২০১২ চনৰ কথা। মই গুৰগাঁওত কৰা Executive MBA কোৰ্চটোৰ অংশ হিচাপে
আমাৰ দলটোক ইউৰোপৰ কেইখনমান বচা বচা চহৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিছিল। তাৰে এখন
চহৰ আছিল পোলেণ্ডৰ পোজনান।ৱাৰ্টা নদীৰ পাৰত থকা এই চহৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত
বিদ্ধস্ত হৈ গৈছিল। ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ হিটলাৰৰ নাজী বাহিনীয়ে
চহৰখন অধিকাৰ কৰিছিল আৰু চহৰখনৰ নাগৰিক সকলৰ ওপৰত অমানুষিক অত্যাচাৰ কৰিছিল। বহুতো
স্থানীয় নাগৰিকৰ হত্যা কৰা হৈছিল আৰু জাৰ্মান সকলৰ আধিপত্য স্থাপন কৰিবলৈ যত্ন কৰা
হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চহৰখনে ককাল পোনাবলৈ আৰম্ভ কৰিছিল আৰু এতিয়া ইউৰোপৰ
এখন মুখ্য সাংস্কৃতিক তথা বাণিজ্যিক চহৰ হৈ পৰিছে। চহৰখন অতি প্ৰাচীন আৰু কেইবাটাও
ধুনীয়া গীৰ্জাঘৰেৰে সুশোভিত। খ্ৰিষ্টান সকলৰ বাবে পোজনান তীৰ্থস্থান স্বৰূপ।
এই ঐতিহাসিক চহৰখনলৈ আমাৰ দলটোৱে এখন বাছত জাৰ্মানীৰ বাৰ্লিন
চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ দলটোৰ দায়িত্বত থকা গুডিনো ছাৰে মোক দলপতি পাতিছিল।
সেয়েহে আমি বাৰ্লিনৰ পৰা সময়মতে পোজনান পাবলৈ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চকু দিবলৈ
মোক দায়িত্ব দিছিল। প্ৰায় ২৭৫ কিল’মিটাৰৰ যাত্ৰা। চাৰি ঘণ্টা মান লাগে। আমাৰ বাছৰ চালকজনৰ
লগত কথা পাতি মই নিশ্চিন্ত হ’বলৈ চেষ্টা কৰিছিলোঁ যাতে ক’তো অনাহকত বিলম্ব নহয়। চালকজনৰ
নাম গ্ৰেকো।
“আমি সময়মতে পোজনান পামনে”?
“ইয়েছ”।
“ৰাষ্টাত মাত্ৰ এবাৰ জিৰণি ল’ব পাৰিবা। হ’বনে”?
“ইয়েছ”
“তুমি হোটেল বিচাৰি উলিয়াব পাৰিবাটো”?
“ইয়েছ”
প্ৰতিটো কথাৰে উত্তৰত গ্ৰেকোৱে ‘ইয়েছ’ বুলি কয়। এমুখ দাঢ়িৰে
মানুহটো ধেমেলীয়া। বাছত উঠাৰ আগতে খুব জোৰে জোৰে হুপি ছিগাৰেট খাই ল’লে। বাছৰ ভিতৰত
ছিগাৰেট খোৱা মানা।
আমি বাছৰ খিৰিকীৰে ঠাইবোৰ চাই চাই গৈ থাকিলোঁ। পোলেণ্ড সোমোৱাৰ
পিছত ঠাইবোৰ আৰু ধুনীয়া যেন লাগিল। গ্ৰেকোৱে কোনো জিৰণি নোলোৱাকৈ তীব্ৰ গতিত বাছ চলাই
গৈ থাকিল।
পোলেণ্ডত ইউৰো মুদ্ৰা নচলে, তাৰ মুদ্ৰাৰ নাম জলটি। আমাৰ হাতত ইউৰো মুদ্ৰাহে থকাৰ বাবে পোলেণ্ড সোমোৱাৰ পিছতে মুদ্ৰা সলাই
লোৱাৰ প্ৰয়োজন হ’ল ইপিনে আমাৰ সকলোৱে অলপ বিশ্ৰাম লোৱাৰ লগতে পেচাব কৰাৰ
প্ৰয়োজনবোধ কৰিছোঁ। গ্ৰেকোক অনুৰোধ কৰিলোঁ, আমাৰ দুয়োটা কাম হোৱাকৈ, মানে মুদ্ৰা
সলনি কৰিব পৰা আৰু মুখ হাত ধুই ফ্ৰেছ হ’ব পৰা ঠাইত যেন বাছখন ৰখায়। গ্ৰেকোৱে
কেৰাহীকৈ চই ক’লে “ইয়েছ”।
হাই ৱে’ৰ প্ৰতিটো এক্সিটতে আমি ভাবো গ্ৰেকোৱে
বাছখন সেইপিনে ঘূৰাব। কিন্তু তেওঁৰ কাণষাৰ নাই। আপোন মনে কাণত হেডফোন লগাই তেওঁ গাড়ী
চলাই গৈছে। মাজে মাজে সুহুৰি মাৰিছে। দলপতি হিচাপে অলপ সময়ৰ মূৰে মূৰে মই গ্ৰেকোক
অনুৰোধ কৰোঁ, “গ্ৰেকো, নেক্সট এক্সিটত গাড়ী ঘূৰাবা”। তেওঁ মোৰ পিনে চাই হাঁহি মাৰি
কয়, “ইয়েছ”। কিন্তু পিছৰ এক্সিটটোও পাৰ হৈ যায়। গ্ৰেকোৰ খবৰেই নাই।
গুডিনো ছাৰৰো খং উঠিল। তেওঁ উঠি আহি টানকৈ ধমক
লগাই ক’লে, “গাড়ী ৰখোৱা। আমাৰ অসুবিধা হৈছে”।
এইবাৰ গ্ৰেকোৱে কথা শুনিলে। এক্সিট এটাৰে সুমুৱাই
দি তেওঁ পেট্ৰ’ল পাম্প এটাত গাড়ী ৰখালে। পেট্ৰ’ল পাম্পটোৰ গাতে লাগি আছে এখন খোৱা
বস্তুৰ দোকান। কিন্তু আমাৰ হাতত পোলেণ্ডৰ মুদ্ৰা নাই। ইউৰো সলাই ল’বলৈ ওচৰত কোনো
ব্যৱস্থাও নাই। তাত থকা টয়লেট ব্যৱহাৰ কৰিবলৈও এক জলটি দিলেহে সোমাব পাৰি। মুদ্ৰা
দিলেহে জপনা খোল খায়। মুঠতে আমাৰ নাজল নাথল অৱস্থা হ’ল। দলপতি হিচাপে মোৰ দায়িত্ব
হ’ল, কিবা এটা ব্যৱস্থা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল।
গ্ৰেকোক বুজালোঁ, “চোৱা গ্ৰেকো, তুমি আমাক এনে
এখন ঠাইলৈ আনিলা, য’ত আমি ন খোৱা বস্তু কিনিব পাৰোঁ, না বাথৰূম ব্যৱহাৰ কৰিব
পাৰোঁ, এটা উপায় দিয়া”।
গ্ৰেকোৱে ক’লে, “ইয়েছ”। তেওঁ কি বুজিলে নাজানো,
মোৰ পৰা দহ ইউৰোৰ নোট এখন বিচাৰিলে। নোটখন দিয়াত তেওঁ নিজৰ দোকানলৈ গৈ কিবা কথা
পাতিলে আৰু উভতি আহি আমাক টয়লেটৰ পিনে আহিবলৈ নিৰ্দেশ দিলে। আমি শাৰী পাতি একন
একনকৈ সোমালোঁ। গ্ৰেকোৱে এটা এটা মুদ্ৰা দি জপনা খুলি দি থাকিল। সকলোৱে ফ্ৰেছ
হোৱাৰ পিছত গ্ৰেকোৱে আমাৰ সকলোৰে বাবে চুইং গাম কিনি আনিলে।
মানুহজনৰ কাণ্ড কাৰখানা দেখি আমোদ পালোঁ। ইউৰোপত
লগ পোৱ আন বাছ চালক সকলতকৈ গ্ৰেকো কিছু ব্যতিক্ৰম। আকৌ ছিগাৰেট দুটামান হুপি তেওঁ
বাছত উঠি ষ্টাৰ্ট দিলে। মই ক’লোঁ, “এইবাৰ পোনেই পোজনানৰ হোটেল নভোটেল দেই”। তেওঁ
হঁহি মাৰি ক’লে, “ইয়েছ”।
পোজনান পোৱাৰ পিছত মন কৰিলোঁ গ্ৰেকো বিমোৰত
পৰিছে। বাছখন এবাৰ ইটোপিনে নিয়ে, এবাৰ সিটো পিনে নিয়ে। তেওঁ যে হোটেললৈ বাট বিচাৰি
পোৱা নাই বুজিব পাৰিলোঁ। তেওঁ মাজে মাজে ডিঙি মেলি এনেকৈ চায় যেন অলপ আতৰতে
হোটেলখন আছে আৰু অলপ পিছত মূৰ জোকাৰি কয়, “নো নভোটেল”।
আমি আটায়ে বিমোৰত পৰিলোঁ। গ্ৰেকোৰ লগত কথা পাতি
বুজি পালোঁ, তেওঁ এজন খাটি জাৰ্মান। ইংৰাজী এক বিন্দুও বুজি নাপায়। আমি কোৱা কথা
তেও আকাৰে ইংগিতেৰেহে বুজি পাইছে। এইবাৰ তেওঁ অসহায় ভাৱে চাৱনিৰে বুজালেযে তেওঁ
হোটেলখন বিচাৰি পোৱা নাই।
গুডিনো ছাৰে গ্ৰেকোক বাছ ৰখাই নামি আন মানুহক
সুধিবলৈ ক’লে। ইউৰোপৰ কেইবাখনো দেশত ভাষাৰ সমস্যাৰ অববে ইংৰাজী অচল টকা হৈ পৰে।
গ্ৰেকোৱে বুজি পাই এঠাইত বাছ ৰখাই নামি গৈ কথা পাতি আহিল। আমি উত্কণ্ঠাৰে বাট চাই
ৰ’লোঁ। এইবাৰ উত্সাহেৰে বাছখন আন এটা বাটেৰে লৈ গ’ল। বহুপৰ ঘূৰি পকিও পিছে
গ্ৰেকোৱে হোটেলৰ সন্ধান উলিয়াব নোৱাৰিলে। আকৌ কৰুণ চাৱনিৰে তেও ক’লে, “নো নভোটেল”।
আমাউ মুখ শুকাই আহিল। কি কৰোঁ কি নকৰোঁকৈ মই
এনেয়ে মোবাইল ফোনটো হাতত লৈ ৱাই ফাই অন কৰিলোঁ। হোটেলত থাকিলে ৱাই ফাই ব্যৱস্থাৰে
ঘৰৰ লগত সংযোগ ৰাখোঁ। কিন্তু মোক আচৰিত কৰি বাটৰ মাজতো মোবাইল ফোনটোত জিলিকি উঠিল,
“ৱাই ফাই এভেইলেবল”। সংযোগ কৰি দেখিলোঁ সেয়া ফ্ৰি ৱাই ফাই। লগে লগে গুগল মেপ
বিচাৰি টাইপ কৰিলোঁ, “হোটেল নভোটেল, পোজনান”।
মোবাইলৰ পৰ্দাত সেই ঠাইৰ পৰা হোটেললৈ যোৱা বাটটো
নীলা ৰেখাৰে দেখুৱাই দিলে। গ্ৰেকোৰ চকুৰ আগত মোবাইলটো ডাঙি ধৰিলোঁ। তাক হোটেলৰ
অৱস্থানটোদেখুৱাই ক’লোঁ, “চোৱা সেয়া নভোটেল। পোনে পোনে গৈ থাকি ১০০ মিটাৰমান গৈ
সোঁফালে ঘুৰিবা। ইয়াৰ পৰা বেছি দূৰ নহয়”।
মোবাইলৰ নেভিগেচন অন কৰি গ্ৰেকোক নিৰ্দেশ দি গৈ
থাকিলোঁ। কেঁকুৰি এটা ঘূৰাৰ পিছতে হঠাতে গ্ৰেকোৱে সৰু ল’ৰাৰ দৰে স্ফূৰ্তিত চিঞৰি
উঠিল, “নোভোটেল, নোভোটেল”। সি মোক আঙুলি টোৱাই ওখ অট্টালিকা এটালৈ দেখুৱালে। মই
দেখিলোঁ তাত সঁচাকৈয়ে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে, “নোভোটেল”।
গ্ৰেকোৱে মোৰ মোবাইলটোত চুমা এটা খাই চিঞৰি উঠিল,
“ইয়েছ নভোটেল, ইয়েছ নভোটেল”।
No comments:
Post a Comment