“আপুনি চিন্তাই নকৰিব। একো অসুবিধা নহয়”, তেওঁ আশ্বাস দিছিল।
“ফেমিলী লৈ গৈ আছোঁ, লগত মা দেউতাহঁতো যাব, তেওঁলোক বয়সস্থ মানুহ। একেবাৰে
নিশ্চিত হ’লেহে কওক”, মনত শংকা আছিল।
“একেবাৰে ভয় নাখাব। আমাৰ হাউছ বোটত আপোনালোকক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিম”।
গুলাম ভাইৰ পৰা ফোনযোগে পোৱা আশ্বাসতে কাশ্মীৰলৈ যাবলৈ সাহস কৰিছিলোঁ। ২০১১
চনৰ মাৰ্চ মাহত শ্ৰীনগৰত সপৰিয়ালে কেইদিনমান কটাই অহাৰ পৰিকল্পনা কৰিছিলোঁ। ডাল
লেকৰ ‘নিউ মুন লাইট’ হাউছ বোটত আমাৰ থকাৰ ব্যৱস্থা হৈছিল। সেইবছৰ কাশ্মীৰত যথেষ্ট
সংখ্যক পৰ্যটক গৈছিল। আমিও সাহস কৰি ওলাইছিলোঁ।
সম্বন্ধীয় মানুহ আৰু বন্ধু বান্ধৱ বহুতেই কৈছিল, কাশ্মীৰত হঠাতে বোমা ফুটে,
গুলীয়াগুলি হয়। অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। একেৰাহে কেইবাদিনো সকলো বন্ধ
হৈ যায়। যুদ্ধসদৃশ পৰিস্থিতি হয়। তথাপি মনে কৈছিল, ইমানবোৰ মানুহ সাহস কৰি
কাশ্মীৰলৈ ফুৰিবলৈ গৈছে, আমিনো নাযাম কিয়? কাশ্মীৰৰ পৰিস্থিতি পুনৰ বেয়া হৈ গ’লে
পুনৰ সেই সুযোগ নাপাবও পাৰোঁ। ডাল লেকৰ হাউছবোটত থকাৰ অপূৰ্ব সুযোগ আৰু নাপাবও
পাৰোঁ।
নতুন দিল্লীৰ পৰা যোৱা ইণ্ডিগোৰ বিমানখন শ্ৰীনগৰ বিমানকোঠত অৱতৰণ কৰিব নোৱাৰি
যেতিয়া আকাশমাৰ্গত বহু সময় জুৰি ঘূৰি আছিল এক অজান আশংকাত বুকু কঁপি উঠিছিল।
পাইলটে যেতিয়া অভয় দি কৈছিল, বতৰ বেয়া হোৱাৰ বাবেহে অৱতৰণ কৰাত দেৰী হৈছে,
তেতিয়াহে মুখলৈ পানী আহিছিল।
গুলাম ভাই বিমানকোঠলৈ আহিছিল আমাক আদৰি নিবলৈ। তেওঁ অনা গাড়ীখনতে বহি ডাল লেকৰ
পাৰ পাইছিলোঁ। বাটত দেখিছিলোঁ পুলিছ, মিলিটাৰীৰ টহল। অসম আন্দোলনৰ সময়ৰ কথা মনলৈ
আহিছিল। পৰ্যটককে ধৰি সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবেই হয়তো আছিল এই ব্যৱস্থা।
মাৰ্চৰ শেষতো শীতে কঁপাইছিল। বেগ খুলি গৰম কাপোৰ উলিয়াই ল’বলৈ বাধ্য হৈছিলোঁ।
ডাল লেকৰ অসংখ্য হাউছ বোটৰ মাজতে আছে গুলাম ভাইৰ হাউছ বোট ‘নিউ মুন লাইট’।
গুলাম ভাইৰ হাউছবোটৰ সাজ সজ্জা দেখি চকু ঠৰ হৈ গৈছিল। কাৰ্পেটেৰে ঢকা, নানান
কাৰু কাৰ্যৰ আচ বাবেৰে ভৰ্তি একোটা কোঠা। পানীত ওপঙি থকা জাহাজ এখনত এনে কোঠা
একোটা থকাৰ কথা কল্পনা কৰিবই নোৱাৰি। এখন ভাল হোটেলৰ সকলো সুবিধাই আছে।
হাউছ বোট গুলাম ভাই হঁতৰ পৰিয়ালৰ ফেমিলী বিজনেছ। ভাই ককাই আটাইকেইজনে আলহীৰ
সোধ পোচ কৰে। ঘৰত বনোৱা সুস্বাদু আহাৰ খুৱায়। যেনেদৰে বিচাৰোঁ তেনেদৰেই খাদ্য বনাই
আমাক খুৱালে। গুলাম ভাইৰ পৰিয়ালৰ মানুহ হবিব, বিলাল, হাফিজ আদিয়ে ঘনে ঘনে খবৰ লৈ
আমাক নিজৰ মানুহৰ দৰে আদৰ সাদৰ কৰি ৰাখিলে।
গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি গুলমাৰ্গ, পেহেলগাম, সোণমাৰ্গ আদি ঠাইলৈ
ফুৰিবলৈ গৈছিলোঁ। হাউছ বোটৰ পৰা ছিকাৰাত উঠি ডাল লেকত ঘূৰি ফুৰিছিলোঁ। ডাল লেকত
