন সাগৰৰ ওচৰতে। হোটেলৰ সন্মুখত এডোখৰ মুকলি ঠাই। আবেলিৰ পৰা বিভিন্ন নাচ গানৰ অনুস্থান সেই ঠাইত চলি থাকে। সৰু ল’ৰা ছোৱালীয়ে খেলিব পৰা ব্যৱস্থাও আছে। সন্ধিয়া সেই ঠাইত বহুতো মানুহৰ সমাগম হয়। সেই সময়ত ঠাইখনত এক উত্সৱমুখৰ পৰিৱেশে বিৰাজ কৰে।

উত্সৱমুখৰ পৰিৱেশ হ’লেও ক’তো হাই উৰুমি নাই। কোনো বিকৎ চিঞৰ বাখৰ নাই। সকলোৱে ভদ্ৰ ভাৱে অনুস্থান উপভোগ কৰিছে। অনুস্থান উপভোগ নকৰা সকলে নিজৰ মতেই ঘূৰি ফুৰিছে, ফটো তুলিছে। সকলো মানুহ যেন অতি শান্ত, নিৰ্জু প্ৰাণী।

সাগৰৰ পৰা অকণমান আঁতৰত এখন পাহাৰীয়া ঠাই আছে। ঠাইখনৰ নামটো অদ্ভূত, আমাৰ মুখত নুফুটে।  পাহাৰৰ ওপৰলৈ যাবলৈ ৰাষ্টাত চলা ট্ৰেইনৰ ব্যৱস্থা আছে। আমি সেইখনত উঠি পাহাৰৰ ওপৰ পালোগৈ। তাৰ পৰা নিচ চহৰখন বৰ ধুনীয়া লাগে।
দ্বিতীয় দিনা ঘূৰি পকি সন্ধিয়া আহি হোটেল সোমোৱাৰ অলপ পিছতে শুনিলোঁ ৰাষ্টাত বিৰাট হুলস্থূল। শান্তিত থকা ঠাইখন হঠাতে যেন মুখৰিত হৈ পৰিল।

হোটেলৰ সমূখেৰে উচ্চ শব্দত হৰ্ণ বজাই বাইকৰ ৰেলী এটা গৈ আছে। বাইক আৰোহী যুৱক যুৱতী সকল আনন্দত উত্ৰাৱল হৈ আছে। বহুতৰে হাতে হাতে ফ্ৰান্সৰ পতাকা। কিছুমানে মুখা পিন্ধিছে। কিছুমানে গাই মুখে ৰং সানি লৈছে। তেওঁলোকৰ মুখত বিকৎ চিঞৰ বাখৰ। ফৰাচী ভাষা নুবুজো যদিও হয়তো তেওঁলোকে আমাৰ 'ইনক্লাৱ জিন্দাবাদ' জাতীয় কিবা কৈছে, তেনে লাগিল।

সাধাৰণতে শিষ্টতা বজাই ৰখা মানুহবোৰে এইদৰে আনন্দত মতলীয়া হোৱা দেখি আমি আচৰিত হ’লোঁ। সোধা সুধি কৰি গম পালোঁ যে ফ্ৰান্সৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে তেওঁৰ সমৰ্থক সকলে এইদৰে বাইকৰ সমদল উলিয়াইছে। সোনকালেই গম পাইছিলোঁ ফ্ৰাচোঁৱা অ’লাণ্ডে নিকোলাছ ছাৰকোজিৰ ঠাইত ফ্ৰান্সৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। বাইক আৰোহী সকলে প্ৰায় প্ৰতিখনতে আঁৰি লৈছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ প্ৰতিচ্ছবি।

