নিউ
জাৰ্চি চহৰ। মোৰ কলেজীয়া বন্ধু প্ৰবীণৰ ঘৰলৈ আহিছোঁ। ইমান দিনৰ মূৰত মোক লগ পাই
তাৰ স্ফূৰ্তিৰ অন্ত নাই। ঘৈণীয়েক লীণাৰ আগত পুৰণি কথাবোৰ উলিয়াইছে, “হোষ্টেলত
থাকোঁতে জানানে, ইয়াৰ মাজতে বডী বিল্ডিং কৰাৰ চখ হৈছিল”।
“বডী
বিল্ডিং”? লীণাই আচৰিত হৈ মোলৈ চালে। তাই হয়তো মোলৈ চাই মনে মনে ভাবিলে এইটো
কোনোপধ্যে বডী বিল্ডিং কৰা চেহেৰা হবই নোৱাৰে।
“ই
সদায় সন্ধিয়া সন্ধিয়া জিমলৈ গৈ লোহা ডাঙিছিল”। প্ৰবীণক আজি আৰু ৰখাব নোৱাৰি।
“আৰু
ৰাতি হোষ্টেলত দকচি খাইছিল”।
লীণা
আৰু প্ৰবীণৰ হাঁহিৰ কলৰৱ উঠিল। ই সকলো কথা গোমৰ ফাঁক কৰে বুলি মই ভয়েই খাই
গৈছিলোঁ।
“আৰু
ইয়াৰ বডী বিল্ডিং ইমানেই ফেমাছ হৈছিল যে ইয়াক আমি বডী বুলি মাতিছিলোঁ”।
মই
হাঁহিত যোগ দিয়াৰ বাহিৰে অন্য উপায় নাছিল। প্ৰবীণে মোক এতিয়াও বডী বুলিয়েই মাতে। সেই কথা লীণায়ো জানে।
প্ৰবীণে
মোক তাৰ গাড়ীত ফুৰাবলৈ লৈ গ’ল।
“ব’ল
বডী, মই তোক আজি নিউ জাৰ্চিৰ বডী বিল্ডিং ক্লাব দেখুৱাম”।
গাড়ীত
গৈ থাকোঁতে এঠাইত দেখিলোঁ ৰাষ্টাটো বেয়া। মাজে মাজে খলা বমা আছে। কাষেৰে আন এটা
ৰাষ্টা বনাই আছে। ডাঙৰ ডাঙৰ মেচিন আৰু মানুহ ব্যস্ত হৈ আছে।
“মূল
পথটো বনাই আছে। আমি সেইকাৰণে বাইপাছেদি আহিছোঁ। এইখিনিতে ৰাষ্টাটো অলপ বেয়া। বডী, এইখিনিত
তোৰ ইণ্ডিয়া যেন লগা নাইনে”?
লাগিছে।
পিছে আমাৰ তাত ৰাষ্টা ইয়াতকৈও বেয়া। দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ ৰাষ্টা ভাল
কৰোঁতে তিনি বছৰ মান লাগিছিল। মই মনতে ভাবি ভাবি গৈ থাকিলোঁ।
“কিমান
দীঘল ৰাষ্টা বনাই আছে”? প্ৰবীণলৈ চাই সুধিলোঁ।
“দহ
মাইল মান হ’ব”।
কেতিয়াৰ
পৰা বনাইছে”?
“যোৱাকালিৰ
পৰা আৰম্ভ কৰিছে”।
মই
ভাবিলোঁ দহ মাইল ৰাষ্টা বনোৱাতো ধেমালি কথা নহয়। হয়তো আৰু দুমাহমান প্ৰবীণ হঁতে এই
বেয়া ৰাষ্টাৰে অহা যোৱা কৰিব লাগিব।
“ৰাষ্টাটো
বনাবলৈ কিমান দিন লাগিব”? এনেয়ে সুধি দিলোঁ।
সি
যিটো উত্তৰ দিলে মই কিছুপৰ হতবাক হৈ তাৰ পিনে চাই থাকিলোঁ।
“কাইলৈ
আবেলি মানে ৰাষ্টাটোৰে গাড়ী চলিব পৰা হ’ব। পৰহিলৈ তোক ড্ৰপ কৰিবলৈ আমি নতুন
ৰাষ্টাটোৰে এয়াৰপোৰ্টলৈ যাম”।
“তহঁতৰ
ইয়াত মেন থাকেনে হি মেন থাকে? শক্তিমান টাইপ কিবা আছে নেকি? ইমান ফটাফট কেনেকৈ কাম
কৰে”? ধেমালি কৰি সুধিলোঁ।
“ইয়াত
বডী বিল্ডিং ক্লাৱ এনেয়ে আছে বুলি ভাবিছ নেকি”? প্ৰবীণে ঢেকঢেককৈ হাঁহিলে।
No comments:
Post a Comment