Thursday, November 26, 2015

ৰঙা পোহৰৰ বজাৰ



আমষ্টাৰডাম চহৰ। হলেণ্ডৰ ৰাজধানী। বৰ ধুনীয়া চহৰখন। বাৰ্লিনৰ পৰা সন্ধিয়াৰ ৰেলত আহি হোটেল পাওঁতে প্ৰায় ৰাতি এঘাৰটা বাজিছে। মই এটা বাৰজনীয়া শিক্ষামূলক ভ্ৰমণ দলৰ সদস্য। হোটেল পোৱাৰ পিছত আমাক জনোৱা হলযে আটাইৰে বাবে হোটেলত কোঠা খালি নাই। কেইজনমানে আন এখন হোটেললৈ যাব লাগিব।

আমাৰ লগত ইনচাৰ্জ হিচাপে যোৱা যোৱা প্ৰফেছৰ গুডিনোৰ প্ৰচণ্ড খং উঠিল। আগতিয়াকৈ বুক কৰি থোৱাৰ পিছত এনে অৱস্থা হোৱাৰ বাবে তেওঁ ৰিচেপচনত থকা ডেকা গাভৰু হালক উধাই মুধাই গালি পাৰিলে। তেওঁলোকে পিচে হাঁহি হাঁহি পৰিস্থিতি চম্ভালি ললে। তেতিয়া হেনো আমষ্টাৰডামত ফুলৰ উত্সৱ চলি আছে। সেয়েহে পৰ্যটকৰ খুব ভিৰ। বিভিন্ন দেশৰ পৰা মানুহে ফুলৰ উত্সৱ চাবলৈ আহিছে। উপায় নাপাই আমাৰ দলটোৰ কেইজনমান আন এখন হোটেললৈ গল।

পিচদিনা দিনত আমি বিশ্ব বিখ্যাত টিউলিপ গাৰ্ডেন চাবলৈ গলোঁ। সেইখন ঠাই যেন এখন সৰগ। ইমান ধুনীয়া ঠাই মই আগতে কেতিয়াও দেখা নাই। গাড়ীত ফুল সজাই নাচি বাগি কৰা শোভাযাত্ৰা দেখিলোঁ। তাত ফুলৰ উত্সৱ চলি আছে। সকলোপিনে কেৱল ফুল। বুজিলোঁ হলেণ্ড কিয় ফুলৰ বাবে পৃথিৱী বিখ্যাত।

ৰাতিপুৱা হোটেলৰ ৰিচেপচনত সুধিছিলোঁ, আমষ্টাৰডামৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থল কি। সুন্দৰী ছোৱালীজনীয়ে হাঁহি মাৰি কৈছিল, ৰেড লাইট ডিষ্ট্ৰিক্ট। অৰ্থ বুজি পোৱা নাছিলোঁ। ৰঙা লাইটৰ জিলা কেনে হ'ব পাৰে ভাবি পোৱা নাছিলোঁ।  কিন্তু টিউলিপ গাৰ্ডেনৰ পৰা আহি আমাৰ বাছখন সাগৰৰ পাৰৰ এঠাইত ৰোৱাৰ পিছত হঠাতে গুডিনো ছাৰে যেতিয়া কৈছিল, আমি আমষ্টাৰডামত পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰেড লাইট ডিষ্ট্ৰিক্টপাইছোঁহি আমি উত্সাহিত হৈ ডিঙি মেলি বাহিৰলৈ চালোঁ। ছাৰে নিৰ্দেশ দিলে, যিসকলে ৰেড লাইট ডিষ্ট্ৰিক্ট চাবলৈ বিচাৰে বাছৰ পৰা নামি নামি ঘূৰি পকি নিজাকৈ ব্যৱস্থা কৰি হোটেললৈ যাব লাগিব।

ছাৰে সকীয়নিৰ সুৰত ক'লে, "এই ঠাইখিনি পৰ্যটক হিচাপেহে চাবা। পইছা খৰছ কৰিবলৈ গ'লে হাত খালি হৈ উভতিব লাগিব। ইয়াৰ ছোৱালীবোৰ যিমান ধুনীয়া, সিমানেই ভয়ংকৰ"। ৰাতিপুৱাৰ পৰা মনত খোকজা লগা শব্দটোৰ অৰ্থ সোনকালেই বুজি পালোঁ।

