Friday, April 22, 2016

Desert Safari


ডুবাইৰ‘ডেজাৰ্ট ছাফাৰী’ৰ বিষয়ে আমাৰ বিশেষ একো আইডিয়া নাছিল। কিন্তু প্ৰণীতাই কাৰোবাৰ মুখত শুনিছিল সেইবিধ অতি ভয়ংকৰ। মৰুভূমিৰ মাজেৰে বালিৰ ওপৰেদি এনে সাংঘাটিক ৰাষ্টাৰে লৈ যায় যে পেটৰ নাড়ি ভুৰু ওলাই অহা যেন লাগে বোলে। তাতে ডুবাইত লগ পোৱা প্ৰণীতাৰ সহপাঠী নয়ন আৰু তেওঁৰ পৰিবাৰ ৰাধিকায়ো ক’লেযে ‘ডেজাৰ্ট ছাফাৰী’ত এবাৰ উঠিলে মানুহে আৰু দুনাই সেইবিধলৈ নাযায়। কথাটো শুনাৰ পিছতে প্ৰণীতাই ডেজাৰ্ট ছাফাৰীত যাবলৈ সাহস কৰা নাছিল।

সেয়েহে যেতিয়া ‘ডেজাৰ্ট ছাফাৰী’ যাবলৈ সাজু হৈ থাকিবলৈ ড্ৰাইভাৰজনে ফোন কৰিলে, প্ৰথম প্ৰশ্নটো কৰিলোঁ, “আমি বাৰু ভয়ংকৰ বাটচোৱা নগ’লে হ’ব নেকি”? সিফালৰ পৰা কোমল সুৰত মানুহজনে ইংৰাজীতে ক’লে, “ভয় কৰিবলগীয়া একো নাই”। অলপ সময়ৰ পিছতে বৃহৎ আকাৰৰ টয়’টা লেণ্ড ক্ৰুজাৰ এখন আমাৰ হোটেলৰ সমমুখত আহি ৰ’ল আৰু ফোন কৰা ড্ৰাইভাৰজনে আমাক লবীত বিচাৰিলে। দেখিলোঁ, ড্ৰাইভাৰজন ক্ৰীম ৰঙৰ দীঘৰ আৰৱী হলৌ চোলা (গণ্ডুৰা) পিন্ধা ৰুক্ষ চেহেৰাৰ এজন আৰৱ। নাম তেওঁৰ হবীব। তেওঁক বুজাবলৈ যত্ন কৰিলোঁ, আমাক যেন অতি ভয়ংকৰ ৰাষ্টাৰে নিনিয়ে। তেওঁ বাৰে বাৰে একেটা কথাই কৈ থাকিল, “ড’ণ্ট ৱৰি”।

আমাৰ লগত গাড়ী খনত আৰু এটা পৰিয়াল বহিল। অলপ সময়ৰ পিছতে গাড়ী ডুবাই চহৰ অতিক্ৰম কৰি মৰুভূমিৰ পিনলৈ আগবাঢ়িল। কিছুদূৰ যোৱাৰ পিছত গাড়ীখনে মূল পথ এৰি মৰুভূমিত প্ৰৱেশ কৰিলে। তাত দেখিলোঁ কেইবাখনো গাড়ী শাৰী পাতি ৰৈ আছে। প্ৰায় আটাইকেইখন গাড়ীৰে চালক সকল স্থানীয় আৰৱ। আটায়ে তেওঁলোকৰ জাতীয় পোচাক দীঘল হলৌ চোলা পৰিধান কৰি আছে।
ডেজাৰ্ট ছাফাৰীত কেইবাখনো গাড়ী একেলগে যায়। যোৱাৰ আগতে সেই ঠাইত ৰৈ তেওঁলোকে গাড়ীৰ চকাবোৰৰ হাৱা উলিয়াই টায়াৰবোৰ কিছু চেপেটা কৰি লয়। তেনে নকৰিলে হেনো মৰুভূমিত গাড়ীবোৰ পিচলি পৰাৰ সম্ভাৱনা থাকে।

