Friday, November 11, 2016

অচল টকা

বিদেশলৈ গ'লে বিমানত বহাৰ পিছতে হাতত থকা ভাৰতীয় মুদ্ৰা কেইটা অচল টকা হৈ পৰে। পইছাৰ বেগত ভাৰতীয় নোটৰ ঠাই দখল কৰে বিদেশী নোটে। তথাপিও ভাৰতীয় নোট আৰু মুদ্ৰা কেইটা মই হাততে পোৱাকৈ থৈ দিওঁ। সদায় এনে অনুভৱ কৰোঁ যে কেতিয়াবা ভাৰতীয় মুদ্ৰা আৰু নোট হয়তো কিবা নহয় কিবা কামত আহিব।
দুবাৰমান তেনে নোহোৱাও নহয়। এবাৰ লছ এঞ্জেলেছ বিমানকোঠত ঘৰলৈ উভতিবৰ আগে আগে এজন জ্যেষ্ঠ সহকৰ্মীৰ সৈতে ঘূৰি ফুৰোঁতে ইস্কনৰ বগা ছালৰ তপা মূৰৰ সাধু কেইজনমানৰ পাল্লাত পৰিছিলোঁ। তেওঁলোকে বিমানকোঠৰ মানুহৰ মাজত ইস্কনৰ কিতাপ বেছি ফুৰিছিল। দলটোৱে আমাক ভাৰতীয় বুলি চিনিব পাৰি আগচি ধৰিলে।
তেওঁলোকৰ হাতত আছিল কেইনাখনো ইস্কনে প্ৰকাশ কৰা কিতাপ। কিতাপ এখন নোলোৱালৈ তেওঁলোকে নেৰে। কিতাপৰ দাম লিখা আছে আমেৰিকান ডলাৰত । দামটো কিমান সুধিলত ক'লে দহ ডলাৰ। কিতাপৰ আকাৰটো চালে আমাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত বহুত বেছি।
সেই সময়ত এটা মগজত বুদ্ধি খেলালে। আমি ক'লোঁ যে আমাৰ হাতত আমেৰিকান ডলাৰ একেবাৰে নাই। সকলো শেষ হৈ গ'ল। ভাৰতলৈ উভতিবলৈ ওলাইছোঁ যেতিয়া হাতত ভাৰতীয় টকাহে আছে। তেওঁলোকে কি বুজিলে নাজানো, এজনে ক'লে, "কোনো কথা নাই, ভাৰতীয় নোট দিলেও হ'ব"।
আন এজনে উচ্ছাহেৰে ক'লে, "দেখুওৱা চোন ভাৰতীয় নোট কেনে হয়"।
মই জেপৰ পৰা দহটকীয়া নোট এখন উলিয়াই ক'লোঁ, "এয়া ভাৰতীয় দহ ডলাৰ"।
নোটখন পাই তেওঁলোকৰ মুখত হাঁহি ফুটি উঠিল। অতি বিনম্ৰ ভাৱে দহ ডলাৰ দামৰ কিতাপখন মাত্ৰ দহ টকাতে মোৰ হাতত তুলি দিলে। সেয়া আছিল ভাৰতীয় টকাৰ কামাল। মোৰ হাতত থকা অচল দহটকীয়া খনতে দহ ডলাৰ দামৰ কিতাপখন পাই গ'লোঁ।
আন এবাৰ এটা সহপাঠী দলৰ সৈতে জাৰ্মানীৰ বাৰ্লিন চহৰৰ এটা মিউজিয়াম চাবলৈ গৈছিলোঁ। বহুসময় ঘূৰি পকি মিউজিয়াম চাই বাহিৰলৈ আহি আমি আটায়ে প্ৰস্বাৱগাৰলৈ যোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিলোঁ।
কিন্তু প্ৰস্বাৱগাৰৰ দুৱাৰত জপনা লগোৱা আছে। মানুহবোৰে জপনাৰ দাঁতিত থকা মেচিন এটাত এটা মুদ্ৰা সুমুৱাই দিয়ে আৰু জপনাখন এজন মানুহৰ বাবে খোল খায়। গম পালোঁ এবাৰ প্ৰস্বাৱ কৰাৰ বাবে এক ইউৰো ভৰিব লাগে।
আকৌ মগজুৰ কেলকুলেটৰ চলিল। এবাৰ প্ৰস্বাৱ কৰিলে এক ইউৰো !! আমাৰ বাবে ভাবিব নোৱৰা কথা।
কি কৰা যায় ভাবি থাকোঁতে লগৰ এজনে আমাৰ এটকীয়া মুদ্ৰা এটা মেচিনত ভৰাই দি চালে। আচৰিত কথা জপনা খোল খালে। আৰু কোনে পায়, সকলোৰে মাজত থকা এটকীয়া মুদ্ৰা বোৰ জমা কৰি এজন এজনকৈ ভিতৰলৈ গ'লোঁ। অচল টকাবোৰ কামত আহিল।
গাৰ্ড এজনৰ কিবা কাৰণত সন্দেহ হ'ল। হয়তো প্ৰস্বাৱগাৰত সোমাওতে আমাৰ উত্সাহ আৰু হাঁহি খিকিন্দালি দেখি কিবা এটা গন্দগোল হোৱা যেন ভাবিলে। তেওঁ আগবাঢ়ি আহি আমাৰ উত্সাহৰ কাৰণ সুধিলে।
আমাৰ এজনে গাৰ্ডজনক ক'লে, "আমাৰ তাত এইবোৰ কাম ফ্ৰিতে কৰিব পাৰি। তোমালোকে এইফেৰাৰ বাবেও যে দানপাত্ৰ ৰাখিছা তাকে দেখি হাঁহি উঠিছে"।

Thursday, September 29, 2016

সীমান্ত দৰ্শন



২০০৪ চন মানৰ কথা।
ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ পৰা ১২০ কিল'মিটাৰ দূৰৈত আছে তানোট মন্দিৰ ৷
তানোট মন্দিৰৰ পৰা সাধাৰণ মানুহ পশ্চিমলৈ যোৱাত বাধা আছে। কিন্তু কোম্পানীৰ মানুহক পৰিচয় পত্ৰ দেখুৱলে যাবলৈ দিয়ে। কেইবাটাও তৈল খাদ সীমান্তৰ নিচেই ওচৰত আছে। দুখন দেশ বিভাজিত কৰা সীমান্তৰ বেৰখন দুটামান খাদৰ প্ৰায় গাতে লাগি আছে।
সেই তানোট সীমান্তৰ ওচৰতে আছে বৰ্ডাৰ কথাছবিত দেখুওৱা বিখ্যাত লংগেৱালা। সেই লংগেৱালাৰ যুদ্ধতে পাকিস্তানে মুখ থেকেচা খাইছিল। সেই স্থানত সেই যুদ্ধত ব্যৱহাৰ কৰা টেংক এখন সজাই থোৱা আছে আৰু সৈনিকৰ স্মাৰক এটা নিৰ্মাণ কৰি থোৱা আছে।
সীমান্তলৈ যোৱা বাটটোৰ দুয়োকাষে ভাৰতীয় সেনাৰ বাবে নিৰ্মাণ কৰি থোৱা আছে মাটিৰ তলৰ বাংকাৰ। সেনাৰ পৰা অনুমতি লৈ সেই বাংকাৰ সমূহত সোমাই চোৱাৰ সুবিধা পাইছিলোঁ। ৰাষ্টাৰ দুয়োকাষে মৰুভূমিৰ বালিৰ পাহাৰবোৰৰ আঁৰৰ পৰা যুদ্ধ কৰাৰ ব্যৱস্থা কৰি থোৱা আছে। যুদ্ধৰ সময়ত এই সমগ্ৰ অঞ্চলটো হৈ পৰে যুদ্ধক্ষেত্ৰ।
সীমান্তত ভাৰতীয় সেনাৰ কেইবাটাও পোষ্ট আছে। এবাৰ চাই আহোঁ বুলি 'শক্তি' নামৰ পোষ্টটোৰ ওচৰ পাইছিলোঁ। সেনাৰ মানুহে আমাৰ গাড়ীখন হুইছেল মাৰি দূৰতে ৰাখিবলৈ সংকেত দিছিল। কেইবাজনো সশস্ত্ৰ সৈনিক বন্দুক টোৱাই আগবাঢ়ি আহিছিল। সেই অঞ্চলত সাধাৰণ মানুহৰ আহ যাহ নিষিদ্ধ। আমি সেই নিয়ম ভংগ কৰিছিলোঁ।
কোম্পানীৰ পৰিচয় পত্ৰ চাই তেওঁলোকে সন্তুষ্ট হৈছিল। আমি পোষ্টটোৰ ভিতৰত সোমাবলৈ অনুমতি পাইছিলোঁ। এটা দুৰ্গৰ দৰে সুৰক্ষিত পোষ্টটোৰ ওপৰত ভাৰতৰ পতাকা উৰি আছিল। সেনাৰ জোৱান সকলে আমাক অভিবাদন জনাইছিল। বহুদিনৰ মূৰত সাধাৰণ মানুহ দেখি তেওঁলোকে ভাল পাইছিল।
ওখ নিৰীক্ষণ টাৱাৰটোত সাধাৰণতে উঠিবলৈ নিদিয়ে। কিন্তু আমি পাকিস্তানৰ পোষ্ট চাব বিচৰাত অলপ সময়ৰ বাবে উঠিবলৈ অনুমতি পাইছিলোঁ। ওপৰত থকা সৈনিকজনে দুৰবীণ যোগে আমাক চাবলৈ দিছিল। দেখিছিলোঁ সীমান্তৰ সিপাৰে থকা পাকিস্তানত পোষ্ট আৰু তাত উৰি থকা সেউজীয়া পাকিস্তানৰ পতাকা। ভাবিছিলোঁ, আমি তেওঁলোকক চাই থকাৰ দৰে তেওঁলোকেও হয়তো আমাক চাই আছে।
সেনাৰ জোৱানজনে কৈছিল, পাকিস্তানী সেনাক সদায় নজৰত ৰাখিব লাগে। তেওঁলোকে প্ৰায়েই কিবা নহয় কিবা হৰকত কৰি থাকে। কেতিয়াবা অপ্ৰৰোচিত ভাৱে গুলীয়াগুলি কৰে। কেতিয়াবা অকাৰণত সৈনিকৰ কুচ কাৱাজ কৰে। তেওঁলোকৰ উদ্দেশ্য বুজি প্ৰয়োজনমতে সেনাক সাৱধান কৰি দিয়াটো নিৰীক্ষণ টাৱাৰত কৰ্তব্য কৰি থকা জোৱানজনৰ কাম।
সেনা বাহিনীৰ জোৱান কেইজনমানৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছিল, পাকিস্তানে কেতিয়াবা অপ্ৰৰোচিত ভাৱে অলপ অচৰপ হৰকত কৰিলেও ভাৰতীয় সেনাই বিশেষ কৰিব নোৱাৰে। কাৰণ উভতি আক্ৰমণ কৰিবলৈ অনুমতি ল’ব লাগে। তেওঁলোকৰ মতে যুদ্ধ হ’লে পাকিস্তানে তিস্থিবই নোৱাৰিব। কিন্তু ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণ নকৰাৰ আদৰ্শত অটল থকাৰ বাবে পাকিস্তানে সুবিধা লৈ থাকে।
কিন্তু এতিয়া হয়তো পাকিস্তানে আৰু বেছি সুবিধা লৈ থাকিব নোৱাৰিব। পাকিস্তানৰ হৰকত সহ্য কৰি থকাৰ সলনি ভাৰতে পকিস্তান অধিকৃত কাশ্মীৰত আক্ৰমণ কৰি ৰণনীতিৰ পৰিৱৰ্তন কৰিছে। এই পৰিৱৰ্তনে দেশবাসীৰ লগতে সেনা সকলৰ মনোবলো হয়তো বৃদ্ধি কৰিছে।
এই অভিযান সফল কৰি তোলা প্ৰতিজন সেনা জোৱানলৈ প্ৰনাম কৰিছোঁ।