শান্ত, নিৰ্জু মানুহো ৰাজনীতিৰ পৰশত হৈ পৰে উন্মাদ। এয়া কেৱল আমাৰ দেশৰ কথা নহয়।

Friday, January 22, 2016

পাকিস্তান জিন্দাবাদ



২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সময়। মাৰ্চ মাহ।

কাশ্মীৰৰ শ্ৰীনগৰ চহৰ। কেইদিন মানৰ কাৰণে ডাল লেকৰ ওপৰত থকা হাউচ বোটত আছিলোঁ পৰিয়ালৰ লগত। কাশ্মীৰলৈ ফুৰিবলৈ ওলাওঁতে বহুতে ভাবি চাবলৈ কৈছিল। কাশ্মীৰত কেতিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ হয়, কেতিয়া সেনাৰ অভিযান হয়, কেতিয়া হঠাতে সকলো বন্ধ হৈ যায়, একো ঠিক নাই। শ্ৰীনগৰৰ বিমানকোঠত দেখিছিলোঁ কেইবা তৰপৰ নিৰাপত্তা ব্যৱস্থা।

কিন্তু ডাল লেকৰ বুকুত বৰ আৰামেৰে আছিলোঁ। অতি আৰামৰ হাউচ বোটখনৰ মালিক গুলাম ভায়ে আমাৰ ফুৰা, খোৱা আদি সকলোৰে সুব্যৱস্থা কৰিছিল। গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি পেহেলগাম, গুলমাৰ্গ, সোনমাৰ্গ আদি ঘূৰি ফুৰি কাশ্মীৰৰ অনাবিল সৌন্দৰ্য্য উপভোগ কৰিছিলোঁ। 

গুলাম ভাইৰ আত্মীয় বিলাল ভাই নামৰ অমায়িক, ভদ্ৰ যুৱক জনে আমাৰ খোৱাৰ যোগান ধৰিছিল। তেওঁ ঘৰৰ মানুহৰ দৰে আমাক আপোন কৰি লৈছিল। কোনো পৰিস্থিতিতে আমি অসুৰক্ষিত বুলি ভাবিব পৰা নাছিলোঁ। গুলাম ভায়ে অভয় দিছিল কিবা গণ্ডগোল হ’লেও তেওঁ আমাৰ একো লোকচান হ’বলৈ নিদিয়ে। প্ৰয়োজন হ’লে তেওঁ নিজেই আমাক নি এয়াৰ পোৰ্টত থৈ আহিব।

কাশ্মীৰত থকা কেইদিনতে অনুভৱ কৰিছিলোঁ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতি থকা সাধাৰণ কাশ্মীৰি সকলৰ আন্তৰিকতা। হয়তো ধাৰ্মিক আৰু সাংস্কৃতিক একাত্মীয়তাও ইয়াৰ এটা কাৰণ আছিল।

আমি থকা কোনোবা এদিন আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেল। মোৰ ল’ৰা নিয়ৰে ক্ৰিকেট খুব ভাল পায়। সেইদিনা হাউচ বোটতে টেলিভিচনত খেলখনৰ প্ৰতিটো শ্বট, প্ৰতিটো উইকেট সি সাংঘাটিক ভাৱে উপভোগ কৰিছে। খেলখন সমানেই উপভোগ কৰি আছিল হাউচ বোট খনৰ কৰ্মচাৰী বিলাল ভাই আৰু খলিল ভাই। তেওঁলোকেও ভাৰতৰ সমৰ্থনতে হাত তালি বজাইছে। মাজে মাজে চিঞৰিছে, “হিন্দুস্তান জিতেগা”। দুদিনমান আগতে পাকিস্তানে ৱেষ্ট ইণ্ডিজক হৰুৱাওঁতে তেওঁলোকে উল্লাসত মত্ত হোৱা দেখিছিলোঁ। ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে তেওঁলোকে সমানে সমৰ্থন কৰা দেখি মনটো ভাল লাগিছিল।

ভাৰত সেইখন খেলত জিকিছিল। সেই কাৰণে বিলাল ভাই খুব সুখী হৈছিল। ভাৰতৰ জয়ত তেওঁ আনন্দিত হোৱা বাবে মনত ৰং লাগিছিল।
"বিলাল ভাই, সেইদিনা তোমালোকে পাকিস্তান জিকোঁতে ফূৰ্তি কৰিছিলা। আজি আকৌ ভাৰত জিকোঁতেও ফূৰ্তি কৰা দেখি ভাল পাইছোঁ"।
"আজি তো ভাৰত জিকাটোকে আমি বিচাৰিছিলোঁ। সেইকাৰণে ফূৰ্তি কৰিছোঁ"। বিলালে উল্লসেৰে ক'লে।
"কিন্তু আজি ভাৰত জিকাটো কিয় বিচাৰিছা"? সুধিব নলগা প্ৰশ্ন এটা সুধিলোঁ যেন লাগিল।
বিলাল ভাই অলপ ৰ'ল। "জানেনে আজি আমি কিয় ফূৰ্তি কৰিছোঁ? কাৰণ আজি জিকাৰ কাৰণে ভাৰতে পাকিস্তানৰ লগত ছেমিফাইনেল খেলিব। সেইখন খেলত পাকিস্তানে ভাৰতক যাতে বেয়াকৈ হৰুৱাব পাৰে তাৰ কাৰণে দোৱা মাগিছোঁ"।
আচৰিত হৈছিলোঁ কথাবোৰ শুনি। "পাকিস্তান জিকিলে কি কৰিবা"?
"পাকিস্তান জিকিলে শ্ৰীনগৰত এক কোটি টকাৰ ফটকা ফুটিব, দেৱালী হ'ব চাহাব। সকলোপিনে মানুহে আনন্দত মতলীয়া হ'ব"।
"আৰু যদি ভাৰত জিকে"?
"তেনেকুৱা নহওক। তেনেকুৱা হ'লে সেইদিনা শ্ৰীনগৰৰ আধা মানুহে দুখতে একো নোখোৱাকৈ শুই থাকিব। ময়ো লঘোণে থাকিম"।
বিলাল ভায়ে মুখখন অন্য পিনে ঘূৰাইছিল। মোৰ মনটো গধুৰ হৈছিল।
"তোমালোকে ভাৰতক কিয় ইমান বেয়া পোৱা"? সোধো নোসোধোকৈ ক'লোঁ।
বিলাল ভায়ে তাৰ পাইজামাটো ডাঙি বাওঁ ভৰিখন দেখুৱাইছিল। "এয়া চাওক চাহাব, মোৰ ভৰিত গুলি লাগিছিল। এতিয়াও ভিতৰত টুকুৰা থাকি গৈছে। ভাৰতীয় সেনাৰ গুলী। মোক আপোনাৰ সন্ত্ৰাসবাদী যেন লাগিছে নেকি"?
মই কঁপি গৈছিলোঁ। মোৰ সন্মুখত থিয় হৈ থকা বিলাল ভাইৰ হাঁহিথকা মুখখন কঠোৰ হৈ পৰিছিল।
"বিলাল, ভাৰতৰ মানুহে পিছে কাশ্মীৰিসকলক ভাল পায়। তোমালোকক আমি ভাৰতীয় হৈ থকাটোৱে বিচাৰোঁ"। পৰিৱেশটো সহজ কৰিবলৈ ক'লোঁ।
"আমি কেতিয়াও ভাৰতীয় নাছিলোঁ আৰু কেতিয়াও ভাৰতীয় নহওঁ। আমি পাকিস্তানীও নহওঁ। আমাক আজাদ কাশ্মীৰ লাগে। আজাদ কাশ্মীৰৰ কাৰণে আমি প্ৰাণ দিবলৈকো সাজু", বিলালৰ চকু দুটা তিৰবিৰাই উঠিল।
"মই তোমাৰ মনোভাৱ বুজিছোঁ। কিন্তু ভাৰতৰ মানুহৰ লগততো তোমালোকৰ কোনো শত্ৰুতা নাই"।
"নাই চাহাব। আপোনালোক আমাৰ মেহমান। আপোনালোকৰ লগত কিয় শত্ৰুতা থাকিব? আপোনালোক অহা কাৰণে আমি দুপইছা উপাৰ্জন কৰিছোঁ। যিদৰে আপোনালোকে আন দেশলৈ ফুৰিবলৈ যায়, সেইদৰে কাশ্মীৰলৈ আহিছে বুলি ভাবক। কিন্তু আমাক ভাৰতীয় কৰিবলৈ চেষ্টা নকৰিব"। বিলাল ভায়ে গহীনাই ক'লে।
"পিছে ছেমি ফাইনেলত কি বুলি চিঞৰিবা"? পৰিৱেশটো সলনি কৰিবলৈ ধেমালি কৰি ক'লোঁ।
“জিতেগা ভাই জিতেগা, পাকিস্তান জিতেগা”। বিলাল ভাইৰ মুখলৈ হাঁহি ঘুৰি আহিল।
অৱশ্যে সেইবাৰ ভাৰত ছেমি ফাইনেলত পাকিস্তানক হৰুৱাইছিল। ফাইনেলতো ভাৰত জিকি চেম্পিয়ন হৈছিল। ফাইনেলত বিলাল ভায়ে কাক সমৰ্থন কৰিলে সেই খবৰ পিছে নাপালোঁ।