অলপ সময়ৰ পিচতে আৰম্ভ হ’ল আমাৰ ‘ডেজাৰ্ট ছাফাৰী’। বালিৰ পাহাৰবোৰ বগাই বগাই গাড়ীবোৰ আগবাঢ়ি গ’ল। কোনোবা এটা পাহাৰত উঠি ভুৰুংকৈ গাড়ীখন তললৈ নামি যায়, কোনোবা এটা পাহাৰৰ দাঁতিয়েদি এঢলীয়া হৈ গাড়ীখন আগবাঢ়ে, কোনোবাখিনিত আকৌ প্ৰচণ্ড বেগত কেঁকুৰি এটা ঘূৰে। মুঠতে শুনি অহাৰ দৰেই এক শিহঁৰণকাৰী অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ। প্ৰণীতাই বাৰে বাৰে কয়, “লাহে লাহে চলাবলৈ কোৱা”। মই পিছপিনৰ পৰা চিঞৰো, “শ্লো প্লিজ”। হবীবৰ কাণষাৰেই নাই। তেনে ভয়ংকৰ ৰাষ্টাত মাজে মাজে বাজি উঠিছে তেওঁৰ মোবাইল ফোন। ফোনত তেওঁ নিজৰ ভাষাত খুব সাধাৰণ ভাৱে কথা পাতিছে, মাজে মাজে কাৰোবাক গালি পাৰিছে। ইফালে যে আমাৰ জীৱ ওলাওঁ ওলাওঁ অৱস্থা, তালৈ তেওঁৰ কোনো ভ্ৰূক্ষেপেই নাই।

এনেদৰে গৈ গৈ এডোখৰ সমতল ঠাইত গাড়ীবোৰ ৰ’ল। মানুহবোৰ নামিল। সকলোৱে মৰুভূমিৰ মাজত ফটো তুলিলোঁ। আৰৱী পোচাক পিন্ধা ড্ৰাইভাৰবোৰৰ লগত ফটো তুলিবলৈ সকলোৱে হেতা ওপৰা লগালে। বৰ আশাৰে হবীবক সুধিলোঁ, “আগলৈ চাগে’ ভাল ৰাষ্টা পাম নহয়নে”? তেওঁ নিৰুদ্বিগ্ন ভাবত ক’লে,
“আমি এইখিনিৰ পৰা উভতিম। উভতি যাওঁতে একেটা ৰাষ্টাৰে উভতিম”।

অলপ সময়ৰ পিছত পুনৰ একা বেকা বাটেৰে গাড়ী চলিবলৈ ধৰিলে। মাজতে এখন গাড়ী বালিত পিচলি পৰো পৰো হৈ কোনোমতে বাচিল। আনবোৰ গাড়ীৰ ড্ৰাইভাৰে নামি আহি সেইখন গাড়ী উদ্ধাৰ কৰিলে। বহু কেইখন গাড়ী একেলগে যোৱাৰ কাৰণটো তেতিয়াহে বুজিলোঁ।

পুনৰ সেই ভয়ংকৰ পথেৰে যাত্ৰা কৰি গাড়ীখন শেষত এটা ডেজাৰ্ট কেম্পৰ ওচৰত ৰ’ল। সেই কেম্পটোত আমাৰ বাবে সন্ধিয়াৰ আমোদ প্ৰমোদ আৰু ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিল। উটৰ পিঠিত উঠিলোঁ,
পোহনীয়া চিলনীক হাতত লৈ ফটো উঠিলোঁ। আমাৰ বাবেচাহ, ঠাণ্ডা পানীয় আৰু জলপানৰো ব্যৱস্থা আছিল। অলপ সময়ৰ ভিতৰতে কেইবাখঅনো গাড়ীৰে বহুসংখ্যক পৰ্যটক আহি কেম্পটো ভৰি পৰিছিল। আমাৰ গাড়ীচালক হবীবে আলহী অতিথি সকলৰ চোৱা চিতা কৰাত ব্যস্ত হৈ পৰিছিল।

