Saturday, November 28, 2015

Top of Europe


২০১২ চনৰ মে’ মাহৰ কথা। ছুইজাৰলেণ্ডৰ জুৰিখ চহৰৰ পৰা জাংফ্ৰো (Jangfraujoch) নামৰ এখন ধুনীয়া ঠাইলৈ ৰাতিপুৱাই সপৰিয়ালে ওলাইছোঁ। আমাৰ লগত পৰিয়ালৰ সৈতে আন এটা প্ৰায় পঁচিশ জনীয়া দল। আমি একেলগে গৈ একেলগে ঘূৰি অহাৰ পৰিকল্পনা।
জাংফ্ৰো হৈছে আল্পছ পৰ্বতমালাৰ মুধছ। সেয়েহে ইয়াক Top of Europe বোলা হয়। হিমালয়ৰ ওখ ওখ শৃংগলৈ কেতিয়াবা ৰে’লপথেৰে যাব পৰা হয় নে নাই নাজানো, কিন্তু ইউৰোপৰ সৰ্বোচ্চ স্থানলৈ যাবলৈ পৰ্যটকৰ বাবে ৰে’ল লাইন আছে। জাংফ্ৰো ৰে’লেৱে ষ্টেছন বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে ষ্টেছন আৰু সেই ষ্টেছনৰ লগতে সংলগ্ন হৈ আছে ‘টপ অফ ইউৰোপ’ নামৰ পৰ্যটকস্থল।
জুৰিখ চহৰৰ পৰা লাউটাৰব্ৰুনেন (Lauterbrunnen) নামৰ ঠাইখনলৈ বাছেৰে যাত্ৰা কৰিলোঁ। লাউটাৰব্ৰুনেনৰ পৰা জাংফ্ৰো অভিমুখী ৰে’ল ধৰিব পাৰি।
লাউটাৰব্ৰুনেনত বাছৰ পৰা নামি নিজৰ টিকট লৈ ৰে’লগাড়ীত উঠিলোঁ। বাছখন তাতেই ৰৈ থাকি আমাৰ দলটোক ওভতাই নিয়াৰ কথা। ৰে’লখন ক্ৰমাৎ ওপৰলৈ যাবলৈ ধৰিলে। সেই যাত্ৰাটোত চকুত পৰা প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। ছুইজাৰলেণ্ডৰ বিশাল সেউজ ভূমি, ধুনীয়া ধুনীয়া ঘৰেৰে একোখন সৰু সৰু গাওঁ, চালে চকুৰোৱা দৃশ্য।
এই ৰে’লখনেৰে আমি ক্লেইন ছিডেগ (Kleine Scheidegg) নামৰ আন এখন ঠাই পালোঁগৈ। তাৰ পৰা জাংফ্ৰোলৈ যাবলৈ বেলেগ ৰে’লগাড়ী ধৰিব লাগে। আমাৰ দলৰ সকলোৱে সিদ্ধান্ত কৰিলোঁ যে আমি একেলগে থাকিম, একেলগে ফুৰিম, কাৰণ ওপৰত মোবাইল সংযোগ পোৱা নাযায়।
ক্লেইন ছিডেগৰ প্ৰাকৃতিক সৌন্দৰ্যও তবধ মানিবলগীয়া। আমি ষ্টেছনৰ পৰাই চৌপাশৰ সৌন্দৰ্য উপভোগ কৰিলোঁ।
আমি যেতিয়া ৰে’লত উঠি ক্ৰমাৎ আল্পছ পৰ্বত বগাবলৈ ধৰিলোঁ, লাহে লাহে ছুইজাৰলেণ্ডৰ বৰফাবৃত্ত অঞ্চল সমূহ পাবলৈ ধৰিলোঁ। সেয়া ছুইজাৰলেণ্ডৰ সৌন্দৰ্যৰ আন এটা ৰূপ। লাহে লাহে আমাৰ ৰে’লখনৰ চাৰিওপিনে দেখিলোঁ কেবল বৰফ আৰু বৰফ।
এটা সময়ত ৰে’লখন সুৰংগত প্ৰৱেশ কৰিলে। সুৰংগৰ মাজেৰে এঢলীয়া পথেৰে ক্ৰমাৎ পাহাৰ শিখৰলৈ উঠি গৈছিলোঁ। এই সুৰংগটো হেনো ১৮৯৮ চনৰ পৰা ১৯১২ চনৰ ভিতৰতে নিৰ্মাণ কৰা হৈছিল। ক্লেইন ছিডেগৰ পৰা জাংফ্ৰোলৈকে এইছোৱা বাটৰ দৈৰ্ঘ্য মুঠ প্ৰায় ৭ কিল’মিটাৰ, কিন্তু বগাবলৈ ৫০ মিনিট সময় লাগে। মাজত Eigerwand আৰু Eismeer নামৰ দুটা ষ্টেচন আছে, এই ষ্টেচন দুটা সুৰংগৰ মাজতে অৱস্থিত। প্লেটফৰ্ম গুহাৰ মাজত অৱস্থিত যেন লাগে।
 ঠাণ্ডা বেছিকৈ লাগি আহিছিল। জাংফ্ৰো পাই টপ অফ ডা ৱৰ্ল্ড ষ্টেচনত সোমাই পৰিলোঁ। ষ্টেচনৰ ভিতৰত দোকান পোহাৰ ৰেষ্টোৰেণ্টে গিজগিজাই আছে। পৰ্বত শিখৰত আছোঁ বুলি ধৰিবই নোৱাৰি। সেই ঠাইত পৰ্যটকৰ বাবে সুন্দৰ ব্যৱস্থা আছে। বৰফৰ মাজত খোজ কঢ়া অনুভৱ কৃত্ৰিম ভাৱে দিয়াৰ ব্যৱস্থাও আছে।
বাহিৰলৈ ওলাই বৰফত খেলিব পাৰি। কিন্তু বাহিৰত জোৰেৰে বৰফ মিহলি বতাহ বৈ থকাৰ বাবে আমি ল’ৰা ছোৱলী লগত লৈ সেই মৰসাহ নকৰিলোঁ।
আমি উভতি অহা ৰে’লখন চাৰিবজাত আহিবলগীয়া আছিল। দলৰ সকলোৱে একেলগে ঘূৰাৰ, খোৱাৰ কথা আছিল যদিও স্বাভাৱিকতে সকলো ইফাল সিফাল হৈ গ’ল। আমি চাৰি বজাৰ আগে আগে ষ্টেচনলৈ আহি দলৰ কাকো নেদেখি আচৰিত হ’লোঁ। সোধা পোচা কৰি গ’ম পালোঁ যে ইণ্ডিয়ান দল এটা আগৰ ৰে’লতে গুচি গ’ল। আমাৰ বুজিবলৈ বাকী নাথাকিল যে সেইটো আমাৰ দলেই আছিল। কিন্তু তেওঁলোকে আগতিয়াকৈ কিয় গুচি গ’ল? চাৰি বজাৰ ৰে’লখন অহাৰ আগতে চাৰে তিনি বজাত আন এখন ৰে’ল আহিছিল। সেইখনত ঠাই খামি থকাত তেওঁলোক তাতেই গুচি গ’ল।
আমি বিপদত পৰিলোঁ। ফোন কৰাৰ কোনো উপায় নাই। পিছৰ ৰে’লখনত উঠিবলৈ মানুহৰ ভিৰ। সেইখন ৰে’লত যাব নোৱাৰিলে আমি দলটোক লগ নাপাবগৈ পাৰোঁ। তেনে পৰিস্থিতিত জুৰিখলৈ উভতি যোৱাটো সমস্যা হৈ পৰিব পাৰে।
আমি অনুৰোধ জনালোঁ, আমাক যেন এইখনত উঠিবলৈ দিয়ে। ভাগ্য ভাল আছিল, কৰ্মচাৰী কেইজনে আমাৰ কথা বুজি আমাক শাৰীৰ একেবাৰে আগত থিয় কৰাই দিলে।

আমি আহি যেতিয়া ক্লেইন ছিডেগ ষ্টেচন পালোঁ, দেখিলোঁ যে আমাৰ দলৰ সকলোৱে আমাৰ বাবে ৰৈ আছে। তেওঁলোকে  লাউটাৰব্ৰুনেনলৈ উভতি যোৱা ৰে’ল পায়ো উভতি যোৱা নাই। আমি কিবা সমস্যাত পৰিলোঁ বুলি তেওঁলোক উদ্দিগ্ন হৈ আছে । আটাইকে ধন্যবাদ জনাই আমি লাউটাৰব্ৰুনেনলৈ যোৱা পিচৰখন ৰে’লত উঠিলোঁ।

No comments:

Post a Comment