Saturday, September 24, 2016

নিউ মুন লাইট হাউছ বোট

 বাৰে বাৰে গুলাম ভাইক ফোন কৰিছিলোঁ। “পৰিস্থিতি ঠিকে আছেনে? আমাৰ একো অসুবিধা নহয়তো”?
“আপুনি চিন্তাই নকৰিব। একো অসুবিধা নহয়”, তেওঁ আশ্বাস দিছিল।

“ফেমিলী লৈ গৈ আছোঁ, লগত মা দেউতাহঁতো যাব, তেওঁলোক বয়সস্থ মানুহ। একেবাৰে নিশ্চিত হ’লেহে কওক”, মনত শংকা আছিল।

“একেবাৰে ভয় নাখাব। আমাৰ হাউছ বোটত আপোনালোকক সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিম”।

গুলাম ভাইৰ পৰা ফোনযোগে পোৱা আশ্বাসতে কাশ্মীৰলৈ যাবলৈ সাহস কৰিছিলোঁ। ২০১১ চনৰ মাৰ্চ মাহত শ্ৰীনগৰত সপৰিয়ালে কেইদিনমান কটাই অহাৰ পৰিকল্পনা কৰিছিলোঁ। ডাল লেকৰ ‘নিউ মুন লাইট’ হাউছ বোটত আমাৰ থকাৰ ব্যৱস্থা হৈছিল। সেইবছৰ কাশ্মীৰত যথেষ্ট সংখ্যক পৰ্যটক গৈছিল। আমিও সাহস কৰি ওলাইছিলোঁ।

সম্বন্ধীয় মানুহ আৰু বন্ধু বান্ধৱ বহুতেই কৈছিল, কাশ্মীৰত হঠাতে বোমা ফুটে, গুলীয়াগুলি হয়। অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। একেৰাহে কেইবাদিনো সকলো বন্ধ হৈ যায়। যুদ্ধসদৃশ পৰিস্থিতি হয়। তথাপি মনে কৈছিল, ইমানবোৰ মানুহ সাহস কৰি কাশ্মীৰলৈ ফুৰিবলৈ গৈছে, আমিনো নাযাম কিয়? কাশ্মীৰৰ পৰিস্থিতি পুনৰ বেয়া হৈ গ’লে পুনৰ সেই সুযোগ নাপাবও পাৰোঁ। ডাল লেকৰ হাউছবোটত থকাৰ অপূৰ্ব সুযোগ আৰু নাপাবও পাৰোঁ।

নতুন দিল্লীৰ পৰা যোৱা ইণ্ডিগোৰ বিমানখন শ্ৰীনগৰ বিমানকোঠত অৱতৰণ কৰিব নোৱাৰি যেতিয়া আকাশমাৰ্গত বহু সময় জুৰি ঘূৰি আছিল এক অজান আশংকাত বুকু কঁপি উঠিছিল। পাইলটে যেতিয়া অভয় দি কৈছিল, বতৰ বেয়া হোৱাৰ বাবেহে অৱতৰণ কৰাত দেৰী হৈছে, তেতিয়াহে মুখলৈ পানী আহিছিল।

গুলাম ভাই বিমানকোঠলৈ আহিছিল আমাক আদৰি নিবলৈ। তেওঁ অনা গাড়ীখনতে বহি ডাল লেকৰ পাৰ পাইছিলোঁ। বাটত দেখিছিলোঁ পুলিছ, মিলিটাৰীৰ টহল। অসম আন্দোলনৰ সময়ৰ কথা মনলৈ আহিছিল। পৰ্যটককে ধৰি সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবেই হয়তো আছিল এই ব্যৱস্থা।

মাৰ্চৰ শেষতো শীতে কঁপাইছিল। বেগ খুলি গৰম কাপোৰ উলিয়াই ল’বলৈ বাধ্য হৈছিলোঁ।

ডাল লেকৰ অসংখ্য হাউছ বোটৰ মাজতে আছে গুলাম ভাইৰ হাউছ বোট ‘নিউ মুন লাইট’।

গুলাম ভাইৰ হাউছবোটৰ সাজ সজ্জা দেখি চকু ঠৰ হৈ গৈছিল। কাৰ্পেটেৰে ঢকা, নানান কাৰু কাৰ্যৰ আচ বাবেৰে ভৰ্তি একোটা কোঠা। পানীত ওপঙি থকা জাহাজ এখনত এনে কোঠা একোটা থকাৰ কথা কল্পনা কৰিবই নোৱাৰি। এখন ভাল হোটেলৰ সকলো সুবিধাই আছে।

হাউছ বোট গুলাম ভাই হঁতৰ পৰিয়ালৰ ফেমিলী বিজনেছ। ভাই ককাই আটাইকেইজনে আলহীৰ সোধ পোচ কৰে। ঘৰত বনোৱা সুস্বাদু আহাৰ খুৱায়। যেনেদৰে বিচাৰোঁ তেনেদৰেই খাদ্য বনাই আমাক খুৱালে। গুলাম ভাইৰ পৰিয়ালৰ মানুহ হবিব, বিলাল, হাফিজ আদিয়ে ঘনে ঘনে খবৰ লৈ আমাক নিজৰ মানুহৰ দৰে আদৰ সাদৰ কৰি ৰাখিলে।

গুলাম ভায়ে ঠিক কৰি দিয়া গাড়ীত আমি গুলমাৰ্গ, পেহেলগাম, সোণমাৰ্গ আদি ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। হাউছ বোটৰ পৰা ছিকাৰাত উঠি ডাল লেকত ঘূৰি ফুৰিছিলোঁ। ডাল লেকত থকা ওপঙা বজাৰ (ফ্লোটিং মাৰ্কেট) বোৰ চাইছিলোঁ।
সেই সময়ত ভাৰতত বিশ্ব কাপ ক্ৰিকেট প্ৰতিযোগিতা হৈছিল। আমি কাশ্মীৰত থকা সময়খিনিত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেলখন হৈছিল। গুলাম ভাইৰ হাউছ বোটৰ কাঠৰ মজিয়াৰ কাৰ্পেটৰ ওপৰত হবিব, বিলাল, হাফিজ আৰু হাইছ বোটত কাম কৰা দুই এজন কৰ্মচাৰীৰ লগত একেলগে টি ভিত খেল চাইছিলোঁ। পাকিস্তান দলৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰত্যক্ষ কৰিছিলোঁ। পাকিস্তান খেলখনত জিকিছিল। তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হৈছিল। শ্ৰীনগৰ চহৰৰ কেইবাঠাইৰ পৰা ফটকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। তেওঁলোকে নাচি বাগি স্ফূৰ্তি কৰা দেখি তেওঁলোকৰ অন্তৰত থকা পাকিস্তান প্ৰীতি বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ।

পাকিস্তানৰ খেলৰ পিচদিনাই আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ কোৱাৰ্টাৰ ফাইনেল খেল। সেইখন খেলো আটায়ে একেলগে উপভোগ কৰিছিলোঁ। সেইখন খেলত হবিব ভাই, বিলাল ভাই হঁতে বৰতৰ পক্ষ লোৱা দেখিছিলোঁ। পাকিস্তানক যিদৰে সমৰ্থন কৰিছিল, ভাৰতকো ঠিক একেদৰেই সমৰ্থন কৰিছিল। সেইখন খেলত ভাৰত জিকিছিল। ভাৰত জিকা কাৰণে তেওঁলোক আনন্দিত হৈছিল। ভাৰত জিকাৰ পিছত অৱশ্যে ফটকাৰ শব্দ শুনা নাছিলোঁ।

বিলাল ভাইক সুধিছিলোঁ, তেওঁলোকে ভাৰতক সমৰ্থন কৰে নে পাকিস্তানক? তেওঁ সৰু মাতেৰে কৈছিল, “ভাৰতে আন দেশৰ বিৰুদ্ধে খেলিলে আমি ভাৰতকে সমৰ্থন কৰোঁ, কিন্তু পাকিস্তান যি দলৰেই লগত নেখেলক কিয়, পাকিস্তান জিকাটো বিচাৰোঁ। ভাৰত পাকিস্তানৰ খেল হ’লে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

“কিয়? তোমালোকে পাকিস্তানক কিয় ইমানকৈ সমৰ্থন কৰা”? মই আচৰিত হৈছিলোঁ।

বিলাল ভায়ে তেওঁৰ পাইজামাটো ডাঙি তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰা অংশ এটা দেখুৱাই কৈছিল, “মোৰ এই জখম কিহৰ কাৰণে জানেনে? ভাৰতীয় সেনাই মোক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি গুলীয়াইছিল। এনেদৰে ভাৰতীয় সেনাই বহুতো কাশ্মীৰি যুৱকক পংগু কৰিছে। বহুতো ছোৱালীৰ সৰ্বনাশ কৰিছে। আমি কাশ্মীৰৰ আজাদী বিচাৰোঁ। পাকিস্তানে আমাক সমৰ্থন কৰে। সেইকাৰণে আমি পাকিস্তানক সমৰ্থন কৰোঁ”।

তেওঁৰ কথা শুনি ভয় খাইছিলোঁ। সুধিছিলোঁ, “আমাৰ ওপৰত যদি হঠাতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে তোমালোকে আমাক বচাবানে? নে তোমালোকে তেওঁলোকৰ লগ হৈ ল’বা”?

