হোটেল আৰু
কেছিন’ৰ চহৰ মাকাউ গৈ পোৱাৰ নিশা আমাৰ কোনো কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নাছিল।
মাকাউত কেইবাখনো ডাঙৰ ডাঙৰ হোটেল আছে। গেলেক্সী, ভেনিচিয়ান, পেৰিছিয়ান – বিভিন্ন
নামৰ কেইবাখনো হোটেলেৰে মাকাউ দিনে ৰাতিয়ে জিলিকি থাকে। সেই হোটেলবোৰত পৰ্যটকৰ
কাৰণে বিভিন্ন শ্ব’ আয়োজন কৰা হয়, তাকো বিবামূলীয়াকৈ। এই শ্ব’বোৰৰ আয়োজনৰ মূল
উদ্দেশ্য হৈছে হোটেলবোৰত থকা বিশাল কেছিন’ বোৰলৈ পৰ্যটকক আকৰ্ষিত কৰা। ডাঙৰ ডাঙৰ
হোটেলবোৰ ওচৰা ওচৰিকৈ একেটা অঞ্চলতে আছে। সেই অঞ্চলটো বহু পৰিমাণে আমেৰিকাৰ কেছিন’
চহৰ লাছ ভেগাছৰ দৰেই।
আমি থকা
হোটেলখনৰ পৰা সেই অঞ্চলটো কিছু আঁতৰত। টেক্সী লৈ যাব পাৰি যদিও আন কি উপায় আছে কবৰ
কৰাত গম পালোঁ, হোটেলখনৰ নিচেই কাষতে এটা বাছ ষ্টপেজ আছে। টেক্সীত যোৱাৰ সলনি বাছত
যোৱাটোকে ঠিৰাং কৰিলোঁ। পইছাও কম লাগিব, এটা বেলেগ অভিজ্ঞতাও হ’ব। সেই ষ্টপেজটোত কেইখনমান নিৰ্দিষ্ট নম্বৰৰ বাছত
গ’লে আমি আমাৰ গন্তব্যস্থান পাব পাৰিম বুলি আমাক কোৱা হ’ল। আমি হোটেলৰ পৰা দিয়া
বাছ নম্বৰ লিখা থকা কাগজখন হাতত লৈ বাছ ষ্টপেজটোলৈ আহিলোঁ।
মাকাউত
বিদেশী পৰ্যটকৰ কাৰণে এটা প্ৰধান সমস্যা গ’ল তাৰ স্থানীয় মানুহে ইংৰাজী নুবুজে আৰু
বুজিলেও নকয়। তাত চীনা ভাষাৰ অপভ্ৰংশ কেণ্টোনিজ ভাষা চলে যিটো ভাষা বুজি পোৱাটো
অসম্ভৱ। এখন পৰ্যটক কেন্দ্ৰিক চহৰ হোৱা স্বত্বেও সাধাৰণ পথচাৰী, টেক্সী ড্ৰাইভাৰ,
বাছ চালক কোনেও ইংৰাজী ক’ব নোখোজে। আমি ফেৰীঘাটৰ পৰা হোটেললৈ টেক্সী পাবলৈকে বহুত
অসুবিধা হৈছিল। ইংৰাজী ক’লেই টেক্সী ড্ৰাইভাৰে মুখ ঘূৰাই কথা পাতিব নোখোজে। শেষত
যেনিবা এজন কোনোমতে মান্তি হ’ল।
আমি বাছ
ষ্টপেজটোত আহি ৰ’লোঁ হয়, কিন্তু হোটেলৰ পৰা দিয়া কাগজখনত থকা নম্বৰৰ বাছ নাহেহে
নাহে। কেইবাখনো বাছ আহিল, গ’ল। আমি কেইবাজনো মানুহক আন বাছ কি পোৱা যায় সুধিও সুফল
নাপালোঁ। অৱশেষত এগৰাকী মহিলাই আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তেওঁ ইংৰাজী জানে।
তেওঁ আমাক ষ্টপেজটোত মাৰি থোৱা বিভিন্ন বাছৰ নম্বৰ সমূহ কোনপিনে যায় আৰু আন কোনখন
বাছত গ’লে আমি আমাৰ গন্তব্য স্থান পাম বুজাই দিলে।
এখন
নিৰ্দিষ্ট নম্বৰৰ বাছ আহোঁতে তেওঁ আমাক সেই বাছখনত উঠিব ক’লে। বাছবোৰৰ আগপিনৰ
ড্ৰাইভাৰৰ বিপৰীতে থকা দুৱাৰেৰে উঠিব লাগে। মই উঠিয়েই চালকজনক বাছখন গেলেক্সী
হোটেল যাবনে নাই ইংৰাজীত সুধি দিলোঁ। মানুহজন জাঙুৰ খাই উঠিল আৰু আমাক নামি যাবলৈ
ক’লে। মহিলাগৰাকীয়ে কথাটো শুনি ক’লে বাছ চালকক একো সুধিবই নালাগে। ইংৰাজীত সুধিলে
তেওঁলোকে তেনে ব্যৱহাৰ কৰেই।
কেইবাখনো
বাছ আহিল, গ’ল। মহিলাগৰাকীয়ে আমাৰ ওচৰতে ৰৈ থাকিল। তেওঁৰ লগত কথা পাতি জানিব
পাৰিলোঁ তেওঁ ফিলিপিনছৰ পৰা আহি তাত সৰু ল’ৰা ছোৱালীৰ আলপৈচান ধৰা কাম (বেবী
ছিটিং) কৰে। তেওঁ ক’লেযে মাকাউৰ স্থানীয় মানুহে সৰু সুৰা কামবোৰ নকৰে। সেয়েহে
ফিলিপিনছৰ পৰা বহুত মানুহ আহি মাকাউত সৰু সুৰা কামবোৰ কৰে।
আমাৰ লগত ৰৈ
থকা দেখি তেওঁক সুধি দিলোঁ, “আপুনি ক’লৈ যাব? আপোনাৰো বাছ অহা নাই নেকি”?
তেওঁ ক’লে,
“মোৰ ঘৰ ওচৰতে, মাত্ৰ দুটা ষ্টপেজ। মই যাব পৰা কেইবাখনো বাছ আহি গ’ল। কিন্তু
আপোনালোকৰ আলাই আথানি হ’ব বুলিয়েই আপোনালোকে বাছ এখন পোৱালৈ মই ৰৈ দিছোঁ।
আপোনালোকক বাছত উঠাই মই যামগৈ”।
মানুহজনীৰ
আন্তৰিকতাত মন ভৰি গ’ল। কেতিয়াবা আশা নকৰাকৈ এনে সৰল অন্তৰৰ মানুহ লগ পোৱা যায়।
আমি ইংৰাজী নাজানো বাবেই আমাক সহায় কৰিবলৈ তেওঁ আমাৰ কাৰণে বহু সময় তাত আমাৰ লগত ৰৈ
থাকিল। বিনিময়ত ধন্যবাদৰ বাদে আমি তেওঁক দিব পৰা একোয়েই নাছিল।
শেষত আমি
যাব পৰা বাছখন আহিল। তেওঁক ধন্যবাদ দি আমি বাছত উঠিলোঁ। তেওঁ আমাক হাত জোকাৰি বাই
বাই দিলে। পাছতহে অনুভৱ কৰিলোঁ, আমাক ইমান সহায় কৰা মানুহজনীক আৰুতো কেতিয়াও লগ
নাপাম। তেওঁৰ নামটোও সোধা নহ’ল।