২০০১ চনৰ
কথা। মুম্বাই চহৰ। কলিকতাৰ পৰা সপত্নীক ৰে’লেৰে গৈ ৰাতি
দহমান বজাত মুম্বাই পাইছোঁ। ৰেলৰ ডবাত সহযাত্ৰী এজনৰ
মুখত শুনিলোঁ, মুম্বাইত ৰাতি মাৱালিৰ পৰা সাৱধানে থাকিব লাগে। মাৱালি মনে আমাৰ
ভাষাত ক’বলৈ হ’লে ‘লোকেল গুণ্ডা’।
মুম্বাইত
আমাৰ গন্তব্য স্থল হ’ল জুহুত থকা আমাৰ কোম্পানীৰ গেষ্ট হাউছ। দাদৰ ষ্টেচনত
নামিলে জুহুলৈ বাট চমু হয় বুলি সহযাত্ৰীজনৰ পৰা গম পাই আমি দাদৰতে নামি দিলোঁ।
ষ্টেচনৰ প্লেটফৰ্মত টেক্সীৱালাৰ ভিৰ। টেক্সীত যাত্ৰী উঠাবলৈ খদমদম
লগাই আছে। কপালত তিলক লগোৱা ধাৰ্মিক যেন চেহেৰাৰ পাহোৱাল ডেকা এজনে ওচৰ চাপি সুধিলে,
“ক’লৈ যাব”?
“জুহু”।
জুহুলৈ যাম বুলি ক’বলৈহে পালোঁ তেওঁ এনেখন কৰিলে যেন আমি জুহুত
তেওঁৰ ঘৰলৈকে যাবলৈ ওলাইছোঁ।
“জুহুতেই মোৰ ঘৰ। মোৰ খন জুহুৰ লোকেল টেক্সী। এই ৰাতিখন জুহুত বাহিৰৰ
টেক্সী গ’লে পুলিছে বৰ ঝামেলা কৰে। মোৰ টেক্সীত কোনো অসুবিধা নাপায়। জুহুত
আপোনাৰ কোম্পানীৰ গেষ্ট হাউচলৈ আমি পেছেঞ্জাৰ নিয়েই থাকোঁ। গেষ্ট হাউছৰ
পেছেঞ্জাৰ ময়েই অনা নিয়া কৰোঁ”। এনেদৰে নানান চলাহী কথাৰে মানুহজনে আমাক তেওঁৰ
টেক্সীত বহিবলৈ বাধ্য কৰালে। আমাৰ বস্তু বাহানিবোৰ গাড়ীৰ ডিকিত সুমুৱাই আমি দুয়ো
পিচপিনৰ চীটত বহিলোঁ।
টেক্সীখনৰ সমুখৰ
আসনত চালকৰ লগত দঢ়ীয়া মানুহ এজন বহা দেখি মই আপত্তি কৰিলোঁ।
“চিন্তা নকৰিব
চাহাব। এইজন মোৰ ভাই হয়। ৰাতি মুম্বাইত অকলে গাড়ী চলাবলৈ ভয়। মাৱালিবোৰে কেতিয়াবা গাড়ী ৰখাই সকলো লুটি লৈ
যায়। সেই কাৰণে ইয়াকো লৈ আহোঁ”।
আমি ভাবিলোঁ, আমাৰ ভাগ্য ভাল যে, গাড়ীত দুজনকৈ পাহোৱাল ডেকা আছে।
মাৱালিবোৰে আমাক লুটিবলৈ সাহস কৰিব নোৱাৰিব।
গাড়ী আগবাঢ়িল। চালক আৰু তেওঁৰ ভায়েকে সৰু সৰু মাতেৰে মাৰাঠী ভাষাত
কিবা কথা বতৰা পাতি থাকিল।
কিছুদুৰ যোৱাৰ পিছত হঠাতে গাড়ীখন ৰৈ গ’ল। “চাহাব, গাড়ীখন বেয়া হ’ল। আৰু আগলৈ
নাযায়। আপোনালোক ইয়াতেই নামি যাওক”।
“কি কোৱাহে? এই ৰাতিখন ক’ৰ মাজ
ৰাষ্টাত আমাক নমাবলৈ আহিছা”? মই খঙেৰে ক’লোঁ।
হঠাতে চালকজনৰ কথাৰ সুৰ সলনি হ’ল। “নামিবলৈ
কৈছোঁ নামি যাওক। তৰ্ক নকৰিব। পইছা দিয়ক আৰু ফুটক ইয়াৰ পৰা”।
গাড়ী চালক জনৰ ষ্পৰ্ধা দেখি খং উঠি আহিল। শ্ৰীমতীয়ে হাতত ধৰি শান্ত হ’বলৈ ক’লে।
“ব’লা নামি যাওঁ। মানুহটো ভাল নহয়। কথাৰ সুৰ দেখিছা ! তুমি কাজিয়া
নকৰিবা”।
“বস্তুবোৰ উলিয়াই দিয়া। আৰু কিমান পইচা হৈছে কোৱা”। আমি দুয়ো
নামি আহিলোঁ।
“তিনিশ টকা”। ডিকিৰ ঢাকোন খুলি চালক জনে ক’লে।
“কি কোৱাহে? তোমাৰ মিটাৰত দেখুৱাই
আছে এশ টকাই হোৱা নাই। তিনিশ টকা কেনেকৈ হ’লহে”? মই উভতি ধৰিলোঁ।
“ৰাতি তিনিগুণ ভাড়া হয়। চুপ চাপ টকা দিয়ক”।
তাৰ মাতটো কৰ্কশ হৈ গ’ল।
শ্ৰীমতীয়ে ক’লে, “কাজিয়া নকৰিবা। দি
দিয়া। যি বিচাৰিছে দি দিয়া। মানুহটো ভাল নহয়”।
পইচাৰ বেগৰ পৰা পাঁচশ টকাৰ নোট এখন উলিয়াই চালক জনৰ লগত বহি দঢ়ীয়া
মানুহ জনৰ হাতত দি ক’লোঁ “দুশ টকা
ঘূৰাই দিয়া”। সি নোটখন
হাতত লৈ মুহূৰ্তৰ ভিতৰতে দহটকীয়া এখন দেখুৱাই ক’লে, “এয়া কি পইছা
দিছে? দহটকীয়া দিলে
যে? তিনিশ টকা
দিয়ক”।
চকুৰ পচাৰতে কি কিটিপত নোটখন সলনি হৈ গ’ল ধৰিবই
নোৱাৰিলোঁ। “হেৰা মোক
ঠগিবলৈ আহিছা নেকি? মই ভালদৰে চাই
পাঁচশ টকীয়া এখন দিছোঁ। নতুন মানুহ দেখি গুণ্ডামি কৰিবলৈ আহিছা। মই পুলিছক মাতিম”। মই চিঞৰিলোঁ।
“নিচিঞৰিবি। পুলিচৰ কথা কৈ ভয় দেখুৱাবলৈ আহিছ। ৰাষ্টাত লাচ বনাই পেলাই
থৈ যাম, চিনি পোৱা
নাই”। দঢ়ীয়া জন
দুৱাৰ খুলি ওলাই আহি ধমকি দিলে।
“দি দিয়া। দি দিয়া। যি বিচাৰিছে দি দিয়া। মানুহটো ভাল নহয়”। শ্ৰীমতীয়ে
ভয়ত চিত্কাৰ কৰি উঠিল। উপায় নাপাই এইবাৰ এখন এখনকৈ সন্মুখত গণি তিনিখন এশ টকীয়া
নোট মানুহজনৰ হাতত দিলোঁ।
দঢ়ীয়াই ধামকৈ শব্দ কৰি দৰ্জা খন বন্ধ কৰিলে আৰু চালকজনে গাড়ীখন
ষ্টাৰ্ট কৰি তীব্ৰ বেগত গুচি গ’ল। গাড়ী বেয়া হোৱাৰ নাটকখন শেষ হ’ল।
ৰাম ঠগন খাই বস্তু বাহানি লৈ মাজৰাতি মুম্বাইৰ ৰাজপথৰ দাঁতিত কিছু
সময় থিয় হৈ থাকিলোঁ। ক’ত আছোঁ ধৰিব নোৱাৰিলোঁ। মন কৰিলোঁ ঠাই ডোখৰ
আওহতীয়া। ষ্ট্ৰীট লাইট জ্বলা নাই বাবে ঠাইটুকুৰা
আন্ধাৰ। এই আন্ধাৰৰ সুযোগত আমাক ঠগিলে।
গাড়ীবোৰ বেগেৰে অহা য়োৱা কৰি আছে। আকৌ টেক্সী ৰখাবলৈ ভয় লাগিল।
উপায় নাপাই অট’ এখন ধৰি
কোনোমতে গেষ্ট হাউছ পালোহি। বাটত আমাৰ পৰিস্থিতিৰ কথা জানিব পাৰি অট’ চালক জনে ক’লে, “আপোনালোকক
মুম্বাইৰ মাৱালিয়ে পালে। ভাগ্য ভাল, বস্তু বাহানি
খিনি নিনিলে। কেতিয়াবা নতুন মানুহ পালে এই মাৱালিবোৰে সকলো লুটি পুটি লৈ যায়”।
No comments:
Post a Comment