Tuesday, April 5, 2016

পোলিছ লান্স


পোলেণ্ডৰ পোজনান চহৰ। পোলেণ্ডৰ ব্যৱসায়, বাণিজ্য, শিক্ষা, উদ্যোগ আদিৰ দৃষ্টিৰে এখন অতি গুৰুত্বপূৰ্ণ চহৰ। ২০১২ চনৰ এপ্ৰিল মাহত পোজনানত দুদিন কটোৱাৰ সুবিধা হৈছিল। MDI ৰ মেনেজমেণ্ট কোৰ্চটোৰ অংশ হিচাপে পোজনান বিশ্ববিদ্যালয়ৰ অধীনত কেইটামান ক্লাছ কৰিবলগীয়া হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় বিদ্ধস্ত হৈ যোৱা পোলেণ্ড বৰ্তমান ইউৰোপৰ এখন প্ৰধান দেশ। উত্তৰ ইউৰোপত অৱস্থিত হোৱা কাৰণে ইয়াৰ জলবায়ু ঠাণ্ডা। চহৰখনত কেইবাটাও সুদৃশ্য গীৰ্জাঘৰ আছে। চহৰখনত খোজকাঢ়ি বা চাইকেল চলাই ফুৰিবলৈ সুবিধা আছে। সকলোৱে ট্ৰেফিক নিয়ম মানি চলে। কোনো বাহন নাথাকিলেও ৰাষ্টা পাৰ হ’বলৈ সেউজীয়া লাইট জ্বলালৈ মানুহে বাটৰ কাষত ৰৈ থাকে। পোলেণ্ডৰ ভাষা পোলিশ আৰু মুদ্ৰা জ্লটি। ইউৰোপৰ মধ্য ভাগৰ পৰা পোলেণ্ড যেন কিছু সুকীয়া।

পেৰিচৰ পৰা আহিছিল মাডাম জোছিয়ান। তেখেত এগৰাকী ফৰাচী মহিলা। তেখেত ESCP Europe ৰ প্ৰতিনিধি হিচাপে আমাৰ যাত্ৰা আৰু ক্লাছবোৰৰ তদাৰক কৰিছিল। তেওঁ বেলেগ এখন হোটেলত আছিল। জোছিয়ান যথেষ্ট কৰ্মোদ্যমী আৰু ৰঙিয়াল মহিলা। মোৰ নামটো তেওঁ ‘দিই ফাংখৰ’ বুলি উচ্চাৰন কৰিছিল। আমি যিকোনো কথা সুধিবলৈ আৰু যিকোনো অসুবিধাৰ কথা জনাবলৈ জোছিয়ানৰ ওচৰ পাইছিলোঁ।

ক্লাছলৈ যোৱাৰ পথত মই জোছিয়ানক পোলেণ্ডৰ বিষয়ে বহুত কথা সুধিলোঁ। মই আগ্ৰহ পোৱা দেখি জোছিয়ানে ভাল পালে। এইখন দেশ ইউৰোপৰ আন দেশ বোৰতলৈ কিছু পৃথক যেন ভাৱ হৈছিল। কথাই কথাই জোছিয়ানক পোলিশ খাদ্যৰ বিষয়ে সুধিলোঁ। জোছিয়ানে ক’লে, ‘তোমাৰ যদি আপত্তি নাই, আজি মই তোমাক এটা পোলিশ লান্স খুৱাম’।

সেইদিনা দুপৰীয়া জোছিয়ানৰ লগত খোজকাঢ়ি তেওঁ থকা হোটেল খনৰ অভিমূখে গ’লোঁ। হোটেলৰ ৰেষ্টোৰাত জোছিয়ানে দুজনৰ কাৰণে পোলিশ লান্সৰ অৰ্ডাৰ কৰিলে। ৰেষ্টোৰাৰ মেনুখন মেলি চালোঁ যদিও সেইখন বুজাটো মোৰ সাধ্যৰ বাহিৰত আছিল। কোনটো খাদ্য দেখিবলৈ কেনেকুৱা তাৰ ফটো একোখন আছিল যদিও নামবোৰ আছিল আচহুৱা। জোছিয়ানে পোলেণ্ড আৰু পোলিশ সংস্কৃতিৰ বিষয়ে বহুত কথা ক’লে। মোক আমাৰ ভাৰতীয় সংস্কৃতিৰ কিছুমান কথা আৰু মেনেজমেণ্ট কোৰ্চটোৰ পৰা আমাৰ লাভালাভৰ বিষয়ে প্ৰশ্ন কৰিলে।
খোৱাৰ আগতে এপিটাইজৰ খোৱাটো বিদেশী খাদ্য ব্যৱস্থাৰ এটা নিয়ম। এপিটাইজাৰৰ নামত নেমু পানী, আইচ টিৰ পৰা বিয়েৰলৈকে সকলো চলে। জোছিয়ানে এগিলাচ নেমু পানী আৰু মই আইচ টি ল’লোঁ।

এসময়ত খাদ্য আহিল। ভাপত দিয়া কুকুৰাৰ মঙহ, সেউজীয়া শাকপাতেৰে বনোৱা মাছৰুম, পোলেণ্ডৰ বিশেষ ছছেজ, পোলাওৰ দৰে ভজা ভাত, দুচকল মান ব্ৰেড আদিৰে ভৰপূৰ খাদ্য। পেট ভৰাই খালোঁ। সোৱাদৰ পিনৰ পৰা ‘ওৱাও’ বুলি ক’ব পৰা বিধৰ নালাগিল। মোতকৈ জোছিয়ানে যথেষ্ট কম খালে। খাই উঠিহে কথাটো মন কৰিলোঁ।

পোলিশ খাদ্যৰ আন এটা নিয়ম হ’ল খোৱা শেষ কৰিব লাগে একে শোহাতে এপেগ ভডকা খাই। সেইদৰে খালে খোৱাবস্তু ভালকৈ হজম হয় বুলি পোলেণ্ডৰ লোকসকলে বিশ্বাস কৰে। একোটা সৰু গিলাচত ভডকা লৈ আহিল। পৰিমান যথেষ্ট কম। পানী দিয়া নাই যেনেই লাগিল। জোছিয়ানে কেনেকৈ খাব লাগে বুজাই দিলে। তেওঁ নিজে হেনো নাখায়। এলকহল খাবলৈ এৰা তেওঁৰ বহুবছৰ হ’ল। তেওঁৰ ভাগৰ খিনিও মোৰ গিলাচটোতে ঢালি দিলে। মই জোছিয়ানে কোৱা ধৰণে একে শোহাই পানীয় খিনি গিলি দিলোঁ। ডিঙিটো অলপ সময়ৰ কাৰণে পুৰি যোৱা যেন লাগিল।

এগৰাকী ফ্ৰেন্স লেডীৰ লগত কৰা সেই পোলিশ লান্সটো জীৱনৰ এটা অনন্য অভিজ্ঞতা হৈ থাকিব।

No comments:

Post a Comment