Saturday, January 16, 2016

গেংটকৰ ডেকা




গেংটক যাবলৈ ৰাজধানী এক্সপ্ৰেছত গৈ সপৰিয়ালে শিলিগুড়ি চহৰৰ উপকণ্ঠত নিউ জলপাইগুড়ি ষ্টেচনত নামিছোঁ। গেংটকত ঠিক কৰি থোৱা হোটেল ‘চুম্বি ৰেছিডেন্সী’লৈ যাবলৈ টেক্সী বিচাৰিলোঁ। দালালে আগুৰি ধৰিলে। অতি কম পইছাত গেংটকৰ পেকেজ টুৰৰ প্ৰলোভন দিয়াত এজনতকৈ আনজন চৰা। এজনেতো বেগ দুটা ডাঙিয়েই এটা ট্ৰেভেল এজেন্সিলৈ আগবঢ়াই লৈ গ’ল। ষ্টেচনৰ ওচৰতে ট্ৰেভেল এজেন্সী গিজগিজাই আছে।

ট্ৰেভেল এজেন্সীত খবৰ কৰি গম পালোঁ তেওঁলোকে পেকেজ টুৰৰ বাবদ যিটো খৰছৰ কথা কৈছে, তাতকৈ আমি নিজাববীয়াকৈ ব্যৱস্থা কৰিলে বহুত কম খৰছতে হ’ব। কিন্তু পেকেজ টুৰ নোলোৱাকৈ গেংটক যাবলৈ টেক্সীয়ে বহুত টকা বিচাৰে। পেকেজ টুৰ নোলোৱাৰ সিদ্ধান্ত কৰি বাহিৰত টেক্সী বিচাৰিলোঁ। কিন্তু দালালে সমগ্ৰ এলেকাটো এনেদৰে কব্জা কৰি ৰাখিছে যে তেওঁলোকৰ সহায় নোলোৱাকৈ টেক্সী বিচৰাটো অসম্ভৱ প্ৰায়। প্ৰি পেইড টেক্সী কাউণ্টাৰত টেক্সী পাবলৈ নাই। তাতো দালালৰ টিঘিলঘিলনী।

ভাগ্য ভাল আছিল, গেংটকৰ পৰা যাত্ৰী নমাবলৈ অহা গাড়ী এখন পালোঁ। ড্ৰাইভাৰজন গেংটকৰ স্থানীয় মানুহ বুলি জানি ভাল পালোঁ। আনতকৈ কিছু কমত টেক্সীখনৰ বন্দোবস্ত হ’ল। দালালে নিজৰ প্ৰাপ্য আদায় কৰি আমাক যাবলৈ দিলে। এটা কথা স্পষ্ট হ'ল যে দাৰ্জিলিং আৰু ছিক্কিমৰ পৰ্যটনক লৈ দালালি কৰা চক্ৰ এটাই শিলিগুড়িত ব্যৱসায় কৰি আছে।