থকা ওপঙা বজাৰ (ফ্লোটিং মাৰ্কেট) বোৰ চাইছিলোঁ।
সেই সময়ত ভাৰতত বিশ্ব কাপ ক্ৰিকেট প্ৰতিযোগিতা হৈছিল। আমি কাশ্মীৰত থকা
সময়খিনিত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেলখন হৈছিল। গুলাম
ভাইৰ হাউছ বোটৰ কাঠৰ মজিয়াৰ কাৰ্পেটৰ ওপৰত হবিব, বিলাল, হাফিজ আৰু হাইছ বোটত কাম
কৰা দুই এজন কৰ্মচাৰীৰ লগত একেলগে টি ভিত খেল চাইছিলোঁ। পাকিস্তান দলৰ প্ৰতি
তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰত্যক্ষ কৰিছিলোঁ। পাকিস্তান খেলখনত জিকিছিল। তেওঁলোকৰ
আনন্দৰ সীমা নোহোৱা হৈছিল। শ্ৰীনগৰ চহৰৰ কেইবাঠাইৰ পৰা ফটকাৰ শব্দ শুনিবলৈ
পাইছিলোঁ। তেওঁলোকে নাচি বাগি স্ফূৰ্তি কৰা দেখি তেওঁলোকৰ অন্তৰত থকা পাকিস্তান
প্ৰীতি বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ।
পাকিস্তানৰ খেলৰ পিচদিনাই আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ কোৱাৰ্টাৰ ফাইনেল খেল।
সেইখন খেলো আটায়ে একেলগে উপভোগ কৰিছিলোঁ। সেইখন খেলত হবিব ভাই, বিলাল ভাই হঁতে
বৰতৰ পক্ষ লোৱা দেখিছিলোঁ। পাকিস্তানক যিদৰে সমৰ্থন কৰিছিল, ভাৰতকো ঠিক একেদৰেই
সমৰ্থন কৰিছিল। সেইখন খেলত ভাৰত জিকিছিল। ভাৰত জিকা কাৰণে তেওঁলোক আনন্দিত হৈছিল।
ভাৰত জিকাৰ পিছত অৱশ্যে ফটকাৰ শব্দ শুনা নাছিলোঁ।
বিলাল ভাইক সুধিছিলোঁ, তেওঁলোকে ভাৰতক সমৰ্থন কৰে নে পাকিস্তানক? তেওঁ সৰু
মাতেৰে কৈছিল, “ভাৰতে আন দেশৰ বিৰুদ্ধে খেলিলে আমি ভাৰতকে সমৰ্থন কৰোঁ, কিন্তু
পাকিস্তান যি দলৰেই লগত নেখেলক কিয়, পাকিস্তান জিকাটো বিচাৰোঁ। ভাৰত পাকিস্তানৰ
খেল হ’লে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।
“কিয়? তোমালোকে পাকিস্তানক কিয় ইমানকৈ সমৰ্থন কৰা”? মই আচৰিত হৈছিলোঁ।
বিলাল ভায়ে তেওঁৰ পাইজামাটো ডাঙি তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰা অংশ এটা দেখুৱাই
কৈছিল, “মোৰ এই জখম কিহৰ কাৰণে জানেনে? ভাৰতীয় সেনাই মোক সন্ত্ৰাসবাদী বুলি সন্দেহ
কৰি গুলীয়াইছিল। এনেদৰে ভাৰতীয় সেনাই বহুতো কাশ্মীৰি যুৱকক পংগু কৰিছে। বহুতো
ছোৱালীৰ সৰ্বনাশ কৰিছে। আমি কাশ্মীৰৰ আজাদী বিচাৰোঁ। পাকিস্তানে আমাক সমৰ্থন কৰে।
সেইকাৰণে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।
তেওঁৰ কথা শুনি ভয় খাইছিলোঁ। সুধিছিলোঁ, “আমাৰ ওপৰত যদি হঠাতে পাকিস্তানী
সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে তোমালোকে আমাক বচাবানে? নে তোমালোকে তেওঁলোকৰ লগ হৈ ল’বা”?
“আপোনালোকে নিশ্চিন্ত থাকক। সন্ত্ৰাসবাদীয়ে আমাৰ লাচৰ ওপৰেৰে পাৰ হৈহে
আপোনালোকক চুব পাৰিব।
আপোনালোক আমাৰ মেহমান। আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰি আমি বাচি
আছোঁ। আপোনালোকক প্ৰাণ দি হ’লেও আমি ৰক্ষা কৰিম”। বিলাল ভায়ে প্ৰত্যয়েৰে কৈছিল।
No comments:
Post a Comment