“আপোনালোকে নিশ্চিন্ত থাকক। সন্ত্ৰাসবাদীয়ে আমাৰ লাচৰ ওপৰেৰে পাৰ হৈহে আপোনালোকক চুব পাৰিব। 

আপোনালোক আমাৰ মেহমান। আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰি আমি বাচি আছোঁ। আপোনালোকক প্ৰাণ দি হ’লেও আমি ৰক্ষা কৰিম”। বিলাল ভায়ে প্ৰত্যয়েৰে কৈছিল।


Saturday, September 17, 2016

দাঢ়িৱালা বিশ্বকৰ্মা


ৰাজস্থানৰ জয়ছালমেৰ চহৰৰ কথা। ২০০৪ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে মোৰ এজন কনিস্থ সহকৰ্মীক লৈ জয়ছালমেৰ চহৰ চলাথ কৰিলোঁ। আমাক বিশ্বকৰ্মা পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তি এটা লাগে। আচৰিত হ’লোঁ, দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিখ্যাত চহৰখনত ক’তো বিশ্বকৰ্মাৰ মূৰ্তি পাবলৈ নাই।

জয়ছালমেৰ চহৰৰ পৰা ১২০ কিলোমিটাৰ আতৰত তানোটত আমাৰ কাম চলিছিল। তনোট হ’ল ভাৰতৰ পশ্চিম সীমন্তৰ শেষ জনবসতি থকা গাওঁ। তাৰ পৰা কেই কিলোমিটাৰমান আতৰত পাকিস্তান সীমন্ত। তানোটত সেনা বাহিনীৰ এখন গেট আছে। সেনাৰ বাহিৰে আন মানুহক সেই গেট অতিক্ৰম কৰি সীমান্তৰ পিনে যাবলৈ নিদিয়ে। কিন্তু আমাৰ কেইবাটাও তৈলখাদ সীমান্তৰ ওচৰে পাজৰে থকা বাবে বিশেষ অনুমতি লৈ তানোটৰ আগলৈও যাব পাৰিছিলোঁ। 

তানোটত আমাৰ কেম্প আছিল। কেম্পৰ ওচৰতে আছিল বিখ্যাত তানোট মাতাৰ মন্দিৰ। এই মন্দিৰটো চাবলৈ ভাৰতৰ বহুতো ঠাইৰ মানুহ আহে। সেনা বাহিনীয়ে পৰিচালনা কৰা এই মন্দিৰটোত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে কেইবাটাও বোমা নিক্ষেপ কৰিছিল। কিন্তু তানোট মাতাৰ কৃপাত এটাও বোমা নুফুটিল। সেই নুফুটা বোমাবোৰ নিষ্ক্ৰিয় কৰি মন্দিৰটোৰ ভিতৰত সজাই ৰখা হৈছে। ৰাতিপুৱা আৰু আবেলি মন্দিৰটোত আৰতি হয় আৰু মাইকযোগে সেই আৰতিৰ শব্দ বহুদূৰলৈ শুনিবলৈ পোৱা যায়।

মই তানোটত থকাৰ সময়তে বিশ্বকৰ্মা পূজা আহিছিল। দুলীয়াজানত ধুমধামকৈ বিশ্বকৰ্মা পূজা পতা হয় কাৰণে আমাৰ বিভাগৰ কৰ্মী সকলৰ লগত মিলি ঠিৰাং কৰিলে যে আমি তানোটতো বিশ্বকৰ্মা পূজা পাতিম। সমস্যা হ’ল  মৰুভূমিৰ মাজত থকা তানোটত দিয়াচলাই এটাও পোৱা নাযায়। আমি পূজা পাতিবলৈ হ’লে ৬০ কিল’মিটাৰ আতৰত থকা ৰামগড়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আনিব লাগিব। পূজা পাতিবলৈ অন্তত: এটা বিশ্বকৰ্মাৰ মূৰ্তি লাগিব। সেয়েহে ততাতৈয়াকৈ ৰামগড়লৈ ওলাই গ’লোঁ। ৰামগড়ত পূজাৰ সামগ্ৰী পালোঁ যদিও ক’তো মূৰ্তি পাবলৈ নাই। ৰামগড় অভিযান ব্যৰ্থ হোৱাত ডাঙৰ চহৰ জয়ছালমেৰলৈ ঢাপলি মেলিলোঁ।

জয়ছালমেৰত বহুত ঘূৰি পকিও ক’তো হাতীৰ লগত থিয় হৈ থকা বিশ্বকৰ্মাৰ মূৰ্তি বিচাৰি নাপালোঁ। উপায় নাপাই বিশ্বকৰ্মাৰ ফটো বিচাৰিলোঁ। দোকান এখনত বিশ্বকৰ্মাৰ নামত যিখন ফটো উলিয়াই দিলে সেইখন দেখি আমাৰ মূখৰ মাত হৰিল। এমূখ দাঢ়িৰে পদুম ফুলৰ ওপৰত বহি থকা বিশ্বকৰ্মা। ওচৰত এটা ৰাজহাঁহ। হাতীৰ চিন মোকাম নাই। তেওঁলোকে আমাক বুজাই দিলে, ৰাজস্থানত সেইজনেই হ’ল বিশ্বকৰ্মা।

উপায় নাঅপই দাঢ়িমুখীয়া হাতী নথকা বিশ্বকৰ্মাৰ ডাঙৰ আকাৰৰ ফটো এখন লৈ তানোট পালোঁহি। ফটোখন দেখিয়েই মানুহ বোৰে ইচ আচ কৰিবলৈ ধৰিলে।

-       - ছাৰ, যিয়েই নহওক আমি এইজনক বিশ্বকৰ্মা বুলি মানিব নোৱাৰোঁ ।

-       - ৰাজস্থানত বোলে এইজনেই বিশ্বকৰ্মা, বহুত বিচাৰিও আমাৰ জনৰ দৰে বিশ্বকৰ্মা বিচাৰি নাপালোঁ।

-       - ছাৰ আমাক মুখত দাঢ়ি থকা বিশ্বকৰ্মা নালাগে।

-       - হেৰা মৰুভুমিত ক’ত সদায় দাঢ়ি খুৰাবলৈ পানী পাব? সেইকাৰণে ইয়াতে দাঢ়িৱালা বিশ্বকৰ্মাৰ পূজা পাতে।

-      -  কিন্তু হাতীটো নাথাকিলে কেনেকৈ হ’ব ছাৰ। হাতী নাথাকিলে বিশ্বকৰ্মা হ’বই নোৱাৰে।

-       - মৰুভূমিত ক’ত হাতী থাকেহে? সেই কাৰণে ৰাজহাঁহ এটাকে দিছে।

মানুহবোৰক বুজাইছোঁহে বুজাইছোঁ, তেওঁলোকে নামানে। মুঠতে দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মা লাগিবই। দাঢ়িৱালা, হাঁহ থকা বিশ্বকৰ্মাৰ পূজা তেওঁলোকে নকৰে।

শেষত উপায় নাপাই ৰামগড়লৈ দৌৰ মাৰিলোঁ। ডাঠ কাগজ আৰু ৰঙীন পেঞ্চিল কিনি আনিলোঁ। ৰাতি ডাঙৰ কাগজ এখন লৈ তাত আমাৰ চিনাকী দাঢ়ি নথকা আৰু হাতী থকা বিশ্বকৰ্মাৰ ছবি আঁকি পেলালোঁ। ৰাতিপুৱা সেইখন চাইহে ৰাইজৰ মুখলৈ পানী আহিল।

সেইজন ছবিকে সমুখত লৈ পূজাৰ ব্যৱস্থা কৰা হ’ল। মন্দিৰৰ পূজাৰী এজনক পূজা কৰিবলৈ মাতি অনা হ’ল।

ছবিখন দেখিয়েই পূজাৰীজনে চিঞৰি উঠিল – য়ে কৌন চা ভগৱান কা পিকচাৰ হেই।

-       য়ে বিশ্বকৰ্মা হেই। আছাম মে বিশ্বকৰ্মা এইছাহি হোতা হেই।

-       এইছা কিউ হেই?

