Thursday, November 26, 2015

আজি খেলা শেষ


বিমানত মই আৰু প্ৰণীতা লাছ ভেগাছৰ পৰা ডেট্ৰ'ইট অভিমুখে গৈ আছোঁ। ডেট্ৰ'ইটত কৃষাণু দা হঁতৰ ঘৰত আলহী হোৱাৰ কথা। উৰা মৰাৰ আগতে প্ৰণীতাই প্ৰিয়ংকাৰ লগত কথা পাতিছে। দুয়ো আহিব এয়াৰপোৰ্টলৈ আমাক আদৰণি জনাবলৈ।

ডেট্ৰ'ইট পাওঁ পাওঁ হৈছে। বিমানখনৰ উচ্চতা কমিছে। খিৰিকীৰে কেৱল বগা বগা বৰফ দেখিছোঁ। মাৰ্চৰ প্ৰথম সপ্তাহতো চহৰখন বৰফৰ চাদৰে আৱৰি ৰাখিছে।

বিমানখন অৱতৰণ কৰি ৰাণ-ৱে'ত দৌৰিবলৈ ধৰিলে। কিছু আগবঢ়াৰ পিছতে ব্ৰেক মাৰি এটা প্ৰচণ্ড জোকাৰণিৰে বিমানখন ৰৈ গ'ল। ছীট বেল্ট নথকা হ'লে উফৰি পৰিলোঁহেতেন।

এইদৰে ৰাণ ৱে'ৰ মাজতে বিমানখন ৰৈ যোৱা বাবে সকলো চিন্তিত হ'ল।

"এটা বিশেষ কাৰণত আমি ৰৈ দিবলগীয়া হৈছে, যাত্ৰী সকলে ধৈৰ্য ধৰি বহি থাকক", পাইলটে ঘোষণা কৰিলে।

আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি আচৰিত কথা নহয়। যাত্ৰীসকলে কোৱা কুই কৰিলে, হয়তো তেনেকুৱা এটা ঘটনাই হ'ব পাৰে। বাৰে বাৰে ওচামা বিন লাডেনৰ মুখ খন মনলৈ আহিবলৈ ধৰিলে।

বিমান পৰিচাৰিকা গৰাকীয়ে বিপদৰ সময়ত বিমানৰ পৰা ওলাই যাবলৈ কি কি কৰিব লাগিব, আকৌ  ক'বলৈ ধৰিলে। অলপ সময়ৰ পিছতে সমুখৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে। প্ৰণীতাক ক'লোঁ, "আজি খেলা শেষ যেন পাইছোঁ। ভগবানৰ নাম লোৱা"।

অলপ সময়ৰ ভিতৰতে বিমানখন চাৰিওপিনৰ পৰা ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে আগচি ধৰিলে। বিমানৰ বাহিৰত সেনাৰ পোচাক পিন্ধা লোক, কাৰিকৰী লোক আদিৰ ব্যস্ততা দেখা গ'ল।

পাইলটে কৈ থাকিল, "বিলম্বৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কিছু সময় ধৈৰ্য ধৰক"। ধৈৰ্য নহয়, আমি ভয়তে পেপুৱা লাগিহে বহি থাকিলোঁ।

কিছুমান মানুত বিমানৰ ডেউকাৰ তলত সোমাল, কিছুমানে সমুখ ভাগত কিবা কিবি কৰিলে। পেঁ  পেঁ কৈ চাইৰেণ বজাই গাড়ীবোৰ অহাযোৱা কৰিবলৈ ধৰিলে। শ্বাস ৰুদ্ধকৰ মুহূৰ্ত কেইটামান অতিবাহিত হ'ল।

কিছু সময় পিচত বিমান সুৰক্ষা বাহিনীৰ লোকে বিমানত প্ৰৱেশ কৰিলে।

"চিন্তা নকৰিব। ককপিটৰ পৰা ধোঁৱা ওলোৱা বন্ধ হৈছে। আমি বুজিব পাৰিছোঁ যে সেয়া কাৰিকৰী বিজুতিহে আছিল", পাইলটে ঘোষণা কৰিলে। আমাৰ মুখত পানী আহিল। অলপ সময় পিছতে বিমানখন চলিবলৈ ধৰিলে।

বিমানকোঠত নমাৰ পিছতো আমাৰ লাগেজবোৰ নমাবলৈ বহুত সময় ল'লে। প্ৰতিটো লাগেজ আকৌ পৰীক্ষা কৰিলে। লাগেজ কেইটা নোপোৱালৈ টেনচনত থাকিলোঁ।

কৃষাণু দাহঁত বহুসময় অপেক্ষা কৰি আছিল। তেওঁলোকক লগ পাইহে নতুন জীৱন পোৱা যেন লাগিল।

"আজি খেলা শেষ বুলিয়েই ভাবিছিলোঁ", কৃষাণু দাক ক'লোঁ।


"তেওঁলোকে ককপিটৰ ধোঁৱা ওলোৱা দেখি টেৰ'ৰিষ্ট এটেক বুলি ভাবিলে। তেনে ঘটনা হ'লে তেওঁলোকে সুৰক্ষাৰ অনুশীলনো কৰে। এনেকুৱা খেলা আমেৰিকাত চলিয়েই থাকে"। কৃষাণু দাই ক'লে।

No comments:

Post a Comment