দুৰ্গাপূজাৰ সময়। বাটত কেইবা ঠাইতো ৰখাই চান্দা বিচাৰিলে। ড্ৰাইভাৰে বিশ ত্ৰিশ টকাৰ চান্দা দি যাবলগীয়া হ'ল।

নিউ জলপাইগুড়িৰ পৰা গেংটকলৈ এই সমগ্ৰ পথচোৱা ড্ৰাইভাৰ অৰ্জুন চেত্ৰীৰ লগত কাষৰ আসনত বহি কথা পাতি গ’লোঁ। অতি অমায়িক ব্যৱহাৰৰ অৰ্জুনক বৰ ভাল লাগিল। অৰ্জুনে আগতে অসমলৈ আহিছে। অসমত তেওঁৰ আত্মীয় মানুহো আছে।

শিলিগুড়িৰ যুৱকৰ দাদাগিৰীত অৰ্জুন আতিস্থ। "গেংটকত এইদৰে দাদাগিৰী মৰা ডেকা আপুনি নাপায়। গেংটকত সকলোৱে মেহনতৰ উপাৰ্জনৰ পৰা খায়। শিলিগুড়িত ল'ৰা বিলাকে কাম বন নকৰি এইদৰে কিবা নহয় কিবা উত্সৱ পাতি আমাৰ পৰা চান্দা উঠাই চলি থাকে"। অৰ্জুনৰ কথাত লাজ পালোঁ। এইদৰে গাড়ী ৰখাই চান্দা তোলাতো অসমত সাধাৰণ কথা।

গেংটকত থকা কেইদিন আমাক অৰ্জুনেই নিচেই কম খৰছত ফুৰালে। অৰ্জুনৰ লগতেই আমি গেংটকৰ ঠাইবোৰ চোৱাৰ উপৰিও ভাৰত চীন সীমান্তৰ নাথুলা পাছৰ ওচৰ পাইছিলোঁগৈ।

গেংটকলৈ গৈ অনুভৱ কৰিছিলোঁ কেৱল পৰ্যটন উদ্যোগে এখন পহাৰীয়া ৰাজ্যৰ চেহেৰা কেনেদৰে সলনি কৰি দিব পাৰে। ১৯৭৫ চনলৈ এখন স্বাধীন দেশ হিচাপে থকা ছিক্কিম ৰাজ্যখনে আজিৰ দিনত অকল পৰ্যটন উদ্যোগৰ বাবেই উন্নয়নৰ পথত দোপত দোপে আগবাঢ়িছে।

অৰ্জুনৰ পৰা জানিব পাৰিলোঁ, ছিক্কিমত কোনো ডেকাল’ৰা ঘৰত বহি থাকিবলগীয়া নহয়। পৰ্যটন উদ্যোগে সকলোৰে বাবে কিবা নহয় কিবা কামৰ সুবিধা উলিয়াই দিয়ে। ছিজনৰ সময়ত গেংটকত পৰ্যটকৰ সেৱাৰ বাবে মানুহৰ অভাৱ হয়।

"কিন্তু গেংটকৰ স্থানীয় ডেকা গাভৰু মদ আৰু ড্ৰাগছত আসক্ত হোৱাৰ বাবে দূৰ দুৰণিৰ মানুহে আহি গেংটকত ভীৰ কৰিছে আৰু কাম বিচাৰি লৈছে"। অৰ্জুনে দুখ মনেৰে ক'লে।

