Saturday, September 17, 2016

দাঢ়িৱালা বিশ্বকৰ্মা


ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ কথা। ২০০৪ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে মোৰ এজন কনিস্থ সহকৰ্মীক লৈ জয়ছালমেৰ চহৰ চলাথ কৰিলোঁ। আমাক বিশ্বকৰ্মা পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তি এটা লাগে। আচৰিত হ’লোঁ, দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিখ্যাত চহৰখনত ক’তো বিশ্বকৰ্মাৰ মূৰ্তি পাবলৈ নাই।

জয়ছালমেৰ চহৰৰ পৰা ১২০ কিলোমিটাৰ আতৰত তানোটত আমাৰ কাম চলিছিল। তনোট হ’ল ভাৰতৰ পশ্চিম সীমন্তৰ শেষ জনবসতি থকা গাওঁ। তাৰ পৰা কেই কিলোমিটাৰমান আতৰত পাকিস্তান সীমন্ত। তানোটত সেনা বাহিনীৰ এখন গেট আছে। সেনাৰ বাহিৰে আন মানুহক সেই গেট অতিক্ৰম কৰি সীমান্তৰ পিনে যাবলৈ নিদিয়ে। কিন্তু আমাৰ কেইবাটাও তৈলখাদ সীমান্তৰ ওচৰে পাজৰে থকা বাবে বিশেষ অনুমতি লৈ তানোটৰ আগলৈও যাব পাৰিছিলোঁ। 

তানোটত আমাৰ কেম্প আছিল। কেম্পৰ ওচৰতে আছিল বিখ্যাত তানোট মাতাৰ মন্দিৰ। এই মন্দিৰটো চাবলৈ ভাৰতৰ বহুতো ঠাইৰ মানুহ আহে। সেনা বাহিনীয়ে পৰিচালনা কৰা এই মন্দিৰটোত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে কেইবাটাও বোমা নিক্ষেপ কৰিছিল। কিন্তু তানোট মাতাৰ কৃপাত এটাও বোমা নুফুটিল। সেই নুফুটা বোমাবোৰ নিষ্ক্ৰিয় কৰি মন্দিৰটোৰ ভিতৰত সজাই ৰখা হৈছে। ৰাতিপুৱা আৰু আবেলি মন্দিৰটোত আৰতি হয় আৰু মাইকযোগে সেই আৰতিৰ শব্দ বহুদূৰলৈ শুনিবলৈ পোৱা যায়।

মই তানোটত থকাৰ সময়তে বিশ্বকৰ্মা পূজা আহিছিল। দুলীয়াজানত ধুমধামকৈ বিশ্বকৰ্মা পূজা পতা হয় কাৰণে আমাৰ বিভাগৰ কৰ্মী সকলৰ লগত মিলি ঠিৰাং কৰিলে যে আমি তানোটতো বিশ্বকৰ্মা পূজা পাতিম। সমস্যা হ’ল  মৰুভূমিৰ মাজত থকা তানোটত দিয়াচলাই এটাও পোৱা নাযায়। আমি পূজা পাতিবলৈ হ’লে ৬০ কিল’মিটাৰ আতৰত থকা ৰামগড়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আনিব লাগিব। পূজা পাতিবলৈ অন্তত: এটা বিশ্বকৰ্মাৰ মূৰ্তি লাগিব। সেয়েহে ততাতৈয়াকৈ ৰামগড়লৈ ওলাই গ’লোঁ। ৰামগড়ত পূজাৰ সামগ্ৰী পালোঁ যদিও ক’তো মূৰ্তি পাবলৈ নাই। ৰামগড় অভিযান ব্যৰ্থ হোৱাত ডাঙৰ চহৰ জয়ছালমেৰলৈ ঢাপলি মেলিলোঁ।

