Friday, January 22, 2016

পাকিস্তান জিন্দাবাদ



২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সময়। মাৰ্চ মাহ।

কাশ্মীৰৰ শ্ৰীনগৰ চহৰ। কেইদিন মানৰ কাৰণে ডাল লেকৰ ওপৰত থকা হাউচ বোটত আছিলোঁ পৰিয়ালৰ লগত। কাশ্মীৰলৈ ফুৰিবলৈ ওলাওঁতে বহুতে ভাবি চাবলৈ কৈছিল। কাশ্মীৰত কেতিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ হয়, কেতিয়া সেনাৰ অভিযান হয়, কেতিয়া হঠাতে সকলো বন্ধ হৈ যায়, একো ঠিক নাই। শ্ৰীনগৰৰ বিমানকোঠত দেখিছিলোঁ কেইবা তৰপৰ নিৰাপত্তা ব্যৱস্থা।

কিন্তু ডাল লেকৰ বুকুত বৰ আৰামেৰে আছিলোঁ। অতি আৰামৰ হাউচ বোটখনৰ মালিক গুলাম ভায়ে আমাৰ ফুৰা, খোৱা আদি সকলোৰে সুব্যৱস্থা কৰিছিল। গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি পেহেলগাম, গুলমাৰ্গ, সোনমাৰ্গ আদি ঘূৰি ফুৰি কাশ্মীৰৰ অনাবিল সৌন্দৰ্য্য উপভোগ কৰিছিলোঁ। 

গুলাম ভাইৰ আত্মীয় বিলাল ভাই নামৰ অমায়িক, ভদ্ৰ যুৱক জনে আমাৰ খোৱাৰ যোগান ধৰিছিল। তেওঁ ঘৰৰ মানুহৰ দৰে আমাক আপোন কৰি লৈছিল। কোনো পৰিস্থিতিতে আমি অসুৰক্ষিত বুলি ভাবিব পৰা নাছিলোঁ। গুলাম ভায়ে অভয় দিছিল কিবা গণ্ডগোল হ’লেও তেওঁ আমাৰ একো লোকচান হ’বলৈ নিদিয়ে। প্ৰয়োজন হ’লে তেওঁ নিজেই আমাক নি এয়াৰ পোৰ্টত থৈ আহিব।

কাশ্মীৰত থকা কেইদিনতে অনুভৱ কৰিছিলোঁ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতি থকা সাধাৰণ কাশ্মীৰি সকলৰ আন্তৰিকতা। হয়তো ধাৰ্মিক আৰু সাংস্কৃতিক একাত্মীয়তাও ইয়াৰ এটা কাৰণ আছিল।

আমি থকা কোনোবা এদিন আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেল। মোৰ ল’ৰা নিয়ৰে ক্ৰিকেট খুব ভাল পায়। সেইদিনা হাউচ বোটতে টেলিভিচনত খেলখনৰ প্ৰতিটো শ্বট, প্ৰতিটো উইকেট সি সাংঘাটিক ভাৱে উপভোগ কৰিছে। খেলখন সমানেই উপভোগ কৰি আছিল হাউচ বোট খনৰ কৰ্মচাৰী বিলাল ভাই আৰু খলিল ভাই। তেওঁলোকেও ভাৰতৰ সমৰ্থনতে হাত তালি বজাইছে। মাজে মাজে চিঞৰিছে, “হিন্দুস্তান জিতেগা”। দুদিনমান আগতে পাকিস্তানে ৱেষ্ট ইণ্ডিজক হৰুৱাওঁতে তেওঁলোকে উল্লাসত মত্ত হোৱা দেখিছিলোঁ। ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে তেওঁলোকে সমানে সমৰ্থন কৰা দেখি মনটো ভাল লাগিছিল।

ভাৰত সেইখন খেলত জিকিছিল। সেই কাৰণে বিলাল ভাই খুব সুখী হৈছিল। ভাৰতৰ জয়ত তেওঁ আনন্দিত হোৱা বাবে মনত ৰং লাগিছিল।
"বিলাল ভাই, সেইদিনা তোমালোকে পাকিস্তান জিকোঁতে ফূৰ্তি কৰিছিলা। আজি আকৌ ভাৰত জিকোঁতেও ফূৰ্তি কৰা দেখি ভাল পাইছোঁ"।
"আজি তো ভাৰত জিকাটোকে আমি বিচাৰিছিলোঁ। সেইকাৰণে ফূৰ্তি কৰিছোঁ"। বিলালে উল্লসেৰে ক'লে।
"কিন্তু আজি ভাৰত জিকাটো কিয় বিচাৰিছা"? সুধিব নলগা প্ৰশ্ন এটা সুধিলোঁ যেন লাগিল।
বিলাল ভাই অলপ ৰ'ল। "জানেনে আজি আমি কিয় ফূৰ্তি কৰিছোঁ? কাৰণ আজি জিকাৰ কাৰণে ভাৰতে পাকিস্তানৰ লগত ছেমিফাইনেল খেলিব। সেইখন খেলত পাকিস্তানে ভাৰতক যাতে বেয়াকৈ হৰুৱাব পাৰে তাৰ কাৰণে দোৱা মাগিছোঁ"।
আচৰিত হৈছিলোঁ কথাবোৰ শুনি। "পাকিস্তান জিকিলে কি কৰিবা"?
"পাকিস্তান জিকিলে শ্ৰীনগৰত এক কোটি টকাৰ ফটকা ফুটিব, দেৱালী হ'ব চাহাব। সকলোপিনে মানুহে আনন্দত মতলীয়া হ'ব"।
"আৰু যদি ভাৰত জিকে"?
"তেনেকুৱা নহওক। তেনেকুৱা হ'লে সেইদিনা শ্ৰীনগৰৰ আধা মানুহে দুখতে একো নোখোৱাকৈ শুই থাকিব। ময়ো লঘোণে থাকিম"।
বিলাল ভায়ে মুখখন অন্য পিনে ঘূৰাইছিল। মোৰ মনটো গধুৰ হৈছিল।
"তোমালোকে ভাৰতক কিয় ইমান বেয়া পোৱা"? সোধো নোসোধোকৈ ক'লোঁ।
বিলাল ভায়ে তাৰ পাইজামাটো ডাঙি বাওঁ ভৰিখন দেখুৱাইছিল। "এয়া চাওক চাহাব, মোৰ ভৰিত গুলি লাগিছিল। এতিয়াও ভিতৰত টুকুৰা থাকি গৈছে। ভাৰতীয় সেনাৰ গুলী। মোক আপোনাৰ সন্ত্ৰাসবাদী যেন লাগিছে নেকি"?
মই কঁপি গৈছিলোঁ। মোৰ সন্মুখত থিয় হৈ থকা বিলাল ভাইৰ হাঁহিথকা মুখখন কঠোৰ হৈ পৰিছিল।
"বিলাল, ভাৰতৰ মানুহে পিছে কাশ্মীৰিসকলক ভাল পায়। তোমালোকক আমি ভাৰতীয় হৈ থকাটোৱে বিচাৰোঁ"। পৰিৱেশটো সহজ কৰিবলৈ ক'লোঁ।
"আমি কেতিয়াও ভাৰতীয় নাছিলোঁ আৰু কেতিয়াও ভাৰতীয় নহওঁ। আমি পাকিস্তানীও নহওঁ। আমাক আজাদ কাশ্মীৰ লাগে। আজাদ কাশ্মীৰৰ কাৰণে আমি প্ৰাণ দিবলৈকো সাজু", বিলালৰ চকু দুটা তিৰবিৰাই উঠিল।
"মই তোমাৰ মনোভাৱ বুজিছোঁ। কিন্তু ভাৰতৰ মানুহৰ লগততো তোমালোকৰ কোনো শত্ৰুতা নাই"।
"নাই চাহাব। আপোনালোক আমাৰ মেহমান। আপোনালোকৰ লগত কিয় শত্ৰুতা থাকিব? আপোনালোক অহা কাৰণে আমি দুপইছা উপাৰ্জন কৰিছোঁ। যিদৰে আপোনালোকে আন দেশলৈ ফুৰিবলৈ যায়, সেইদৰে কাশ্মীৰলৈ আহিছে বুলি ভাবক। কিন্তু আমাক ভাৰতীয় কৰিবলৈ চেষ্টা নকৰিব"। বিলাল ভায়ে গহীনাই ক'লে।
"পিছে ছেমি ফাইনেলত কি বুলি চিঞৰিবা"? পৰিৱেশটো সলনি কৰিবলৈ ধেমালি কৰি ক'লোঁ।
“জিতেগা ভাই জিতেগা, পাকিস্তান জিতেগা”। বিলাল ভাইৰ মুখলৈ হাঁহি ঘুৰি আহিল।
অৱশ্যে সেইবাৰ ভাৰত ছেমি ফাইনেলত পাকিস্তানক হৰুৱাইছিল। ফাইনেলতো ভাৰত জিকি চেম্পিয়ন হৈছিল। ফাইনেলত বিলাল ভায়ে কাক সমৰ্থন কৰিলে সেই খবৰ পিছে নাপালোঁ।


No comments:

Post a Comment