অসমক কেন্দ্ৰ কৰি আমাৰ পাহাৰীয়া ৰাজ্য কেইখনত যদি পৰ্যটন উদ্যোগে ছিক্কিমৰ দৰে আকৰ্ষণ লাভ কৰে, অসমতো হয়তো এজনো ডেকা ল’ৰা বহি থাকিবলগীয়া নহ’ব। কিন্তু তাৰ বাবে লাগিব আমাৰ ডেকা সকলৰ মানসিক প্ৰস্তুতি আৰু সেৱাৰ মনোবৃত্তি। পৰ্যটন উদ্যোগৰ বাবে অতিশয় জৰুৰী হ’ল বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰশীলতা। উত্সৱ পাতি ৰাষ্টাত গাড়ী ৰখাই চান্দা তোলাৰ মনোবৃত্তি সলনি হ'ব লাগিব।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত যদি পৰ্যটন উদ্যোগ বিকশিত হয়, অসমত যে প্ৰচুৰ কৰ্মসংস্থানৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি। অৱশ্যে গেংটকৰ স্থানীয় যুৱকৰ দৰে স্থানীয় যুৱকে মদ আৰু নিচাশক্তিৰ বাবে কৰ্ম সংস্থাপনৰ  সুৱৰ্ণ সুযোগ হেৰুৱালে বাহিৰৰ পৰা তেনে কামৰ বাবে আকৌ মানুহৰ সোঁত ববলৈ ল’ব।

Wednesday, January 13, 2016

আহমেদাবাদত গুজৰাটী গাওঁ




কেই বছৰমান আগতে আহমেদাবাদ চহৰত সপৰিয়ালে কেইদিনমানৰ বাবে আছিলোঁ। পুত্ৰ নিয়ৰে আহমেদাবাদত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত অংশ গ্ৰহণ কৰিছিল। খেল শেষ হোৱাৰ পিছত আহমেদাবাদৰ বিভিন্ন ঠাই চাবলৈ ওলাই গৈছিলোঁ। সবৰমতীৰ পাৰত গান্ধী আশ্ৰম, অক্ষৰধাম মন্দিৰ আদি চাই ফুৰিছিলোঁ।

প্ৰণীতাৰ লগত চাকৰিসূত্ৰে চিনাকী আহমেদাবাদৰ আৰতি নামৰ মহিলা এগৰাকীয়ে এদিন সন্ধিয়া ফোন কৰিলে। “আপোনালোকক আজি মই আহমেদাবাদৰ এটা বিশেষ আকৰ্ষণ দেখুৱাবলৈ লৈ যাম। সাজু হৈ থাকিব”।

আমি তেওঁ দিয়া সময়মতে সাজু হৈ থাকিলোঁ। মাৰুতি গাড়ী এখন চলাই তেওঁ আহি পালে আৰু আমাক লৈ গ’ল চহৰৰ ব্যস্ত অঞ্চলৰ পৰা আতৰত থকা এখন ঠাইলৈ। বিজুলী বাতিৰ পোহৰেৰে চমকিত হৈ নথকা এঠাইত আমি গাড়ীৰ পৰা নামিলোঁ।

“এয়া বিশালা। আহমেদাবাদৰ বিশেষ আকৰ্ষণ”,  আৰতিয়ে ক’লে। তেওঁ আগতিয়াকৈ টিকটৰ বন্দোবস্ত কৰি থৈছিল। দুৱাৰদলিত হাতত লেম লৈ গুজৰাটী পোচাক পৰিহিত দুজন ব্যক্তিয়ে আমাক সম্ভাষণ জনালে। 

সোমাই যোৱা বাটটো লুংলুঙীয়া। কম পোহৰৰ বাল্ব কেইটাই লেমৰ পোহৰৰ দৰে পোহৰ দিয়ে। এখন গাৱঁত প্ৰৱেশ কৰা যেন লাগিল। অকনমান দূৰ গৈয়েই গুজৰাটী হস্তশিল্পৰ দোকান দেখিলোঁ। দেশী বিদেশী পৰ্যটক সকলে তাত বস্তুৰ দৰদাম কৰি থকা দেখিলোঁ।

আগবাঢ়ি গৈ এঠাইত দেখিলোঁ থলুৱা লোকগীতৰ অনুস্থান পৰিৱেশন কৰা হৈছে। আলহীৰ বাবে বহিবলৈ খাটিয়া, কাঠৰ বেঞ্চ আদি সজাই থোৱা আছে। গছ গছনিৰে আৱৰি থকা ঠাইডোখৰ কোনোবা গাৱঁৰ চোতাল যেনেই লাগে। আমি বেঞ্চ এখনত বহিলোঁ। আমাক সুস্বাদু নেমু টেঙাৰ চৰবত খাবলৈ দিলে। সেয়া হেনো ‘অভ্যৰ্থনা পানীয়’ (Welcome Drink)।

