Thursday, November 26, 2015

আমেৰিকাৰ দেৱালী



২০০৩ চনৰ ৪ জুলাইৰ দিনা আমেৰিকাৰ হিউষ্টন চহৰত আছিলোঁ। মোৰ লগত আছিল তিনিজন জ্যেষ্ঠ সহকৰ্মী। আমি আটায়ে এটা কাৰিকৰী প্ৰশিক্ষণৰ বাবে আমেৰিকালৈ গৈছিলোঁ। ৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস। সেইদিনা অফিচ, স্কুল সকলো বন্ধ। সকলোতে আমেৰিকাৰ পতাকা উৰি থাকে। সেইদিনা আমি দিনত নাছা (NASA) দৰ্শন কৰিলোঁ। সন্ধিয়া খবৰ পালোঁ যে ৰাতি হিউষ্টন চহৰত  স্বাধীনতা দিৱস উপলক্ষে  Fire-show  ব। আন কথাত ক’বলৈ গ’লে আমেৰিকাৰ দেৱালী। স্বাধীনতা দিৱসত ফটকা ফুটাই আনন্দ কৰাটো আমেৰিকান সকলৰ বহুদিনৰ পৰম্পৰা।
হোটেলৰ ৰিচেপচনত কথা পাতি গম পালোঁ যে আমাৰ দৰে ঘৰে ঘৰে ফটকা ফুটাই আমেৰিকাত দেৱালী নকৰে। এটা নিৰ্দিষ্ট অঞ্চলত মানুহ গোট খায় আৰু তাতেই আতচবাজীৰ প্ৰদৰ্শন হয়। আমি জানিব পাৰিলোঁ যে সেই অঞ্চলটো আমাৰ হোটেলখনৰ পৰা যথেষ্ট দূৰত আৰু তালৈ টেক্সী লৈ যাব লাগিব।
    মোৰ দুজন সহকৰ্মীৰ ওলাই যাবলৈ মন নাই। তেওঁলোকৰ মতে, আমি দেৱালীৰ দেশৰ মানুহ। আমেৰিকাত Fire-show কি চাবলৈ যাম। তাতে আমেৰিকাত টেক্সী লৈ ওলাই যোৱা মানে বহুত খৰছী কাৰবাৰ।
মোৰ পিছে যাবলৈ মন। আকৌ কেতিয়াবা আমেৰিকাৰ দেৱালী চাবলৈ সুযোগ পাম জানো? আনজন জ্যেষ্ঠ সহকৰ্মী হুছেইন দাই মোৰ মনৰ কথা বুজিব পাৰি ক’লে, লা, আমি দুজনেই যাওঁ। অন্তত: আমেৰিকাত দেৱালী কৰিলোঁ বুলি লোকক কবগৈ পাৰিম
মোৰ বৰ ষ্ফূৰ্তি লাগিল। ক’লোঁ, লক হুছেইন দা। মই ভৰি ডাঙিয়েই আছোঁ
সন্ধিয়া হোটেলৰ পৰা ফোন কৰি টেক্সী মাতিলোঁ। টেক্সী ড্ৰাইভাৰক কলোঁ, ফায়াৰ শ্বো’ চাবলৈ যাম। কথাচহকী ড্ৰাইভাৰ জনে বাটে বাটে কৈ গল তেওঁলোকৰ এই আতচবাজী প্ৰদৰ্শনৰ বিষয়ে। আমেৰিকাত প্ৰদূষণৰ প্ৰতি মানুহ বৰ সজাগ, সেয়েহে চহৰৰ পাৰ্শ্বৱৰ্তী, জনবসতি সেৰেঙা অঞ্চল এটা বাচি লোৱা হয় আতচবাজীৰ বাবে। আমাৰ দৰে ঘৰে ঘৰে দেৱালী নকৰে। শব্দ প্ৰদূষনৰ সম্ভাৱনাৰ বাবে আমেৰিকাত শব্দ কৰা ফটকা ফুটোৱাটো নিষেধশব্দ প্ৰদূষণৰ প্ৰতি আমেৰিকাৰ চৰকাৰ অতি সজাগ, কাৰণ বিকট শব্দৰ বাবে ৰুগীয়া, বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলাৰ বহুতো অনাকাংক্ষিত সমস্যা হ’ব পাৰে। দুৰ্ঘটনা ঘটিব পাৰে বুলি অনুমতি নোহোৱাকৈ সাধাৰণ মানুহে আতচবাজী ব্যৱহাৰ কৰাতো বাধা আছে এডোখৰ সমূহীয়া ঠাইত একোটা পেচাদাৰী গোষ্ঠীয়ে মানুহৰ মনোৰঞ্জনৰ বাবে আতচবাজীৰ খেল দেখুৱায়। ড্ৰাইভাৰজনৰ কথা শুনি থাকোঁতে মনলৈ ভাৱ আহিছিল, আমাৰ দেশৰ দেৱালী উত্সৱৰ বাবে আমি গৌৰৱ কৰোঁ, কিন্তু কেতিয়াবা দেৱালীৰ সময়ত এই সৰু সৰু কথাবোৰ কোনোবাই ভাবেনে? সেই সময়ত মনত পৰিছিল আমাৰ দেশত দেৱালীৰ দিনা ধুম ধামকৈ বিকট শব্দৰে গোটেই ৰাতি চলা দেৱালীৰ কথা।