-      ৱহা জংগল হেই না, ইছলিয়ে বিশ্বকৰ্মা হাথী পে চঢ়কে আতা হেই। আপ ৱহ চব ছোৰিয়ে, আপ বচ পূজা কিজিয়ে।

(সংযোজন: পশ্চিম ভাৰতৰ মানুহে ব্ৰহ্মাকে বিশ্বকৰ্মা বুলি মানে। ব্ৰহ্মাই আছিল সেই দাঢ়িৱালা বিশ্বকৰ্মাজন)

Sunday, August 21, 2016

আমেৰিকান ডিনাৰ



টেক্সাছৰ ফোৰ্ট ৱৰ্থ চহৰ। ডালাচ চহৰৰ গাতে লগা এখন ঔদ্যোগিক চহৰ। এটা প্ৰশিক্ষণৰ কাৰণে প্ৰায় এমাহ আছিলোঁ সেইখন চহৰত। লগত আৰু দুজন সহকৰ্মী। ২০০৩ চনৰ কথা।

লগত গাড়ী নাথাকিলে সেইখন চহৰত কলৈকো যোৱা অসম্ভৱ। আমি হোটেলৰ পৰা ওলাই খোজকাঢ়ি ইফালে সিফালে যাওঁ। বাটত খোজকঢ়া মানুহ দেখিলে গাড়ীবোৰ ৰৈ যায়। আমাক পাৰ হ'বলৈ দিয়ে। কিছুমানে খোজকঢ়া মানুহক আচহুৱা বস্তু চোৱাদি চায়।

আমাৰ প্ৰশিক্ষণ দিয়া প্ৰতিস্থানটোৰ এজন জ্যেষ্ঠ বিষয়া হ'ল কেনী জৰ্ডান। এমূৰ পকা চুলিৰে কেনী জৰ্দান এজন ধেমেলীয়া মানুহ। তেওঁ নিজে গাড়ী চলাই আমাক বিমান বন্দৰৰ পৰা লৈ আনিছিল।

ৰাতিপুৱাই কেনী জৰ্দান আহে আমাক লৈ যাবলৈ। তেওঁৰ অফিচ তথা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰায় ৫ মাইল মান দূৰত অৱস্থিত। অলপ দিনৰ ভিতৰতে কেনীৰ লগত আন্তৰিকতা গঢ়ি উঠিল। বিদেশত ডাঙৰ মানুহকো নাম কাঢ়ি মাতে।

শনি আৰু দেওবাৰ বোৰত কেনীয়ে গাড়ী এখনত আমাক ফুৰাবলৈ নিয়ে। সপ্তাহৰ বাকী দিনবোৰতো সময় পালে শ্বপিং মলবোৰ দেখুৱাই আনে। দুপৰীয়াৰ সাজ খাবলৈ নিয়ে। মুঠতে প্ৰশিক্ষণৰ সময়ৰ বাহিৰে আমি কেনীৰ গাড়ীতে উঠি ফুৰোঁ।

কেনীয়ে আমাক ভাৰতৰ বিষয়ে সোধে। আমাৰ খাদ্য, আমাৰ সংস্কৃতি আদিৰ বিষয়ে জানিবলৈ তেওঁৰ অসীম আগ্ৰহ। তেওঁ ভাৰতৰ বিষয়ে কিছু কথা জানে।

তেওঁ কয়, "তোমালোকৰ দেশখন অতি চহকী দেশ"।

"আমেৰিকাহে পৃথিৱীৰ আটাইতকৈ চহকী দেশ। আমাৰ দেশখনতো তেনেই দুখীয়া", আমি আচৰিত হওঁ।

"ইতিহাস আৰু সংস্কৃতিত ভাৰত আমেৰিকাতকৈ বহুত বেছি চহকী। আমেৰিকা ধনেৰে চহকী হ'লেও আমাৰ ইতিহাস মাত্ৰ দুশ বছৰৰ, অথচ ভাৰতৰ তিনি হাজাৰ বছৰৰ ইতিহাস আছে"। কেনীয়ে কয়।

কেনীক আমি আমেৰিকান জীৱনৰ বিষয়েও সুধিব পৰা হ'লোঁ। তেওঁ এদিন ক'লে, তোমালোকক এদিন আমেৰিকাৰ ব্যক্তিগত জীৱন দেখুৱাবলৈ নিম।

সঁচাকৈয়ে এদিন কেনীয়ে আমাক ৰাতিৰ সাজ খাবলৈ মাতিলে। তেতিয়া জুলাই মাহ। ৰাতি চাৰে ন বজালৈ ফোৰ্ট ৱৰ্থত দিনৰ পোহৰ থাকে। ছয় মান বজাত পত্নী মেৰীৰ লগত কেনীয়ে আমাক হোটেলৰ পৰা নিবলৈ আহিল। ছয়বজাতে ডিনাৰৰ বাবে নিবলৈ অহাত আমি আচৰিত হ'লোঁ।

প্ৰথম বাৰৰ কাৰণে আমেৰিকান মানুহৰ ঘৰলৈ ফুৰিবলৈ গৈছোঁ। আমি যিমান পাৰি পৰিপাটী হৈ গৈছোঁ। কিছুদূৰ গৈ এটা সুদৃশ্য ঘৰৰ সন্মুখত গাড়ীখন ৰ'ল।

কেনী আৰু মেৰীয়ে গোটেই ঘৰটো আমাক দেখুৱালে। আটোম টোকাৰিকৈ সজোৱা এটা বিলাসী ঘৰ। সকলো পিনে কাৰ্পেট পৰা আছে। সাজসজ্জাবোৰ যেনিয়ে চাও, তেনিয়ে চকু ৰৈ যায়।

আমাক তেওঁলোকৰ বাথৰুমটোও দেখুৱালে। আমাৰ দেখি চকু থিয় হৈ গ'ল। কোনোবা ৰাজপ্ৰসাদৰ বাথৰুম যেনেই লাগিল।

এসময়ত বিয়েৰৰ বটল লৈ কেনী আৰু মেৰী পিচপিনৰ বাৰাণ্ডাত আমাৰ লগত কথা পাতিবলৈ বহিল। মাজে মাজে দুয়ো উঠি গৈ খোৱাৰ যোগাৰো কৰি থাকিল। মেৰীয়ে পাচলি কাটিলে। কেনীয়ে মাংসৰ বাৰবেকিউ কৰিবলৈ আয়োজন কৰিলে। এটা প্ৰকাণ্ড বাৰবেকিউ মেকাৰত কেনীয়ে মাংস পুৰিবলৈ ধৰিলে। গৃহস্থ দুয়োজনে সমানে ডিনাৰৰ আয়োজনত লাগি গ'ল।

কথাই কথাই মেৰীয়ে সুধিলে, "তোমালোকৰ ঘৰত আলহী আহিলে এইদৰেই খোৱাৰ আয়োজন কৰানে"?

"কৰোঁ, কিন্তু আমাক সহায় কৰিবলৈ মানুহ থাকে। আমি সকলো কাম নিজেই নকৰিলেও হয়", আমাৰ কোনোবা এজনে ক'লে।

‘কি? তোমালোকৰ ঘৰত কাম কৰিবলৈ মানুহ আছে?’ মেৰী প্ৰায় চিত্কাৰ কৰি উঠিল।

তেওঁ চিঞৰি হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি বাৰবেকিউত মাংস সেকি থকা কেনীক ক’লে, ‘শুনা কেনী। আমাৰ আলহী সকল আমাতকৈ বহুত ধনী। তুমি ভাবিব পাৰানে, তেওঁলোকে ঘৰত ছাৰ্ভেণ্ট ৰাখিব পাৰে’।

কেনীয়ে সিফালৰ পৰা হাঁহি হাঁহি ক'লে, ‘চিন্তা নকৰিবা ডাৰ্লিং, এজন ছাৰ্ভেণ্টতো তোমাৰ লগতে ইয়াতো আছে’।

কেনীৰ কথাত আমি আটায়ে ৰস পাই হাঁহিলোঁ।

বাৰবেকিউ শেষ কৰি কেনী বাৰাণ্ডালৈ আহিল। তেওঁ আমাৰ লগত বহি বিয়েৰ খালে।

প্ৰায় চাৰে সাত বজাত কেনী আৰু মেৰীয়ে আমাৰ কাৰণে ডিনাৰ সাজু কৰিলে। বৰ জুতিলগাকৈ চালাড, ভাত, পোৰা আৰু সেকা মাংসৰে আমেৰিকান পৰিয়াল এটাৰ লগত ডিনাৰ কৰিবলৈ পাই নিজকে ধন্য মানিলোঁ।

মেৰীয়ে খোৱা টেবুলত হাঁহি হাঁহি ক'লে, 'আমি কেতিয়াবা তোমালোকৰ দেশ চাবলৈ যাম। ইমান ধনী দেশখন চাবলৈ মোৰ বৰ মন আছে"।

আমি সেমেনা সেমেনি কৰিলোঁ। 'নিশ্চয় যাব। কিন্তু আমাৰ দেশখন আমেৰিকাৰ দৰে চহকী দেশ নহয়'।

'আৰে তোমালোকে ঘৰৰ কাম বন নিজে নকৰিলেও হয়। আমাৰ ইয়াত অত্যন্ত ধনী মানুহেহে ঘৰত ছাৰ্ভেণ্ট ৰাখিব পাৰে। ধনী নহ'লে এয়া কেনেকৈ সম্ভৱ"?

কেনীয়ে হাঁহি হাঁহি মেৰীক ক'লে, 'তুমি ঠিকেই কৈছা। ভাৰতৰ মানুহ আমাতকৈ আচলতে বহুত ধনী'।

Thursday, August 18, 2016

ভয় লগা ৰাইড

আবু ধাবিৰ ফেৰাৰী ৱৰ্ল্ডৰ কথা। ফেৰাৰী গাড়ীৰ কথা বহুত আগৰে পৰা শুবি আহিছোঁ। বিদেশৰ ৰাজপথত ফেৰাৰী গাড়ী দেখিলে এতিয়াও ডিঙি মেলি চাওঁ। ৰেচিং কাৰ হিচাপে সমগ্ৰ বিশ্বতে ফেৰাৰী গাড়ীৰ যথেষ্ট আদৰ আছে। কিন্তু কেৱল ফেৰাৰীৰ ওপৰত এখন এণ্টাৰটেইনমেণ্ট পাৰ্ক থাকিব পাৰে বুলি ভবা নাছিলোঁ।

২০১৬ চনৰ মাৰ্চ মাহত ডুবাই আৰু আবু ধাবিৰ যাত্ৰাৰ সময়ত ফেৰাৰী ৱৰ্ল্ডত সোমোৱাৰ সুযোগ পাইছিলোঁ। আকৰ্ষণীয় সাজ সজ্জাৰ প্ৰৱেশ পথেৰে সোমাই দেখিলোঁ ভিতৰত যেনিয়ে চাওঁ সেইপিনেই ফেৰাৰীৰ চিনাকী ৰঙা ৰং। বিভিন্ন ধৰণৰ গাড়ীৰ ৰাইড। ল’ৰা ছোৱালী দুটিয়ে বৰ ষ্ফূৰ্তি পালে। ল’ৰাটো অলপ অত্যুত্সাহী। ভয়লগা ৰাইডবোৰলৈ তাৰ ধাউতি বেছি। মাক জীয়েকে সেইবোৰ ভাল নাপায়। ফলত ল’ৰাৰ পিছে পিছে মই। অকলে এৰিবও নোৱাৰি।

আমাৰ চহৰখনত অহা আনন্দ মেলাবোৰত ডাঙৰ চকৰিটোত মই কেতিয়াও নুঠো। বহুদিন আগতে উঠি চাইছিলোঁ। ওপৰৰ পৰা নামি আহোঁতে নাড়ি ভূৰি ওলাই আহিব যেন লাগে। সেই কাৰণে মই নিয়ৰক সাৱধান কৰি দিছোঁ, “পাক ঘূৰণি খোৱা কোনো ৰাইডত উঠো বুলি নক’বা। সেইবোৰত মই তোমাৰ লগত যাব নোৱাৰিম”।

নিয়ৰৰ হাতত ফেৰাৰী ৱৰ্ল্ডৰ মেপ। সি মোক ইটোৰ পৰা সিটো ৰাইডলৈ টানি লৈ গৈছে। এবাৰ হেলিকপ্টাৰত উঠাৰ অনুভৱ হ’ল, এবাৰ স্পেছ ছিপত যোৱাৰ দৰে লাগিল। সেইবোৰতেই ভয় ভয় লাগে। মই তাক বাৰে বাৰে সঁকীয়াই দিছোঁ, “মেপত চাই লোৱা, ভয়লগা ৰাইডবোৰত আমি নুঠো”।

লাহে লাহে আমাৰ উভতিবৰ সময় হ’ল। ড্ৰাইভাৰে কৈ থৈছে, সময়মতে নাহিলে ৰৈ নাথাকে। মই নিয়ৰক কৈ আছোঁ, “যি চোৱা সোনকালে কৰা। আমাৰ যাবৰ হ’ল”। সি খৰখেদাকৈ মোক এটা চুকলৈ লৈ গ’ল। মই সুধিলোঁ, “ইয়াত কি আছে”? সি ক’লে, “ব’লাচোন, এই ৰাইডটো ফেৰাৰী ৱৰ্ল্ডৰ আটাইতকৈ বিখ্যাত ৰাইড। ইয়ালৈ আহি এই ৰাইডটোত নুঠাকৈ কোনেও নাযায়”।

খৰখেদাৰ কোবত মই বেছি কথা নুসুধিলোঁ। আজিলালিৰ ল’ৰাই আমাতকৈ বহুত বেছি কথা জানে। সেই ৰাইডটোৰ দুৱাৰমুখত ৰৈ থকা ৰখীয়া কেইজনে আমাক জেপত থকা সকলো বস্তু উলিয়াই থবলৈ নিৰ্দেশ দিলে। শাৰীত থকা আন মানুহবোৰৰ দৰে আমিও জেপত থকা ৰুমাল, কলম, পইছাৰ বেগ সকলো খুলি বাকচ এটাত ভৰাই থ’লোঁ, বাকচটো ৰখীয়া কেইজনে ভালদৰে থৈ দিলে।

শাৰীত ভিতৰলৈ গৈ আছোঁ। এটা আন্ধাৰ সুৰংগৰ দৰে ৰাষ্টা। একেবাৰে ইংৰাজী চিনেমাত দেখা জলদস্যু বোৰৰ জাহাজৰ দৰে পৰিৱেশ। বেৰত ৰচী, কুঠাৰ, লাঠী আদি বিভিন্ন সামগ্ৰী। মাজে মাজে দুই এখন ভয়লগা চেহেৰাৰ মানুহৰ ফটো। আনবোৰ মানুহৰ লগে লগে আগবাঢ়ি গৈ থাকিলোঁ যদিও বুকুৰ ঢিপঢিপনিটো বাঢ়ি গৈ থাকিল।

লুংলুঙীয়া বাটটো শেষ হোৱা ঠাইত দেখিলোঁ মানুহবোৰে চাৰিজনীয়া শাৰী পাতিছে। আমাৰ দুয়োৰে সন্মুখত দুটা নিয়ৰৰ সমান বয়সৰ বিদেশী ল’ৰা, চিনাকী হ’লোঁ। আয়াৰলেণ্ডৰ পৰা আহিছে। সিহঁতে সুধিলে, “তোমালোকে আগতে এই ৰাইডটোত উঠি পাইছানে”?

“নাই পোৱা”।

“আমি আগতে উঠিছোঁ। খুব ভয় লগা। কিন্তু মজাও লাগে”।

মই নিয়ৰক সুধিলোঁ, “এইটো কিনো ভয়লগা ৰাইডলৈ আহিলা”।

সি ক’লে, “ইমান সৰু সৰু ল’ৰাবোৰে ভয় খোৱা নাই। তুমি ভয় খাইছাযে”?

ল’ৰা কেইটাই ক’লে, “আংকল আপুনি একেবাৰে শেষত উঠিব। শেষৰ ছীটটোত ভৰি কেইখন বতাহত ওপঙি থাকে”।

নিয়ৰক আকৌ এবাৰ ক’লোঁ, “এইবোৰত নুঠো দিয়া। আমি উভতি যাওঁ ব’লা”। সি নামানে। “ব’লাচোন, একো নহয়”।

গেটখন খুলি দিয়াত আমি বহিলোঁ। মই একেবাৰে শেষত উঠিলোঁ। ভৰিকেইখন ওলমি থাকিল। মূৰত হেলমেট, চকুত গগলছ পিন্ধাই দিলে। গাটোত বেল্ট লগাই দিলে। হেণ্ড ৰেইল থকা ফ্ৰেম এটাৰ মাজত বহুৱাই দিলে। আমাৰ আগে পিছে তেনেকৈ কেইবাটাও শাৰীতো মানুহ বহিছে। কাৰু কাৰ্য দেখি বুজিলোঁ ৰাইডটো কেনে পৰ্যায়ৰ হ’ব।

আমৰ ৰাইড আৰম্ভ হ’ল। ঠেক ৰেলপথ এটাৰে আমি উঠা কেইবাটাও শাৰী থকা সৰু ৰেলগাড়ীখন ওপৰলৈ লাহে লাহে উঠিবলৈ ধৰিলে। অলপ সময়ৰ পিছতে একেবাৰে ওপৰলৈ উঠাৰ পিছত হঠাতে টেন আমাক ওপৰৰ পৰা ধুৰুমকৈ পেলাই দিলে। আৰম্ভ হ’ল দুৰ্দান্ত গতিৰ যাত্ৰা। ইফালে সিফালে চাবৰ সময় নাই। এনে লাগিল যেন এয়াই জীৱনৰ শেষ যাত্ৰা। ইমান দুৰন্ত গতিত কিবা কাৰণত সৰি পৰিবলৈ হ’লে বাচি থকাৰ কোনো আশা নাই। এবাৰ ইকাতিকৈ, এবাৰ সিকাতিকৈ, এবাৰ ওলোটাকৈ দুৰ্বাৰ গতিত ধাৱমান হৈছে আমি উঠা ৰেলখন। ভয়তে যিমান পাৰি চিঞৰিছোঁ, আটাহ পাৰিছোঁ। অকল ময়েই নহয়, প্ৰায়বোৰ মানুহৰেই একেই অৱস্থা। এনে লাগিল সেই যাত্ৰা কোনোমতে শেষ হ’লেহে যেন জীৱটো ৰক্ষা পৰিব।

অৱশেষত ক্ৰমাৎ গতি কমি অহি আমাৰ গাড়ীখন ৰৈ গ’ল। ৰৈ যোৱাৰ পিছতহে উশাহ ঘূৰি আহিল এক নতুন জীৱন পোৱা যেন পালোঁ। গোটেই গাটো জিনজিনাই থকা যেন লাগিল। বুকুৰ কঁপনিটো ভালদৰেই অনুভৱ কৰিলোঁ। নিয়ৰৰো মুখ শুকাই গৈছে। গাড়ীখন চলি থাকোঁতে তালৈ চাবলৈও উপায় নাছিল।

মই তাক ক’লোঁ, “ইমান ভয়লগা ৰাইডটোত কিয় উঠিলা? মোক আগতে নকলা কিয় এইটো যে ইমান ভয়ানক ৰাইড”।

“ইমান ভয়লগা বুলি জানিলে তুমি উঠিলাহেতেন জানো”।

“কি দৰকাৰ আছিলনো এইটোত উঠিবলৈ”?

“তুমি নাজানা। এইটো পৃথিৱীৰ আটাইতকৈ বেগী ৰোলাৰ কোষ্টাৰ। Fastest Roller Coaster in the world.” সি ক’লে।

মই হাঁ কৈ মুখখন মেলি চাই থাকিলোঁ।

Thursday, July 28, 2016

ইয়েছ নভোটেল

২০১২ চনৰ কথা। মই গুৰগাঁওত কৰা Executive MBA কোৰ্চটোৰ অংশ হিচাপে আমাৰ দলটোক ইউৰোপৰ কেইখনমান বচা বচা চহৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিছিল। তাৰে এখন চহৰ আছিল পোলেণ্ডৰ পোজনান।ৱাৰ্টা নদীৰ পাৰত থকা এই চহৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিদ্ধস্ত হৈ গৈছিল। ১৯৩৯ চনৰ পৰা ১৯৫ চনলৈ হিটলাৰৰ নাজী বাহিনীয়ে চহৰখন অধিকাৰ কৰিছিল আৰু চহৰখনৰ নাগৰিক সকলৰ ওপৰত অমানুষিক অত্যাচাৰ কৰিছিল। বহুতো স্থানীয় নাগৰিকৰ হত্যা কৰা হৈছিল আৰু জাৰ্মান সকলৰ আধিপত্য স্থাপন কৰিবলৈ যত্ন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চহৰখনে ককাল পোনাবলৈ আৰম্ভ কৰিছিল আৰু এতিয়া ইউৰোপৰ এখন মুখ্য সাংস্কৃতিক তথা বাণিজ্যিক চহৰ হৈ পৰিছে। চহৰখন অতি প্ৰাচীন আৰু কেইবাটাও ধুনীয়া গীৰ্জাঘৰেৰে সুশোভিত। খ্ৰিষ্টান সকলৰ বাবে পোজনান তীৰ্থস্থান স্বৰূপ।
এই ঐতিহাসিক চহৰখনলৈ আমাৰ দলটোৱে এখন বাছত জাৰ্মানীৰ বাৰ্লিন চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ দলটোৰ দায়িত্বত থকা গুডিনো ছাৰে মোক দলপতি পাতিছিল। সেয়েহে আমি বাৰ্লিনৰ পৰা সময়মতে পোজনান পাবলৈ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চকু দিবলৈ মোক দায়িত্ব দিছিল। প্ৰায় ২৭৫ কিল’মিটাৰৰ যাত্ৰা। চাৰি ঘণ্টা মান লাগে। আমাৰ বাছৰ চালকজনৰ লগত কথা পাতি মই নিশ্চিন্ত হ’বলৈ চেষ্টা কৰিছিলোঁ যাতে ক’তো অনাহকত বিলম্ব নহয়। চালকজনৰ নাম গ্ৰেকো।
“আমি সময়মতে পোজনান পামনে”?
“ইয়েছ”।
“ৰাষ্টাত মাত্ৰ এবাৰ জিৰণি ল’ব পাৰিবা। হ’বনে”?
“ইয়েছ”
“তুমি হোটেল বিচাৰি উলিয়াব পাৰিবাটো”?
“ইয়েছ”
প্ৰতিটো কথাৰে উত্তৰত গ্ৰেকোৱে ‘ইয়েছ’ বুলি কয়। এমুখ দাঢ়িৰে মানুহটো ধেমেলীয়া। বাছত উঠাৰ আগতে খুব জোৰে জোৰে হুপি ছিগাৰেট খাই ল’লে। বাছৰ ভিতৰত ছিগাৰেট খোৱা মানা।
আমি বাছৰ খিৰিকীৰে ঠাইবোৰ চাই চাই গৈ থাকিলোঁ। পোলেণ্ড সোমোৱাৰ পিছত ঠাইবোৰ আৰু ধুনীয়া যেন লাগিল। গ্ৰেকোৱে কোনো জিৰণি নোলোৱাকৈ তীব্ৰ গতিত বাছ চলাই গৈ থাকিল।
পোলেণ্ডত ইউৰো মুদ্ৰা নচলে, তাৰ মুদ্ৰাৰ নাম জলটি। আমাৰ হাতত ইউৰো মুদ্ৰাহে থকাৰ বাবে পোলেণ্ড সোমোৱাৰ পিছতে মুদ্ৰা সলাই লোৱাৰ প্ৰয়োজন হ’ল ইপিনে আমাৰ সকলোৱে অলপ বিশ্ৰাম লোৱাৰ লগতে পেচাব কৰাৰ প্ৰয়োজনবোধ কৰিছোঁ। গ্ৰেকোক অনুৰোধ কৰিলোঁ, আমাৰ দুয়োটা কাম হোৱাকৈ, মানে মুদ্ৰা সলনি কৰিব পৰা আৰু মুখ হাত ধুই ফ্ৰেছ হ’ব পৰা ঠাইত যেন বাছখন ৰখায়। গ্ৰেকোৱে কেৰাহীকৈ চই ক’লে “ইয়েছ”।
হাই ৱে’ৰ প্ৰতিটো এক্সিটতে আমি ভাবো গ্ৰেকোৱে বাছখন সেইপিনে ঘূৰাব। কিন্তু তেওঁৰ কাণষাৰ নাই। আপোন মনে কাণত হেডফোন লগাই তেওঁ গাড়ী চলাই গৈছে। মাজে মাজে সুহুৰি মাৰিছে। দলপতি হিচাপে অলপ সময়ৰ মূৰে মূৰে মই গ্ৰেকোক অনুৰোধ কৰোঁ, “গ্ৰেকো, নেক্সট এক্সিটত গাড়ী ঘূৰাবা”। তেওঁ মোৰ পিনে চাই হাঁহি মাৰি কয়, “ইয়েছ”। কিন্তু পিছৰ এক্সিটটোও পাৰ হৈ যায়। গ্ৰেকোৰ খবৰেই নাই।
গুডিনো ছাৰৰো খং উঠিল। তেওঁ উঠি আহি টানকৈ ধমক লগাই ক’লে, “গাড়ী ৰখোৱা। আমাৰ অসুবিধা হৈছে”।
এইবাৰ গ্ৰেকোৱে কথা শুনিলে। এক্সিট এটাৰে সুমুৱাই দি তেওঁ পেট্ৰ’ল পাম্প এটাত গাড়ী ৰখালে। পেট্ৰ’ল পাম্পটোৰ গাতে লাগি আছে এখন খোৱা বস্তুৰ দোকান। কিন্তু আমাৰ হাতত পোলেণ্ডৰ মুদ্ৰা নাই। ইউৰো সলাই ল’বলৈ ওচৰত কোনো ব্যৱস্থাও নাই। তাত থকা টয়লেট ব্যৱহাৰ কৰিবলৈও এক জলটি দিলেহে সোমাব পাৰি। মুদ্ৰা দিলেহে জপনা খোল খায়। মুঠতে আমাৰ নাজল নাথল অৱস্থা হ’ল। দলপতি হিচাপে মোৰ দায়িত্ব হ’ল, কিবা এটা ব্যৱস্থা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল।
গ্ৰেকোক বুজালোঁ, “চোৱা গ্ৰেকো, তুমি আমাক এনে এখন ঠাইলৈ আনিলা, য’ত আমি ন খোৱা বস্তু কিনিব পাৰোঁ, না বাথৰূম ব্যৱহাৰ কৰিব পাৰোঁ, এটা উপায় দিয়া”।
গ্ৰেকোৱে ক’লে, “ইয়েছ”। তেওঁ কি বুজিলে নাজানো, মোৰ পৰা দহ ইউৰোৰ নোট এখন বিচাৰিলে। নোটখন দিয়াত তেওঁ নিজৰ দোকানলৈ গৈ কিবা কথা পাতিলে আৰু উভতি আহি আমাক টয়লেটৰ পিনে আহিবলৈ নিৰ্দেশ দিলে। আমি শাৰী পাতি একন একনকৈ সোমালোঁ। গ্ৰেকোৱে এটা এটা মুদ্ৰা দি জপনা খুলি দি থাকিল। সকলোৱে ফ্ৰেছ হোৱাৰ পিছত গ্ৰেকোৱে আমাৰ সকলোৰে বাবে চুইং গাম কিনি আনিলে।
মানুহজনৰ কাণ্ড কাৰখানা দেখি আমোদ পালোঁ। ইউৰোপত লগ পোৱ আন বাছ চালক সকলতকৈ গ্ৰেকো কিছু ব্যতিক্ৰম। আকৌ ছিগাৰেট দুটামান হুপি তেওঁ বাছত উঠি ষ্টাৰ্ট দিলে। মই ক’লোঁ, “এইবাৰ পোনেই পোজনানৰ হোটেল নভোটেল দেই”। তেওঁ হঁহি মাৰি ক’লে, “ইয়েছ”।
পোজনান পোৱাৰ পিছত মন কৰিলোঁ গ্ৰেকো বিমোৰত পৰিছে। বাছখন এবাৰ ইটোপিনে নিয়ে, এবাৰ সিটো পিনে নিয়ে। তেওঁ যে হোটেললৈ বাট বিচাৰি পোৱা নাই বুজিব পাৰিলোঁ। তেওঁ মাজে মাজে ডিঙি মেলি এনেকৈ চায় যেন অলপ আতৰতে হোটেলখন আছে আৰু অলপ পিছত মূৰ জোকাৰি কয়, “নো নভোটেল”।
আমি আটায়ে বিমোৰত পৰিলোঁ। গ্ৰেকোৰ লগত কথা পাতি বুজি পালোঁ, তেওঁ এজন খাটি জাৰ্মান। ইংৰাজী এক বিন্দুও বুজি নাপায়। আমি কোৱা কথা তেও আকাৰে ইংগিতেৰেহে বুজি পাইছে। এইবাৰ তেওঁ অসহায় ভাৱে চাৱনিৰে বুজালেযে তেওঁ হোটেলখন বিচাৰি পোৱা নাই।
গুডিনো ছাৰে গ্ৰেকোক বাছ ৰখাই নামি আন মানুহক সুধিবলৈ ক’লে। ইউৰোপৰ কেইবাখনো দেশত ভাষাৰ সমস্যাৰ অববে ইংৰাজী অচল টকা হৈ পৰে। গ্ৰেকোৱে বুজি পাই এঠাইত বাছ ৰখাই নামি গৈ কথা পাতি আহিল। আমি উত্কণ্ঠাৰে বাট চাই ৰ’লোঁ। এইবাৰ উত্সাহেৰে বাছখন আন এটা বাটেৰে লৈ গ’ল। বহুপৰ ঘূৰি পকিও পিছে গ্ৰেকোৱে হোটেলৰ সন্ধান উলিয়াব নোৱাৰিলে। আকৌ কৰুণ চাৱনিৰে তেও ক’লে, “নো নভোটেল”।
আমাউ মুখ শুকাই আহিল। কি কৰোঁ কি নকৰোঁকৈ মই এনেয়ে মোবাইল ফোনটো হাতত লৈ ৱাই ফাই অন কৰিলোঁ। হোটেলত থাকিলে ৱাই ফাই ব্যৱস্থাৰে ঘৰৰ লগত সংযোগ ৰাখোঁ। কিন্তু মোক আচৰিত কৰি বাটৰ মাজতো মোবাইল ফোনটোত জিলিকি উঠিল, “ৱাই ফাই এভেইলেবল”। সংযোগ কৰি দেখিলোঁ সেয়া ফ্ৰি ৱাই ফাই। লগে লগে গুগল মেপ বিচাৰি টাইপ কৰিলোঁ, “হোটেল নভোটেল, পোজনান”।
মোবাইলৰ পৰ্দাত সেই ঠাইৰ পৰা হোটেললৈ যোৱা বাটটো নীলা ৰেখাৰে দেখুৱাই দিলে। গ্ৰেকোৰ চকুৰ আগত মোবাইলটো ডাঙি ধৰিলোঁ। তাক হোটেলৰ অৱস্থানটোদেখুৱাই ক’লোঁ, “চোৱা সেয়া নভোটেল। পোনে পোনে গৈ থাকি ১০০ মিটাৰমান গৈ সোঁফালে ঘুৰিবা। ইয়াৰ পৰা বেছি দূৰ নহয়”।
মোবাইলৰ নেভিগেচন অন কৰি গ্ৰেকোক নিৰ্দেশ দি গৈ থাকিলোঁ। কেঁকুৰি এটা ঘূৰাৰ পিছতে হঠাতে গ্ৰেকোৱে সৰু ল’ৰাৰ দৰে স্ফূৰ্তিত চিঞৰি উঠিল, “নোভোটেল, নোভোটেল”। সি মোক আঙুলি টোৱাই ওখ অট্টালিকা এটালৈ দেখুৱালে। মই দেখিলোঁ তাত সঁচাকৈয়ে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে, “নোভোটেল”।

গ্ৰেকোৱে মোৰ মোবাইলটোত চুমা এটা খাই চিঞৰি উঠিল, “ইয়েছ নভোটেল, ইয়েছ নভোটেল”।

Thursday, May 12, 2016

বৰলুইতৰ আতিথ্য

২০১৪ চনৰ নৱেম্বৰ মাহত দেউতাৰ অসুখ দেখুৱাবলৈ চেন্নাই এপলো হস্পিতাললৈ ওলাইছিলোঁ। লগত
মা আৰু ভণ্টি। চেন্নাই এপলো হস্পিতালৰ ওচৰে পাজৰে থকা হোটেল বোৰৰ বিষয়ে খবৰ কৰিছিলোঁ। আগতে চেন্নাইলৈ যোৱা সকলৰ পৰা জানিব পাৰিছিলোঁ এপলোৰ নিচেই কাষতে গ্ৰীম্‍ছ ৰোডত কেইবাখনো হোটেল আছে, চিন্তাৰ কোনো কাৰণ নাই। হোটেল বোৰত ৰান্ধি বাঢ়ি খোৱাৰ সুবিধা আছে। চেন্নাইলৈ ওলোৱা বুলি খবৰ পাই বন্ধু, সহকৰ্মী ৰাজীৱ শৰ্মাই এখন হোটেলৰ মালিকৰ ফোন নম্বৰ দি মোক কথা পাতি চাবলৈ কলে। হোটেলৰ মালিকক ফোন কৰিলোঁ। তেওঁৰ নাম ফিলিপ। নামটো পাই মনতে ভাবিলোঁ, হয়তো কোনোবা দক্ষিণ ভাৰতীয় ভদ্ৰলোক হ'ব।

কেইবাবাৰো ফোন ৰিং হোৱাৰ পিছত ছোৱালী এজনীয়ে ফোন ধৰিলে। অসমৰ পৰা ফোন কৰা বুলি
গম পাই ফোন ধৰা ছোৱালীজনীয়ে মোক আচৰিত কৰি নিভাঁজ অসমীয়াত ক'লে, "'ব দেই দেউতাক মাতি দিছো"। অলপ সময়ৰ পিছতে মোৰ লগত ফিলিপে কথা পাতিলে খাটি অসমীয়া ভাষাত। ফিলিপে কলেচিন্তা নকৰিব, আমাৰ বৰলুইতত থাকিব পাৰিব। বৰলুইত !! নামটো শুনিয়েই মনটো ভাল লাগি গল। অসমীয়া মানুহৰ বাবেই ফিলিপে চেন্নাইত বৰলুইত স্থাপন কৰিছে। তেওঁ বৰলুইতত থকাৰ
ব্যৱস্থা হৈ যাব বুলি আশ্বাস দিলে। আমাৰ চেন্নাই আগমনৰ দিন, বাৰসময় সকলো নোট কৰি থলে। তেওঁ কলে যে আমাক আনিবলৈ তেওঁ বিমানকোঠলৈ গাড়ী পঠিয়াব।


চেন্নাইৰ কামৰাজ বিমানকোঠৰ পৰা বাহিৰ ওলাওঁতে ৰাতি এঘাৰ বাজিবৰ হৈছিল। ওলায়েই  চকুত পৰিছিল আমাৰ নামৰ ফলক লৈ ৰৈ থকা মুথুনামৰ তামিল লোকজনক। ফিলিপে পঠিওৱা মুথুৰ গাড়ীত উঠি পঞ্চল্লিশ মিনিট মান পিছতে উপস্থিত হলোঁগৈ বৰলুইতত। আমাৰ বস্তু বাহানি নিবলৈ নামি আহিল এজন অসমীয়া যুৱক। কোঠালৈ গৈ মুখ হাত ধোৱাৰ পিছতে আন এজন অসমীয়া যুৱকে আহি কলেহি, “ভাত বাঢ়িছোঁ। খাই লওক


ডাইনিং টেবুলত বহি ভাত খাই থাকোঁতে এনে লাগিছিল আমি যেন আলহী হিচাপেহে কাৰোবাৰ ঘৰলৈ আহিছোঁ। ঘৰত খোৱাৰ দৰে গৰম ভাত ডাইল তৰকাৰীৰ অসমীয়া ভাতসাজ উদৰ পুৰাই খালোঁ। ভাত খাই বেচিনত হাত ধুই ওলোমাই থোৱা অসমীয়া গামোচাত হাত মচিলোঁ।

পিচদিনা ৰাতিপুৱাই হস্পিতালৰ লৰা ধপৰা আৰম্ভ হৈছিল। চেন্নাইৰ এপলো হস্পিতালৰ পৰা তামোল এখন খোৱা দুৰত্বত বৰলুইত খন আছে। খোজকাঢ়ি গলে ১০-১৫ মিনিট লাগে। বৰলুইত বুলি সৰুকৈ লিখা ফলক খন তত্ক্ষণাত চকুত নপৰে। কিন্তু চেন্নাইৰ প্ৰায় প্ৰতিজন অটচালকে বৰলুইত চিনি পায়। তেওঁলোকে পিছে বৰলুইত বুলি নকয়, শব্দটোৰ অৰ্থ নাজানে। কয় আছাম গেষ্ট হাউচবুলি।

প্ৰায় গোটেই দিনটো হস্পিতালত ব্যস্ত থকাৰ পিছত সন্ধিয়া উভতি আহি প্ৰথম বাৰৰ বাবে লগ পাইছিলোঁ হোটেলৰ মালিক ৰাজেন্দ্ৰ আলফ্ৰেড ফিলিপক। বৰলুইতৰ মেনেজাৰৰ কোঠাত আন এজন ব্যক্তিৰ সৈতে তামিল ভাষাত কথা পাতি থকা ফিলিপে মোক অসমীয়াত সম্ভাষন জনালে। এমুৰ পকা চুলিৰে কৃষ্ণবৰ্ণৰ হাঁহিমুখীয়া ফিলিপক দেখিয়েই বুজিব পাৰিলোঁ যে তেওঁ তেওঁক তামিল ভাষী বুলি ধৰিব নোৱাৰে। তেওঁ বহা চকীখন শুৱাই ৰাখিছিল এখন অসমীয়া চেন্নাইৰ স্থানীয় তামিল ভাষী লোক। কিন্তু তেওঁৰ লগত অসমীয়াত কথা পাতিলে কোনেও ফুলাম গামোচাই। অলপ সময় কথা পাতিয়েই বুজিব পাৰিছিলোঁ মানুহক সহায় কৰিবলৈ সকলো সময়তে সাজু ফিলিপৰ মহানুভৱতাৰ কথা।

মানৱ দৰদী ফিলিপৰ বিষয়ে অধিক কথা জানিবলৈ মোৰ আগ্ৰহ হল। ইয়াৰ পিছৰ দিন কেইটাত তেওঁৰ লগত বহি বন্ধুৰ দৰে বহুত কথা পাতিলোঁ। তেওঁৰ পৰা জানিব পাৰিলোঁ যে তেওঁ ব্যক্তিগত কোম্পানীৰ কামত কেইবা বছৰো অসমত বাস কৰিছিল। অসমত থকা সেই সময়তে তেওঁ  তেজপুৰৰ অসমীয়া যুৱতী অঞ্জনা গোস্বামীক লগ পাইছিল। অঞ্জনা আৰু ফিলিপৰ প্ৰণয় আৰু পিছলৈ বিবাহ হৈছিল। অঞ্জনাৰ সান্নিধ্যত ফিলিপে অসমীয়া ভাষা ভালদৰে আয়ত্ব কৰি পেলাইছিল,

অসমীয়া সংস্কৃতিক ভাল পাবলৈ শিকিছিল। অঞ্জনায়ো খ্ৰিষ্টধৰ্মী ফিলিপৰ ভাষা আৰু সংস্কৃতিক শ্ৰদ্ধা কৰিছিল। অসমত থকা সময়তে তেওঁলোকৰ তিনিটি সন্তান সংগীতাকবিতা আৰু ৰাজাৰ জন্ম হৈছিল। তিনিওটি সন্তানে অসমীয়া আৰু তামিল ভাষা দুয়োটা ভাষাই শিকিছে আৰু সলসলীয়াকৈ কব পাৰে। উল্লেখ্য যে ফিলিপৰ বৰজোৱাঁই অসমীয়া।


১৯৯৬ চনত কৰ্মসূত্ৰে ফিলিপ পৰিয়াল সহ চেন্নাইত উপস্থিত হৈছিল। চেন্নাইত প্ৰথম বাৰৰ বাবে থাকিবলৈ লোৱা অঞ্জনাৰ অসমৰ কথা বৰকৈ মনত পৰিছিল। সুবিধা পালেই তেওঁ চিকিত্সাৰ বাবে চেন্নাইলৈ যোৱা অসমৰ ৰোগী সকলক, অসমীয়া মানুহ বোৰক লগ ধৰিছিল, তেওঁলোকৰ পাৰ্যমানে সহায় কৰিছিল। অসমৰ মানুহে চেন্নাইত সন্মুখীন হোৱা থকা খোৱাৰ সমস্যাই তেওঁৰ মন চুই গৈছিল। তেতিয়াই তেওঁৰ অসমৰ পৰা যোৱা লোক সকলৰ সহায়ৰ কাৰনে কিবা এটা কৰিবলৈ মনত ইচ্ছা জাগিছিল। ১৯৯৯ চনত দুটা কোঠা ভাড়ালৈ লৈ স্বামী ফিলিপৰ সহায়ত অঞ্জনাই আৰম্ভ কৰিছিল বৰলুইত। অসমৰ পৰা দুজন লৰা আনি তেওঁলোকৰ হতুৱাই অসমীয়া খাদ্য ৰন্ধাৰ ব্যৱস্থা কৰিছিল। লাহে লাহে বৰলুইত হৈ পৰিছিল চেন্নাইৰ এপলো হস্পিতাললৈ যোৱামানুহৰ বাবে ঘৰৰ আতৰত থকা দ্বিতীয় ঘৰ। লাহে লাহে শ্ৰী বৃদ্ধি হৈ এতিয়া বৰলুইতত সংযোজিত হৈছে বাৰটাকৈ বিভিন্ন আকাৰৰ কোঠা। এতিয়া ফিলিপে নিজৰ চাকৰি বাদ দি পত্নীৰ লগত বৰলুইততে ব্যস্ত হৈ পৰিছে আৰু সুবিধা পালেই অসমৰ পৰা যোৱা আৰ্তজনৰ সহায় কৰিছে।

