টেক্সাছৰ ফোৰ্ট ৱৰ্থ চহৰ। ডালাচ চহৰৰ গাতে লগা এখন ঔদ্যোগিক চহৰ। এটা প্ৰশিক্ষণৰ কাৰণে প্ৰায় এমাহ আছিলোঁ সেইখন চহৰত। লগত আৰু দুজন সহকৰ্মী। ২০০৩ চনৰ কথা।
লগত গাড়ী নাথাকিলে সেইখন চহৰত কলৈকো যোৱা অসম্ভৱ। আমি হোটেলৰ পৰা ওলাই খোজকাঢ়ি ইফালে সিফালে যাওঁ। বাটত খোজকঢ়া মানুহ দেখিলে গাড়ীবোৰ ৰৈ যায়। আমাক পাৰ হ'বলৈ দিয়ে। কিছুমানে খোজকঢ়া মানুহক আচহুৱা বস্তু চোৱাদি চায়।
আমাৰ প্ৰশিক্ষণ দিয়া প্ৰতিস্থানটোৰ এজন জ্যেষ্ঠ বিষয়া হ'ল কেনী জৰ্ডান। এমূৰ পকা চুলিৰে কেনী জৰ্দান এজন ধেমেলীয়া মানুহ। তেওঁ নিজে গাড়ী চলাই আমাক বিমান বন্দৰৰ পৰা লৈ আনিছিল।
ৰাতিপুৱাই কেনী জৰ্দান আহে আমাক লৈ যাবলৈ। তেওঁৰ অফিচ তথা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰায় ৫ মাইল মান দূৰত অৱস্থিত। অলপ দিনৰ ভিতৰতে কেনীৰ লগত আন্তৰিকতা গঢ়ি উঠিল। বিদেশত ডাঙৰ মানুহকো নাম কাঢ়ি মাতে।
শনি আৰু দেওবাৰ বোৰত কেনীয়ে গাড়ী এখনত আমাক ফুৰাবলৈ নিয়ে। সপ্তাহৰ বাকী দিনবোৰতো সময় পালে শ্বপিং মলবোৰ দেখুৱাই আনে। দুপৰীয়াৰ সাজ খাবলৈ নিয়ে। মুঠতে প্ৰশিক্ষণৰ সময়ৰ বাহিৰে আমি কেনীৰ গাড়ীতে উঠি ফুৰোঁ।
কেনীয়ে আমাক ভাৰতৰ বিষয়ে সোধে। আমাৰ খাদ্য, আমাৰ সংস্কৃতি আদিৰ বিষয়ে জানিবলৈ তেওঁৰ অসীম আগ্ৰহ। তেওঁ ভাৰতৰ বিষয়ে কিছু কথা জানে।
তেওঁ কয়, "তোমালোকৰ দেশখন অতি চহকী দেশ"।
"আমেৰিকাহে পৃথিৱীৰ আটাইতকৈ চহকী দেশ। আমাৰ দেশখনতো তেনেই দুখীয়া", আমি আচৰিত হওঁ।
"ইতিহাস আৰু সংস্কৃতিত ভাৰত আমেৰিকাতকৈ বহুত বেছি চহকী। আমেৰিকা ধনেৰে চহকী হ'লেও আমাৰ ইতিহাস মাত্ৰ দুশ বছৰৰ, অথচ ভাৰতৰ তিনি হাজাৰ বছৰৰ ইতিহাস আছে"। কেনীয়ে কয়।
কেনীক আমি আমেৰিকান জীৱনৰ বিষয়েও সুধিব পৰা হ'লোঁ। তেওঁ এদিন ক'লে, তোমালোকক এদিন আমেৰিকাৰ ব্যক্তিগত জীৱন দেখুৱাবলৈ নিম।
সঁচাকৈয়ে এদিন কেনীয়ে আমাক ৰাতিৰ সাজ খাবলৈ মাতিলে। তেতিয়া জুলাই মাহ। ৰাতি চাৰে ন বজালৈ ফোৰ্ট ৱৰ্থত দিনৰ পোহৰ থাকে। ছয় মান বজাত পত্নী মেৰীৰ লগত কেনীয়ে আমাক হোটেলৰ পৰা নিবলৈ আহিল। ছয়বজাতে ডিনাৰৰ বাবে নিবলৈ অহাত আমি আচৰিত হ'লোঁ।
প্ৰথম বাৰৰ কাৰণে আমেৰিকান মানুহৰ ঘৰলৈ ফুৰিবলৈ গৈছোঁ। আমি যিমান পাৰি পৰিপাটী হৈ গৈছোঁ। কিছুদূৰ গৈ এটা সুদৃশ্য ঘৰৰ সন্মুখত গাড়ীখন ৰ'ল।
কেনী আৰু মেৰীয়ে গোটেই ঘৰটো আমাক দেখুৱালে। আটোম টোকাৰিকৈ সজোৱা এটা বিলাসী ঘৰ। সকলো পিনে কাৰ্পেট পৰা আছে। সাজসজ্জাবোৰ যেনিয়ে চাও, তেনিয়ে চকু ৰৈ যায়।
আমাক তেওঁলোকৰ বাথৰুমটোও দেখুৱালে। আমাৰ দেখি চকু থিয় হৈ গ'ল। কোনোবা ৰাজপ্ৰসাদৰ বাথৰুম যেনেই লাগিল।
এসময়ত বিয়েৰৰ বটল লৈ কেনী আৰু মেৰী পিচপিনৰ বাৰাণ্ডাত আমাৰ লগত কথা পাতিবলৈ বহিল। মাজে মাজে দুয়ো উঠি গৈ খোৱাৰ যোগাৰো কৰি থাকিল। মেৰীয়ে পাচলি কাটিলে। কেনীয়ে মাংসৰ বাৰবেকিউ কৰিবলৈ আয়োজন কৰিলে। এটা প্ৰকাণ্ড বাৰবেকিউ মেকাৰত কেনীয়ে মাংস পুৰিবলৈ ধৰিলে। গৃহস্থ দুয়োজনে সমানে ডিনাৰৰ আয়োজনত লাগি গ'ল।
কথাই কথাই মেৰীয়ে সুধিলে, "তোমালোকৰ ঘৰত আলহী আহিলে এইদৰেই খোৱাৰ আয়োজন কৰানে"?
"কৰোঁ, কিন্তু আমাক সহায় কৰিবলৈ মানুহ থাকে। আমি সকলো কাম নিজেই নকৰিলেও হয়", আমাৰ কোনোবা এজনে ক'লে।
‘কি? তোমালোকৰ ঘৰত কাম কৰিবলৈ মানুহ আছে?’ মেৰী প্ৰায় চিত্কাৰ কৰি উঠিল।
তেওঁ চিঞৰি হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি বাৰবেকিউত মাংস সেকি থকা কেনীক ক’লে, ‘শুনা কেনী। আমাৰ আলহী সকল আমাতকৈ বহুত ধনী। তুমি ভাবিব পাৰানে, তেওঁলোকে ঘৰত ছাৰ্ভেণ্ট ৰাখিব পাৰে’।
কেনীয়ে সিফালৰ পৰা হাঁহি হাঁহি ক'লে, ‘চিন্তা নকৰিবা ডাৰ্লিং, এজন ছাৰ্ভেণ্টতো তোমাৰ লগতে ইয়াতো আছে’।
কেনীৰ কথাত আমি আটায়ে ৰস পাই হাঁহিলোঁ।
বাৰবেকিউ শেষ কৰি কেনী বাৰাণ্ডালৈ আহিল। তেওঁ আমাৰ লগত বহি বিয়েৰ খালে।
প্ৰায় চাৰে সাত বজাত কেনী আৰু মেৰীয়ে আমাৰ কাৰণে ডিনাৰ সাজু কৰিলে। বৰ জুতিলগাকৈ চালাড, ভাত, পোৰা আৰু সেকা মাংসৰে আমেৰিকান পৰিয়াল এটাৰ লগত ডিনাৰ কৰিবলৈ পাই নিজকে ধন্য মানিলোঁ।
মেৰীয়ে খোৱা টেবুলত হাঁহি হাঁহি ক'লে, 'আমি কেতিয়াবা তোমালোকৰ দেশ চাবলৈ যাম। ইমান ধনী দেশখন চাবলৈ মোৰ বৰ মন আছে"।
আমি সেমেনা সেমেনি কৰিলোঁ। 'নিশ্চয় যাব। কিন্তু আমাৰ দেশখন আমেৰিকাৰ দৰে চহকী দেশ নহয়'।
'আৰে তোমালোকে ঘৰৰ কাম বন নিজে নকৰিলেও হয়। আমাৰ ইয়াত অত্যন্ত ধনী মানুহেহে ঘৰত ছাৰ্ভেণ্ট ৰাখিব পাৰে। ধনী নহ'লে এয়া কেনেকৈ সম্ভৱ"?
কেনীয়ে হাঁহি হাঁহি মেৰীক ক'লে, 'তুমি ঠিকেই কৈছা। ভাৰতৰ মানুহ আমাতকৈ আচলতে বহুত ধনী'।
No comments:
Post a Comment