আবু ধাবিৰ ফেৰাৰী ৱৰ্ল্ডৰ কথা। ফেৰাৰী গাড়ীৰ কথা বহুত আগৰে পৰা শুবি আহিছোঁ। বিদেশৰ ৰাজপথত ফেৰাৰী গাড়ী দেখিলে এতিয়াও ডিঙি মেলি চাওঁ। ৰেচিং কাৰ হিচাপে সমগ্ৰ বিশ্বতে ফেৰাৰী গাড়ীৰ যথেষ্ট আদৰ আছে। কিন্তু কেৱল ফেৰাৰীৰ ওপৰত এখন এণ্টাৰটেইনমেণ্ট পাৰ্ক থাকিব পাৰে বুলি ভবা নাছিলোঁ।
২০১৬ চনৰ মাৰ্চ মাহত ডুবাই আৰু আবু ধাবিৰ যাত্ৰাৰ সময়ত ফেৰাৰী ৱৰ্ল্ডত সোমোৱাৰ সুযোগ পাইছিলোঁ। আকৰ্ষণীয় সাজ সজ্জাৰ প্ৰৱেশ পথেৰে সোমাই দেখিলোঁ ভিতৰত যেনিয়ে চাওঁ সেইপিনেই ফেৰাৰীৰ চিনাকী ৰঙা ৰং। বিভিন্ন ধৰণৰ গাড়ীৰ ৰাইড। ল’ৰা ছোৱালী দুটিয়ে বৰ ষ্ফূৰ্তি পালে। ল’ৰাটো অলপ অত্যুত্সাহী। ভয়লগা ৰাইডবোৰলৈ তাৰ ধাউতি বেছি। মাক জীয়েকে সেইবোৰ ভাল নাপায়। ফলত ল’ৰাৰ পিছে পিছে মই। অকলে এৰিবও নোৱাৰি।
আমাৰ চহৰখনত অহা আনন্দ মেলাবোৰত ডাঙৰ চকৰিটোত মই কেতিয়াও নুঠো। বহুদিন আগতে উঠি চাইছিলোঁ। ওপৰৰ পৰা নামি আহোঁতে নাড়ি ভূৰি ওলাই আহিব যেন লাগে। সেই কাৰণে মই নিয়ৰক সাৱধান কৰি দিছোঁ, “পাক ঘূৰণি খোৱা কোনো ৰাইডত উঠো বুলি নক’বা। সেইবোৰত মই তোমাৰ লগত যাব নোৱাৰিম”।
নিয়ৰৰ হাতত ফেৰাৰী ৱৰ্ল্ডৰ মেপ। সি মোক ইটোৰ পৰা সিটো ৰাইডলৈ টানি লৈ গৈছে। এবাৰ হেলিকপ্টাৰত উঠাৰ অনুভৱ হ’ল, এবাৰ স্পেছ ছিপত যোৱাৰ দৰে লাগিল। সেইবোৰতেই ভয় ভয় লাগে। মই তাক বাৰে বাৰে সঁকীয়াই দিছোঁ, “মেপত চাই লোৱা, ভয়লগা ৰাইডবোৰত আমি নুঠো”।
লাহে লাহে আমাৰ উভতিবৰ সময় হ’ল। ড্ৰাইভাৰে কৈ থৈছে, সময়মতে নাহিলে ৰৈ নাথাকে। মই নিয়ৰক কৈ আছোঁ, “যি চোৱা সোনকালে কৰা। আমাৰ যাবৰ হ’ল”। সি খৰখেদাকৈ মোক এটা চুকলৈ লৈ গ’ল। মই সুধিলোঁ, “ইয়াত কি আছে”? সি ক’লে, “ব’লাচোন, এই ৰাইডটো ফেৰাৰী ৱৰ্ল্ডৰ আটাইতকৈ বিখ্যাত ৰাইড। ইয়ালৈ আহি এই ৰাইডটোত নুঠাকৈ কোনেও নাযায়”।
খৰখেদাৰ কোবত মই বেছি কথা নুসুধিলোঁ। আজিলালিৰ ল’ৰাই আমাতকৈ বহুত বেছি কথা জানে। সেই ৰাইডটোৰ দুৱাৰমুখত ৰৈ থকা ৰখীয়া কেইজনে আমাক জেপত থকা সকলো বস্তু উলিয়াই থবলৈ নিৰ্দেশ দিলে। শাৰীত থকা আন মানুহবোৰৰ দৰে আমিও জেপত থকা ৰুমাল, কলম, পইছাৰ বেগ সকলো খুলি বাকচ এটাত ভৰাই থ’লোঁ, বাকচটো ৰখীয়া কেইজনে ভালদৰে থৈ দিলে।
শাৰীত ভিতৰলৈ গৈ আছোঁ। এটা আন্ধাৰ সুৰংগৰ দৰে ৰাষ্টা। একেবাৰে ইংৰাজী চিনেমাত দেখা জলদস্যু বোৰৰ জাহাজৰ দৰে পৰিৱেশ। বেৰত ৰচী, কুঠাৰ, লাঠী আদি বিভিন্ন সামগ্ৰী। মাজে মাজে দুই এখন ভয়লগা চেহেৰাৰ মানুহৰ ফটো। আনবোৰ মানুহৰ লগে লগে আগবাঢ়ি গৈ থাকিলোঁ যদিও বুকুৰ ঢিপঢিপনিটো বাঢ়ি গৈ থাকিল।
লুংলুঙীয়া বাটটো শেষ হোৱা ঠাইত দেখিলোঁ মানুহবোৰে চাৰিজনীয়া শাৰী পাতিছে। আমাৰ দুয়োৰে সন্মুখত দুটা নিয়ৰৰ সমান বয়সৰ বিদেশী ল’ৰা, চিনাকী হ’লোঁ। আয়াৰলেণ্ডৰ পৰা আহিছে। সিহঁতে সুধিলে, “তোমালোকে আগতে এই ৰাইডটোত উঠি পাইছানে”?
“নাই পোৱা”।
“আমি আগতে উঠিছোঁ। খুব ভয় লগা। কিন্তু মজাও লাগে”।
মই নিয়ৰক সুধিলোঁ, “এইটো কিনো ভয়লগা ৰাইডলৈ আহিলা”।
সি ক’লে, “ইমান সৰু সৰু ল’ৰাবোৰে ভয় খোৱা নাই। তুমি ভয় খাইছাযে”?
ল’ৰা কেইটাই ক’লে, “আংকল আপুনি একেবাৰে শেষত উঠিব। শেষৰ ছীটটোত ভৰি কেইখন বতাহত ওপঙি থাকে”।
নিয়ৰক আকৌ এবাৰ ক’লোঁ, “এইবোৰত নুঠো দিয়া। আমি উভতি যাওঁ ব’লা”। সি নামানে। “ব’লাচোন, একো নহয়”।
গেটখন খুলি দিয়াত আমি বহিলোঁ। মই একেবাৰে শেষত উঠিলোঁ। ভৰিকেইখন ওলমি থাকিল। মূৰত হেলমেট, চকুত গগলছ পিন্ধাই দিলে। গাটোত বেল্ট লগাই দিলে। হেণ্ড ৰেইল থকা ফ্ৰেম এটাৰ মাজত বহুৱাই দিলে। আমাৰ আগে পিছে তেনেকৈ কেইবাটাও শাৰীতো মানুহ বহিছে। কাৰু কাৰ্য দেখি বুজিলোঁ ৰাইডটো কেনে পৰ্যায়ৰ হ’ব।
আমৰ ৰাইড আৰম্ভ হ’ল। ঠেক ৰেলপথ এটাৰে আমি উঠা কেইবাটাও শাৰী থকা সৰু ৰেলগাড়ীখন ওপৰলৈ লাহে লাহে উঠিবলৈ ধৰিলে। অলপ সময়ৰ পিছতে একেবাৰে ওপৰলৈ উঠাৰ পিছত হঠাতে টেন আমাক ওপৰৰ পৰা ধুৰুমকৈ পেলাই দিলে। আৰম্ভ হ’ল দুৰ্দান্ত গতিৰ যাত্ৰা। ইফালে সিফালে চাবৰ সময় নাই। এনে লাগিল যেন এয়াই জীৱনৰ শেষ যাত্ৰা। ইমান দুৰন্ত গতিত কিবা কাৰণত সৰি পৰিবলৈ হ’লে বাচি থকাৰ কোনো আশা নাই। এবাৰ ইকাতিকৈ, এবাৰ সিকাতিকৈ, এবাৰ ওলোটাকৈ দুৰ্বাৰ গতিত ধাৱমান হৈছে আমি উঠা ৰেলখন। ভয়তে যিমান পাৰি চিঞৰিছোঁ, আটাহ পাৰিছোঁ। অকল ময়েই নহয়, প্ৰায়বোৰ মানুহৰেই একেই অৱস্থা। এনে লাগিল সেই যাত্ৰা কোনোমতে শেষ হ’লেহে যেন জীৱটো ৰক্ষা পৰিব।
অৱশেষত ক্ৰমাৎ গতি কমি অহি আমাৰ গাড়ীখন ৰৈ গ’ল। ৰৈ যোৱাৰ পিছতহে উশাহ ঘূৰি আহিল এক নতুন জীৱন পোৱা যেন পালোঁ। গোটেই গাটো জিনজিনাই থকা যেন লাগিল। বুকুৰ কঁপনিটো ভালদৰেই অনুভৱ কৰিলোঁ। নিয়ৰৰো মুখ শুকাই গৈছে। গাড়ীখন চলি থাকোঁতে তালৈ চাবলৈও উপায় নাছিল।
মই তাক ক’লোঁ, “ইমান ভয়লগা ৰাইডটোত কিয় উঠিলা? মোক আগতে নকলা কিয় এইটো যে ইমান ভয়ানক ৰাইড”।
“ইমান ভয়লগা বুলি জানিলে তুমি উঠিলাহেতেন জানো”।
“কি দৰকাৰ আছিলনো এইটোত উঠিবলৈ”?
“তুমি নাজানা। এইটো পৃথিৱীৰ আটাইতকৈ বেগী ৰোলাৰ কোষ্টাৰ। Fastest Roller Coaster in the world.” সি ক’লে।
মই হাঁ কৈ মুখখন মেলি চাই থাকিলোঁ।
No comments:
Post a Comment