নিশালৈ কেম্পৰ সোঁমাজত থকা অস্থায়ী মঞ্চখনত আৰম্ভ হৈছিল সাংস্কৃতিক অনুস্থান। এজন পুৰুষে বৰ আকৰ্ষণীয়কৈ ইজিপ্তৰ চুফি সকলৰ পৰম্পৰাগত টনুৰা নাচ প্ৰদৰ্শন কৰিছিল। জুইৰে সৈতে আন এজনে নৃত্য কৰিছিল। তাৰ পিছতে আৰম্ভ হৈছিল এগৰাকী সুন্দৰী নৰ্তকীৰ দ্বাৰা আৰৱৰ বিখ্যাত বেলি ডান্স। নৃত্যৰতা যুৱতী গৰাকীয়ে উদ্যাম নৃত্যৰ তালে তালে আমি চাই থকা মানুহবোৰকো নচুৱালে।

কেবাব, বিৰিয়ানী, বাৰবেকিউ কৰা মঙহেৰে জুতি লগা ৰাতিৰ সাজ আমি সকলোৱে খালোঁ। ঘূৰণীয়া মঞ্চৰ চাৰিওফালে সজাই ৰখা চাপৰ মেজবোৰত খাদ্য লৈ কাৰ্পেটত বহি খোৱাৰ অনন্য অভিজ্ঞতা হ’ল।

খোৱা হোৱাৰ পিছত আমি আমাৰ গাড়ীখন বিচাৰি নাপাই চিন্তিত হ’লোঁ। আনবোৰ পৰ্যটক অনা গাড়ীবোৰ এখন এখনকৈ গ’লগৈ। আমি চিন্তিত হ’লোঁ। কিন্তু কেম্পৰ মানুহবোৰে আমাক আহি ক’লেহি, হবীব ভাই
এতিয়াই পাবহি, চিন্তা নকৰিব।

সঁচাকৈয়ে অলপ পাছতে হবীব ভাই আহি পালেহি। তেওঁ ক’লে, এটা জৰুৰী কামত তেওঁ হঠাতে যাবলগীয়া হ’ল। তেওঁ কেম্পত কাম কৰা মানুহবোৰৰ লগত কিছু সময় কথা বতৰা পাতিলে। আমি ভাবিলোঁ, আমি আটাইতকৈ বেয়া ড্ৰাইভাৰজন পালোঁ। নিজৰ কামতকৈ তেওঁ নলগা জেঙত লাগিহে ভাল পায়।

হবীব ভাইক ক’লোঁ, “আন সকলো গাড়ী গ’ল, আপোনাৰ কাৰণে আমাৰ দেৰী হৈছে। বাকী ড্ৰাইভাৰবোৰ নিজৰ দায়িত্ব বুজি পৰ্যটকক লৈ যোৱাৰ পিছতো আপুনি এইবোৰ কিয় অযথা কামত লাগি আছে”।

“বেয়া নাপাব ছাৰ। এয়াও মোৰ দায়িত্ব। এই কেম্পটোৰ ময়েই মালিক”। হবীবে ক’লে।

“ইমান ডাঙৰ কেম্প এটাৰ মালিক হয়ো আম্পুনি গাড়ী চলায়”? আমি আচৰিত হ’লোঁ।

“কেম্পটোৰ মালিক হ’লো বুলি মই হাত সাৱটি বহি থাকিম নেকি? গাড়ী চলোৱাটোৱেই মোৰ পেছা। এই কামটো কৰি কৰিয়েই কেম্পটো গঢ়ি তুলিছোঁ। সেই কাৰণে মই মোৰ কাম আজিও কৰি আছোঁ”। হবীব ভাইৰ কথাত আমি তধালাগি চাই থাকিলোঁ!!