বৰলুইতত আমি মাত্ৰ পাঁচটা দিনৰ বাবে আছিলোঁ। কিন্তু সেই পাঁচটা দিনতে বৰলুইতত থকা আন আবাসী সকলৰ লগত গঢ়ি উঠিছিল গভীৰ আত্মীয়তা। সন্ধিয়া সময়ত নিজৰ নিজৰ কামৰ পৰা, হস্পিতালৰ পৰা উভতি অহা লোক সকল ডাইনিং ৰুমত গোট খাই চিনাকী হৈছিল, দিনটোৰ অভিজ্ঞতা এজনে আনজনক কৈছিল, অভিজ্ঞ সকলে নতুনকৈ অহা সকলক দিহা পৰামৰ্শ দিছিল, কিনি অনা ফলমুল ভগাই খাইছিল। আজিকালি ব্যস্ত জীৱনত পাবলৈ নাইকীয়া হোৱা সমুহীয়া আড্ডাৰ সোৱাদ পাই মন জীপাল হৈ উঠিছিল। কোঠালীত টেলিভিচন নোহোৱা কাৰনে প্ৰথমতে বেয়া লাগিছিল যদিও পিছলৈ এনে ভাৱ আহিছিল যে টেলিভিচন নথকা জীৱনেই ভাল। অন্তত: মানুহে আন মানুহৰ হিয়াৰ বতৰা লবলৈ সময় পায়।

বৰলুইত সকলো আধুনিক সা সুবিধা যুক্ত, বিলাসী হোটেল নহয়। থকা খোৱাৰ খৰছো বেছি  নহয়। কিন্তু ইয়ালৈ আহি মানুহে বিচাৰি পায় অসমীয়া খাদ্য আৰু ঘৰুৱা পৰিৱেশৰ উমাল সান্নিধ্য। বয়সীয়াল লোক সকলৰ বাবে বা ৰোগী সকলৰ বাবে এই পৰিৱেশে মনলৈ আনি দিয়ে সজীৱতা। ঘৰৰ পৰা হেজাৰ হেজাৰ কিলমিটাৰ আঁতৰত থাকিও অসমীয়া মানুহৰ লগত, অসমীয়া মাত কথাৰে অসমীয়া খাদ্য খাই থাকিব পৰাটোৱেই বহুতৰে বাবে সকাহৰ কাৰণ। সন্ধিয়া কিছু সময়ৰ বাবে হলেও সকলোৱে প্ৰাণ খুলি হাঁহে, মনৰ কথা ভগাই লয়। বৰলুইতত এতিয়া কাম কৰি থকা অসমীয়া যুৱক কেইজনে কম সময়ৰ ভিতৰতে অতিথি সকলক আপোন কৰি লয়। ঘৰলৈ অহা অতিথিৰ দৰে আদৰ সাদৰ কৰে। দুৰণিৰ চেন্নাইত এনে পৰিৱেশ আনি দিয়াৰ বাবে ফিলিপ দম্পত্তি নিশ্চয়কৈ অশেষ ধন্যবাদৰ পাত্ৰ।

ফিলিপে আমাক কৈছিলকেতিয়াবা বৰলুইতত ইমানেই ভীৰ থাকে যে বহুত মানুহে টেলিফোনত কোঠাৰ বাবে জনোৱা অনুৰোধ তেওঁ ৰাখিব নোৱাৰে। কিন্তু আগতিয়াকৈ খবৰ দি থলে ৰাতি বিয়লি  
চেন্নাইত উপস্থিত হোৱা মানুহক তেওঁ গাড়ী পঠিয়াই ৰেলৱেষ্টেচন বা এয়াৰপোৰ্টৰ পৰা বৰলুইতকৈ আনি ভাত এসাজ খুৱায় আৰু যথাসাধ্য ওচৰ পাজৰৰ আন হোটেলত তেওঁলোকক কোঠা দিয়াবলৈ চেষ্টা কৰে। উল্লেখ্য যে বৰলুইতক কেন্দ্ৰ কৰিয়েই ওচৰতে ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰী নামৰ আন দুটা লজ গঢ়ি উঠিছে। তেনে জত থকা অসমীয়া মানুহেও বৰলুইতলৈ আহি খোৱা বোৱা কৰিব পাৰে।
কেৱল আগতিয়াকৈ জনালেই হল। কিন্তু ইমান খিনিৰ পিছতো বৰলুইতত স্থান দিব নোৱাৰাৰ বাবে কোনো কোনো মানুহৰ পৰা তেওঁ কটু কথা শুনিবলগীয়া হয়। তেতিয়া তেওঁৰ দুখ লাগে। তথাপিও তেওঁ যেতিয়াই যি ধৰণে অসমৰ পৰা যোৱা মানুহে সহায় বিচাৰে তেনে ধৰণেই সহায় কৰি দিয়ে। বৰলুইততে লগ পোৱা এগৰাকী মহিলাৰ পৰা জানিব পাৰিছিলোঁ যে তেওঁ এপলোলৈ প্ৰথম বাৰেই অকলে আহিব লগীয়া হৈছিল। তেওঁক ফিলিপে নিজেই গৈ হস্পিতালত লগতে থাকি দি ডাক্তৰক দেখুওৱা কামত সহায় কৰি দিছিল।


ফিলিপে জনাইছিল যে তেওঁ এনে এটা ছফট্‍ৱেৰৰ কাম হাতত লৈছে যিটো ছফট্‍ৱেৰৰ  জৰিয়তে মানুহে চেন্নাইৰ যিকোনো হস্পিতালত যিকোনো ডাক্তৰৰ এপইণ্টমেণ্ট লব পাৰিব। তেওঁ কৈছিল চেন্নাই আৰু ওচৰে পাজৰে এপলোতকৈ কম খৰচৰ আৰু ভাল ডাক্তৰ থকা বহুতো হস্পিতাল আছে। কিন্তু মানুহে সেইবোৰৰ কথা নাজানে। তেওঁৰ ছফট্‍ৱেৰটো ব্যৱহাৰ কৰি মানুহে অসমৰ পৰাই ইণ্টাৰনেট যোগে যিকোনো হস্পিতালত ডাক্তৰৰ এপইণ্টমেন্ট লব পাৰিব আৰু চেন্নাইত কম খৰচতে ভাল চিকিত্সা কৰি উভতি যাব পাৰিব। অসমৰ মানুহৰ কাৰণে ইমান খিনি চিন্তা কৰা মানুহৰ সংখ্যা আজিৰ দিনত বিৰল।

অসমৰ পৰা বহুতো মানুহে চিকিত্সাৰ বাবে চেন্নাইলৈ যায়। এপলো হস্পিতালত প্ৰতিখন বাৰাণ্ডাতে অসমীয়া মাত কথা শুনিবলৈ পোৱা যায়। অসমীয়াৰ দৰে বহুত বঙালী মানুহো এপলোলৈ যায়। এইখন হস্পিতালত ইংৰাজী, তামিল আৰু হিন্দীৰ পিছতে প্ৰায় সকলো প্ৰপত্ৰ, নিৰ্দেশাৱলী আৰু ফলকত বাংলা ভাষাৰ প্ৰয়োগ দেখিবলৈ পালোঁ। বাংলা ভাষা আৰু অসমীয়া ভাষাৰ আক্ষৰিক মিল থকাৰ বাবে অসমীয়া মানুহৰো বহুত সুবিধা হয়। এপলোত লগ পাইছিলোঁ শিলচৰৰ বাঙালী যুৱক মুস্তাফাক। মুস্তাফাই এপলো হস্পিতালতে কাম কৰে আৰু অসমৰ মানুহ যোৱা বুলি খবৰ পালে মাত এষাৰ দিবলৈ আহে। মুস্তাফাই আমাক বিভিন্ন ডাক্তৰৰ এপইণ্টমেণ্ট লোৱা কামত সহায় কৰি দিছিল। এপলোত একেবাৰে অন্য ভাষা বুজি নোপোৱা মানুহৰ বাবে দোভাষীৰো ব্যৱস্থাও কৰি দিয়া হয়।মুস্তাফায়ো বহুবাৰ অসমৰ পৰা যোৱা মানুহৰ দোভাষীৰ কাম কৰিছে। ফিলিপেও অসমৰ পৰা যোৱা মানুহৰ বাবে এনে কামত সহায় কৰি দিয়ে।


অসমৰ বৰলুইতৰ দৰে চেন্নাইৰ বৰ লুইতেও আদৰি লয় অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন ঠাইৰ পৰা যোৱা বিভিন্ন জনক। এই বৰলুইতৰ বুকুতে বিপৰ্যস্ত মানুহে লাভ কৰে ক্ষণিকৰ প্ৰশান্তি, হিয়া
উজাৰি উপভোগ কৰে আপোন মাত কথাৰ অমিয়া সুৰ, উদৰ পুৰাই খায় এসাজ ঘৰৰ আহাৰ। বৰলুইতৰ কথা ইমানকৈ কোৱাৰ পিছত বৰলুইতৰ যোগাযোগৰ ঠিকনাটো জনোৱা
উচিত হব। 

ইণ্টাৰনেটত গুগলত borluit guest house Chennai বুলি বিচাৰিলে বৰলুইতৰ সবিশেষ তথ্য পোৱা যায়। বৰলুইতৰ ঠিকনা No. 12Z, (Old No 19), Rutland Gate, 4th Street,
Greams Road, Chennai - 600006 বৰলুইত তাজ কৰমণ্ডল নামৰ বিলাসী হোটেল খনৰ নিচেই ওচৰত অৱস্থিত। যোগাযোগৰ ফোন নং - 044 – 28332470