নিৰ্দিষ্ট অঞ্চলটো পাবলৈ কিছু সময় লাগিল। এঠাইৰ পৰা দেখিলোঁ গাড়ীৰ দীঘলীয়া শাৰী আৰু ট্ৰেফিক জাম। ড্ৰাইভাৰে আমাক কলে, “আতচবাজী চাবলৈ বহুত মানুহ আহিছে বাবে আগত বহুত জাম আছে। গাড়ীত বহি গৈ থাকিলে বহুত সময় লাগিব আৰু খৰছো বেছি হব। আৰু এমাইলমান বাট আছে। আপোনালোকে পোনে পোনে খোজকাঢ়ি গৈ থাকিলে আতচবাজী প্ৰদৰ্শনৰ ঠাইখিনি পাই যাব
টেক্সী ড্ৰাইভাৰক পইচা দি বিদায় দিয়াৰ সময়ত উভতি যাবলৈ কি কৰিব লাগিব সুধিলোঁ। তেওঁ এটা ফোন নম্বৰ দিলে আৰু সেই ফোন নম্বৰত ফোন কৰিলে টেক্সী পাই যাম বুলি আশ্বাস দিলে। আধা ঘণ্টা মান ভিৰৰ মাজত খোজ কঢ়াৰ পিছত গন্তব্যস্থল পালোঁগৈ।
আতজ বাজী প্ৰদৰ্শন কৰা ঠাইডোখৰ লোকে লোকাৰণ্য হৈ আছিল। দেখিলোঁ এটা হ্ৰদৰ চাৰিওপিনে মানুহ ভৰি পৰিছে। হ্ৰদৰ মাজত এখন নাও। অলপ সময় ৰোৱাৰ পিছত সেই নাওখনৰ পৰা আৰম্ভ হল আতচবাজীৰ খেল। আতজবাজীৰ ফিৰিঙতি যাতে দৰ্শকৰ গাত নপৰে তাৰ বাবে পানীৰ মাজৰ পৰা আতচবাজী ব্যৱহাৰ কৰা হয়। ঘনে ঘনে বিভিন্ন প্ৰকাৰৰ আতচবাজী আকাশলৈ নিক্ষেপ কৰা হল। মুহূৰ্তৰ ভিতৰতে নিশাৰ আকাশখন নানা বৰণৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল। মুঠি মুঠি ৰং বিৰঙৰ তৰাৰে আকাশত মায়াজাল ৰচিত হল। আকাশ উজ্বলাই তোলা শব্দহীন পোহৰৰ খেল। মানুহে কেমেৰাৰে সেই দৃশ্য বন্দী কৰিলে। আমাৰ হাতত ৰাতি ফটো তুলিব পৰা ভাল কেমেৰা নোহোৱা বাবে চকুৰেই সেই নান্দনিক দৃশ্য উপভোগ কৰি থাকিলোঁ।
এঘণ্টামান পিছত আতচবাজী শেষ হল। মানুহবোৰ ঘৰাঘৰি যাবলৈ ধৰিলে। আকৌ গাড়ীৰ জাম। আমি খোজকাঢ়ি কিছুদুৰ আহি তিনি আলি এটাত ৰৈ দিলোঁ। আমাৰ হাতত মোবাইল ফোন নাই বাবে তিনি আলিটোৰ মাজৰ ঘাঁহনি ডোখৰত থকা এটা পেফোনৰ বুথৰ পৰা টেক্সী মাতিবলৈ ড্ৰাইভাৰে দিয়া ফোন নম্বৰ ডায়েল কৰিলোঁ। সেইটো কেব (টেক্সি) কোম্পানীৰ নম্বৰ। টেক্সী বিচৰাত আমি কত আছোঁ, কোনখিনি ঠাইত ৰৈ আছোঁ তাৰ সঠিক তথ্য বিচাৰিলে। পিছে সেই কথা আমি ভালদৰে বুজাই ক’ব নোৱাৰিলোঁ। অলপ আঁতৰত এটা কমিউনিটি চেণ্টাৰ আছে, তাৰ সোঁফালে অলপ দূৰলৈ শ্বপিং মল এখন আছেঅলপ দুৰলৈ এটা নাইট ক্লাৱ আছে”, এনে ধৰণৰ বৰ্ণনা দিয়াত তেওঁলোকে টেক্সী নপঠিয়ায় বুলি ষ্পষ্টকৈ জনাই দিলে।
আমাৰ পানীত হাঁহ নচৰা অৱস্থা হল। ৰাতি গভীৰ হৈ আহিছে। ইপিনে পেটে কলমলাইছে। সন্ধিয়াৰ পৰা একো এটা পেটত পৰা নাই। অলপ আঁতৰত মানুহ এজনে হট ডগ্‍ বেচি থকা দেখি আগুৱাই গৈ দুজনে দুটা হট ডগ্‍ কিনি খালোঁ।
দুটামান  কামোৰ মৰাৰ পিছতে হুছেইন দাই কলে, “হেৰা তুমি এইবিধ নাখাবা নেকি? মাংসটোৰ ওপৰত মোৰ সন্দেহ হৈছে
       মই ইতিমধ্যে আধা আধি খালোঁৱেই। হুছেইন দাৰ ইংগিত বুজিলোঁ। তেওঁ সোৱাদত ধৰিব পাৰিছে সেয়া গো-মাংস। বাদ দিয়ক হে হুছেইন দা। ভোকত সকলো ভগবানৰ প্ৰসাদ বুলিয়েই গ্ৰহণ কৰিব লাগেএই সময়ত আগতে পেট পূজা, পিছতহে ধৰ্মৰ কথা”এই বুলি হট ডগ্‍টো গোগ্ৰাসে খাই শেষ কৰিলোঁ। হুছেইন দাই জোকালে, “তোমাৰ আজি ধৰ্ম গল দেই
       ৰাতি হৈ আহিছিল। বাটত গাড়ী মটৰ সেৰেঙা হল। লাহে লাহে ভয় লাগিবলৈ ধৰিলে। এনেতে এখন পুলিচৰ গাড়ী আহি আমাৰ ওচৰত ৰল। আমেৰিকাত সাধাৰণতে কোনেও খোজকাঢ়ি ঘূৰি নুফুৰে। আমি ৰাতিখন ঘুৰ্মুটিয়াই দেখি এজন পুলিছ বিষয়াই আহি আমাৰ ওচৰ পালে। আমেৰিকাত পুলিছ বুলিলেই অৱশ্যে ভয় কৰিবলগীয়া কথা। অলপ কিবা সন্দেহ হ’লেই ৰঙা ঘৰত সুমুৱাই দিয়ে।
বিষয়া জনে কিবা সোধাৰ আগতে মৰসাহ কৰি আগধৰি তেওঁক আমাৰ সমস্যাৰ কথা জনালোঁতেওঁ আমাৰ পৰিচয় পত্ৰ, পছপোৰ্ট আদি পৰীক্ষা কৰিলে। কথাটো গমি চাই তেওঁ আমাৰ হোটেলৰ ঠিকনা বিচাৰিলে। ঠিকনাটো দিয়াত তেওঁ মোবাইলৰ পৰা ফোন কৰিলে। আমাক লৰচৰ নকৰাকৈ সেই ঠাইতে থিয় হৈ থাকিবলৈ নিৰ্দেশ দিলে। আমাৰ বাবে টেক্সী এখন আহি আছে বুলি কৈ তেওঁলোক গলগৈ। সেই নিশা পুলিছ বিষয়া জনক দেৱদূত যেনেই লাগিছিল
পোন্ধৰ মিনিটমান একে ঠাইতে শিলামুৰ্তিৰ দৰে ৰৈ থাকিলোঁ। দূৰত গাড়ী দেখিলে ডিঙি মেলি চাওঁ। এনেতে এখন টেক্সী আহি অলপ দূৰত ৰল। আমি দৌৰি যোৱাৰ দৰে টেক্সীখনৰ ওচৰ পালোঁগৈ।
ড্ৰাইভাৰ জনে হোটেলৰ ঠিকনা লিখা থকা কাৰ্ডখন চাই আমাক বহিবলৈ ইংগিত কৰিলে। আমি যেন সৰগ ঢুকি পালোঁ। গাড়ী নিশাৰ ৰাজপথত আমাৰ হোটেল অভিমুখে চলিবলৈ ধৰিলে। বুজিলোঁ এয়া পুলিছ বিষয়া জনৰেই কৃপা। মনে মনে পুলিছ বিষয়াজনক অশেষ ধন্যবাদ জনালোঁ।

       বাটত আহি থাকোঁতে হুছেইন দাক কলোঁ, “খাদ্যৰ কাৰণে ধৰ্ম নাযায় বুলি বুজি পালোঁ হুছেইন দা। নহ'লে ভগৱানে আজি পুলিছ বিষয়াৰ ৰূপত আহি আমাক সহায় নকৰিলেহেতেন

No comments:

Post a Comment