Thursday, April 14, 2016

মিৰাকল গাৰ্ডেন




ডুবাইৰ মসৃণ ৰাষ্টাত অৰ্ণৱ দাই একান্ত মনে গাড়ী চলাই গৈ আছিল। আমি বিমুগ্ধ নয়নেৰে দুয়োকাষৰ ঘৰ, অট্টালিকা, দোকান, গাড়ীবোৰ চাই গৈছিলোঁ। আমাক সকলোতকৈ আচৰিত কৰিছিল মৰুৰ মাজৰ সেইখন দেশৰ ফুলৰ প্ৰাচুৰ্যই। যিপিনে চকু ফুৰাওঁ সেইপিনেই ফুল। বাটৰ কাষে কাষে ফুলি আছে শাৰী শাৰী পিট’নিয়া।

“ইয়াত ইমান ফুল কেনেকৈ ফুলে অৰ্ণৱ দা”।

অৰ্ণৱ দাই হাঁহি মাৰি ক’লে, “ইয়াত সকলো কৃত্ৰিম উপায়েৰে কৰা হয়। ইয়াৰ মাটি ফুলৰ বাবে উপযোগী নহয়। বেলেগ দেশৰ পৰা সাৰুৱা মাটি আনি ফুল ৰোৱা হয়। ফুলৰ খুব যত্ন লোৱা হয়। উন্নত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়। ফুলত নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে স্বয়ংক্ৰিয়ভাৱে পানী দিয়াৰ ব্যৱস্থা আছে”।

অৰ্ণৱ দা আমাৰ কলেজৰ ছিনিয়ৰ ২৪ বছৰ পিছত তেওঁক লগ পাইছোঁ বিদেশৰ এইখন চহৰত। ফেইচবুকত মই ডুবাই যাম বুলি গম পাই অৰ্ণৱ দাই দঢ়াই দঢ়াই লগ পোৱাৰ কথা কৈছিল। সেয়েহে ডুবাই গৈ পোৱাৰ পিছদিনাই ৰাতিপুৱা তেওঁলৈ ফোন কৰিছিলোঁ। সেইদিনা আছিল শুক্ৰবাৰ। ডুবাইৰ সাপ্তাহিক বন্ধৰ দিন। অৰ্ণৱ দাই ক’লে, “তোমালোক হোটেলত ওলাই থাকিবা। মই তোমালোকক মিৰাকল গাৰ্ডেনলৈ লৈ যাম”।

আমি ব্ৰেকফাষ্ট কৰি হোটেলৰ লবীত কিছু সময় অপেক্ষা কৰাৰ পিছত অৰ্ণৱ দা আহি পালে। তেওঁৰ ক’লা ৰঙৰ প্ৰাডো গাড়ীখনত বহি আমি মিৰাকল গাৰ্ডেন অভিমূখে ৰাওনা হ’লোঁ। বাটত পোৱা ঠাইবোৰৰ বিষয়ে অৰ্ণৱ দাই কৈ গ’লসৌৱা চোৱা, বিশ্বৰ আটাইতকৈ ওখ বুৰ্জ খলিফা, এইপিনে গ’লে বিশ্বৰ আটাইতকৈ চহকী হোটেল আল আৰৱ পোৱা যায়, সৌপিনে আছে বিশ্বৰ আটাইতকৈ সম্ভ্ৰান্ত মানুহে বাস কৰা পাম আইলেণ্ড। আমি আচৰিত হৈ শুনি থাকিলোঁ, ডুবাইৰ সকলো নিৰ্মাণ কাৰ্য যেন বিশ্ব অভিলেখ স্থাপনৰ বাবেই কৰা হৈছে। ওখ ওখ বিল্ডিং বোৰৰ ডিজাইনো বেলেগ বেলেগ। কোনোবাটো ধেনুভিৰীয়া, কোনোবাটো লাটুমটোৰ দৰে, কোনোবাটো আকৌ ঢৌখেলীয়া।

প্ৰায় এঘণ্টা গাড়ীৰে গৈ চহৰৰ উপকণ্ঠত ডুবাইলেণ্ড নামৰ ঠাইখনত থকা মিৰাকল গাৰ্ডেন পালোঁ।  ভিতৰ সোমাই আমি বিচূৰ্তি খালোঁ। সকলো পিনে কেৱল ফুল আৰু ফুল। বিভিন্ন ডিজাইনত, বিভিন্ন আকাৰৰ ফ্ৰেমত ফুলবোৰ সজোৱা হৈছে। মৰুভূমিৰ মাজত যেন মানুহে কল্পনা কৰিবও নোৱৰা এখন ফুলৰ চহৰ। সেইবাবেই হয়তো এইখনৰ নাম মিৰাকল গাৰ্ডেন। বাগিচাৰ ভিতৰত আছে ফুলেৰে সজোৱা ঘৰ গাড়ী জীৱ জন্তুৰ অবয়ব, ফুলৰ চলি থকা বৃহৎ আকাৰৰ ঘড়ী, নানাৰঙী ফুলৰ দলিচা আদি।  এইখন গাৰ্ডেনৰ ভিতৰৰ সৰগীয় দৃশ্য মাথোন উপভোগহে কৰিব পাৰি, বৰ্ণনা কৰাটো সম্ভৱ নহয়। প্ৰায় ৭২০০০ বৰ্গমিটাৰ জোৰা এইখন বিশ্বৰ বৃহত্তম প্ৰাকৃতিক ফুলৰ বাগিচা। এই বাগিচা খনত প্ৰায় ৫ কোটি ফুল আছে বুলি জানিব পাৰিলোঁ।

মৰুভূমিৰ মাজত আন দেশৰ পৰা অনা সাৰুৱা মাটিৰে এই বাগিচাখন নিৰ্মাণ কৰা হৈছে। বাগিচাখন অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈহে দৰ্শনাৰ্থীৰ বাবে খোলা থাকে, বাকী মাহ কেইটাত ডুবাইৰ প্ৰচণ্ড গৰমৰ বাবে ফুলবোৰ মৰহি যায়। বাগিচাখনৰ ফুলবোৰত পানী দিবলৈ দৈনিক প্ৰায় চাৰে সাত লাখ লিটাৰ পানীৰ প্ৰয়োজন হয়। মৰুভূমিত পানীৰ নাটনিৰ বাবে ড্ৰিপ পদ্ধতিৰে ফুলত দিয়া পানী সংগ্ৰহ কৰি সেই পানীকে পুনৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ডুবাই মিৰাকল গাৰ্ডেনৰ গাতে লাগি আছে বিশ্বৰ সৰ্ব বৃহৎ পখিলাৰ উদ্যান। এই উদ্যান খনত ২৬ টা প্ৰজাতিৰ মুঠ ১৫ হাজাৰ মান পখিলা সংৰক্ষণ কৰা হৈছে।

মিৰাকল গাৰ্ডেনৰ চালে চকু ৰোৱা ফুলৰ মাজে মাজে খোজকাঢ়ি কিছুসময় কটোৱাৰ পিছত আমি ওলাই আহিলোঁ। অৰ্ণৱ দাই হাঁহি মাৰি সুধিলে, “মিৰাকল গাৰ্ডেনে তোমালোকক আচৰিত কৰিব পাৰিলেনে”?

মিৰাকল গাৰ্ডেনে ইমানেই আভিভূত কৰিছিলযে মই উত্তৰ দিবলৈ ভাষা বিচাৰি পোৱা নাছিলোঁ। মই মাথোন ক’লোঁ, “স্বৰ্গৰ দৰ্শন কৰি অহা যেন লাগিছে”।

ঘূৰি আহোঁতে বাটত অৰ্ণৱ দাই কৈছিল, “অসমতচোন বহুত বৰষুণ হয়, তাতো এখন ধুনীয়া বাগিচা গঢ়িব পৰা যায়। মৰুভূমিত পানী নোহোৱা ঠাইত যদি পাৰিছে, পানীৰে উভৈনদী অসমত কিয় নোৱাৰিব”।

মই হাঁহিলোঁ। এনে এখন মিৰাকল গাৰ্ডেনৰ কথা ভাবিবলৈকো অসমত আমি হয়তো আৰু বহুদিন বাট চাব লাগিব।


Tuesday, April 5, 2016

পোলিছ লান্স


পোলেণ্ডৰ পোজনান চহৰ। পোলেণ্ডৰ ব্যৱসায়, বাণিজ্য, শিক্ষা, উদ্যোগ আদিৰ দৃষ্টিৰে এখন অতি গুৰুত্বপূৰ্ণ চহৰ। ২০১২ চনৰ এপ্ৰিল মাহত পোজনানত দুদিন কটোৱাৰ সুবিধা হৈছিল। MDI ৰ মেনেজমেণ্ট কোৰ্চটোৰ অংশ হিচাপে পোজনান বিশ্ববিদ্যালয়ৰ অধীনত কেইটামান ক্লাছ কৰিবলগীয়া হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় বিদ্ধস্ত হৈ যোৱা পোলেণ্ড বৰ্তমান ইউৰোপৰ এখন প্ৰধান দেশ। উত্তৰ ইউৰোপত অৱস্থিত হোৱা কাৰণে ইয়াৰ জলবায়ু ঠাণ্ডা। চহৰখনত কেইবাটাও সুদৃশ্য গীৰ্জাঘৰ আছে। চহৰখনত খোজকাঢ়ি বা চাইকেল চলাই ফুৰিবলৈ সুবিধা আছে। সকলোৱে ট্ৰেফিক নিয়ম মানি চলে। কোনো বাহন নাথাকিলেও ৰাষ্টা পাৰ হ’বলৈ সেউজীয়া লাইট জ্বলালৈ মানুহে বাটৰ কাষত ৰৈ থাকে। পোলেণ্ডৰ ভাষা পোলিশ আৰু মুদ্ৰা জ্লটি। ইউৰোপৰ মধ্য ভাগৰ পৰা পোলেণ্ড যেন কিছু সুকীয়া।

পেৰিচৰ পৰা আহিছিল মাডাম জোছিয়ান। তেখেত এগৰাকী ফৰাচী মহিলা। তেখেত ESCP Europe ৰ প্ৰতিনিধি হিচাপে আমাৰ যাত্ৰা আৰু ক্লাছবোৰৰ তদাৰক কৰিছিল। তেওঁ বেলেগ এখন হোটেলত আছিল। জোছিয়ান যথেষ্ট কৰ্মোদ্যমী আৰু ৰঙিয়াল মহিলা। মোৰ নামটো তেওঁ ‘দিই ফাংখৰ’ বুলি উচ্চাৰন কৰিছিল। আমি যিকোনো কথা সুধিবলৈ আৰু যিকোনো অসুবিধাৰ কথা জনাবলৈ জোছিয়ানৰ ওচৰ পাইছিলোঁ।

ক্লাছলৈ যোৱাৰ পথত মই জোছিয়ানক পোলেণ্ডৰ বিষয়ে বহুত কথা সুধিলোঁ। মই আগ্ৰহ পোৱা দেখি জোছিয়ানে ভাল পালে। এইখন দেশ ইউৰোপৰ আন দেশ বোৰতলৈ কিছু পৃথক যেন ভাৱ হৈছিল। কথাই কথাই জোছিয়ানক পোলিশ খাদ্যৰ বিষয়ে সুধিলোঁ। জোছিয়ানে ক’লে, ‘তোমাৰ যদি আপত্তি নাই, আজি মই তোমাক এটা পোলিশ লান্স খুৱাম’।

