Thursday, November 26, 2015

ফ্ৰান্সৰ পুলিছ ষ্টেচনত এদিন


ভ্ৰমনলৈ গৈ বিদেশৰ পুলিছ ষ্টেছনত ভুমুকি মাৰিবলগীয়া হোৱাটো চাগেএক অবাঞ্চনীয় কথা। কিন্তু কেতিয়াবা একোটা পৰিস্থিতিয়ে তেনে বিৰল অভিজ্ঞতাৰো সুযোগ প্ৰদান কৰে।
২০১২ চনৰ মে’ মাহত দক্ষিণ ফ্ৰান্সৰ এখন উপকুলীয় চহৰ নিচত সপৰিয়ালে দুদিন আছিলোঁ। চহৰখনৰ নাম ইংৰাজীত Nice বুলি লিখে। কিন্তু উচ্চাৰণ কৰে নিচ বুলি। সাগৰৰ পাৰত শিলাময় পাৰেৰে এখন ধুনীয়া চহৰ।
ভ্ৰমণলৈ গলে টেক্সীত উঠি ফুৰিবলৈ যোৱাতকৈ খোজকাঢ়ি বা ৰাজহুৱা পৰিৱহন ব্যৱস্থাত ঘূৰি ফুৰিবলৈ বেছি ভাল পাওঁ। খৰছ কম হোৱাৰ লগতে সেই ঠাইৰ মানুহৰ বিষয়ে বহুতো কথা জানিব পৰা যায়। আমি নিচত সাগৰৰ পাৰে পাৰে বেপৰোৱা হৈ ঘূৰি ফুৰিছিলোঁ। এখন ৰাষ্টাৰে চলা ৰেলৰ দৰে কেইবাটাও ডবা থকা গাড়ীত উঠি চহৰখনৰ সৰ্বোচ্চ পাহাৰৰ চূড়ালৈ গৈছিলোঁ। পাহাৰৰ শিখৰৰ পৰা ৰ লাগি চাইছিলো ফ্ৰান্সৰ সমুদ্ৰ তীৰৰ সেই মনোমোহা চহৰ খনৰ সৌন্দৰ্য্য।
নিচৰ নিচেই ওচৰত আন এখন ধুনীয়া চহৰ ক্যাঁ (Cannes)ক্যাঁত প্ৰতিবছৰে বিশ্ব চলচিত্ৰ মহোত্সৱ অনুস্থিত হয়। এইখন মহোত্সৱত বিশ্ব চলচিত্ৰ উদ্যোগৰ বহুতো নামী দামী তাৰকা সমবেত হয়। ভাৰতৰ পৰা বলিউডৰ বহুতো শিল্পী ক্যাঁলৈ যায়।
আমি নিচত থাকোতে গম পালোঁ এসপ্তাহ পিচতে ক্যাঁত চলচিত্ৰ মহোত্সৱ অনুস্থিত হব। নিচৰ স্থানীয় বাতৰি কাকতত ভাৰতৰ তাৰকা ঐশ্বৰ্য ৰায়ৰ ফটো দেখা পালোঁ। আমাৰ বুজিবলৈ বাকী নাথাকিলযে ঐশ্বৰ্য ৰায় মহোত্সৱৰ বিশেষ আকৰ্ষণ। হোটেলৰ ৰিচেপচনত কথা পাতি জানিব পাৰিলোঁ ক্যাঁ নিচৰ পৰা মাথোন এঘণ্টাৰ বাট। চলচিত্ৰ মহোত্সৱৰ বাবে চহৰখন হেনো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমি আন পৰিকল্পনা বাদ সি এদিনৰ বাবে ক্যাঁলৈ যোৱাটো ঠিৰাং কৰিলোঁ। চলচিত্ৰ মহোত্সৱৰ সময়ত ক্যাঁ চহৰখনত থকাৰ সুযোগ হয়তো আৰু কেতিয়াও নাপাম। খবৰ কৰি জানিব পাৰিলোঁ ৰাজহুৱা বাছত গাইপতি মাত্ৰ এক ইউৰো ভাড়া দি আমি নিচৰ পৰা ক্যাঁলৈ যাব পাৰোঁ।
ক্যাঁলৈ যোৱা বাছ আস্থানলৈ যাবলৈ আমি ট্ৰাম এখনত উঠিলোঁ। মাত্ৰ দুটা ষ্টপেজ। পিচে ট্ৰামত যথেষ্ট ভীৰ। বহিবলৈ চীট খালি নাই। আটায়ে ওপৰৰ বাৰত ধৰি ঠিয় হলোঁ। লৰা ছোৱালী দুটিৰ হাতত ধৰি থাকিলোঁ।
"মোৰ বেগৰ ভিতৰত থকা পাৰ্চটো নাই", বাছ আস্থানত ট্ৰামৰ পৰা নামিয়েই প্ৰণীতাই চিঞৰি উঠিল,