ইমান দুৰ আহি পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাইডোখৰ নোচোৱাকৈ ঘূৰি যোৱাৰ কথা ভাবিবই নোৱাৰি। পত্নীৰ লগত অহা গুডিনো ছাৰ  বাছত হোটেললৈ উভতি গল। আমি ডঙুৱা কেইজন ওলালোঁ সেই আকৰ্ষণীয় ঠাই ডোখৰৰ ৰেহ ৰূপ চাবলৈ।

সন্ধিয়া হোৱাৰ লগে লগে ৰঙচুৱা পোহৰে ঠাইডোখৰ মোহনীয়া কৰি তুলিলে। শাৰী শাৰী সৰু সৰু কোঠালী সদৃশ ঘৰ কিছুমান দেখিলোঁ। প্ৰতিটো ঘৰৰ সন্মুখত একোটা ৰঙা লাইট। কিছুমান জ্বলি আছে কিছুমান নুমাই আছে। ৰঙা লাইট জ্বলি থকা ঘৰবোৰত কাঁচৰ দুৱাৰৰ সিপাৰে একোজনী সুন্দৰী। বিভিন্ন ভংগীমাত ঠিয় হৈ আছে। গাত কাপোৰ নামমাত্ৰ।  দুৱাৰখনৰ ওচৰলৈ গলে হাতৰ পাঁচটা আঙুলি দেখুৱাই দিয়ে। অলপ সময় মানুহৰ ৰেহৰূপ চাই বুজি পালোঁ পাঁচটা আঙুলিৰ অৰ্থ হল পঞ্চাশ ইউৰো। সিমানখিনি ধন দিলে দুৱাৰখন খোল খায়, ঘৰটোৰ ভিতৰলৈ সোমাব পাৰি, পৰ্দাখন টান খায় আৰু ৰঙা লাইটটো নুমাই যায়। মানুহ ওলাই অহাৰ পিছত ৰঙা লাইটটো আকৌ জ্বলি উঠে, পৰ্দাখন আঁতৰি যায় আৰু সুন্দৰীজনী সাজি কাঁচি আকৌ কাঁচৰ দুৱাৰৰ সিপাৰে ঠিয় দিয়েহি। 

বজাৰৰ কাঁচৰ আলমাৰিত সুন্দৰীৰ পুতলা বহুত দেখিছোঁ, কিন্তু কাঁচৰ দুৱাৰৰ সিপাৰত থকা জীৱন্ত সুন্দৰী কেতিয়াও দেখা নাছিলোঁ। ৰঙা লাইটৰ পোহৰত নিজকে সজাই পৰাই বজাৰৰ পন্য হিচাপে আগবঢ়োৱা প্ৰায় বিবসনা সুন্দৰী সকলক এফালৰ পৰা চাই গলোঁ। সুন্দৰী সকলক লৈ বহা সেইখন এখন বিশাল বজাৰ। বিদেশী পৰ্যটকে নিজৰ কেঁচুৱা - লৰা - তিৰোতা লগত লৈয়ো সেই ৰঙা পোহৰৰ বজাৰখন ঘূৰি ফুৰিছে। মানুহেই মানুহ। কোনো লুক ঢাক নাই। আমষ্টাৰডামৰ সেয়া এক মুখ্য আকৰ্ষণ।

প্ৰথম বাৰৰ বাবে ৰঙা পোহৰ বা ৰেড লাইটৰ অৰ্থ ভালদৰে বুজিলোঁ। আমাৰ পিনে যেনিবা কেৱল ডিষ্ট্ৰিক্ট নুবুলি এৰিয়া বুলি কোৱা হয়।

এসময়ত ৰঙা পোহৰৰ বজাৰখন চাই চাই আমনি লাগিল। ৰাতি বেছি হোৱাত কেইজনমানে মিলি টেক্সী লৈ হোটেল পালোঁহি।




No comments:

Post a Comment