Friday, December 18, 2015

নিয়মানুৱৰ্তিতাৰ পাঠ




বাৰ্লিনৰ কথা। ব্যৱস্থাপনা প্ৰতিস্থানৰ পৰা শিক্ষামূলক ভ্ৰমণত যোৱা আমাৰ বাৰ জনীয়া দলটোৱে বাৰ্লিনৰ ESCP কেম্পাচত ক্লাছ কৰিবলগীয়া হৈছিল। আমি থকা হোটেল খনৰ পৰা ক্লাছ হোৱা ঠাইখনলৈ ভালেমান দূৰ। এচোৱা মেট্ৰ’ ৰে’লত উঠি, এচোৱা বাছেৰে গৈ, এচোৱা খোজকাঢ়ি কেম্পাছ পাবগৈ পাৰি।

আমাৰ ইউৰোপৰ থকা মেলা আৰু শিক্ষাৰ দায়িত্বত আছিল মেডাম জোছিয়েন। তেওঁ পেৰিছৰ পৰা বাৰ্লিনলৈ আহিছিল আমাৰ দলটোৰ বাবেই আহিছিল। মেডাম জোছিয়েন সুগঢ়ী, মৰমিয়াল কিন্তু নিয়ম পালনত খুব কঢ়া। তেওঁৰ নিৰ্দেশৰ ইফাল সিফাল হোৱাটো তেওঁ পচন্দ নকৰে।

দুদিনমান ক্লাছ কৰাৰ পিছত এদিন মেডাম জোছিয়ানে আমাৰ দলটোলৈ খবৰ পঠিয়ালে যে, এটা বিশেষ কাৰণত তেওঁ সময়মতে আহিব নোৱাৰে। আমি নিজে নিজে প্ৰতিস্থানলৈ যাব লাগে। তেওঁ ইতিমধ্যে কোন বাটেৰে, কোনখন ৰে’লত উঠিব লাগে, ৰে’লৰ পৰা নামি কিমান নম্বৰ বাছ ধৰিব লাগে সকলো বুজাই দিছিল। তেওঁ দঢ়াই দঢ়াই ক’লে আমি যাতে সময় মতে উপস্থিত হওঁ।

বাৰ্লিনত মেট্ৰ’ ৰে’ল মাটিৰ ওপৰেৰেও চলে, তলেৰেও চলে। সঠিক বাট বিচাৰি উলিয়াবলৈ মেপৰ সহায় লোৱাৰ বাহিৰে উপায় নাই। মাটিৰ তেলেৰে যোৱা বোৰক U Bahn আৰু মাটিৰ ওপৰেৰে যোৱা বোৰক S Bahn  বুলি কোৱা হয়। জাৰ্মান Bahn  শব্দটোৰ লগত সংস্কৃতৰ বাহন শব্দৰ মিল থকা যেন লাগে, কাৰণ Bahn শব্দটোৱে ৰে’ল পৰিবহন বুজায়। জালৰ দৰে সমগ্ৰ বাৰ্লিন চহৰ বিয়পি থকা U Bahn  আৰু  S Bahn  মেপৰ পৰা নিচাৰি উলিওৱাও মস্কিল।

মেডাম জোছিয়েন সময়মতে আহিব নোৱৰাটো আমাৰ দলৰ বহুতৰে বাবে ভাল খবৰ হৈ পৰিল। দলপতি হিচাপে মই সময়মতে যাবলৈ সকলোকে অনুৰোধ কৰিলোঁ।
“আজি আমি কিয় ইমান সোনকালে যাম? ইমান ঠাণ্ডা খনত অলপ দেৰিকৈ ওলালেহে ভাল লাগিব”।

“জোছিয়েনে ইমান সোনকালে লৈ গৈ সদায় আমাক ব’ৰ কৰে”।

কেইজনমান নাচোৰবান্দা। কোনোপধ্যে সোনকালে নাযায়।

মেডামে আমাক দহ বজাৰ ক্লাছৰ বাবে চাৰে আঠ বজাতে হোটেলৰ পৰা লৈ যায়। প্ৰতিস্থানটোলৈ গৈ আধা ঘণ্টাতকৈও বেছি সময় ৰ’ব লগীয়া হয়। আমি আধা ঘণ্টা দেৰীকৈ ওলালোঁ। আমাৰ হিচাপত আধা ঘণ্টা দেৰীকৈ গ’লেও সময়মতে গৈ পাম।

কিন্তি আধা ঘণ্টা দেৰীকৈ যোৱা বাবে আমি নিৰ্দিষ্ট ঠাইলৈ সেই সময়ত যোৱা কোনো ৰে’ল বিচাৰি উলিয়াব নোৱাৰিলোঁ। আমি উপায় নাপাই টেক্সী ল’বলগীয়া হ’ল। টেক্সীত অধিক পইচা ভৰি আমি যেতিয়া ক্লাছ পাওঁগৈ, ইতিমধ্যে ক্লাছ আৰম্ভ হৈছে।

মেডাম জোছিয়েন আমাৰ ওপৰত ক্ষুন্ন হ’ল। ক্লাছ হোৱাৰ পিছতে তেওঁ মোক আছুতিয়াকৈ মাতি লৈ গ’ল। মই ভাবিলোঁ দলপতি হিচাপে মই গালি খাব লগীয়া হ’ব।

কিন্তু মেডাম জোছিয়েনে দুকাপ কফিৰ সৈতে এঠাইত বহি লৈ মোক ভদ্ৰ ভাবেৰে সময়ৰ মূল্য বুজাবলৈ আৰম্ভ কৰিলে। তেওঁৰ নিৰ্দেশ নামানি আমি যে চৰম দায়িত্বহীনতাৰ পৰিচয় দিছোঁ বুজাই দিলে। দলপতি হিচাপে মই মোৰ কৰ্তব্যত অৱহেলা কৰাৰ বাবেও মৃদু ককৰ্থনা কৰিলে। সময়ৰ মূল্য আৰু নিয়মানুৱৰ্তিতা পালন নকৰাৰ বাবে আমি অধিক মূল্য ভৰি টেক্সী লৈ আহিবলগীয়া কথটোৰ বাবে তেওঁ দূখ প্ৰকাশ কৰিলে। ভৱিষ্যতে যাতে এনে ঘটনা কেতিয়াও নহয়, তাৰ বাবেও সকীয়াই দিলে।

সেইদিনা মেডামৰ আগত বৰ লাজ পালোঁ। লগতে ভালদৰে বুজি পালোঁ যে ভাৰতীয় হিচাপে এতিয়াও বহুত কথা বিদেশীৰ পৰা আমাৰ শিকিবলগীয়া আছে।

No comments:

Post a Comment