Saturday, December 5, 2015

চুটকেচ টনা মানুহ


প্ৰাগ চহৰ। চেক গণৰাজ্যৰ ৰাজধানী। ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা কৰি থকা সময়ত এটা শিক্ষামূলক ভ্ৰমণত বাৰ জনীয়া দল এটাৰ অংশ হিচাপে প্ৰাগলৈ গৈছোঁ। ইউৰোপৰ কেইবাখনো দেশ সামৰি দীঘলীয়া ভ্ৰমন। মোৰ লগত এটা ডাঙৰ চুটকেচ আৰু এটা আহল বহল বেগ।

ভাৰতত মে’ মাহৰ গৰম দিন। দিল্লী গৰমত উতলি আছে। দিল্লীত ষ্পোৰ্টিং পিন্ধিয়েই বিমানত উঠিছিলোঁ। গৰম কাপোৰবোৰ লাগেজত দিছোঁ। ইউৰোপৰ ঠাণ্ডাৰ বাবে সাজু হৈ আহিছোঁ। গৰম কাপোৰৰ ভৰত চুটকেচ ওফন্দি আছে। কিন্তু তাৰে এটা উলিয়াই ল’বলৈ মগজত নেখেলালে।

বিমানত বাকী লগৰীয়াবোৰে চুৱেটাৰ, জেকেট উলিয়াওঁতেহে মনলৈ আহিল যে মই ভাল মূৰ্খামি কৰিলোঁ।

আঠ ঘণ্টা যাত্ৰাৰ পিছত ৰাতি ন’ বজাত প্ৰাগত নামি ঠাণ্ডাত কঁপিবলৈ ধৰিলোঁ। লাগেজ আহি পোৱৰ পিচত ততাতৈয়াকৈ মোৰ ডাঙৰ চুটকেচটো খুলি গৰম কাপোৰ উলিয়াই পিন্ধি ল’লোঁ। ঠাণ্ডা লাগি ইতিমধ্যে ডিঙিটো চেৰচেৰাইছে।

ৰাতি দহ মান বজাত হোটেল পালোঁহি। সকলোপিনে সুন্দৰ, চালে চকুৰোৱা চহৰ। ৰাতি দহ বজাতো চহৰখনত মানুহ আৰু গাড়ীৰ খদমদম চলি আছে।

বেগটো কান্ধত লৈ চকা থকা চুটকেচটো চলাই তিনি মহলাত থকা মোৰ কোঠাৰ সন্মুখত ৰঁলোগৈ। ৰিচেপচনত দিয়া কাৰ্ডখন দুৱাৰদলিত থকা বিন্ধাৰে সুমুৱাই দিলোঁ। দুৱাৰ নোখোলে। লাহেকৈ হেণ্ডেলডাল ঘূৰাই চালোঁ। নাই নহৈছে। “যা বাপেক্কে” বুলি হাতৰ চুটকেচ এৰি বীৰদৰ্পে দুৱাৰৰ হেণ্ডেলডাল গাৰ জোৰেৰে পকাই দিলোঁ।

দুৱাৰ খুলিল হয়, পিছে ট্ৰলী হেণ্ডেল উলিয়াই থোৱা মোৰ চুটকেছটো প্ৰথমতে বেৰত তাৰ পিছত মজিয়াত খুন্দিয়াই বাগৰি পৰিল। ট্ৰলী হেণ্ডেলৰ এচোৱা এৰাই গ’ল। ট্ৰলী হেণ্ডেলত টানি সেইটো ব্যৱহাৰ কৰিব নোৱৰা অৱস্থা হ’ল।

ৰাতি খাবলৈ বুলি আটাইজাক ওলাই আহিলোঁ। মোৰ চিন্তা হ’ল মোৰ চুটকেচটো কোনেকৈ ঠিক কৰিব পৰা যায়। লগৰীয়া বোৰক এৰি মই চুটকেচ ভাল কৰা দোকান ক’ৰবাত পাওঁ নেকি বিচাৰি ফুৰিলোঁ। বহুদূৰ আগবাঢ়ি গ'লোঁ। চহৰখন নৈশ আলোকত, নৈশ ক্লাব সমূহেৰে গিজগিজাই আছে। ক’ত পাম?  ক’ৰবাত কিবা এটা খাই উভতি আহিলোঁ। লগৰ জাকে বেছ জমালে বুলি পিচত জানিব পাৰিলোঁ।

পিচদিনা চাৰ্লচ ব্ৰিজ আৰু প্ৰাগ কেচল চাবলৈ সকলো ওলাই গ’লোঁ। হোটেলৰ পৰা চাৰ্লচ ব্ৰিজলৈ প্ৰায় পাঁচ কিল’মিটাৰ বাট। কিন্তু গোটেই বাটটো সুন্দৰকৈ সজোৱা। বিধে বিধে দোকান পোহাৰ। খোৱা বোৱাৰ দোনাকৰ সমাহাৰ। লগৰীয়াবোৰে ইটো চাইছে, সিটো চাইছে। মই পিছে একোতেই মনযোগ দিব পৰ নাই। মোৰ চুটকেচটো টানিব নোৱৰা হৈ আছে। কিবা এটা কৰিবই লাগিব। মই চুটকেচ মেৰামতি কৰা দোকান বিচাৰি ফুৰিলোঁ।

এঠাইত  বিভিন্ন মনোহাৰী বস্তু ৰখা দোকান এখন পালোঁ। দোকানীজনক মোৰ সমস্যাটোৰ কথা বুজাই ক’লোঁ। তেওঁ মোৰ হাতত এডাল বেল্ট তুলি দিলে। বেল্ট ডালৰ আকাৰ প্ৰকাৰ চাই মোৰ বৰ এটা ভাল নালাগিল।

“এই বেল্ট ডাল কি কামত ব্যৱহাৰ হয়”? মই সুধিলোঁ।

“কুকুৰ বান্ধিবলৈ। কিন্তু বেল্টডাল বেছ মজবুট। আপুনি চুটকেচটোত লগাই টানি লৈ ফুৰিব পাৰিব। কোনো অসুবিধা নহয়”।

কথাতে কয় বোলে, নাই মোমাইতকৈ কণা মোমায়েই ভাল। সেইদাল বেল্টকে কিনি আনি চুটকেচত ফিটিং কৰি দিলোঁ।

পিছদিনা আমি হোটেলৰ পৰা ওলোৱাৰ দিনা বেল্টডালত টানি যেতিয়া মই চুটকেচটো টানি টানি বাছ এখনত উঠাইছিলো, বহুত মানুহে ঘূৰি ঘূৰি চাইছিল। কুকুৰ বন্ধা বেল্টেৰে চুটকেচ টনা মানুহ আগতে হয়তো কোনেও দেখাই নাছিল।

No comments:

Post a Comment