জয়ছালমেৰত বহুত ঘূৰি পকিও ক’তো হাতীৰ লগত থিয় হৈ থকা বিশ্বকৰ্মাৰ মূৰ্তি বিচাৰি নাপালোঁ। উপায় নাপাই বিশ্বকৰ্মাৰ ফটো বিচাৰিলোঁ। দোকান এখনত বিশ্বকৰ্মাৰ নামত যিখন ফটো উলিয়াই দিলে সেইখন দেখি আমাৰ মূখৰ মাত হৰিল। এমূখ দাঢ়িৰে পদুম ফুলৰ ওপৰত বহি থকা বিশ্বকৰ্মা। ওচৰত এটা ৰাজহাঁহ। হাতীৰ চিন মোকাম নাই। তেওঁলোকে আমাক বুজাই দিলে, ৰাজস্থানত সেইজনেই হ’ল বিশ্বকৰ্মা।

উপায় নাঅপই দাঢ়িমুখীয়া হাতী নথকা বিশ্বকৰ্মাৰ ডাঙৰ আকাৰৰ ফটো এখন লৈ তানোট পালোঁহি। ফটোখন দেখিয়েই মানুহ বোৰে ইচ আচ কৰিবলৈ ধৰিলে।

-       - ছাৰ, যিয়েই নহওক আমি এইজনক বিশ্বকৰ্মা বুলি মানিব নোৱাৰোঁ ।

-       - ৰাজস্থানত বোলে এইজনেই বিশ্বকৰ্মা, বহুত বিচাৰিও আমাৰ জনৰ দৰে বিশ্বকৰ্মা বিচাৰি নাপালোঁ।

-       - ছাৰ আমাক মুখত দাঢ়ি থকা বিশ্বকৰ্মা নালাগে।

-       - হেৰা মৰুভুমিত ক’ত সদায় দাঢ়ি খুৰাবলৈ পানী পাব? সেইকাৰণে ইয়াতে দাঢ়িৱালা বিশ্বকৰ্মাৰ পূজা পাতে।

-      -  কিন্তু হাতীটো নাথাকিলে কেনেকৈ হ’ব ছাৰ। হাতী নাথাকিলে বিশ্বকৰ্মা হ’বই নোৱাৰে।

-       - মৰুভূমিত ক’ত হাতী থাকেহে? সেই কাৰণে ৰাজহাঁহ এটাকে দিছে।

মানুহবোৰক বুজাইছোঁহে বুজাইছোঁ, তেওঁলোকে নামানে। মুঠতে দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মা লাগিবই। দাঢ়িৱালা, হাঁহ থকা বিশ্বকৰ্মাৰ পূজা তেওঁলোকে নকৰে।

শেষত উপায় নাপাই ৰামগড়লৈ দৌৰ মাৰিলোঁ। ডাঠ কাগজ আৰু ৰঙীন পেঞ্চিল কিনি আনিলোঁ। ৰাতি ডাঙৰ কাগজ এখন লৈ তাত আমাৰ চিনাকী দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মাৰ ছবি আঁকি পেলালোঁ। ৰাতিপুৱা সেইখন চাইহে ৰাইজৰ মুখলৈ পানী আহিল।

সেইজন ছবিকে সমুখত লৈ পূজাৰ ব্যৱস্থা কৰা হ’ল। মন্দিৰৰ পূজাৰী এজনক পূজা কৰিবলৈ মাতি অনা হ’ল।

ছবিখন দেখিয়েই পূজাৰীজনে চিঞৰি উঠিল – য়ে কৌন চা ভগৱান কা পিকচাৰ হেই।

-       য়ে বিশ্বকৰ্মা হেই। আছাম মে বিশ্বকৰ্মা এইছাহি হোতা হেই।

-       এইছা কিউ হেই?

-      ৱহা জংগল হেই না, ইছলিয়ে বিশ্বকৰ্মা হাথী পে চঢ়কে আতা হেই। আপ ৱহ চব ছোৰিয়ে, আপ বচ পূজা কিজিয়ে।

(সংযোজন: পশ্চিম ভাৰতৰ মানুহে ব্ৰহ্মাকে বিশ্বকৰ্মা বুলি মানে। ব্ৰহ্মাই আছিল সেই দাঢ়িৱালা বিশ্বকৰ্মাজন)

No comments:

Post a Comment