গুজৰাটী লোকগীত উপভোগ কৰিলোঁ। অলপ আগলৈ গৈ মন্দিৰ এটা দেখিলোঁ। তাতো গাৱঁলীয়া পৰিৱেশ। এঠাইত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন কৰি থকা দেখি ৰৈ পুতলা নাচ উপভোগ কৰিলোঁ।

আন এঠাইত গুজৰাটৰ পৰম্পৰাগত ডাণ্ডিয়া নৃত্যৰ আয়োজন দেখিলোঁ। পৰ্যটক সকলকো ডাণ্ডিয়া নাচিবলৈ উত্সাহিত কৰা হৈছে। হাতে হাতে দি যোৱা ডাণ্ডিয়াৰ লাঠীবোৰ লৈ আমি সকলোৱে এপাক ডাণ্ডিয়া নাচিলোঁ। ল’ৰা ছোৱালী দুটিয়ে খুব উপভোগ কৰিলে।

ওচৰতে এটা বিশেষ ‘মিউজিয়াম’ আছে। এই মিউজিয়ামটো হ’ল বিশ্বৰ একমাত্ৰ বাচন বৰ্তনৰ সংগ্ৰহালয়। পৌৰাণিক যুগৰ পৰা মানুহে ব্যৱহাৰ কৰা বাচন বৰ্তন, যন্ত্ৰ আহিলা এই মিউজিয়ামত সংগ্ৰহ কৰি থোৱা হৈছে। মানুহে বিভিন্ন সময়ত ব্যৱহাৰ কৰাবাচন বৰ্তন সমূহত যে সেই সময়ৰ শিল্প কলাৰ চানেকিও সুন্দৰকৈ ফুটি উঠিছিল, সেই কথা এই মিউজিয়ামৰ সামগ্ৰী সমূহ দেখিলে অনুভৱ কৰিব পাৰি।

বিশালা প্ৰকল্পটো ১৯৭৮ চনতে আৰম্ভ কৰা হৈছিল। আহমেদাবাদ চহৰৰ উপকণ্ঠত মানুহক গতানুগতিকাৰ পৰা আঁতৰত গাৱঁলীয়া পৰিৱেশত প্ৰকৃতিৰ সান্নিধ্য দিয়াৰ উদ্দেশ্যেৰে এই প্ৰকল্প গঢ়ি তোলা হৈছিল। আজিও বিশালাত গাৱঁলীয়া পৰিৱেশত চাপৰ খোৱা মেজত পৰম্পৰাগত গুজৰাটী খাদ্য পৰিৱেশন কৰা হয়। সকলো আলহীয়ে মজিয়াত বহি একেলগে খাদ্য গ্ৰহণ কৰে। হাত ধুবলৈ বেচিন নাই, মানুহ এজনে পাত্ৰ এটাৰ পৰা ঢালি দিয়া পানীৰে হাত ধুব লাগে। পৰিৱেশন কৰা মানুহ কেইজনে পৰম্পৰাগত গুজৰাটী সাজ পোচাক পৰিধান কৰে। বিশালাত খাদ্য গ্ৰহণ কৰি থকা সময়ত গুজৰাটৰ গাওঁ এখনত বহি একলগে ভোজ খোৱাৰ অনুভৱ জাগে।

আমাৰ ভোগালী বিহুৰ লগে ভাগে ভোজ ভাত খোৱাৰ পৰম্পৰাক আধাৰ হিচাপে লৈ এখন অসমীয়া গাৱঁৰ আৰ্হিত, অসমীয়া পৰম্পৰাগত লোক গীত আৰু নৃত্যৰে মুখৰিত এটি সন্ধিয়া পৰ্যটকক উপহাৰ হিচাপে দিব পৰাকৈ গুৱাহাটীৰ আশে পাশে ‘বিশালা’ৰ দৰে এখন ৰিজৰ্টৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ।