Thursday, September 29, 2016

সীমান্ত দৰ্শন



২০০৪ চন মানৰ কথা।
ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ পৰা ১২০ কিল'মিটাৰ দূৰৈত আছে তানোট মন্দিৰ ৷
তানোট মন্দিৰৰ পৰা সাধাৰণ মানুহ পশ্চিমলৈ যোৱাত বাধা আছে। কিন্তু কোম্পানীৰ মানুহক পৰিচয় পত্ৰ দেখুৱলে যাবলৈ দিয়ে। কেইবাটাও তৈল খাদ সীমান্তৰ নিচেই ওচৰত আছে। দুখন দেশ বিভাজিত কৰা সীমান্তৰ বেৰখন দুটামান খাদৰ প্ৰায় গাতে লাগি আছে।
সেই তানোট সীমান্তৰ ওচৰতে আছে বৰ্ডাৰ কথাছবিত দেখুওৱা বিখ্যাত লংগেৱালা। সেই লংগেৱালাৰ যুদ্ধতে পাকিস্তানে মুখ থেকেচা খাইছিল। সেই স্থানত সেই যুদ্ধত ব্যৱহাৰ কৰা টেংক এখন সজাই থোৱা আছে আৰু সৈনিকৰ স্মাৰক এটা নিৰ্মাণ কৰি থোৱা আছে।
সীমান্তলৈ যোৱা বাটটোৰ দুয়োকাষে ভাৰতীয় সেনাৰ বাবে নিৰ্মাণ কৰি থোৱা আছে মাটিৰ তলৰ বাংকাৰ। সেনাৰ পৰা অনুমতি লৈ সেই বাংকাৰ সমূহত সোমাই চোৱাৰ সুবিধা পাইছিলোঁ। ৰাষ্টাৰ দুয়োকাষে মৰুভূমিৰ বালিৰ পাহাৰবোৰৰ আঁৰৰ পৰা যুদ্ধ কৰাৰ ব্যৱস্থা কৰি থোৱা আছে। যুদ্ধৰ সময়ত এই সমগ্ৰ অঞ্চলটো হৈ পৰে যুদ্ধক্ষেত্ৰ।
সীমান্তত ভাৰতীয় সেনাৰ কেইবাটাও পোষ্ট আছে। এবাৰ চাই আহোঁ বুলি 'শক্তি' নামৰ পোষ্টটোৰ ওচৰ পাইছিলোঁ। সেনাৰ মানুহে আমাৰ গাড়ীখন হুইছেল মাৰি দূৰতে ৰাখিবলৈ সংকেত দিছিল। কেইবাজনো সশস্ত্ৰ সৈনিক বন্দুক টোৱাই আগবাঢ়ি আহিছিল। সেই অঞ্চলত সাধাৰণ মানুহৰ আহ যাহ নিষিদ্ধ। আমি সেই নিয়ম ভংগ কৰিছিলোঁ।
কোম্পানীৰ পৰিচয় পত্ৰ চাই তেওঁলোকে সন্তুষ্ট হৈছিল। আমি পোষ্টটোৰ ভিতৰত সোমাবলৈ অনুমতি পাইছিলোঁ। এটা দুৰ্গৰ দৰে সুৰক্ষিত পোষ্টটোৰ ওপৰত ভাৰতৰ পতাকা উৰি আছিল। সেনাৰ জোৱান সকলে আমাক অভিবাদন জনাইছিল। বহুদিনৰ মূৰত সাধাৰণ মানুহ দেখি তেওঁলোকে ভাল পাইছিল।
ওখ নিৰীক্ষণ টাৱাৰটোত সাধাৰণতে উঠিবলৈ নিদিয়ে। কিন্তু আমি পাকিস্তানৰ পোষ্ট চাব বিচৰাত অলপ সময়ৰ বাবে উঠিবলৈ অনুমতি পাইছিলোঁ। ওপৰত থকা সৈনিকজনে দুৰবীণ যোগে আমাক চাবলৈ দিছিল। দেখিছিলোঁ সীমান্তৰ সিপাৰে থকা পাকিস্তানত পোষ্ট আৰু তাত উৰি থকা সেউজীয়া পাকিস্তানৰ পতাকা। ভাবিছিলোঁ, আমি তেওঁলোকক চাই থকাৰ দৰে তেওঁলোকেও হয়তো আমাক চাই আছে।
সেনাৰ জোৱানজনে কৈছিল, পাকিস্তানী সেনাক সদায় নজৰত ৰাখিব লাগে। তেওঁলোকে প্ৰায়েই কিবা নহয় কিবা হৰকত কৰি থাকে। কেতিয়াবা অপ্ৰৰোচিত ভাৱে গুলীয়াগুলি কৰে। কেতিয়াবা অকাৰণত সৈনিকৰ কুচ কাৱাজ কৰে। তেওঁলোকৰ উদ্দেশ্য বুজি প্ৰয়োজনমতে সেনাক সাৱধান কৰি দিয়াটো নিৰীক্ষণ টাৱাৰত কৰ্তব্য কৰি থকা জোৱানজনৰ কাম।
সেনা বাহিনীৰ জোৱান কেইজনমানৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছিল, পাকিস্তানে কেতিয়াবা অপ্ৰৰোচিত ভাৱে অলপ অচৰপ হৰকত কৰিলেও ভাৰতীয় সেনাই বিশেষ কৰিব নোৱাৰে। কাৰণ উভতি আক্ৰমণ কৰিবলৈ অনুমতি ল’ব লাগে। তেওঁলোকৰ মতে যুদ্ধ হ’লে পাকিস্তানে তিস্থিবই নোৱাৰিব। কিন্তু ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণ নকৰাৰ আদৰ্শত অটল থকাৰ বাবে পাকিস্তানে সুবিধা লৈ থাকে।
কিন্তু এতিয়া হয়তো পাকিস্তানে আৰু বেছি সুবিধা লৈ থাকিব নোৱাৰিব। পাকিস্তানৰ হৰকত সহ্য কৰি থকাৰ সলনি ভাৰতে পকিস্তান অধিকৃত কাশ্মীৰত আক্ৰমণ কৰি ৰণনীতিৰ পৰিৱৰ্তন কৰিছে। এই পৰিৱৰ্তনে দেশবাসীৰ লগতে সেনা সকলৰ মনোবলো হয়তো বৃদ্ধি কৰিছে।
এই অভিযান সফল কৰি তোলা প্ৰতিজন সেনা জোৱানলৈ প্ৰনাম কৰিছোঁ।

Saturday, September 24, 2016

নিউ মুন লাইট হাউছ বোট

 বাৰে বাৰে গুলাম ভাইক ফোন কৰিছিলোঁ। “পৰিস্থিতি ঠিকে আছেনে? আমাৰ একো অসুবিধা নহয়তো”?
“আপুনি চিন্তাই নকৰিব। একো অসুবিধা নহয়”, তেওঁ আশ্বাস দিছিল।

“ফেমিলী লৈ গৈ আছোঁ, লগত মা দেউতাহঁতো যাব, তেওঁলোক বয়সস্থ মানুহ। একেবাৰে নিশ্চিত হ’লেহে কওক”, মনত শংকা আছিল।

“একেবাৰে ভয় নাখাব। আমাৰ হাউছ বোটত আপোনালোকক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিম”।

গুলাম ভাইৰ পৰা ফোনযোগে পোৱা আশ্বাসতে কাশ্মীৰলৈ যাবলৈ সাহস কৰিছিলোঁ। ২০১১ চনৰ মাৰ্চ মাহত শ্ৰীনগৰত সপৰিয়ালে কেইদিনমান কটাই অহাৰ পৰিকল্পনা কৰিছিলোঁ। ডাল লেকৰ ‘নিউ মুন লাইট’ হাউছ বোটত আমাৰ থকাৰ ব্যৱস্থা হৈছিল। সেইবছৰ কাশ্মীৰত যথেষ্ট সংখ্যক পৰ্যটক গৈছিল। আমিও সাহস কৰি ওলাইছিলোঁ।

সম্বন্ধীয় মানুহ আৰু বন্ধু বান্ধৱ বহুতেই কৈছিল, কাশ্মীৰত হঠাতে বোমা ফুটে, গুলীয়াগুলি হয়। অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। একেৰাহে কেইবাদিনো সকলো বন্ধ হৈ যায়। যুদ্ধসদৃশ পৰিস্থিতি হয়। তথাপি মনে কৈছিল, ইমানবোৰ মানুহ সাহস কৰি কাশ্মীৰলৈ ফুৰিবলৈ গৈছে, আমিনো নাযাম কিয়? কাশ্মীৰৰ পৰিস্থিতি পুনৰ বেয়া হৈ গ’লে পুনৰ সেই সুযোগ নাপাবও পাৰোঁ। ডাল লেকৰ হাউছবোটত থকাৰ অপূৰ্ব সুযোগ আৰু নাপাবও পাৰোঁ।

নতুন দিল্লীৰ পৰা যোৱা ইণ্ডিগোৰ বিমানখন শ্ৰীনগৰ বিমানকোঠত অৱতৰণ কৰিব নোৱাৰি যেতিয়া আকাশমাৰ্গত বহু সময় জুৰি ঘূৰি আছিল এক অজান আশংকাত বুকু কঁপি উঠিছিল। পাইলটে যেতিয়া অভয় দি কৈছিল, বতৰ বেয়া হোৱাৰ বাবেহে অৱতৰণ কৰাত দেৰী হৈছে, তেতিয়াহে মুখলৈ পানী আহিছিল।

গুলাম ভাই বিমানকোঠলৈ আহিছিল আমাক আদৰি নিবলৈ। তেওঁ অনা গাড়ীখনতে বহি ডাল লেকৰ পাৰ পাইছিলোঁ। বাটত দেখিছিলোঁ পুলিছ, মিলিটাৰীৰ টহল। অসম আন্দোলনৰ সময়ৰ কথা মনলৈ আহিছিল। পৰ্যটককে ধৰি সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবেই হয়তো আছিল এই ব্যৱস্থা।

মাৰ্চৰ শেষতো শীতে কঁপাইছিল। বেগ খুলি গৰম কাপোৰ উলিয়াই ল’বলৈ বাধ্য হৈছিলোঁ।

ডাল লেকৰ অসংখ্য হাউছ বোটৰ মাজতে আছে গুলাম ভাইৰ হাউছ বোট ‘নিউ মুন লাইট’।

গুলাম ভাইৰ হাউছবোটৰ সাজ সজ্জা দেখি চকু ঠৰ হৈ গৈছিল। কাৰ্পেটেৰে ঢকা, নানান কাৰু কাৰ্যৰ আচ বাবেৰে ভৰ্তি একোটা কোঠা। পানীত ওপঙি থকা জাহাজ এখনত এনে কোঠা একোটা থকাৰ কথা কল্পনা কৰিবই নোৱাৰি। এখন ভাল হোটেলৰ সকলো সুবিধাই আছে।

হাউছ বোট গুলাম ভাই হঁতৰ পৰিয়ালৰ ফেমিলী বিজনেছ। ভাই ককাই আটাইকেইজনে আলহীৰ সোধ পোচ কৰে। ঘৰত বনোৱা সুস্বাদু আহাৰ খুৱায়। যেনেদৰে বিচাৰোঁ তেনেদৰেই খাদ্য বনাই আমাক খুৱালে। গুলাম ভাইৰ পৰিয়ালৰ মানুহ হবিব, বিলাল, হাফিজ আদিয়ে ঘনে ঘনে খবৰ লৈ আমাক নিজৰ মানুহৰ দৰে আদৰ সাদৰ কৰি ৰাখিলে।

গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি গুলমাৰ্গ, পেহেলগাম, সোণমাৰ্গ আদি ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। হাউছ বোটৰ পৰা ছিকাৰাত উঠি ডাল লেকত ঘূৰি ফুৰিছিলোঁ। ডাল লেকত থকা ওপঙা বজাৰ (ফ্লোটিং মাৰ্কেট) বোৰ চাইছিলোঁ।
সেই সময়ত ভাৰতত বিশ্ব কাপ ক্ৰিকেট প্ৰতিযোগিতা হৈছিল। আমি কাশ্মীৰত থকা সময়খিনিত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেলখন হৈছিল। গুলাম ভাইৰ হাউছ বোটৰ কাঠৰ মজিয়াৰ কাৰ্পেটৰ ওপৰত হবিব, বিলাল, হাফিজ আৰু হাইছ বোটত কাম কৰা দুই এজন কৰ্মচাৰীৰ লগত একেলগে টি ভিত খেল চাইছিলোঁ। পাকিস্তান দলৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰত্যক্ষ কৰিছিলোঁ। পাকিস্তান খেলখনত জিকিছিল। তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হৈছিল। শ্ৰীনগৰ চহৰৰ কেইবাঠাইৰ পৰা ফটকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। তেওঁলোকে নাচি বাগি স্ফূৰ্তি কৰা দেখি তেওঁলোকৰ অন্তৰত থকা পাকিস্তান প্ৰীতি বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ।

পাকিস্তানৰ খেলৰ পিচদিনাই আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ কোৱাৰ্টাৰ ফাইনেল খেল। সেইখন খেলো আটায়ে একেলগে উপভোগ কৰিছিলোঁ। সেইখন খেলত হবিব ভাই, বিলাল ভাই হঁতে বৰতৰ পক্ষ লোৱা দেখিছিলোঁ। পাকিস্তানক যিদৰে সমৰ্থন কৰিছিল, ভাৰতকো ঠিক একেদৰেই সমৰ্থন কৰিছিল। সেইখন খেলত ভাৰত জিকিছিল। ভাৰত জিকা কাৰণে তেওঁলোক আনন্দিত হৈছিল। ভাৰত জিকাৰ পিছত অৱশ্যে ফটকাৰ শব্দ শুনা নাছিলোঁ।

বিলাল ভাইক সুধিছিলোঁ, তেওঁলোকে ভাৰতক সমৰ্থন কৰে নে পাকিস্তানক? তেওঁ সৰু মাতেৰে কৈছিল, “ভাৰতে আন দেশৰ বিৰুদ্ধে খেলিলে আমি ভাৰতকে সমৰ্থন কৰোঁ, কিন্তু পাকিস্তান যি দলৰেই লগত নেখেলক কিয়, পাকিস্তান জিকাটো বিচাৰোঁ। ভাৰত পাকিস্তানৰ খেল হ’লে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

“কিয়? তোমালোকে পাকিস্তানক কিয় ইমানকৈ সমৰ্থন কৰা”? মই আচৰিত হৈছিলোঁ।

বিলাল ভায়ে তেওঁৰ পাইজামাটো ডাঙি তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰা অংশ এটা দেখুৱাই কৈছিল, “মোৰ এই জখম কিহৰ কাৰণে জানেনে? ভাৰতীয় সেনাই মোক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি গুলীয়াইছিল। এনেদৰে ভাৰতীয় সেনাই বহুতো কাশ্মীৰি যুৱকক পংগু কৰিছে। বহুতো ছোৱালীৰ সৰ্বনাশ কৰিছে। আমি কাশ্মীৰৰ আজাদী বিচাৰোঁ। পাকিস্তানে আমাক সমৰ্থন কৰে। সেইকাৰণে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

তেওঁৰ কথা শুনি ভয় খাইছিলোঁ। সুধিছিলোঁ, “আমাৰ ওপৰত যদি হঠাতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে তোমালোকে আমাক বচাবানে? নে তোমালোকে তেওঁলোকৰ লগ হৈ ল’বা”?

“আপোনালোকে নিশ্চিন্ত থাকক। সন্ত্ৰাসবাদীয়ে আমাৰ লাচৰ ওপৰেৰে পাৰ হৈহে আপোনালোকক চুব পাৰিব। 

আপোনালোক আমাৰ মেহমান। আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰি আমি বাচি আছোঁ। আপোনালোকক প্ৰাণ দি হ’লেও আমি ৰক্ষা কৰিম”। বিলাল ভায়ে প্ৰত্যয়েৰে কৈছিল।


Saturday, September 17, 2016

দাঢ়িৱালা বিশ্বকৰ্মা


ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ কথা। ২০০৪ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে মোৰ এজন কনিস্থ সহকৰ্মীক লৈ জয়ছালমেৰ চহৰ চলাথ কৰিলোঁ। আমাক বিশ্বকৰ্মা পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তি এটা লাগে। আচৰিত হ’লোঁ, দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিখ্যাত চহৰখনত ক’তো বিশ্বকৰ্মাৰ মূৰ্তি পাবলৈ নাই।

জয়ছালমেৰ চহৰৰ পৰা ১২০ কিলোমিটাৰ আতৰত তানোটত আমাৰ কাম চলিছিল। তনোট হ’ল ভাৰতৰ পশ্চিম সীমন্তৰ শেষ জনবসতি থকা গাওঁ। তাৰ পৰা কেই কিলোমিটাৰমান আতৰত পাকিস্তান সীমন্ত। তানোটত সেনা বাহিনীৰ এখন গেট আছে। সেনাৰ বাহিৰে আন মানুহক সেই গেট অতিক্ৰম কৰি সীমান্তৰ পিনে যাবলৈ নিদিয়ে। কিন্তু আমাৰ কেইবাটাও তৈলখাদ সীমান্তৰ ওচৰে পাজৰে থকা বাবে বিশেষ অনুমতি লৈ তানোটৰ আগলৈও যাব পাৰিছিলোঁ। 

তানোটত আমাৰ কেম্প আছিল। কেম্পৰ ওচৰতে আছিল বিখ্যাত তানোট মাতাৰ মন্দিৰ। এই মন্দিৰটো চাবলৈ ভাৰতৰ বহুতো ঠাইৰ মানুহ আহে। সেনা বাহিনীয়ে পৰিচালনা কৰা এই মন্দিৰটোত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে কেইবাটাও বোমা নিক্ষেপ কৰিছিল। কিন্তু তানোট মাতাৰ কৃপাত এটাও বোমা নুফুটিল। সেই নুফুটা বোমাবোৰ নিষ্ক্ৰিয় কৰি মন্দিৰটোৰ ভিতৰত সজাই ৰখা হৈছে। ৰাতিপুৱা আৰু আবেলি মন্দিৰটোত আৰতি হয় আৰু মাইকযোগে সেই আৰতিৰ শব্দ বহুদূৰলৈ শুনিবলৈ পোৱা যায়।

মই তানোটত থকাৰ সময়তে বিশ্বকৰ্মা পূজা আহিছিল। দুলীয়াজানত ধুমধামকৈ বিশ্বকৰ্মা পূজা পতা হয় কাৰণে আমাৰ বিভাগৰ কৰ্মী সকলৰ লগত মিলি ঠিৰাং কৰিলে যে আমি তানোটতো বিশ্বকৰ্মা পূজা পাতিম। সমস্যা হ’ল  মৰুভূমিৰ মাজত থকা তানোটত দিয়াচলাই এটাও পোৱা নাযায়। আমি পূজা পাতিবলৈ হ’লে ৬০ কিল’মিটাৰ আতৰত থকা ৰামগড়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আনিব লাগিব। পূজা পাতিবলৈ অন্তত: এটা বিশ্বকৰ্মাৰ মূৰ্তি লাগিব। সেয়েহে ততাতৈয়াকৈ ৰামগড়লৈ ওলাই গ’লোঁ। ৰামগড়ত পূজাৰ সামগ্ৰী পালোঁ যদিও ক’তো মূৰ্তি পাবলৈ নাই। ৰামগড় অভিযান ব্যৰ্থ হোৱাত ডাঙৰ চহৰ জয়ছালমেৰলৈ ঢাপলি মেলিলোঁ।

জয়ছালমেৰত বহুত ঘূৰি পকিও ক’তো হাতীৰ লগত থিয় হৈ থকা বিশ্বকৰ্মাৰ মূৰ্তি বিচাৰি নাপালোঁ। উপায় নাপাই বিশ্বকৰ্মাৰ ফটো বিচাৰিলোঁ। দোকান এখনত বিশ্বকৰ্মাৰ নামত যিখন ফটো উলিয়াই দিলে সেইখন দেখি আমাৰ মূখৰ মাত হৰিল। এমূখ দাঢ়িৰে পদুম ফুলৰ ওপৰত বহি থকা বিশ্বকৰ্মা। ওচৰত এটা ৰাজহাঁহ। হাতীৰ চিন মোকাম নাই। তেওঁলোকে আমাক বুজাই দিলে, ৰাজস্থানত সেইজনেই হ’ল বিশ্বকৰ্মা।

উপায় নাঅপই দাঢ়িমুখীয়া হাতী নথকা বিশ্বকৰ্মাৰ ডাঙৰ আকাৰৰ ফটো এখন লৈ তানোট পালোঁহি। ফটোখন দেখিয়েই মানুহ বোৰে ইচ আচ কৰিবলৈ ধৰিলে।

-       - ছাৰ, যিয়েই নহওক আমি এইজনক বিশ্বকৰ্মা বুলি মানিব নোৱাৰোঁ ।

-       - ৰাজস্থানত বোলে এইজনেই বিশ্বকৰ্মা, বহুত বিচাৰিও আমাৰ জনৰ দৰে বিশ্বকৰ্মা বিচাৰি নাপালোঁ।

-       - ছাৰ আমাক মুখত দাঢ়ি থকা বিশ্বকৰ্মা নালাগে।

-       - হেৰা মৰুভুমিত ক’ত সদায় দাঢ়ি খুৰাবলৈ পানী পাব? সেইকাৰণে ইয়াতে দাঢ়িৱালা বিশ্বকৰ্মাৰ পূজা পাতে।

-      -  কিন্তু হাতীটো নাথাকিলে কেনেকৈ হ’ব ছাৰ। হাতী নাথাকিলে বিশ্বকৰ্মা হ’বই নোৱাৰে।

-       - মৰুভূমিত ক’ত হাতী থাকেহে? সেই কাৰণে ৰাজহাঁহ এটাকে দিছে।

মানুহবোৰক বুজাইছোঁহে বুজাইছোঁ, তেওঁলোকে নামানে। মুঠতে দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মা লাগিবই। দাঢ়িৱালা, হাঁহ থকা বিশ্বকৰ্মাৰ পূজা তেওঁলোকে নকৰে।

শেষত উপায় নাপাই ৰামগড়লৈ দৌৰ মাৰিলোঁ। ডাঠ কাগজ আৰু ৰঙীন পেঞ্চিল কিনি আনিলোঁ। ৰাতি ডাঙৰ কাগজ এখন লৈ তাত আমাৰ চিনাকী দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মাৰ ছবি আঁকি পেলালোঁ। ৰাতিপুৱা সেইখন চাইহে ৰাইজৰ মুখলৈ পানী আহিল।

সেইজন ছবিকে সমুখত লৈ পূজাৰ ব্যৱস্থা কৰা হ’ল। মন্দিৰৰ পূজাৰী এজনক পূজা কৰিবলৈ মাতি অনা হ’ল।

ছবিখন দেখিয়েই পূজাৰীজনে চিঞৰি উঠিল – য়ে কৌন চা ভগৱান কা পিকচাৰ হেই।

-       য়ে বিশ্বকৰ্মা হেই। আছাম মে বিশ্বকৰ্মা এইছাহি হোতা হেই।

-       এইছা কিউ হেই?

-      ৱহা জংগল হেই না, ইছলিয়ে বিশ্বকৰ্মা হাথী পে চঢ়কে আতা হেই। আপ ৱহ চব ছোৰিয়ে, আপ বচ পূজা কিজিয়ে।

(সংযোজন: পশ্চিম ভাৰতৰ মানুহে ব্ৰহ্মাকে বিশ্বকৰ্মা বুলি মানে। ব্ৰহ্মাই আছিল সেই দাঢ়িৱালা বিশ্বকৰ্মাজন)