২০০৮ চনত আমেৰিকাৰ পৰা প্ৰশিক্ষণ এটাৰ পৰা সপত্নীক উভতি আহোঁতে জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰ হৈ আহিছিলোঁ। আমি ফ্ৰেংকফুৰ্টৰ পৰা ৰেলেৰে গৈ পেৰিছ চাই আকৌ ফ্ৰেংকফুৰ্টলৈ উভতি আহি হোটেল এখনত আছিলোঁ। বিমান কোঠলৈ যাবলৈ প্ৰি পেইড টেক্সী মাতি আমি হোটেলৰ লবীত অপেক্ষা কৰি আছিলোঁ। অলপ সময় ৰোৱাৰ পিছতে এজন ওখ পাখ বগা বৰণৰ মানুহে আমাক জাৰ্মান ভাষাতে সুপ্ৰভাত সম্ভাষণ জনাল, ‘হালো, গুটেন মৰ্গেন’। জাৰ্মান ভাষা নাজানো বাবে তেওঁক ইংৰাজীতে উত্তৰ দিলোঁ, “গুড মৰ্ণিং”।
তেওঁ পিছ মুহূৰ্ততে ইংৰাজীত সুধিলে, “ফ্ৰম ইণ্ডিয়া”? আমি “য়েছ” বুলি কৈ মূৰ জোকাৰিলোঁ। তেওঁ আমাক তেওঁৰ টেক্সী খনৰ পিনে আগবঢ়াই লৈ গ’ল।
টেক্সী চলিবলৈ লোৱাৰ পিছতে আমাক আচৰিত কৰি গাড়ীৰ ষ্পীকাৰত বাজিবলৈ ধৰিলে হিন্দী চিনেমাৰ গান। আমাৰ মুখত হাঁহি বিৰিঙি উঠিল।
“ইয়াতেও হিন্দী গান বজোৱা ৰেডিঅ’ চেণ্টাৰ আছে নেকি”? মই ইংৰাজীতে সুধিয়েই দিলোঁ।
“নাই। এয়া মোৰ ব্যক্তিগত সংগ্ৰহ”। টেক্সী চালকজনে গম্ভীৰ ভাৱে ইংৰাজীতেই ক’লে।
“আপুনি জাৰ্মান হৈয়ো হিন্দী গান শুনে”? মই আচৰিত হ’লোঁ। মানুহজনৰ আৱ ভাৱ, কথা বতৰা সাইলাখ এজন জাৰ্মানৰ দৰে।
মোৰ কথা শুনি তেওঁ হাঁহিলে। “আপোনালোকক দেখি মই ইণ্ডিয়ান বুলি চিনি পাইছোঁ, অথচ মোক দেখি আপোনালোকে একো ধৰিব পৰা নাই নহয়নে”? মানুহজনে কেৰাহিকৈ মোৰ পিনে চালে।
“নাই পৰা। পিছে আপুনিনো আমাক দেখিয়েই ইণ্ডিয়ান বুলি কেনেকৈ গম পালে”? মোৰ আৰু শ্ৰীমতী উভয়ৰে পিন্ধনত পশ্চিমীয়া সাজপাৰ।
“ইণ্ডিয়ান মানুহ আমি ভালদৰেই চিনি পাওঁ। আপোনাৰ পত্নীৰ শিৰত থকা সেন্দুৰকণেই আপোনালোকক ইণ্ডিয়ান বুলি চিনাকী দিবলৈ যথেষ্ট”। তেওঁকৈ গ’ল।
মানুহজনে ভাৰতৰ কথা ইমানকৈ জানে কাৰণে ভাল লাগিল। আগতেও শুনিছিলোঁ জাৰ্মান সকলে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত, বহুতো জাৰ্মানে সংস্কৃত ভাষা শিকে।
মনৰ খুদুৱনি মাৰিবলৈ টেক্সী চালক জনক আকৌ ইংৰাজীতে সুধিলোঁ, “আপুনি হিন্দী ভালদৰে বুজি পায়নে”?
মানুহজনে মোৰ পিনে ঘূৰি চাই হাঁহি মাৰি শুদ্ধ হিন্দীত উত্তৰ দিলে, “হমলোগ হিন্দী মে হী বাত কৰে তো বেহতৰ হোগা”।
আচৰিত হৈ তেওঁৰ মূখলৈ চাই সুধিলোঁ, “আপ ভি ইণ্ডিয়ান হো”?
তেওঁ গহীনাই ক’লে, “আপ মুঝে ইণ্ডিয়ান হী বোল চকতে হো। লেকিন মে পাকিস্তান চে আয়া হু”।
তেওঁ কৈ গ’ল, “বহুত বছৰৰ পৰা ইয়াতে আছোঁ। বাইশ বছৰ হৈ গ’ল। কিন্তু এতিয়াও মই হিন্দী চিনেমাৰ কাৰণে পাগল। সুবিধা পালেই হিন্দী চিনেমা চাওঁ, হিন্দী গান শুনোঁ”।
“কেতিয়াবা ইণ্ডিয়া গৈছেনে”?
“নাই যোৱা। যাবলৈ বৰ মন আছে। কিন্তু যোৱা চাগে নহ’ব কেতিয়াও। পাকিস্তানী মানুহৰ বাবে ইণ্ডিয়ান ভিছা পোৱাটো সহজ নহয়”। তেওঁ দুখ মনেৰে ক’লে।
“আমিতো আগতে একেখন দেশৰ মানুহেই আছিলোঁ”। মই নিজকে কোৱাদি ক’লোঁ।
“বিদেশত আমি এতিয়াও একেখন দেশৰ মানুহৰ দৰেই থাকোঁ। মই যিটো চুবুৰিত থাকোঁ তাত আমি ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মুছলিম, হিন্দু, শিখ সকলো ধৰ্মৰ লোক একেলগে থাকোঁ। উত্সৱ পৰৱ একেলগে পালন কৰোঁ। ইণ্ডিয়ান মানুহ মোৰ গাড়ীত উঠিলে ঘৰৰ মানুহক লগ পোৱা যেনেই লাগে। আমাক ইয়াৰ মানুহে ইণ্ডিয়ান বুলিয়েই কয়। বাংলাদেশ, পাকিস্তানৰ মানুহেও ‘ইণ্ডিয়ান ৰেষ্টোৰাঁ’ খুলি ব্যৱসায় কৰিছে। মুঠতে আমি সকলোৱে মিলিজুলি থাকোঁ”। তেওঁৰ মুখ আনন্দত জিলিকি উঠিল।
“ভাৰত পাকিস্তানৰ মানুহে যদি সঁচাকৈয়ে বিদেশত মিলিজুলি থাকিব পাৰে, নিজৰ দেশত থাকিব নোৱাৰে কিয়”? মই তেওঁক সুধিলোঁ।
“আচল সমস্যাটো হ’ল আমি আমাৰ সাধাৰণ মানুহবোৰক সদায় বিভ্ৰান্ত কৰি ৰখা হয়। ধৰ্ম আৰু ৰাজনীতিৰ সুবিধা ল’বলৈ আমাক বিভাজিত কৰি ৰখা হয়। কিন্তু বিদেশত ৰাজনীতি আৰু ধৰ্মৰ ব্যৱসায়ী সকল নথকাৰ বাবে আমাৰ মাজত কোনো বিভাজন নাই। আমাৰ ইয়াত ভাৰতীয় বা পাকিস্তানী বুলি কোনো ভেদ ভাব নাই”। তেওঁ ক’লে।
মই ভাবিলোঁ, সঁচাকৈয়ে ধৰ্ম আৰু ৰাজনীতিৰ ব্যৱসায়ীবোৰ নোহোৱা হ’লে কিমান যে ভাল হ’লহেঁতেন।
এয়াৰপোৰ্টত আমাৰ বয় বস্তুখিনি নমাই দি তেওঁ কৰমৰ্দন কৰি নিজৰ কাৰ্ডখন দি ক’লে, “মোৰ নাম ইব্ৰাহীম। কিন্তু ইয়াত মোক আব্ৰাহাম বুলিয়েই জানে। কেতিয়াবা আকৌ ফ্ৰেংকফুৰ্টলৈ আহিলে ফোন কৰিব। কাৰ্ডত ফোন নম্বৰ দিয়া আছে। অহাবাৰ আহিলে আপোনালোকক মোৰ বন্ধু এজনৰ ৰেষ্টোৰাঁলৈ লৈ যাম। তাৰ নাম হৰিশ। সি গুজৰাটৰ”।
মই মোৰ কাৰ্ডখন তেওঁক দি কলোঁ, “কেতিয়াবা ভাৰতলৈ আহিলে ফোন কৰিব। আমি একেবাৰে পূব সীমান্তত অসমত থাকোঁ”।
“মই অসমৰ কথা জানোঁ। আছাম টী ইয়াত প্ৰসিদ্ধ। আপোনালোক চাহৰ দেশৰ মানুহ। অহাবাৰ আহিলে চাহপাত অলপ লৈ আহিব। এতিয়া বিদায়”। এই বুলি তেওঁ হাত জোকাৰি আমাৰ পৰা বিদায় ল’লে।
No comments:
Post a Comment