সেইদিনা দুপৰীয়া জোছিয়ানৰ লগত খোজকাঢ়ি তেওঁ থকা হোটেল খনৰ অভিমূখে গ’লোঁ। হোটেলৰ ৰেষ্টোৰাত জোছিয়ানে দুজনৰ কাৰণে পোলিশ লান্সৰ অৰ্ডাৰ কৰিলে। ৰেষ্টোৰাৰ মেনুখন মেলি চালোঁ যদিও সেইখন বুজাটো মোৰ সাধ্যৰ বাহিৰত আছিল। কোনটো খাদ্য দেখিবলৈ কেনেকুৱা তাৰ ফটো একোখন আছিল যদিও নামবোৰ আছিল আচহুৱা। জোছিয়ানে পোলেণ্ড আৰু পোলিশ সংস্কৃতিৰ বিষয়ে বহুত কথা ক’লে। মোক আমাৰ ভাৰতীয় সংস্কৃতিৰ কিছুমান কথা আৰু মেনেজমেণ্ট কোৰ্চটোৰ পৰা আমাৰ লাভালাভৰ বিষয়ে প্ৰশ্ন কৰিলে।
খোৱাৰ আগতে এপিটাইজৰ খোৱাটো বিদেশী খাদ্য ব্যৱস্থাৰ এটা নিয়ম। এপিটাইজাৰৰ নামত নেমু পানী, আইচ টিৰ পৰা বিয়েৰলৈকে সকলো চলে। জোছিয়ানে এগিলাচ নেমু পানী আৰু মই আইচ টি ল’লোঁ।

এসময়ত খাদ্য আহিল। ভাপত দিয়া কুকুৰাৰ মঙহ, সেউজীয়া শাকপাতেৰে বনোৱা মাছৰুম, পোলেণ্ডৰ বিশেষ ছছেজ, পোলাওৰ দৰে ভজা ভাত, দুচকল মান ব্ৰেড আদিৰে ভৰপূৰ খাদ্য। পেট ভৰাই খালোঁ। সোৱাদৰ পিনৰ পৰা ‘ওৱাও’ বুলি ক’ব পৰা বিধৰ নালাগিল। মোতকৈ জোছিয়ানে যথেষ্ট কম খালে। খাই উঠিহে কথাটো মন কৰিলোঁ।

পোলিশ খাদ্যৰ আন এটা নিয়ম হ’ল খোৱা শেষ কৰিব লাগে একে শোহাতে এপেগ ভডকা খাই। সেইদৰে খালে খোৱাবস্তু ভালকৈ হজম হয় বুলি পোলেণ্ডৰ লোকসকলে বিশ্বাস কৰে। একোটা সৰু গিলাচত ভডকা লৈ আহিল। পৰিমান যথেষ্ট কম। পানী দিয়া নাই যেনেই লাগিল। জোছিয়ানে কেনেকৈ খাব লাগে বুজাই দিলে। তেওঁ নিজে হেনো নাখায়। এলকহল খাবলৈ এৰা তেওঁৰ বহুবছৰ হ’ল। তেওঁৰ ভাগৰ খিনিও মোৰ গিলাচটোতে ঢালি দিলে। মই জোছিয়ানে কোৱা ধৰণে একে শোহাই পানীয় খিনি গিলি দিলোঁ। ডিঙিটো অলপ সময়ৰ কাৰণে পুৰি যোৱা যেন লাগিল।

এগৰাকী ফ্ৰেন্স লেডীৰ লগত কৰা সেই পোলিশ লান্সটো জীৱনৰ এটা অনন্য অভিজ্ঞতা হৈ থাকিব।