Friday, November 27, 2015

লছ এঞ্জেলেছৰ চিটীবাছ




লছ এঞ্জেলেছ চহৰ। মাত্ৰ দুদিনৰ বাবে চহৰখনলৈ আহি সপত্নীক এখন হোটেলত উঠিছোঁ। এয়াৰপোৰ্টৰ ওচৰতে থকা এখন কম দামৰ হোটেল। সস্তা হোটেল বিচাৰি ট্ৰেভেল এজেণ্টে এইখন হোটেল আমাক বিচাৰি দিছে।

সন্ধিয়া সময়ত হোটেলত পদাৰ্পন কৰিলোঁ। হোটেলৰ লবীত উত্তাল সংগীত বাজি আছে। সেই সংগীতৰ তালে তালে নৃত্যৰত ডেকা গাভৰু কেইহালমান। হোটেলৰ পৰিৱেশ আচহুৱা যেন লাগিল। পিছে সেইখন হোটেলতে আগতীয়া বুকিং থকা বাবে উপায় নাই।

ৰিচেপচনত থকা কৃষ্ণবৰ্ণৰ মহিলাগৰাকীৰ কথা কোৱাৰ ভংগী আৰু চাল চলন বেপৰোৱা। আমেৰিকাৰ আন চহৰবোৰত দেখা ৰিচেপচনিষ্টৰ শালীনতা আৰু বিনয় নাই। আমাৰ ইংৰাজী উচ্চাৰণ বুজিব নোৱাৰি বাৰে বাৰে ‘হোৱাট’ বুলি ভেকাহি মাৰি উঠে। সংগীতৰ তালে তালে তেৱোঁ মাজে মাজে নাচি উঠে। মানুহজনী নিচাত থকা যেন লাগে।

প্ৰণীতাই বাৰে বাৰে সকীয়াই আছে, “এইখন হোটেলত কিবা ভয় ভয় লাগিছে। বেলেগ এখন বিচাৰোঁ ব’লা”।

“আগতীয়া পইছা দি বুক কৰা হোটেলখন এৰি ক’তনো হোটেল বিচাৰি ফুৰিম। থাকোঁ দিয়া। দুদিনহে”। আমেৰিকাত হোটেল বিচাৰি ফুৰাটো ধেমালি কথা নহয়। এখন যদি ইয়াত, আনখন দুই মাইল আঁতৰত।

ৰিচেপচনৰ ফৰ্মেলিটী শেষ কৰি নিৰ্দিষ্ট কোঠালৈ আগবাঢ়িলোঁ। সমগ্ৰ হোটেলখনতে যেন এক উত্সৱমুখৰ পৰিৱেশ। মানুহে বেপৰোৱাকৈ ছিগাৰেট খাইছে, মদ খাইছে, উচ্চস্বৰে হাঁহিছে, এজনে আনজনৰ গাত থপৰিয়াই কথা পাতিছে। তেতিয়াহে মন কৰিলোঁ হোটেলৰ কৰ্মচাৰীকে ধৰি প্ৰায়বোৰ থকা মানুহ ক’লা বৰণৰ, নিগ্ৰো। আমেৰিকাত তেওঁলোকক আফ্ৰিকান আমেৰিকান বুলি কয়।

আমাৰ কোঠাটোও তেনেই সাধাৰণ। হোটেলত হুলস্থুলত থাকিব নোৱাৰি ওলাই আহিলোঁ। এজন মানুহে আমাৰ লগত উপযাচি চিনাকী হ’ল। আমি ইণ্ডিয়াৰ পৰা যোৱা বুলি জানিব পাৰি ভাল পালে। দেখিলোঁ সেই মানুহখিনিৰ মাজত আমেৰিকান সকলৰ পোচাকী ভদ্ৰতা নাই। নিজৰ মাজতে স্ফূৰ্তি তামাছা কৰি ভাল পোৱা এচাম মানুহ। দেখিলেই বুজিব পাৰি তেওঁলোক আমেৰিকাৰ কম উপাৰ্জন কৰা লোক। হয়তো বহুতেই ফেক্টৰী, কাৰখানাত কাম কৰা মানুহ।

হোটেলৰ ৰিচেপচনত ইউনিভাৰ্চেল ষ্টুডিঅ’ যাবলৈ কি ব্যৱস্থা আছে খবৰ কৰিলোঁ। অহা যোৱা কৰিবলৈ টেক্সীৰ ব্যৱস্থা আছে। কিন্তু দাম দেখি চকু কপালত উঠিল। ১০০ ডলাৰমান অহা যোৱা কৰোঁতেই খৰছ হ’ব।

“আপোনালোকে ক’ত ক’ত ফুৰিব”? চিনাকী হোৱা মানুহজনে আগবাঢ়ি আহি সুধিলে।
“লছ এঞ্জেলেছলৈ আহিছোঁ যেতিয়া ইউনিভাৰ্চেল ষ্টুডিঅ’লৈ যাবই লাগিব। পিছে অহা যোৱাতেই ইমান খৰছ”। মানুহজনক মনৰ কথা ক’লোঁ।

“মই আপোনালোকক একেবাৰে সস্তাত যাব পৰা উপায় এটা দিম”, মানুহজনে ক’লে।
“কওকচোন, কওক”, আগ্ৰহেৰে মানুহজনৰ মুখলৈ চালোঁ।

“আপোনালোকে চিটী বাছত যাওক। এখন বাছ মাত্ৰ সলনি কৰিব লাগিব। অতি কম খৰছতে ইউনিভাৰ্চেল ষ্টুডিঅ’ চাই আহিব পাৰিব”। মানুহজনে ক’লে।

আমেৰিকাত মানুহে চিটী বাছত কমেই উঠে। বহুতে চিটী বাছ আছে বুলি নাজানেই।

সাধাৰণতে দুখীয়া মানুহ বোৰেহে হেনো চিটী বাছত ভ্ৰমণ কৰে। সেইখন দেশত আমিও হয়তো দুখীয়াৰ শাৰীতে পৰোঁ।

মানুহজনে বাছৰ নম্বৰবোৰ দিলে। ইণ্টাৰনেটত নম্বৰবোৰ ঠিকে আছেনে চাই ল’লোঁ। ক’ৰ পৰা কেনেকৈ বাছ ধৰি ক’ত নামিব লাগিব, ক’ৰ পৰা বেলেগ বাছ ধৰিব লাগিব চাই ল’লোঁ।

পিছদিনা ৰাতিপুৱা খোজকাঢ়ি গৈ বাছ ষ্টেচন বিচাৰি উলিয়ালোঁ। বাছৰ নম্বৰবোৰ লিখি আনিছিলোঁ। একো সমস্যা নহ’ল। বাছবোৰত মানুহ কম। বেছিভাগ যাত্ৰীয়েই ক’লা বৰণৰ। সেই একেই উচ্চস্বৰে কথা পাতে, বেপৰোৱাকৈ হাঁহে। আমি অৱশ্যে আৰামত গৈ ইউনিভাৰ্চেল ষ্টুডিঅ’ পালোঁ।

ইউনিভাৰ্চেল ষ্টুডিঅ’ত দিনটো কটাই বাছতে উভতি আহিলোঁ। আহোঁতে মাজতে নামি ‘হলিউড ৱাক অফ ফেম’ চাই আহিলোঁ। আমাৰ অহা যোৱাত খৰছ হ’ল গাইপতি পাঁচ ডলাৰকৈ মুঠেই দহ ডলাৰ।

No comments:

Post a Comment