বুকুখন কঁপি উঠিল। ফ্ৰান্সৰ পকেটমাৰৰ বহুত কাহিনী আগতে শুনিছোঁ। বেগটো চাই দেখিলোঁ বেগটোৰ চেইনডাল খোলা। ইফালে সিফালে চালোঁ নমাৰ সময়ত কৰবাত পৰিল নেকি? অলপ সময়ৰ ভিতৰতে বুজিবলৈ বাকী নাথাকিলযে আমিও ফ্ৰান্সৰ পকেটমাৰ চিকাৰ হলোঁ। পাৰ্চটোত প্ৰণীতাৰ পৰিচয় পত্ৰ, ঘৰৰ চাবিকোঁচা, কেইবিধমান দৰৱ আৰু কিছু ভাৰতীয় টকা আছিল। ভাগ্য ভাল আছিল তাত আমাৰ টিকট, পাচপোৰ্ট বা লাগতিয়াল ইউৰো মুদ্ৰাখিনি নাছিল।
হঠাতে তেনেদৰে পাৰ্চটো হেৰুৱাই আমাৰ আটাইৰে মন বেয়া লাগিল। ক্যাঁলৈ যোৱাৰ পৰিকল্পনা বাদ দি হোটেললৈ ঘূৰি আহিলোঁ।
আমাৰ ঘটনাটোৰ বিষয়ে জানিব পাৰি হোটেলৰ ৰিচেপচনত থকা মানুহজনে জোৰ দি ধৰিলে যে আমি পুলিচ ষ্টেচনলৈ গৈ এটা ৰিপোৰ্ট দিব লাগে। এনেদৰে সমূহীয়া পৰিবহন ব্যৱস্থাত বস্তু চুৰি হলে বা পকেট মাৰিলে ফ্ৰান্সৰ পুলিচক জনোৱাটো এটা নিয়ম। ভাগ্য ভাল থাকিলে আমি হেৰোৱা বস্তু পায়ো যাব পাৰো।
প্ৰণীতাৰ মনটো ভাঙি পৰিছিল। "বাদ দিয়া, কি হ'ব বিদেশত পুলিছৰ ওচৰলৈ গৈ। মোৰ যাবলৈ মন নাই"। পুলিছৰ ওচৰলৈ যাবলৈ তেওঁৰ সমূলি মন নাই।
"নহয় বুজিছা, চেষ্টা এটা কৰি চাওঁ। কি ঠিক আমি হেৰোৱা বস্তুটো কিজানি বিচাৰি পাৱেঁই"। মই আশ্বাস দিলোঁ।
মই মোৰ লৰাটোক লগত লৈ ওলালোঁ পুলিচ ষ্টেচন বিচাৰি। ফ্ৰান্সত ঠাই বিচৰাটো ইমান সহজ নহয়।
বেচিভাগ মানুহে ইংৰাজী নাজানে বা জানিলেও সহায় কৰিব নিবিচাৰে। সোধা পোচা কৰি খোজকাঢ়ি ওলালোগৈ স্থানীয় পুলিচ ষ্টেচনত।
প্ৰথমতে সেই ঘৰটো পুলিছ ষ্টেছন বুলি বিশ্বাস কৰিবলৈ টান লাগিল। আবাসিক এলেকাৰ মাজত এটা সুদৃশ্য ঘৰত বাহিৰত উৰি থকা পতাকা কেইখনৰ পৰা বুজিব পাৰি যে সেয়া ফ্ৰান্সৰ চৰকাৰী কাৰ্যালয়।
"মই এটা ৰিপোৰ্ট দিবলৈ আহিছোঁ। এটা পাৰ্চ হেৰাইছে", আদৰণি কক্ষত থকা পুলিছ এজনক ক'লোঁ। মই ইংৰাজী কোৱা কাৰণে তেওঁ মোলৈ পেন্দোৱাকৈ চাই অলপ অপেক্ষা কৰিবলৈ ইংগিত দিলে। বুজিলোঁ তেওঁ ইংৰাজী নাজানে বাবে ইংৰাজী জনা অফিচাৰ এজন অহালৈ আমি অপেক্ষা কৰিব লাগিব। ফৰাচী পুলিচ ষ্টেচনৰ ৰেহ ৰূপ চাই চকী এখনত বহি থাকিলোঁ।
পুলিচ ষ্টেচনটো কোনোবা হোটেলৰ লবীৰ দৰেই লাগিল। পুলিছ ষ্টেচনত হোটেলৰ দৰে এটা আদৰণি কক্ষ থাকে। প্ৰথমতে গৈ আদৰণি কক্ষত উপস্থিত থকা সকলক নিজৰ সমস্যাৰ কথা জনাব লাগে। তেওঁলোকে পিছত কি কৰিব লাগিব তাৰ বিধান দিয়ে।
আমাক ভিতৰৰ কোঠা এটালৈ যাবলৈ দিলে। দেখিলোঁ সেই কোঠাটোত এজন অফিচাৰে সজাই থোৱা চোফাত বহি আন এজন মানুহৰ লগত কথা পাতি আছে। তেওঁ আমাক কোঠাটোত থকা আন চকীত বহিবলৈ দিলে। আমি বুজিলোঁ তেওঁ মানুহৰ সমস্যাৰ বিষয়ে সবিশেষ লয় আৰু কথাখিনি কাগজত লিখি লয়। তেওঁলোকে ফৰাছী ভাষাত পতা কথা আমি বুজি নাপালোঁ।
