Thursday, November 26, 2015

খৰছী চহৰৰ হোটেল


পেৰিছ চহৰ। জাৰ্মানীৰ ফ্ৰেংকফৰ্ট চহৰৰ পৰা দুৰন্ত বেগী ইউৰো ষ্টাৰ ৰেলেৰে আহি পেৰিছৰ গ্যেৰ দ্য নৰ্ড ৰেল ষ্টেছনত সন্ধিয়া সময়ত সপত্নীক উপস্থিত হলোঁ। এখন নতুন চহৰ। ভাষা অচিনাকী।

ৰেলৰ পৰা নামি আমাৰ বেগ কেইটা কঢ়িওৱাটো এটা সমস্যা হৈ পৰিল। আমাৰ দেশৰ দৰে কুলী পাবলৈ নাই। ট্ৰলীও দেখা নাই। চকা নথকা বেগ কেইটা চকা থকা কেইটাৰ ওপৰত বহুৱাই কোনোমতে প্লেটফৰ্মৰ পৰা লাহে লাহে ওলাই অহিলোঁ।

প্ৰি পেইড টেক্সীৰ খবৰ কৰা”, প্ৰণীতাই কলে। অফিছ এটা দেখি সোমাই গলোঁ। কাউণ্টাৰত কলা ছালৰ আফ্ৰিকান মানুহ এজন দেখি আশা কৰিলোঁ, তেওঁ হয়তো ইংৰাজী বুজিব। পেৰিছত বাটে ঘাটে ইংৰাজী জনা মানুহ পাবলৈ মস্কিল।

মানুহজনক টেক্সীৰ কথা সুধিলোঁ। তেওঁ ফৰাছী ভাষাত কিবা কিবি কলে। ইংৰাজী নুবুজে। তেওঁ বাৰে বাৰে ছৰ্টি, ছৰ্টিবুলি কৈ ফলক এখনৰ পিনে আঙুলিয়াই দিলে। ফলক খনত কাড় চিনেৰে সৈতে ইংৰাজী বৰ্নমালাত SORTIE বুলি লিখা আছে। বুজিলোঁ সেয়া বাহিৰলৈ যোৱা পথ। SORTIE মানে ইংৰাজীৰ EXITতেওঁৰ কথা আৰু অংগী ভংগীৰ পৰা বুজিলোঁ, বাহিৰলৈ ওলালে আমি টেক্সী পাম।

ফলকত দিয়া কাড় চিন চাই চাই ষ্টেচনৰ বাহিৰ পালোঁগৈ। আমাৰ ইয়াৰ ৰেল ষ্টেচনৰ দৰে হায় উৰুমি নাই। দেখিলোঁ আমাৰ দৰে বহুত মানুহ টেক্সীৰ বাবে ঠিয় হৈ আছে। এখন এখনকৈ টেক্সী আহিছে, মানুহ উঠাইছে আৰু গৈছে। বুজিলোঁ সেই ঠাইত থিয় হৈ থাকিলে আমিও টেক্সী এখন পাম।

মন কৰিলোঁ টেক্সীবোৰে আমাৰ ওচৰত নৰয়। ভাবিলোঁ আমাৰ গাৰ বৰণ দেখি বা বিদেশী বুলি ভাবি এনে কৰিছে নেকি? ডাঙৰ চহৰৰ কথা। আও ভাও একো পোৱাই নাই।

অলপ সময় আন মানুহৰ ৰেহ ৰূপ চাই বুজিলোঁ যে টেক্সীবোৰক আমাৰ দেশত ৰখোৱাৰ দৰে হাত ডাঙি দিলেহে ওচৰত ৰয়। হাঁহি মাৰি প্ৰণীতাক ক'লোঁ, "ডাঙৰ চহৰ হ'লেও কথাবোৰ ইয়াতো একেই বুজিছা।  হাত ডাঙি দিলে টেক্সী ৰাখি দিয়ে"।

এখনৰ পিছত এখনকৈ টেক্সী হাত দাঙি ৰখাইছোঁ। কিন্তু এজন চালকেও আমাক নুঠায়। আমাৰ বেগ কেইটালৈ দেখুৱাই নিজৰ ভাষাত কিবা কিবি কয় আৰু আঁতৰি যায়। বুজি পালোঁ আমাৰ বেগ কেইটা ডাঙৰ দেখি সৰু সৰু গাড়ীবোৰত আমাক উঠাব নিবিচাৰে। আমি ইজনে সিজনৰ পিনে চাই ৰৈ থাকিলোঁ।

আমাৰ লগত গাড়ীৰ বাবে ৰৈ থকা মানুহবোৰ গৈ গৈ নাইকীয়া হল। হয়তো আমি অকলে ৰৈ থকা দেখি এখন গাড়ী আগবাঢ়ি আহিল। চালকজনে নামি আহি ভঙা ভঙা ইংৰাজীত কলে যে তেওঁ আমাক নিব, কিন্তু বেগ কেইটাৰ বাবে অতিৰিক্ত ভাড়া দিব লাগিব। উপায় নাপাই তেওঁৰ প্ৰস্তাৱত মান্তি হলোঁ।

পেৰিছৰ সৰু সৰু ৰাষ্টাৰে গাড়ী আগবাঢ়িল। মাজে মাজে সৰু সৰু গলিৰে যোৱা যেনেই লাগিল। চালক জনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। দেখাত চাইনীজ যেন লগা চালকজন ভিয়েটনামী। অলপ অচৰপ ইংৰাজী বুজি পায়। ইমানবোৰ লাগেজ লৈ ভ্ৰমণ কৰাৰ বাবে তেও আমাক ককৰ্থনা কৰিলে।

এনেদৰে গৈ গৈ এসময়ত আমাৰ আগতে বুক কৰি থোৱা নিৰ্দিষ্ট হোটেলখন পালোঁ। এটা সৰু ৰাষ্টাত থকা এখন সৰু হোটেল। ইণ্টাৰনেটত বিচাৰি বিচাৰি আটাইতকৈ সস্তা দামত এইখন হোটেল পাইছিলোঁ। পেৰিছ পৃথিৱীৰ এখন খৰছী চহৰ। হোটেলৰ কোঠাৰ বৰ দাম।

হোটেলখনত দুৱাৰমুখতে এটা সৰু লবী। এজনী হাঁহিমুখীয়া ছোৱালীয়ে আমাক সম্ভাষণ জনালে আৰু আমাৰ পাছপৰ্ট আৰু বুকিঙৰ কাগজ পত্ৰ পৰীক্ষা কৰি আমাৰ চতুৰ্থ মহলাত থকা কোঠাটোত সোমাব পৰা কাৰ্ড এখন দিলে। ছোৱালীজনীৰ নাম জেনিফাৰ।

ওপৰলৈ যাবলৈ এখন মাত্ৰ লিফট। লিফ্টখনত সোমাই আচৰিত হলোঁ। সেইখন পৃথিৱীৰ আটাইতকৈ সৰু লিফ্ট যেন লাগিল। এজন মাথোন মানুহ কোনোমতে লিফ্ট খনত সোমাব পাৰে। আমাৰ ইমানবোৰ বস্তু বাহানি কেনেদৰে ওপৰলৈ নিম ভাবি নাপালোঁ। ৰিচেপচনত থকা জেনিফাৰে আমাক বুদ্ধিটো দিলে।

মই প্ৰথমতে লিফ্টেৰে ওপৰ পালোঁগৈ। তাৰ পিছত প্ৰণীতাই এটা এটাকৈ বেগ ওপৰলৈ পঠিয়াই থাকিল। এটা বেগ নমাই মই খালি লিফ্টখন তললৈ পঠিয়াই দিওঁ, তাই আন এটা বেগ পঠিয়াই দিয়ে। এইদৰে আমাৰ চাৰিটা বেগ অহাৰ পিছত শেষৰ বাৰত প্ৰণীতা উঠি আহিল।

আমাৰ সস্তা দামত পোৱা কোঠটোত সোমাই হাঁহি উঠিল। তেনেই সৰু কোঠা। দুজনে শুব পৰা বিচনাখনে প্ৰায় সমগ্ৰ কোঠাটো আগুৰি আছে। আমাৰ বেগ কেইটা সুমুৱাই দিয়াৰ পিছত একেবাৰে ঠাই নাইকীয়া হল। কোঠাটোৰ এমূৰে থকা বাথৰূমটোলৈ যাবলৈ বেগৰ ওপৰেৰে জপিয়াই যাব লগীয়া হল।

ইণ্টাৰনেটত ফটো চাই বুক কৰাৰ সময়ত কোঠাটো ইমান সৰু হব পাৰে বুলি ধাৰণাই কৰিব নোৱাৰিলোঁ। প্ৰণীতাক কলোঁ, “আমাক ঠগিলে বুজিছা। ৪৫ ইউৰো লৈ আমাক ইমান সৰু কোঠা এটা দিছে

তেনেকুৱা যদি হৈছে কমপ্লেইন কৰা। এইবোৰ ডাঙৰ দেশতো মানুহক ঠগেনে”? তাইৰো খং উঠিল।

কমপ্লেইন কৰোঁ বুলি আকৌ অকণমান লিফ্ট খনেৰে তল পালোগৈ। জেনিফাৰক কলোঁ, “৪৫ ইউৰো ভাড়া দিছোঁ, কিন্তু আমাক ইমান সৰু কোঠালি এটা দিছে। কোঠাটো সলাই দিয়ক

তাই হাঁহি মাৰি কলে, “আপোনালোকৰ অসুবিধা হৈছে যদি আন হোটেললৈ যাব পাৰে। আমাৰ আন কোঠা খালি নাই

মোৰ খং উঠিল। মই এই কোঠাটোৰ বাবে ৪৫ ইউৰো দি থৈছোঁ। কিয় ওলাই যাম”?

আপোনাৰ পইছা ঘূৰাই দিম। কাৰণ এই কোঠাটোৰ বাবে আমি আজি ৬৫ ইউৰো পাম। আজি পেৰিছৰ হোটেলত কোঠা খালি নায়েই। আপুনি আগতিয়াকৈ বুক কৰা বাবেহে ৪৫ ইউৰোত পাইছে


শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিলোঁ। প্ৰণীতাক ক'লোঁ, "আমি ঠগ খোৱা নাই বুজিছা, খৰছী চহৰৰ হোটেল বোলে এনেকুৱাই"।

No comments:

Post a Comment