Friday, December 25, 2015

পোপৰ দৰ্শন



ৰোম চহৰ। ইতিহাসৰ পাতত জিলিকি থকা এখন প্ৰাচীন ঐতিহাসিক চহৰ। ৰোমৰ লগত ওত:প্ৰোত: ভাৱে সাঙোৰ খাই আছে খ্ৰীষ্টান ধৰ্মৰ সৰ্বোচ্চ পদবীধাৰী পোপ আৰু ভেটিকান চিটী।

ৰোম চহৰ আহি পোৱাৰ পৰাই মনত বাসনা জাগিছিল কেনেবাকৈ পোপ গৰাকীৰ দৰ্শন পোৱা হ’লে।

ৰোম চহৰৰ মাজত ওখ দেৱালেৰে ঘেৰা ৪৪ হেক্টাৰ মাটিকালিৰ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ দেশ ভেটিকান চিটী। বাছেৰে গৈ ভেটিকান চিটীত ছেইণ্ট পিটাৰছ স্কোৱেৰেত নামিয়েই চকুত পৰিছিল ছবিত দেখা বৃহৎ আকাৰৰ ছেইণ্ট পিটাৰছ বেছিলিকা। এই ভৱনটোক বিশ্বৰ আটাইতকৈ সুন্দৰ ঘৰ বুলিও কোৱা হয়।

ছেইণ্ট পিটাৰছ বেছিলিকাৰ ওচৰতে আছে Apostolic Palace। খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ অন্যতম পৱিত্ৰ স্থান, কাৰণ এই ঘৰটোৱেই হ’ল পোপৰ বাসভৱন। এই বাসভৱনৰ ভিতৰতে আছে ভেটিকান মিউজিয়াম আৰু ভেটিকান লাইব্ৰেৰী। আমাক যেতিয়া এই প্ৰাসাদোপম ভৱনটোলৈ লৈ যোৱা হ’ল, পোপক দেখা পোৱাৰ আশা পূৰণ হোৱাৰ আশা মনত জাগি উঠিল।

বৃহদাকাৰৰ এই প্ৰাসাদত প্ৰৱেশৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল। কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেদি পাৰ হৈ ভিতৰত প্ৰৱেশ কৰিছিলোঁ। আমাৰ হাতত দিয়া হৈছিল একোটা অডিঅ’ গাইড। কাণত লগাই ল’লে আমি চকুৰে দেখা বস্তুবোৰৰ বিষয়ে বুজাই দিয়াৰ ব্যৱস্থা।

আমাক লৈ যোৱা হৈছিল ভেটিকান মিউজিয়ামলৈ। এই মিউজিয়ামত কেইবা শতিকা জুৰি পোপ সকলে সংগ্ৰহ কৰা আৰু উপহাৰ স্বৰূপে পোৱা বিভিন্ন সামগ্ৰী প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। এই সামগ্ৰী সমূহৰ ভিতৰত নানান শিল্পীৰ চিত্ৰ শিল্প, ভাস্কৰ্য প্ৰতিমা, বিভিন্ন দেশৰ শিল্প চানেকি আছে। মিছৰৰ পৰা অনা মামিও দেখা পাইছিলোঁ।

প্ৰাসাদৰ ভিতৰতে আছে পোপক নিৰ্বাচন কৰিবলৈ বহা সভাগৃহ ছিষ্টিন চেপেল। ছিষ্টিন চেপেলৰ বিশেষত্ব হ’ল চিলিঙ আৰু  বেৰত অংকিত হৈ থকা অপূৰ্ব চিত্ৰশিল্প। এই ঘৰটোৰ অৰ্ধ বৃত্তাকাৰ চিলিঙত মাইকেল এঞ্জেলোৱে অকা চমত্কাৰ চিত্ৰ শিল্প দেখিলে চকু থৰ লাগি যায়। চিলিঙত অঁকা ঈশ্বৰে প্ৰথম মানৱ আদমক ষ্পৰ্শ কৰি জ্ঞান দান কৰা মাইকেল এঞ্জেলোৰ বিশ্ব বিখ্যাত Touch of God  ছবিখন চাই শৰীৰ ৰোমাঞ্চিত হৈ উঠিছিল। বৰ আচৰিত ভাৱে ছিষ্টিন চেপেলৰ প্ৰতিখন চিত্ৰই অতি জীৱন্ত আৰু ৰং বোৰ এতিয়াও উজ্জ্বল হৈয়েই আছে।

ভেটিকান চিটীৰ বিখ্যাত প্ৰাসাদৰ ভিতৰত যথেষ্ট সময় কটাই এসময়ত ওলাই আহিলোঁ। কিন্তু পোপক এবাৰ লগ পোৱাৰ আশা পূৰণ নহ’ল। মনটো বেয়া লাগিল।

তেনেতে হঠাতে দেখিলোঁ মানুহবোৰ ছেইণ্ট পিটাৰছ স্কোৱেৰৰ পিনে ঢাপলি মেলিছে। আমিও পিছে পিছে গ’লোঁ। মানুহৰ কথাৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে পোপে ৰাজহুৱা দৰ্শন দিবলৈ ওলাইছে।

মন আনন্দেৰে ভৰি পৰিল। আমিও মানুহৰ ভীৰৰ মাজত থিয় হ’লোঁ।

কিছু সময় ৰোৱাৰ পিছত দেখিলোঁ এখন খোলা জীপত উঠি পোপ বেনেডিক্টে ৰৈ থকা ৰাইজলৈ চাই হাত জোকাৰি অভিবাদন জনাইছে। আমাৰ সমূখেৰেই পাৰ হৈ গ’ল স্বচক্ষে চাবলৈ আশা পালি থকা খ্ৰীষ্টান বিশ্বৰ সৰ্বাধিনায়কজন। আমিও হাত জোকাৰি পোপ গৰাকীলৈ সন্মান জনালোঁ।

No comments:

Post a Comment