কিছু সময় অপেক্ষা কৰাৰ পিছত ইংৰাজী জনা অফিচাৰ জন আহিল। তেওঁ আমাক কম্পিঊটাৰ এটাৰ ওচৰলৈ লৈ গল। কম্পিউটাৰত ইংৰাজী, ফৰাচী, ইটালিয়ান, জাৰ্মান আদি ইউৰোপত প্ৰচলিত প্ৰায় সকলো ভাষা থকা সূচী পত্ৰ (Menu) এখন ওলাই থাকে। তাৰ পৰা ইংৰাজী ভাষা বাচি লৈ স্বয়ংক্ৰিয় ভাৱে ওলাই থকা প্ৰশ্ন কিছুমানৰ উত্তৰ কৰিবলৈ দিলে। প্ৰশ্নবোৰৰ উত্তৰত আমাৰ পৰিচয় আৰু ঠিকনাৰ সবিশেষ দিয়াৰ উপৰিও গোটেই ঘটনাটোৰ আদ্যোপান্ত বিৱৰণ দিবলগীয়া হল। মূল্যবান বস্তু কি কি আছিল, প্ৰত্যেকৰে দাম কিমান লিখিবলগীয়া হ'ল। হেৰোৱা বস্তু কেইপদৰ আনুমানিক মূল্য ইউৰোৰ হিচাপত উলিয়াই দিবলগীয়া হ'ল। উত্তৰ কৰিবলৈ প্ৰায় আধা ঘণ্টা মান সময় লাগিল।
সেইখিনি কাম হৈ যোৱাৰ পিচত অফিচাৰ জনে মই কম্পিউটাৰত লিখা কথাখিনিৰ এটা প্ৰিণ্ট লৈ আহিল। তাৰ পিচত তেওঁ আমাক চোফাত বহিবলৈ দিলে। গোটেই ঘটনাটোৰ কথা  আকৌ বৰ্ণনা কৰিবলৈ তেওঁ অনুৰোধ কৰিলে। আমি কম্পিউটাৰত দিয়া কথাখিনিৰ লগত মূখেৰে কোৱা কথাখিনিৰ মিল আছেনে নাই তেওঁ পৰীক্ষা কৰি গ’ল। এয়া হয়তো অভিযোগৰ সঁচা মিছা নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকৰ অনুসন্ধান প্ৰক্ৰিয়াৰ এটা অংশ।
সমগ্ৰ প্ৰক্ৰিয়াটোত আৰু আধা ঘণ্টা মান সময় লাগিল। তাৰ পিচত গোটেই কথাখিনি সাঙুৰি তেওঁ কম্পিউটাৰত বহি ৰিপোৰ্ট এটা বনাই প্ৰিণ্ট কৰি আনিলে। মই যথা স্থানত চহী কৰিবলগীয়া হল। ৰিপোৰ্টৰ এটা কপি ভাৰতত মই থকা ঠাইৰ পুলিচ ষ্টেচনত জমা দিবলৈ কলে। আমি পিচদিনাই নিচৰ পৰা উভতিম বুলি জানিব পাৰু তেওঁ আশ্বাস দিলে যে দুই এদিনতে তেওঁলোকে অপৰাধীক বিচাৰি উলিয়াব আৰু বিচাৰি পালেই আমাৰ ভাৰতত থকা পুলিচ ষ্টেচনৰ জৰিয়তে আমাক খবৰ দিব।
পুলিচ ষ্টেচনৰ পৰা আহোঁতে ফাৰ্মাচীত সোমাই পাৰ্চটোৰ লগত হেৰোৱা অত্যাৱশ্যকীয় দৰৱ দুটামান বিচাৰিলোঁ। একে কম্পজিচন থকা দৰৱ আমাৰ দেশৰ মুদ্ৰাৰ তুলনাত প্ৰায় পঞ্চাশ গুণ দাম দি কিনিবলগীয়া হল।
ফ্ৰান্সৰ পুলিছে পাৰ্চটো বিচাৰি পালেনে নাই, পকেটমাৰ জনক ধৰিব পাৰিলেনে নাই সেই খবৰ আজিলৈকে নাপালোঁ। আমাৰ স্থানীয় পুলিছ ষ্টেচনত ফ্ৰান্সৰ পুলিছ ষ্টেচনত দিয়া ৰিপোৰ্টটো দেখুৱাইছিলোঁ। পিছে তেওঁলোকে ধৰিবই নোৱাৰিলে সেই ৰিপোৰ্টটোৰে কৰিব কি?


1 comment: