Wednesday, December 9, 2015

ৰাজ আতিথ্য


সৰুৰে পৰা নাম শুনি অহা, এসময়ত বিশ্ব যুদ্ধৰ দামামা বাজি উঠা, এতিয়া প্ৰযুক্তিত শীৰ্ষস্থানত অৱস্থান কৰা চহৰখন চাবলৈ বৰ মন আছিল।

বাৰ্লিন চহৰ।

১৯ এপ্ৰিল, ২০১২। সময় তেতিয়া দুপৰীয়া ১ টা বাজিছে।

মেনেজমেণ্ট কোৰ্চৰ ১১ জন সতীৰ্থ আৰু প্ৰফেচৰ গুডিনোৰ সৈতে উপস্থিত হৈছোঁ চিপাহী চন্তৰীয়ে পহৰা দি থকা এটা বিশেষ ভৱনত। সেই ভৱনতোত সগৌৱৰে উৰি আছে ভাৰতৰ ত্ৰিৰংগ পতাকা।

সেয়া জাৰ্মানীৰ বাৰ্লিন চহৰৰ ভাৰতীয় দূতাবাস। গেটৰ কেইবা খলপৰ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে পাৰ হৈ আমি উপস্থিত হলোঁগৈ দূতাবাসটোৰ চৌহদত। গাইড হিচাপে আমাৰ লগত আছে এগৰাকী সুন্দৰী ফৰাছী মহিলা মাডাম জোছিয়েন। তেওঁ ইউৰোপৰ আটাইতলৈ পুৰণি মেনেজমেণ্ট স্কুল ESCP Europeৰ বিষয়ববীয়া।

ভাৰতীয় দূতাবাসটো ভাৰতীয় শিল্প কলাৰে আটক ধুনীয়াকৈ সঁজোৱা। বেৰত কেইবাখনো ভাৰতীয় শিল্পীয়ে অঁকা পেইণ্টিং। অত তত ভাৰতীয় স্থাপত্য কলাৰ পৰিচায়ক বিভিন্ন সামগ্ৰী সুন্দৰকৈ সজোৱা আছেভৱনটোত প্ৰৱেশ কৰিলেই ভাৰতীয় পৰিৱেশ অনুভৱ কৰিব পাৰি।

আমাক এজন ভাৰতীয় অফিচাৰে আদৰি নি এটা সুন্দৰকৈ সঁজোৱা সভা গৃহত বহুৱালে। মাজত এখন ডাঙৰ ঘূৰণীয়া মেজ। মেজত বিভিন্ন ফল, বিস্কুট, কেক, খোৱা পানীৰ বটল আদি সঁজোৱা আছে। আমাক মেজৰ চাৰিওফালে থকা চকী বোৰত বহিবলৈ দিলে।

জাৰ্মানীত ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীৰ লগত আমাৰ সাক্ষাৎ পূৰ্ব নিৰ্ধাৰিত হৈ আছে। আমি সকলোৱে কিছু সময় অপেক্ষা কৰিলোঁ।

এটা সময়ত তেখেত আহিল। জাৰ্মানীত ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰীমতী সুজাতা সিং। আমি সকলোৱে থিয় হৈ অভিবাদন জনালোঁ। মাডাম জোছিয়ান আৰু প্ৰফেচৰ গুডিনোৱে আমাৰ যাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে।

সুজাতা সিং এগৰাকী বিদূষী মহিলা। তেখেতে তেখেতৰ চমু অথচ সুন্দৰ ভাষণ এটাৰ জৰিয়তে ভাৰত আৰু জাৰ্মানীৰ সৌহাদ্যপূৰ্ণ বন্ধুত্ব আৰু বিদেশ নীতিৰ বিষয়ে আমাক বহুতো জানিবলগীয়া কথা কলে। বেপাৰ বাণিজ্যত বহুতো জাৰ্মান আৰু ভাৰতীয় কোম্পানীৰ সহযোগিতাৰ বিষয়ে জানিবলৈ দিলে।

তৈল উদ্যোগৰ পৰা যোৱা বুলি জানিব পাৰি তৈল উদ্যোগত জাৰ্মানীৰ বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে মোৰ লগত আলোচনা কৰিলে। ঠিক তেনেদৰে হিন্দুস্থান এৰোনোটিকচৰ পৰা যোৱা সকলৰ লগত উৰন ক্ষেত্ৰত ভাৰত আৰু জাৰ্মানীৰ মিত্ৰতাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰিলে। সাম্প্ৰতিক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত অহা হেঙাৰ সমূহৰ বিষয়েও আলোচনা কৰিলে।

শ্ৰীমতী সিঙৰ জ্ঞানৰ গভীৰতা আৰু পৰিধি দেখি তবধ মানিলোঁ। তেখেতৰ বিচক্ষণতাৰ আগত আমি মূৰ দোৱাঁলো।


সপোনৰ চহৰখনত ৰাজ আতিথ্যত কটাইছিলোঁ কেইটিমান বিৰল মুহূৰ্ত।

No comments:

Post a Comment