Saturday, November 28, 2015

Top of Europe


২০১২ চনৰ মে’ মাহৰ কথা। ছুইজাৰলেণ্ডৰ জুৰিখ চহৰৰ পৰা জাংফ্ৰো (Jangfraujoch) নামৰ এখন ধুনীয়া ঠাইলৈ ৰাতিপুৱাই সপৰিয়ালে ওলাইছোঁ। আমাৰ লগত পৰিয়ালৰ সৈতে আন এটা প্ৰায় পঁচিশ জনীয়া দল। আমি একেলগে গৈ একেলগে ঘূৰি অহাৰ পৰিকল্পনা।
জাংফ্ৰো হৈছে আল্পছ পৰ্বতমালাৰ মুধছ। সেয়েহে ইয়াক Top of Europe বোলা হয়। হিমালয়ৰ ওখ ওখ শৃংগলৈ কেতিয়াবা ৰে’লপথেৰে যাব পৰা হয় নে নাই নাজানো, কিন্তু ইউৰোপৰ সৰ্বোচ্চ স্থানলৈ যাবলৈ পৰ্যটকৰ বাবে ৰে’ল লাইন আছে। জাংফ্ৰো ৰে’লেৱে ষ্টেছন বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে ষ্টেছন আৰু সেই ষ্টেছনৰ লগতে সংলগ্ন হৈ আছে ‘টপ অফ ইউৰোপ’ নামৰ পৰ্যটকস্থল।
জুৰিখ চহৰৰ পৰা লাউটাৰব্ৰুনেন (Lauterbrunnen) নামৰ ঠাইখনলৈ বাছেৰে যাত্ৰা কৰিলোঁ। লাউটাৰব্ৰুনেনৰ পৰা জাংফ্ৰো অভিমুখী ৰে’ল ধৰিব পাৰি।
লাউটাৰব্ৰুনেনত বাছৰ পৰা নামি নিজৰ টিকট লৈ ৰে’লগাড়ীত উঠিলোঁ। বাছখন তাতেই ৰৈ থাকি আমাৰ দলটোক ওভতাই নিয়াৰ কথা। ৰে’লখন ক্ৰমাৎ ওপৰলৈ যাবলৈ ধৰিলে। সেই যাত্ৰাটোত চকুত পৰা প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। ছুইজাৰলেণ্ডৰ বিশাল সেউজ ভূমি, ধুনীয়া ধুনীয়া ঘৰেৰে একোখন সৰু সৰু গাওঁ, চালে চকুৰোৱা দৃশ্য।
এই ৰে’লখনেৰে আমি ক্লেইন ছিডেগ (Kleine Scheidegg) নামৰ আন এখন ঠাই পালোঁগৈ। তাৰ পৰা জাংফ্ৰোলৈ যাবলৈ বেলেগ ৰে’লগাড়ী ধৰিব লাগে। আমাৰ দলৰ সকলোৱে সিদ্ধান্ত কৰিলোঁ যে আমি একেলগে থাকিম, একেলগে ফুৰিম, কাৰণ ওপৰত মোবাইল সংযোগ পোৱা নাযায়।
ক্লেইন ছিডেগৰ প্ৰাকৃতিক সৌন্দৰ্যও তবধ মানিবলগীয়া। আমি ষ্টেছনৰ পৰাই চৌপাশৰ সৌন্দৰ্য উপভোগ কৰিলোঁ।
আমি যেতিয়া ৰে’লত উঠি ক্ৰমাৎ আল্পছ পৰ্বত বগাবলৈ ধৰিলোঁ, লাহে লাহে ছুইজাৰলেণ্ডৰ বৰফাবৃত্ত অঞ্চল সমূহ পাবলৈ ধৰিলোঁ। সেয়া ছুইজাৰলেণ্ডৰ সৌন্দৰ্যৰ আন এটা ৰূপ। লাহে লাহে আমাৰ ৰে’লখনৰ চাৰিওপিনে দেখিলোঁ কেবল বৰফ আৰু বৰফ।
এটা সময়ত ৰে’লখন সুৰংগত প্ৰৱেশ কৰিলে। সুৰংগৰ মাজেৰে এঢলীয়া পথেৰে ক্ৰমাৎ পাহাৰ শিখৰলৈ উঠি গৈছিলোঁ। এই সুৰংগটো হেনো ১৮৯৮ চনৰ পৰা ১৯১২ চনৰ ভিতৰতে নিৰ্মাণ কৰা হৈছিল। ক্লেইন ছিডেগৰ পৰা জাংফ্ৰোলৈকে এইছোৱা বাটৰ দৈৰ্ঘ্য মুঠ প্ৰায় ৭ কিল’মিটাৰ, কিন্তু বগাবলৈ ৫০ মিনিট সময় লাগে। মাজত Eigerwand আৰু Eismeer নামৰ দুটা ষ্টেচন আছে, এই ষ্টেচন দুটা সুৰংগৰ মাজতে অৱস্থিত। প্লেটফৰ্ম গুহাৰ মাজত অৱস্থিত যেন লাগে।
 ঠাণ্ডা বেছিকৈ লাগি আহিছিল। জাংফ্ৰো পাই টপ অফ ডা ৱৰ্ল্ড ষ্টেচনত সোমাই পৰিলোঁ। ষ্টেচনৰ ভিতৰত দোকান পোহাৰ ৰেষ্টোৰেণ্টে গিজগিজাই আছে। পৰ্বত শিখৰত আছোঁ বুলি ধৰিবই নোৱাৰি। সেই ঠাইত পৰ্যটকৰ বাবে সুন্দৰ ব্যৱস্থা আছে। বৰফৰ মাজত খোজ কঢ়া অনুভৱ কৃত্ৰিম ভাৱে দিয়াৰ ব্যৱস্থাও আছে।
বাহিৰলৈ ওলাই বৰফত খেলিব পাৰি। কিন্তু বাহিৰত জোৰেৰে বৰফ মিহলি বতাহ বৈ থকাৰ বাবে আমি ল’ৰা ছোৱলী লগত লৈ সেই মৰসাহ নকৰিলোঁ।
আমি উভতি অহা ৰে’লখন চাৰিবজাত আহিবলগীয়া আছিল। দলৰ সকলোৱে একেলগে ঘূৰাৰ, খোৱাৰ কথা আছিল যদিও স্বাভাৱিকতে সকলো ইফাল সিফাল হৈ গ’ল। আমি চাৰি বজাৰ আগে আগে ষ্টেচনলৈ আহি দলৰ কাকো নেদেখি আচৰিত হ’লোঁ। সোধা পোচা কৰি গ’ম পালোঁ যে ইণ্ডিয়ান দল এটা আগৰ ৰে’লতে গুচি গ’ল। আমাৰ বুজিবলৈ বাকী নাথাকিল যে সেইটো আমাৰ দলেই আছিল। কিন্তু তেওঁলোকে আগতিয়াকৈ কিয় গুচি গ’ল? চাৰি বজাৰ ৰে’লখন অহাৰ আগতে চাৰে তিনি বজাত আন এখন ৰে’ল আহিছিল। সেইখনত ঠাই খামি থকাত তেওঁলোক তাতেই গুচি গ’ল।
আমি বিপদত পৰিলোঁ। ফোন কৰাৰ কোনো উপায় নাই। পিছৰ ৰে’লখনত উঠিবলৈ মানুহৰ ভিৰ। সেইখন ৰে’লত যাব নোৱাৰিলে আমি দলটোক লগ নাপাবগৈ পাৰোঁ। তেনে পৰিস্থিতিত জুৰিখলৈ উভতি যোৱাটো সমস্যা হৈ পৰিব পাৰে।
আমি অনুৰোধ জনালোঁ, আমাক যেন এইখনত উঠিবলৈ দিয়ে। ভাগ্য ভাল আছিল, কৰ্মচাৰী কেইজনে আমাৰ কথা বুজি আমাক শাৰীৰ একেবাৰে আগত থিয় কৰাই দিলে।

আমি আহি যেতিয়া ক্লেইন ছিডেগ ষ্টেচন পালোঁ, দেখিলোঁ যে আমাৰ দলৰ সকলোৱে আমাৰ বাবে ৰৈ আছে। তেওঁলোকে  লাউটাৰব্ৰুনেনলৈ উভতি যোৱা ৰে’ল পায়ো উভতি যোৱা নাই। আমি কিবা সমস্যাত পৰিলোঁ বুলি তেওঁলোক উদ্দিগ্ন হৈ আছে । আটাইকে ধন্যবাদ জনাই আমি লাউটাৰব্ৰুনেনলৈ যোৱা পিচৰখন ৰে’লত উঠিলোঁ।

Friday, November 27, 2015

জাৰ্মানীৰ টেক্সি ড্ৰাইভাৰ


২০০৮ চনত আমেৰিকাৰ পৰা প্ৰশিক্ষণ এটাৰ পৰা সপত্নীক উভতি আহোঁতে জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰ হৈ আহিছিলোঁ। আমি ফ্ৰেংকফুৰ্টৰ পৰা ৰেলেৰে গৈ পেৰিছ চাই আকৌ ফ্ৰেংকফুৰ্টলৈ উভতি আহি হোটেল এখনত আছিলোঁ। বিমান কোঠলৈ যাবলৈ প্ৰি পেইড টেক্সী মাতি আমি হোটেলৰ লবীত অপেক্ষা কৰি আছিলোঁ। অলপ সময় ৰোৱাৰ পিছতে এজন ওখ পাখ বগা বৰণৰ মানুহে আমাক জাৰ্মান ভাষাতে সুপ্ৰভাত সম্ভাষণ জনাল, ‘হালো, গুটেন মৰ্গেন’। জাৰ্মান ভাষা নাজানো বাবে তেওঁক ইংৰাজীতে উত্তৰ দিলোঁ, “গুড মৰ্ণিং”।

তেওঁ পিছ মুহূৰ্ততে ইংৰাজীত সুধিলে, “ফ্ৰম ইণ্ডিয়া”? আমি “য়েছ” বুলি কৈ মূৰ জোকাৰিলোঁ। তেওঁ আমাক তেওঁৰ টেক্সী খনৰ পিনে আগবঢ়াই লৈ গ’ল।

টেক্সী চলিবলৈ লোৱাৰ পিছতে আমাক আচৰিত কৰি গাড়ীৰ ষ্পীকাৰত বাজিবলৈ ধৰিলে হিন্দী চিনেমাৰ গান। আমাৰ মুখত হাঁহি বিৰিঙি উঠিল।

“ইয়াতেও হিন্দী গান বজোৱা ৰেডিঅ’ চেণ্টাৰ আছে নেকি”? মই ইংৰাজীতে সুধিয়েই দিলোঁ।

“নাই। এয়া মোৰ ব্যক্তিগত সংগ্ৰহ”। টেক্সী চালকজনে গম্ভীৰ ভাৱে ইংৰাজীতেই ক’লে।

“আপুনি জাৰ্মান হৈয়ো হিন্দী গান শুনে”? মই আচৰিত হ’লোঁ। মানুহজনৰ আৱ ভাৱ, কথা বতৰা সাইলাখ এজন জাৰ্মানৰ দৰে।

মোৰ কথা শুনি তেওঁ হাঁহিলে। “আপোনালোকক দেখি মই ইণ্ডিয়ান বুলি চিনি পাইছোঁ, অথচ মোক দেখি আপোনালোকে একো ধৰিব পৰা নাই নহয়নে”? মানুহজনে কেৰাহিকৈ মোৰ পিনে চালে।

“নাই পৰা। পিছে আপুনিনো আমাক দেখিয়েই ইণ্ডিয়ান বুলি কেনেকৈ গম পালে”? মোৰ আৰু শ্ৰীমতী উভয়ৰে পিন্ধনত পশ্চিমীয়া সাজপাৰ।

“ইণ্ডিয়ান মানুহ আমি ভালদৰেই চিনি পাওঁ। আপোনাৰ পত্নীৰ শিৰত থকা সেন্দুৰকণেই আপোনালোকক ইণ্ডিয়ান বুলি চিনাকী দিবলৈ যথেষ্ট”। তেওঁকৈ গ’ল।

মানুহজনে ভাৰতৰ কথা ইমানকৈ জানে কাৰণে ভাল লাগিল। আগতেও শুনিছিলোঁ জাৰ্মান সকলে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত, বহুতো জাৰ্মানে সংস্কৃত ভাষা শিকে।

মনৰ খুদুৱনি মাৰিবলৈ টেক্সী চালক জনক আকৌ ইংৰাজীতে সুধিলোঁ, “আপুনি হিন্দী ভালদৰে বুজি পায়নে”?

মানুহজনে মোৰ পিনে ঘূৰি চাই হাঁহি মাৰি শুদ্ধ হিন্দীত উত্তৰ দিলে, “হমলোগ হিন্দী মে হী বাত কৰে তো বেহতৰ হোগা”।

আচৰিত হৈ তেওঁৰ মূখলৈ চাই সুধিলোঁ, “আপ ভি ইণ্ডিয়ান হো”?

তেওঁ গহীনাই ক’লে, “আপ মুঝে ইণ্ডিয়ান হী বোল চকতে হো। লেকিন মে পাকিস্তান চে আয়া হু”।

তেওঁ কৈ গ’ল, “বহুত বছৰৰ পৰা ইয়াতে আছোঁ। বাইশ বছৰ হৈ গ’ল। কিন্তু এতিয়াও মই হিন্দী চিনেমাৰ কাৰণে পাগল। সুবিধা পালেই হিন্দী চিনেমা চাওঁ, হিন্দী গান শুনোঁ”।

“কেতিয়াবা ইণ্ডিয়া গৈছেনে”?

“নাই যোৱা। যাবলৈ বৰ মন আছে। কিন্তু যোৱা চাগে নহ’ব কেতিয়াও। পাকিস্তানী মানুহৰ বাবে ইণ্ডিয়ান ভিছা পোৱাটো সহজ নহয়”। তেওঁ দুখ মনেৰে ক’লে।

“আমিতো আগতে একেখন দেশৰ মানুহেই আছিলোঁ”। মই নিজকে কোৱাদি ক’লোঁ।

“বিদেশত আমি এতিয়াও একেখন দেশৰ মানুহৰ দৰেই থাকোঁ। মই যিটো চুবুৰিত থাকোঁ তাত আমি ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মুছলিম, হিন্দু, শিখ সকলো ধৰ্মৰ লোক একেলগে থাকোঁ। উত্সৱ পৰৱ একেলগে পালন কৰোঁ। ইণ্ডিয়ান মানুহ মোৰ গাড়ীত উঠিলে ঘৰৰ মানুহক লগ পোৱা যেনেই লাগে। আমাক ইয়াৰ মানুহে ইণ্ডিয়ান বুলিয়েই কয়। বাংলাদেশ, পাকিস্তানৰ মানুহেও ‘ইণ্ডিয়ান ৰেষ্টোৰাঁ’ খুলি ব্যৱসায় কৰিছে। মুঠতে আমি সকলোৱে মিলিজুলি থাকোঁ”। তেওঁৰ মুখ আনন্দত জিলিকি উঠিল।

“ভাৰত পাকিস্তানৰ মানুহে যদি সঁচাকৈয়ে বিদেশত মিলিজুলি থাকিব পাৰে, নিজৰ দেশত থাকিব নোৱাৰে কিয়”? মই তেওঁক সুধিলোঁ।

“আচল সমস্যাটো হ’ল আমি আমাৰ সাধাৰণ মানুহবোৰক সদায় বিভ্ৰান্ত কৰি ৰখা হয়। ধৰ্ম আৰু ৰাজনীতিৰ সুবিধা ল’বলৈ আমাক বিভাজিত কৰি ৰখা হয়। কিন্তু বিদেশত ৰাজনীতি আৰু ধৰ্মৰ ব্যৱসায়ী সকল নথকাৰ বাবে আমাৰ মাজত কোনো বিভাজন নাই। আমাৰ ইয়াত ভাৰতীয় বা পাকিস্তানী বুলি কোনো ভেদ ভাব নাই”। তেওঁ ক’লে।

মই ভাবিলোঁ, সঁচাকৈয়ে ধৰ্ম আৰু ৰাজনীতিৰ ব্যৱসায়ীবোৰ নোহোৱা হ’লে কিমান যে ভাল হ’লহেঁতেন।

এয়াৰপোৰ্টত আমাৰ বয় বস্তুখিনি নমাই দি তেওঁ কৰমৰ্দন কৰি নিজৰ কাৰ্ডখন দি ক’লে, “মোৰ নাম ইব্ৰাহীম। কিন্তু ইয়াত মোক আব্ৰাহাম বুলিয়েই জানে। কেতিয়াবা আকৌ ফ্ৰেংকফুৰ্টলৈ আহিলে ফোন কৰিব। কাৰ্ডত ফোন নম্বৰ দিয়া আছে। অহাবাৰ আহিলে আপোনালোকক মোৰ বন্ধু এজনৰ ৰেষ্টোৰাঁলৈ লৈ যাম। তাৰ নাম হৰিশ। সি গুজৰাটৰ”।

মই মোৰ কাৰ্ডখন তেওঁক দি কলোঁ, “কেতিয়াবা ভাৰতলৈ আহিলে ফোন কৰিব। আমি একেবাৰে পূব সীমান্তত অসমত থাকোঁ”।

“মই অসমৰ কথা জানোঁ। আছাম টী ইয়াত প্ৰসিদ্ধ। আপোনালোক চাহৰ দেশৰ মানুহ। অহাবাৰ আহিলে চাহপাত অলপ লৈ আহিব। এতিয়া বিদায়”। এই বুলি তেওঁ হাত জোকাৰি আমাৰ পৰা বিদায় ল’লে।

লছ এঞ্জেলেছৰ চিটীবাছ




লছ এঞ্জেলেছ চহৰ। মাত্ৰ দুদিনৰ বাবে চহৰখনলৈ আহি সপত্নীক এখন হোটেলত উঠিছোঁ। এয়াৰপোৰ্টৰ ওচৰতে থকা এখন কম দামৰ হোটেল। সস্তা হোটেল বিচাৰি ট্ৰেভেল এজেণ্টে এইখন হোটেল আমাক বিচাৰি দিছে।

সন্ধিয়া সময়ত হোটেলত পদাৰ্পন কৰিলোঁ। হোটেলৰ লবীত উত্তাল সংগীত বাজি আছে। সেই সংগীতৰ তালে তালে নৃত্যৰত ডেকা গাভৰু কেইহালমান। হোটেলৰ পৰিৱেশ আচহুৱা যেন লাগিল। পিছে সেইখন হোটেলতে আগতীয়া বুকিং থকা বাবে উপায় নাই।

ৰিচেপচনত থকা কৃষ্ণবৰ্ণৰ মহিলাগৰাকীৰ কথা কোৱাৰ ভংগী আৰু চাল চলন বেপৰোৱা। আমেৰিকাৰ আন চহৰবোৰত দেখা ৰিচেপচনিষ্টৰ শালীনতা আৰু বিনয় নাই। আমাৰ ইংৰাজী উচ্চাৰণ বুজিব নোৱাৰি বাৰে বাৰে ‘হোৱাট’ বুলি ভেকাহি মাৰি উঠে। সংগীতৰ তালে তালে তেৱোঁ মাজে মাজে নাচি উঠে। মানুহজনী নিচাত থকা যেন লাগে।

প্ৰণীতাই বাৰে বাৰে সকীয়াই আছে, “এইখন হোটেলত কিবা ভয় ভয় লাগিছে। বেলেগ এখন বিচাৰোঁ ব’লা”।

“আগতীয়া পইছা দি বুক কৰা হোটেলখন এৰি ক’তনো হোটেল বিচাৰি ফুৰিম। থাকোঁ দিয়া। দুদিনহে”। আমেৰিকাত হোটেল বিচাৰি ফুৰাটো ধেমালি কথা নহয়। এখন যদি ইয়াত, আনখন দুই মাইল আঁতৰত।

ৰিচেপচনৰ ফৰ্মেলিটী শেষ কৰি নিৰ্দিষ্ট কোঠালৈ আগবাঢ়িলোঁ। সমগ্ৰ হোটেলখনতে যেন এক উত্সৱমুখৰ পৰিৱেশ। মানুহে বেপৰোৱাকৈ ছিগাৰেট খাইছে, মদ খাইছে, উচ্চস্বৰে হাঁহিছে, এজনে আনজনৰ গাত থপৰিয়াই কথা পাতিছে। তেতিয়াহে মন কৰিলোঁ হোটেলৰ কৰ্মচাৰীকে ধৰি প্ৰায়বোৰ থকা মানুহ ক’লা বৰণৰ, নিগ্ৰো। আমেৰিকাত তেওঁলোকক আফ্ৰিকান আমেৰিকান বুলি কয়।

আমাৰ কোঠাটোও তেনেই সাধাৰণ। হোটেলত হুলস্থুলত থাকিব নোৱাৰি ওলাই আহিলোঁ। এজন মানুহে আমাৰ লগত উপযাচি চিনাকী হ’ল। আমি ইণ্ডিয়াৰ পৰা যোৱা বুলি জানিব পাৰি ভাল পালে। দেখিলোঁ সেই মানুহখিনিৰ মাজত আমেৰিকান সকলৰ পোচাকী ভদ্ৰতা নাই। নিজৰ মাজতে স্ফূৰ্তি তামাছা কৰি ভাল পোৱা এচাম মানুহ। দেখিলেই বুজিব পাৰি তেওঁলোক আমেৰিকাৰ কম উপাৰ্জন কৰা লোক। হয়তো বহুতেই ফেক্টৰী, কাৰখানাত কাম কৰা মানুহ।

হোটেলৰ ৰিচেপচনত ইউনিভাৰ্চেল ষ্টুডিঅ’ যাবলৈ কি ব্যৱস্থা আছে খবৰ কৰিলোঁ। অহা যোৱা কৰিবলৈ টেক্সীৰ ব্যৱস্থা আছে। কিন্তু দাম দেখি চকু কপালত উঠিল। ১০০ ডলাৰমান অহা যোৱা কৰোঁতেই খৰছ হ’ব।

“আপোনালোকে ক’ত ক’ত ফুৰিব”? চিনাকী হোৱা মানুহজনে আগবাঢ়ি আহি সুধিলে।
“লছ এঞ্জেলেছলৈ আহিছোঁ যেতিয়া ইউনিভাৰ্চেল ষ্টুডিঅ’লৈ যাবই লাগিব। পিছে অহা যোৱাতেই ইমান খৰছ”। মানুহজনক মনৰ কথা ক’লোঁ।

“মই আপোনালোকক একেবাৰে সস্তাত যাব পৰা উপায় এটা দিম”, মানুহজনে ক’লে।
“কওকচোন, কওক”, আগ্ৰহেৰে মানুহজনৰ মুখলৈ চালোঁ।

“আপোনালোকে চিটী বাছত যাওক। এখন বাছ মাত্ৰ সলনি কৰিব লাগিব। অতি কম খৰছতে ইউনিভাৰ্চেল ষ্টুডিঅ’ চাই আহিব পাৰিব”। মানুহজনে ক’লে।

আমেৰিকাত মানুহে চিটী বাছত কমেই উঠে। বহুতে চিটী বাছ আছে বুলি নাজানেই।

সাধাৰণতে দুখীয়া মানুহ বোৰেহে হেনো চিটী বাছত ভ্ৰমণ কৰে। সেইখন দেশত আমিও হয়তো দুখীয়াৰ শাৰীতে পৰোঁ।

মানুহজনে বাছৰ নম্বৰবোৰ দিলে। ইণ্টাৰনেটত নম্বৰবোৰ ঠিকে আছেনে চাই ল’লোঁ। ক’ৰ পৰা কেনেকৈ বাছ ধৰি ক’ত নামিব লাগিব, ক’ৰ পৰা বেলেগ বাছ ধৰিব লাগিব চাই ল’লোঁ।

পিছদিনা ৰাতিপুৱা খোজকাঢ়ি গৈ বাছ ষ্টেচন বিচাৰি উলিয়ালোঁ। বাছৰ নম্বৰবোৰ লিখি আনিছিলোঁ। একো সমস্যা নহ’ল। বাছবোৰত মানুহ কম। বেছিভাগ যাত্ৰীয়েই ক’লা বৰণৰ। সেই একেই উচ্চস্বৰে কথা পাতে, বেপৰোৱাকৈ হাঁহে। আমি অৱশ্যে আৰামত গৈ ইউনিভাৰ্চেল ষ্টুডিঅ’ পালোঁ।

ইউনিভাৰ্চেল ষ্টুডিঅ’ত দিনটো কটাই বাছতে উভতি আহিলোঁ। আহোঁতে মাজতে নামি ‘হলিউড ৱাক অফ ফেম’ চাই আহিলোঁ। আমাৰ অহা যোৱাত খৰছ হ’ল গাইপতি পাঁচ ডলাৰকৈ মুঠেই দহ ডলাৰ।

Thursday, November 26, 2015

ফ্ৰান্সৰ পুলিছ ষ্টেচনত এদিন


ভ্ৰমনলৈ গৈ বিদেশৰ পুলিছ ষ্টেছনত ভুমুকি মাৰিবলগীয়া হোৱাটো চাগেএক অবাঞ্চনীয় কথা। কিন্তু কেতিয়াবা একোটা পৰিস্থিতিয়ে তেনে বিৰল অভিজ্ঞতাৰো সুযোগ প্ৰদান কৰে।
২০১২ চনৰ মে’ মাহত দক্ষিণ ফ্ৰান্সৰ এখন উপকুলীয় চহৰ নিচত সপৰিয়ালে দুদিন আছিলোঁ। চহৰখনৰ নাম ইংৰাজীত Nice বুলি লিখে। কিন্তু উচ্চাৰণ কৰে নিচ বুলি। সাগৰৰ পাৰত শিলাময় পাৰেৰে এখন ধুনীয়া চহৰ।
ভ্ৰমণলৈ গলে টেক্সীত উঠি ফুৰিবলৈ যোৱাতকৈ খোজকাঢ়ি বা ৰাজহুৱা পৰিৱহন ব্যৱস্থাত ঘূৰি ফুৰিবলৈ বেছি ভাল পাওঁ। খৰছ কম হোৱাৰ লগতে সেই ঠাইৰ মানুহৰ বিষয়ে বহুতো কথা জানিব পৰা যায়। আমি নিচত সাগৰৰ পাৰে পাৰে বেপৰোৱা হৈ ঘূৰি ফুৰিছিলোঁ। এখন ৰাষ্টাৰে চলা ৰেলৰ দৰে কেইবাটাও ডবা থকা গাড়ীত উঠি চহৰখনৰ সৰ্বোচ্চ পাহাৰৰ চূড়ালৈ গৈছিলোঁ। পাহাৰৰ শিখৰৰ পৰা ৰ লাগি চাইছিলো ফ্ৰান্সৰ সমুদ্ৰ তীৰৰ সেই মনোমোহা চহৰ খনৰ সৌন্দৰ্য্য।
নিচৰ নিচেই ওচৰত আন এখন ধুনীয়া চহৰ ক্যাঁ (Cannes)ক্যাঁত প্ৰতিবছৰে বিশ্ব চলচিত্ৰ মহোত্সৱ অনুস্থিত হয়। এইখন মহোত্সৱত বিশ্ব চলচিত্ৰ উদ্যোগৰ বহুতো নামী দামী তাৰকা সমবেত হয়। ভাৰতৰ পৰা বলিউডৰ বহুতো শিল্পী ক্যাঁলৈ যায়।
আমি নিচত থাকোতে গম পালোঁ এসপ্তাহ পিচতে ক্যাঁত চলচিত্ৰ মহোত্সৱ অনুস্থিত হব। নিচৰ স্থানীয় বাতৰি কাকতত ভাৰতৰ তাৰকা ঐশ্বৰ্য ৰায়ৰ ফটো দেখা পালোঁ। আমাৰ বুজিবলৈ বাকী নাথাকিলযে ঐশ্বৰ্য ৰায় মহোত্সৱৰ বিশেষ আকৰ্ষণ। হোটেলৰ ৰিচেপচনত কথা পাতি জানিব পাৰিলোঁ ক্যাঁ নিচৰ পৰা মাথোন এঘণ্টাৰ বাট। চলচিত্ৰ মহোত্সৱৰ বাবে চহৰখন হেনো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমি আন পৰিকল্পনা বাদ সি এদিনৰ বাবে ক্যাঁলৈ যোৱাটো ঠিৰাং কৰিলোঁ। চলচিত্ৰ মহোত্সৱৰ সময়ত ক্যাঁ চহৰখনত থকাৰ সুযোগ হয়তো আৰু কেতিয়াও নাপাম। খবৰ কৰি জানিব পাৰিলোঁ ৰাজহুৱা বাছত গাইপতি মাত্ৰ এক ইউৰো ভাড়া দি আমি নিচৰ পৰা ক্যাঁলৈ যাব পাৰোঁ।
ক্যাঁলৈ যোৱা বাছ আস্থানলৈ যাবলৈ আমি ট্ৰাম এখনত উঠিলোঁ। মাত্ৰ দুটা ষ্টপেজ। পিচে ট্ৰামত যথেষ্ট ভীৰ। বহিবলৈ চীট খালি নাই। আটায়ে ওপৰৰ বাৰত ধৰি ঠিয় হলোঁ। লৰা ছোৱালী দুটিৰ হাতত ধৰি থাকিলোঁ।
"মোৰ বেগৰ ভিতৰত থকা পাৰ্চটো নাই", বাছ আস্থানত ট্ৰামৰ পৰা নামিয়েই প্ৰণীতাই চিঞৰি উঠিল,
বুকুখন কঁপি উঠিল। ফ্ৰান্সৰ পকেটমাৰৰ বহুত কাহিনী আগতে শুনিছোঁ। বেগটো চাই দেখিলোঁ বেগটোৰ চেইনডাল খোলা। ইফালে সিফালে চালোঁ নমাৰ সময়ত কৰবাত পৰিল নেকি? অলপ সময়ৰ ভিতৰতে বুজিবলৈ বাকী নাথাকিলযে আমিও ফ্ৰান্সৰ পকেটমাৰ চিকাৰ হলোঁ। পাৰ্চটোত প্ৰণীতাৰ পৰিচয় পত্ৰ, ঘৰৰ চাবিকোঁচা, কেইবিধমান দৰৱ আৰু কিছু ভাৰতীয় টকা আছিল। ভাগ্য ভাল আছিল তাত আমাৰ টিকট, পাচপোৰ্ট বা লাগতিয়াল ইউৰো মুদ্ৰাখিনি নাছিল।
হঠাতে তেনেদৰে পাৰ্চটো হেৰুৱাই আমাৰ আটাইৰে মন বেয়া লাগিল। ক্যাঁলৈ যোৱাৰ পৰিকল্পনা বাদ দি হোটেললৈ ঘূৰি আহিলোঁ।
আমাৰ ঘটনাটোৰ বিষয়ে জানিব পাৰি হোটেলৰ ৰিচেপচনত থকা মানুহজনে জোৰ দি ধৰিলে যে আমি পুলিচ ষ্টেচনলৈ গৈ এটা ৰিপোৰ্ট দিব লাগে। এনেদৰে সমূহীয়া পৰিবহন ব্যৱস্থাত বস্তু চুৰি হলে বা পকেট মাৰিলে ফ্ৰান্সৰ পুলিচক জনোৱাটো এটা নিয়ম। ভাগ্য ভাল থাকিলে আমি হেৰোৱা বস্তু পায়ো যাব পাৰো।
প্ৰণীতাৰ মনটো ভাঙি পৰিছিল। "বাদ দিয়া, কি হ'ব বিদেশত পুলিছৰ ওচৰলৈ গৈ। মোৰ যাবলৈ মন নাই"। পুলিছৰ ওচৰলৈ যাবলৈ তেওঁৰ সমূলি মন নাই।
"নহয় বুজিছা, চেষ্টা এটা কৰি চাওঁ। কি ঠিক আমি হেৰোৱা বস্তুটো কিজানি বিচাৰি পাৱেঁই"। মই আশ্বাস দিলোঁ।
মই মোৰ লৰাটোক লগত লৈ ওলালোঁ পুলিচ ষ্টেচন বিচাৰি। ফ্ৰান্সত ঠাই বিচৰাটো ইমান সহজ নহয়।
বেচিভাগ মানুহে ইংৰাজী নাজানে বা জানিলেও সহায় কৰিব নিবিচাৰে। সোধা পোচা কৰি খোজকাঢ়ি ওলালোগৈ স্থানীয় পুলিচ ষ্টেচনত।
প্ৰথমতে সেই ঘৰটো পুলিছ ষ্টেছন বুলি বিশ্বাস কৰিবলৈ টান লাগিল। আবাসিক এলেকাৰ মাজত এটা সুদৃশ্য ঘৰত বাহিৰত উৰি থকা পতাকা কেইখনৰ পৰা বুজিব পাৰি যে সেয়া ফ্ৰান্সৰ চৰকাৰী কাৰ্যালয়।
"মই এটা ৰিপোৰ্ট দিবলৈ আহিছোঁ। এটা পাৰ্চ হেৰাইছে", আদৰণি কক্ষত থকা পুলিছ এজনক ক'লোঁ। মই ইংৰাজী কোৱা কাৰণে তেওঁ মোলৈ পেন্দোৱাকৈ চাই অলপ অপেক্ষা কৰিবলৈ ইংগিত দিলে। বুজিলোঁ তেওঁ ইংৰাজী নাজানে বাবে ইংৰাজী জনা অফিচাৰ এজন অহালৈ আমি অপেক্ষা কৰিব লাগিব। ফৰাচী পুলিচ ষ্টেচনৰ ৰেহ ৰূপ চাই চকী এখনত বহি থাকিলোঁ।
পুলিচ ষ্টেচনটো কোনোবা হোটেলৰ লবীৰ দৰেই লাগিল। পুলিছ ষ্টেচনত হোটেলৰ দৰে এটা আদৰণি কক্ষ থাকে। প্ৰথমতে গৈ আদৰণি কক্ষত উপস্থিত থকা সকলক নিজৰ সমস্যাৰ কথা জনাব লাগে। তেওঁলোকে পিছত কি কৰিব লাগিব তাৰ বিধান দিয়ে।
আমাক ভিতৰৰ কোঠা এটালৈ যাবলৈ দিলে। দেখিলোঁ সেই কোঠাটোত এজন অফিচাৰে সজাই থোৱা চোফাত বহি আন এজন মানুহৰ লগত কথা পাতি আছে। তেওঁ আমাক কোঠাটোত থকা আন চকীত বহিবলৈ দিলে। আমি বুজিলোঁ তেওঁ মানুহৰ সমস্যাৰ বিষয়ে সবিশেষ লয় আৰু কথাখিনি কাগজত লিখি লয়। তেওঁলোকে ফৰাছী ভাষাত পতা কথা আমি বুজি নাপালোঁ।
কিছু সময় অপেক্ষা কৰাৰ পিছত ইংৰাজী জনা অফিচাৰ জন আহিল। তেওঁ আমাক কম্পিঊটাৰ এটাৰ ওচৰলৈ লৈ গল। কম্পিউটাৰত ইংৰাজী, ফৰাচী, ইটালিয়ান, জাৰ্মান আদি ইউৰোপত প্ৰচলিত প্ৰায় সকলো ভাষা থকা সূচী পত্ৰ (Menu) এখন ওলাই থাকে। তাৰ পৰা ইংৰাজী ভাষা বাচি লৈ স্বয়ংক্ৰিয় ভাৱে ওলাই থকা প্ৰশ্ন কিছুমানৰ উত্তৰ কৰিবলৈ দিলে। প্ৰশ্নবোৰৰ উত্তৰত আমাৰ পৰিচয় আৰু ঠিকনাৰ সবিশেষ দিয়াৰ উপৰিও গোটেই ঘটনাটোৰ আদ্যোপান্ত বিৱৰণ দিবলগীয়া হল। মূল্যবান বস্তু কি কি আছিল, প্ৰত্যেকৰে দাম কিমান লিখিবলগীয়া হ'ল। হেৰোৱা বস্তু কেইপদৰ আনুমানিক মূল্য ইউৰোৰ হিচাপত উলিয়াই দিবলগীয়া হ'ল। উত্তৰ কৰিবলৈ প্ৰায় আধা ঘণ্টা মান সময় লাগিল।
সেইখিনি কাম হৈ যোৱাৰ পিচত অফিচাৰ জনে মই কম্পিউটাৰত লিখা কথাখিনিৰ এটা প্ৰিণ্ট লৈ আহিল। তাৰ পিচত তেওঁ আমাক চোফাত বহিবলৈ দিলে। গোটেই ঘটনাটোৰ কথা  আকৌ বৰ্ণনা কৰিবলৈ তেওঁ অনুৰোধ কৰিলে। আমি কম্পিউটাৰত দিয়া কথাখিনিৰ লগত মূখেৰে কোৱা কথাখিনিৰ মিল আছেনে নাই তেওঁ পৰীক্ষা কৰি গ’ল। এয়া হয়তো অভিযোগৰ সঁচা মিছা নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকৰ অনুসন্ধান প্ৰক্ৰিয়াৰ এটা অংশ।
সমগ্ৰ প্ৰক্ৰিয়াটোত আৰু আধা ঘণ্টা মান সময় লাগিল। তাৰ পিচত গোটেই কথাখিনি সাঙুৰি তেওঁ কম্পিউটাৰত বহি ৰিপোৰ্ট এটা বনাই প্ৰিণ্ট কৰি আনিলে। মই যথা স্থানত চহী কৰিবলগীয়া হল। ৰিপোৰ্টৰ এটা কপি ভাৰতত মই থকা ঠাইৰ পুলিচ ষ্টেচনত জমা দিবলৈ কলে। আমি পিচদিনাই নিচৰ পৰা উভতিম বুলি জানিব পাৰু তেওঁ আশ্বাস দিলে যে দুই এদিনতে তেওঁলোকে অপৰাধীক বিচাৰি উলিয়াব আৰু বিচাৰি পালেই আমাৰ ভাৰতত থকা পুলিচ ষ্টেচনৰ জৰিয়তে আমাক খবৰ দিব।
পুলিচ ষ্টেচনৰ পৰা আহোঁতে ফাৰ্মাচীত সোমাই পাৰ্চটোৰ লগত হেৰোৱা অত্যাৱশ্যকীয় দৰৱ দুটামান বিচাৰিলোঁ। একে কম্পজিচন থকা দৰৱ আমাৰ দেশৰ মুদ্ৰাৰ তুলনাত প্ৰায় পঞ্চাশ গুণ দাম দি কিনিবলগীয়া হল।
ফ্ৰান্সৰ পুলিছে পাৰ্চটো বিচাৰি পালেনে নাই, পকেটমাৰ জনক ধৰিব পাৰিলেনে নাই সেই খবৰ আজিলৈকে নাপালোঁ। আমাৰ স্থানীয় পুলিছ ষ্টেচনত ফ্ৰান্সৰ পুলিছ ষ্টেচনত দিয়া ৰিপোৰ্টটো দেখুৱাইছিলোঁ। পিছে তেওঁলোকে ধৰিবই নোৱাৰিলে সেই ৰিপোৰ্টটোৰে কৰিব কি?


নিউ জাৰ্চিৰ শক্তিমান


নিউ জাৰ্চি চহৰ। মোৰ কলেজীয়া বন্ধু প্ৰবীণৰ ঘৰলৈ আহিছোঁ। ইমান দিনৰ মূৰত মোক লগ পাই তাৰ স্ফূৰ্তিৰ অন্ত নাই। ঘৈণীয়েক লীণাৰ আগত পুৰণি কথাবোৰ উলিয়াইছে, “হোষ্টেলত থাকোঁতে জানানে, ইয়াৰ মাজতে বডী বিল্ডিং কৰাৰ চখ হৈছিল”।

“বডী বিল্ডিং”? লীণাই আচৰিত হৈ মোলৈ চালে। তাই হয়তো মোলৈ চাই মনে মনে ভাবিলে এইটো কোনোপধ্যে বডী বিল্ডিং কৰা চেহেৰা হবই নোৱাৰে।

“ই সদায় সন্ধিয়া সন্ধিয়া জিমলৈ গৈ লোহা ডাঙিছিল”। প্ৰবীণক আজি আৰু ৰখাব নোৱাৰি।

“আৰু ৰাতি হোষ্টেলত দকচি খাইছিল”।

লীণা আৰু প্ৰবীণৰ হাঁহিৰ কলৰৱ উঠিল। ই সকলো কথা গোমৰ ফাঁক কৰে বুলি মই ভয়েই খাই গৈছিলোঁ।

“আৰু ইয়াৰ বডী বিল্ডিং ইমানেই ফেমাছ হৈছিল যে ইয়াক আমি বডী বুলি মাতিছিলোঁ”।

মই হাঁহিত যোগ দিয়াৰ বাহিৰে অন্য উপায় নাছিল। প্ৰবীণে মোক এতিয়াও বডী বুলিয়েই মাতেসেই কথা লীণায়ো জানে।

প্ৰবীণে মোক তাৰ গাড়ীত ফুৰাবলৈ লৈ গ’ল।

“ব’ল বডী, মই তোক আজি নিউ জাৰ্চিৰ বডী বিল্ডিং ক্লাব দেখুৱাম”

গাড়ীত গৈ থাকোঁতে এঠাইত দেখিলোঁ ৰাষ্টাটো বেয়া। মাজে মাজে খলা বমা আছে। কাষেৰে আন এটা ৰাষ্টা বনাই আছে। ডাঙৰ ডাঙৰ মেচিন আৰু মানুহ ব্যস্ত হৈ আছে।

“মূল পথটো বনাই আছে। আমি সেইকাৰণে বাইপাছেদি আহিছোঁ। এইখিনিতে ৰাষ্টাটো অলপ বেয়া। বডী, এইখিনিত তোৰ ইণ্ডিয়া যেন লগা নাইনে”?

লাগিছে। পিছে আমাৰ তাত ৰাষ্টা ইয়াতকৈও বেয়া। দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ ৰাষ্টা ভাল কৰোঁতে তিনি বছৰ মান লাগিছিল। মই মনতে ভাবি ভাবি গৈ থাকিলোঁ।

“কিমান দীঘল ৰাষ্টা বনাই আছে”? প্ৰবীণলৈ চাই সুধিলোঁ।

“দহ মাইল মান হ’ব”।

কেতিয়াৰ পৰা বনাইছে”?

“যোৱাকালিৰ পৰা আৰম্ভ কৰিছে”।

মই ভাবিলোঁ দহ মাইল ৰাষ্টা বনোৱাতো ধেমালি কথা নহয়। হয়তো আৰু দুমাহমান প্ৰবীণ হঁতে এই বেয়া ৰাষ্টাৰে অহা যোৱা কৰিব লাগিব।

“ৰাষ্টাটো বনাবলৈ কিমান দিন লাগিব”? এনেয়ে সুধি দিলোঁ।

সি যিটো উত্তৰ দিলে মই কিছুপৰ হতবাক হৈ তাৰ পিনে চাই থাকিলোঁ।

“কাইলৈ আবেলি মানে ৰাষ্টাটোৰে গাড়ী চলিব পৰা হ’ব। পৰহিলৈ তোক ড্ৰপ কৰিবলৈ আমি নতুন ৰাষ্টাটোৰে এয়াৰপোৰ্টলৈ যাম”।

“তহঁতৰ ইয়াত মেন থাকেনে হি মেন থাকে? শক্তিমান টাইপ কিবা আছে নেকি? ইমান ফটাফট কেনেকৈ কাম কৰে”? ধেমালি কৰি সুধিলোঁ।


“ইয়াত বডী বিল্ডিং ক্লাৱ এনেয়ে আছে বুলি ভাবিছ নেকি”? প্ৰবীণে ঢেকঢেককৈ হাঁহিলে।

আজি খেলা শেষ


বিমানত মই আৰু প্ৰণীতা লাছ ভেগাছৰ পৰা ডেট্ৰ'ইট অভিমুখে গৈ আছোঁ। ডেট্ৰ'ইটত কৃষাণু দা হঁতৰ ঘৰত আলহী হোৱাৰ কথা। উৰা মৰাৰ আগতে প্ৰণীতাই প্ৰিয়ংকাৰ লগত কথা পাতিছে। দুয়ো আহিব এয়াৰপোৰ্টলৈ আমাক আদৰণি জনাবলৈ।

ডেট্ৰ'ইট পাওঁ পাওঁ হৈছে। বিমানখনৰ উচ্চতা কমিছে। খিৰিকীৰে কেৱল বগা বগা বৰফ দেখিছোঁ। মাৰ্চৰ প্ৰথম সপ্তাহতো চহৰখন বৰফৰ চাদৰে আৱৰি ৰাখিছে।

বিমানখন অৱতৰণ কৰি ৰাণ-ৱে'ত দৌৰিবলৈ ধৰিলে। কিছু আগবঢ়াৰ পিছতে ব্ৰেক মাৰি এটা প্ৰচণ্ড জোকাৰণিৰে বিমানখন ৰৈ গ'ল। ছীট বেল্ট নথকা হ'লে উফৰি পৰিলোঁহেতেন।

এইদৰে ৰাণ ৱে'ৰ মাজতে বিমানখন ৰৈ যোৱা বাবে সকলো চিন্তিত হ'ল।

"এটা বিশেষ কাৰণত আমি ৰৈ দিবলগীয়া হৈছে, যাত্ৰী সকলে ধৈৰ্য ধৰি বহি থাকক", পাইলটে ঘোষণা কৰিলে।

আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি আচৰিত কথা নহয়। যাত্ৰীসকলে কোৱা কুই কৰিলে, হয়তো তেনেকুৱা এটা ঘটনাই হ'ব পাৰে। বাৰে বাৰে ওচামা বিন লাডেনৰ মুখ খন মনলৈ আহিবলৈ ধৰিলে।

বিমান পৰিচাৰিকা গৰাকীয়ে বিপদৰ সময়ত বিমানৰ পৰা ওলাই যাবলৈ কি কি কৰিব লাগিব, আকৌ  ক'বলৈ ধৰিলে। অলপ সময়ৰ পিছতে সমুখৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে। প্ৰণীতাক ক'লোঁ, "আজি খেলা শেষ যেন পাইছোঁ। ভগবানৰ নাম লোৱা"।

অলপ সময়ৰ ভিতৰতে বিমানখন চাৰিওপিনৰ পৰা ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে আগচি ধৰিলে। বিমানৰ বাহিৰত সেনাৰ পোচাক পিন্ধা লোক, কাৰিকৰী লোক আদিৰ ব্যস্ততা দেখা গ'ল।

পাইলটে কৈ থাকিল, "বিলম্বৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কিছু সময় ধৈৰ্য ধৰক"। ধৈৰ্য নহয়, আমি ভয়তে পেপুৱা লাগিহে বহি থাকিলোঁ।

কিছুমান মানুত বিমানৰ ডেউকাৰ তলত সোমাল, কিছুমানে সমুখ ভাগত কিবা কিবি কৰিলে। পেঁ  পেঁ কৈ চাইৰেণ বজাই গাড়ীবোৰ অহাযোৱা কৰিবলৈ ধৰিলে। শ্বাস ৰুদ্ধকৰ মুহূৰ্ত কেইটামান অতিবাহিত হ'ল।

কিছু সময় পিচত বিমান সুৰক্ষা বাহিনীৰ লোকে বিমানত প্ৰৱেশ কৰিলে।

"চিন্তা নকৰিব। ককপিটৰ পৰা ধোঁৱা ওলোৱা বন্ধ হৈছে। আমি বুজিব পাৰিছোঁ যে সেয়া কাৰিকৰী বিজুতিহে আছিল", পাইলটে ঘোষণা কৰিলে। আমাৰ মুখত পানী আহিল। অলপ সময় পিছতে বিমানখন চলিবলৈ ধৰিলে।

বিমানকোঠত নমাৰ পিছতো আমাৰ লাগেজবোৰ নমাবলৈ বহুত সময় ল'লে। প্ৰতিটো লাগেজ আকৌ পৰীক্ষা কৰিলে। লাগেজ কেইটা নোপোৱালৈ টেনচনত থাকিলোঁ।

কৃষাণু দাহঁত বহুসময় অপেক্ষা কৰি আছিল। তেওঁলোকক লগ পাইহে নতুন জীৱন পোৱা যেন লাগিল।

"আজি খেলা শেষ বুলিয়েই ভাবিছিলোঁ", কৃষাণু দাক ক'লোঁ।


"তেওঁলোকে ককপিটৰ ধোঁৱা ওলোৱা দেখি টেৰ'ৰিষ্ট এটেক বুলি ভাবিলে। তেনে ঘটনা হ'লে তেওঁলোকে সুৰক্ষাৰ অনুশীলনো কৰে। এনেকুৱা খেলা আমেৰিকাত চলিয়েই থাকে"। কৃষাণু দাই ক'লে।

খৰছী চহৰৰ হোটেল


পেৰিছ চহৰ। জাৰ্মানীৰ ফ্ৰেংকফৰ্ট চহৰৰ পৰা দুৰন্ত বেগী ইউৰো ষ্টাৰ ৰেলেৰে আহি পেৰিছৰ গ্যেৰ দ্য নৰ্ড ৰেল ষ্টেছনত সন্ধিয়া সময়ত সপত্নীক উপস্থিত হলোঁ। এখন নতুন চহৰ। ভাষা অচিনাকী।

ৰেলৰ পৰা নামি আমাৰ বেগ কেইটা কঢ়িওৱাটো এটা সমস্যা হৈ পৰিল। আমাৰ দেশৰ দৰে কুলী পাবলৈ নাই। ট্ৰলীও দেখা নাই। চকা নথকা বেগ কেইটা চকা থকা কেইটাৰ ওপৰত বহুৱাই কোনোমতে প্লেটফৰ্মৰ পৰা লাহে লাহে ওলাই অহিলোঁ।

প্ৰি পেইড টেক্সীৰ খবৰ কৰা”, প্ৰণীতাই কলে। অফিছ এটা দেখি সোমাই গলোঁ। কাউণ্টাৰত কলা ছালৰ আফ্ৰিকান মানুহ এজন দেখি আশা কৰিলোঁ, তেওঁ হয়তো ইংৰাজী বুজিব। পেৰিছত বাটে ঘাটে ইংৰাজী জনা মানুহ পাবলৈ মস্কিল।

মানুহজনক টেক্সীৰ কথা সুধিলোঁ। তেওঁ ফৰাছী ভাষাত কিবা কিবি কলে। ইংৰাজী নুবুজে। তেওঁ বাৰে বাৰে ছৰ্টি, ছৰ্টিবুলি কৈ ফলক এখনৰ পিনে আঙুলিয়াই দিলে। ফলক খনত কাড় চিনেৰে সৈতে ইংৰাজী বৰ্নমালাত SORTIE বুলি লিখা আছে। বুজিলোঁ সেয়া বাহিৰলৈ যোৱা পথ। SORTIE মানে ইংৰাজীৰ EXITতেওঁৰ কথা আৰু অংগী ভংগীৰ পৰা বুজিলোঁ, বাহিৰলৈ ওলালে আমি টেক্সী পাম।

ফলকত দিয়া কাড় চিন চাই চাই ষ্টেচনৰ বাহিৰ পালোঁগৈ। আমাৰ ইয়াৰ ৰেল ষ্টেচনৰ দৰে হায় উৰুমি নাই। দেখিলোঁ আমাৰ দৰে বহুত মানুহ টেক্সীৰ বাবে ঠিয় হৈ আছে। এখন এখনকৈ টেক্সী আহিছে, মানুহ উঠাইছে আৰু গৈছে। বুজিলোঁ সেই ঠাইত থিয় হৈ থাকিলে আমিও টেক্সী এখন পাম।

মন কৰিলোঁ টেক্সীবোৰে আমাৰ ওচৰত নৰয়। ভাবিলোঁ আমাৰ গাৰ বৰণ দেখি বা বিদেশী বুলি ভাবি এনে কৰিছে নেকি? ডাঙৰ চহৰৰ কথা। আও ভাও একো পোৱাই নাই।

অলপ সময় আন মানুহৰ ৰেহ ৰূপ চাই বুজিলোঁ যে টেক্সীবোৰক আমাৰ দেশত ৰখোৱাৰ দৰে হাত ডাঙি দিলেহে ওচৰত ৰয়। হাঁহি মাৰি প্ৰণীতাক ক'লোঁ, "ডাঙৰ চহৰ হ'লেও কথাবোৰ ইয়াতো একেই বুজিছা।  হাত ডাঙি দিলে টেক্সী ৰাখি দিয়ে"।

এখনৰ পিছত এখনকৈ টেক্সী হাত দাঙি ৰখাইছোঁ। কিন্তু এজন চালকেও আমাক নুঠায়। আমাৰ বেগ কেইটালৈ দেখুৱাই নিজৰ ভাষাত কিবা কিবি কয় আৰু আঁতৰি যায়। বুজি পালোঁ আমাৰ বেগ কেইটা ডাঙৰ দেখি সৰু সৰু গাড়ীবোৰত আমাক উঠাব নিবিচাৰে। আমি ইজনে সিজনৰ পিনে চাই ৰৈ থাকিলোঁ।

আমাৰ লগত গাড়ীৰ বাবে ৰৈ থকা মানুহবোৰ গৈ গৈ নাইকীয়া হল। হয়তো আমি অকলে ৰৈ থকা দেখি এখন গাড়ী আগবাঢ়ি আহিল। চালকজনে নামি আহি ভঙা ভঙা ইংৰাজীত কলে যে তেওঁ আমাক নিব, কিন্তু বেগ কেইটাৰ বাবে অতিৰিক্ত ভাড়া দিব লাগিব। উপায় নাপাই তেওঁৰ প্ৰস্তাৱত মান্তি হলোঁ।

পেৰিছৰ সৰু সৰু ৰাষ্টাৰে গাড়ী আগবাঢ়িল। মাজে মাজে সৰু সৰু গলিৰে যোৱা যেনেই লাগিল। চালক জনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। দেখাত চাইনীজ যেন লগা চালকজন ভিয়েটনামী। অলপ অচৰপ ইংৰাজী বুজি পায়। ইমানবোৰ লাগেজ লৈ ভ্ৰমণ কৰাৰ বাবে তেও আমাক ককৰ্থনা কৰিলে।

এনেদৰে গৈ গৈ এসময়ত আমাৰ আগতে বুক কৰি থোৱা নিৰ্দিষ্ট হোটেলখন পালোঁ। এটা সৰু ৰাষ্টাত থকা এখন সৰু হোটেল। ইণ্টাৰনেটত বিচাৰি বিচাৰি আটাইতকৈ সস্তা দামত এইখন হোটেল পাইছিলোঁ। পেৰিছ পৃথিৱীৰ এখন খৰছী চহৰ। হোটেলৰ কোঠাৰ বৰ দাম।

হোটেলখনত দুৱাৰমুখতে এটা সৰু লবী। এজনী হাঁহিমুখীয়া ছোৱালীয়ে আমাক সম্ভাষণ জনালে আৰু আমাৰ পাছপৰ্ট আৰু বুকিঙৰ কাগজ পত্ৰ পৰীক্ষা কৰি আমাৰ চতুৰ্থ মহলাত থকা কোঠাটোত সোমাব পৰা কাৰ্ড এখন দিলে। ছোৱালীজনীৰ নাম জেনিফাৰ।

ওপৰলৈ যাবলৈ এখন মাত্ৰ লিফট। লিফ্টখনত সোমাই আচৰিত হলোঁ। সেইখন পৃথিৱীৰ আটাইতকৈ সৰু লিফ্ট যেন লাগিল। এজন মাথোন মানুহ কোনোমতে লিফ্ট খনত সোমাব পাৰে। আমাৰ ইমানবোৰ বস্তু বাহানি কেনেদৰে ওপৰলৈ নিম ভাবি নাপালোঁ। ৰিচেপচনত থকা জেনিফাৰে আমাক বুদ্ধিটো দিলে।

মই প্ৰথমতে লিফ্টেৰে ওপৰ পালোঁগৈ। তাৰ পিছত প্ৰণীতাই এটা এটাকৈ বেগ ওপৰলৈ পঠিয়াই থাকিল। এটা বেগ নমাই মই খালি লিফ্টখন তললৈ পঠিয়াই দিওঁ, তাই আন এটা বেগ পঠিয়াই দিয়ে। এইদৰে আমাৰ চাৰিটা বেগ অহাৰ পিছত শেষৰ বাৰত প্ৰণীতা উঠি আহিল।

আমাৰ সস্তা দামত পোৱা কোঠটোত সোমাই হাঁহি উঠিল। তেনেই সৰু কোঠা। দুজনে শুব পৰা বিচনাখনে প্ৰায় সমগ্ৰ কোঠাটো আগুৰি আছে। আমাৰ বেগ কেইটা সুমুৱাই দিয়াৰ পিছত একেবাৰে ঠাই নাইকীয়া হল। কোঠাটোৰ এমূৰে থকা বাথৰূমটোলৈ যাবলৈ বেগৰ ওপৰেৰে জপিয়াই যাব লগীয়া হল।

ইণ্টাৰনেটত ফটো চাই বুক কৰাৰ সময়ত কোঠাটো ইমান সৰু হব পাৰে বুলি ধাৰণাই কৰিব নোৱাৰিলোঁ। প্ৰণীতাক কলোঁ, “আমাক ঠগিলে বুজিছা। ৪৫ ইউৰো লৈ আমাক ইমান সৰু কোঠা এটা দিছে

তেনেকুৱা যদি হৈছে কমপ্লেইন কৰা। এইবোৰ ডাঙৰ দেশতো মানুহক ঠগেনে”? তাইৰো খং উঠিল।

কমপ্লেইন কৰোঁ বুলি আকৌ অকণমান লিফ্ট খনেৰে তল পালোগৈ। জেনিফাৰক কলোঁ, “৪৫ ইউৰো ভাড়া দিছোঁ, কিন্তু আমাক ইমান সৰু কোঠালি এটা দিছে। কোঠাটো সলাই দিয়ক

তাই হাঁহি মাৰি কলে, “আপোনালোকৰ অসুবিধা হৈছে যদি আন হোটেললৈ যাব পাৰে। আমাৰ আন কোঠা খালি নাই

মোৰ খং উঠিল। মই এই কোঠাটোৰ বাবে ৪৫ ইউৰো দি থৈছোঁ। কিয় ওলাই যাম”?

আপোনাৰ পইছা ঘূৰাই দিম। কাৰণ এই কোঠাটোৰ বাবে আমি আজি ৬৫ ইউৰো পাম। আজি পেৰিছৰ হোটেলত কোঠা খালি নায়েই। আপুনি আগতিয়াকৈ বুক কৰা বাবেহে ৪৫ ইউৰোত পাইছে


শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিলোঁ। প্ৰণীতাক ক'লোঁ, "আমি ঠগ খোৱা নাই বুজিছা, খৰছী চহৰৰ হোটেল বোলে এনেকুৱাই"।

মুম্বাইৰ মাৱালি


২০০১ চনৰ কথা। মুম্বাই চহৰ। কলিকতাৰ পৰা সপত্নীক ৰেলেৰে গৈ ৰাতি দহমান বজাত মুম্বাই পাইছোঁ। ৰেলৰ ডবাত সহযাত্ৰী এজনৰ মুখত শুনিলোঁ, মুম্বাইত ৰাতি মাৱালিৰ পৰা সাৱধানে থাকিব লাগে। মাৱালি মনে আমাৰ ভাষাত ক’বলৈ হ’লে ‘লোকেল গুণ্ডা’।
মুম্বাইত আমাৰ গন্তব্য স্থল হল জুহুত থকা আমাৰ কোম্পানীৰ গেষ্ট হাউছ। দাদৰ ষ্টেচনত নামিলে জুহুলৈ বাট চমু হয় বুলি সহযাত্ৰীজনৰ পৰা গম পাই আমি দাদৰতে নামি দিলোঁ।
ষ্টেচনৰ প্লেটফৰ্মত টেক্সীৱালাৰ ভিৰ। টেক্সীত যাত্ৰী উঠাবলৈ খদমদম লগাই আছে। কপালত তিলক লগোৱা ধাৰ্মিক যেন চেহেৰাৰ পাহোৱাল ডেকা এজনে ওচৰ চাপি সুধিলে, “ক’লৈ যাব”?
“জুহু”।
জুহুলৈ যাম বুলি কবলৈহে পালোঁ তেওঁ এনেখন কৰিলে যেন আমি জুহুত তেওঁৰ ঘৰলৈকে যাবলৈ ওলাইছোঁ।
জুহুতেই মোৰ ঘৰ। মোৰ খন জুহুৰ লোকেল টেক্সী। এই ৰাতিখন জুহুত বাহিৰৰ টেক্সী গলে পুলিছে বৰ ঝামেলা কৰে। মোৰ টেক্সীত কোনো অসুবিধা নাপায়। জুহুত আপোনাৰ কোম্পানীৰ গেষ্ট হাউচলৈ আমি পেছেঞ্জাৰ নিয়েই থাকোঁগেষ্ট হাউছৰ পেছেঞ্জাৰ ময়েই অনা নিয়া কৰোঁ এনেদৰে নানান চলাহী কথাৰে মানুহজনে আমাক তেওঁৰ টেক্সীত বহিবলৈ বাধ্য কৰালে। আমাৰ বস্তু বাহানিবোৰ গাড়ীৰ ডিকিত সুমুৱাই আমি দুয়ো পিচপিনৰ চীটত বহিলোঁ।
টেক্সীখনৰ সমুখৰ আসনত চালকৰ লগত দঢ়ীয়া মানুহ এজন বহা দেখি মই আপত্তি কৰিলোঁ।
চিন্তা নকৰিব চাহাব। এইজন মোৰ ভাই হয়। ৰাতি মুম্বাইত অকলে গাড়ী চলাবলৈ ভয়।  মাৱালিবোৰে কেতিয়াবা গাড়ী ৰখাই সকলো লুটি লৈ যায়। সেই কাৰণে ইয়াকো লৈ আহোঁ
আমি ভাবিলোঁ, আমাৰ ভাগ্য ভাল যে, গাড়ীত দুজনকৈ পাহোৱাল ডেকা আছে। মাৱালিবোৰে আমাক লুটিবলৈ সাহস কৰিব নোৱাৰিব।
গাড়ী আগবাঢ়িল। চালক আৰু তেওঁৰ ভায়েকে সৰু সৰু মাতেৰে মাৰাঠী ভাষাত কিবা কথা বতৰা পাতি থাকিল।
কিছুদুৰ যোৱাৰ পিছত হঠাতে গাড়ীখন ৰৈ গল। চাহাব, গাড়ীখন বেয়া হল। আৰু আগলৈ নাযায়। আপোনালোক ইয়াতেই নামি যাওক
কি কোৱাহে? এই ৰাতিখন কৰ মাজ ৰাষ্টাত আমাক নমাবলৈ আহিছা”? মই খঙেৰে কলোঁ।
হঠাতে চালকজনৰ কথাৰ সুৰ সলনি হল। নামিবলৈ কৈছোঁ নামি যাওক। তৰ্ক নকৰিব। পইছা দিয়ক আৰু ফুটক ইয়াৰ পৰা
গাড়ী চালক জনৰ ষ্পৰ্ধা দেখি খং উঠি আহিল। শ্ৰীমতীয়ে হাতত ধৰি শান্ত হবলৈ কলে।
লা নামি যাওঁ। মানুহটো ভাল নহয়। কথাৰ সুৰ দেখিছা ! তুমি কাজিয়া নকৰিবা
বস্তুবোৰ উলিয়াই দিয়া। আৰু কিমান পইচা হৈছে কোৱা আমি দুয়ো নামি আহিলোঁ।
তিনিশ টকা ডিকিৰ ঢাকোন খুলি চালক জনে কলে।
কি কোৱাহেতোমাৰ মিটাৰত দেখুৱাই আছে এশ টকাই হোৱা নাই। তিনিশ টকা কেনেকৈ হলহে”? মই উভতি ধৰিলোঁ।
ৰাতি তিনিগুণ ভাড়া হয়। চুপ চাপ টকা দিয়ক  তাৰ মাতটো কৰ্কশ হৈ গ’ল।
শ্ৰীমতীয়ে কলে, “কাজিয়া নকৰিবা। দি দিয়া। যি বিচাৰিছে দি দিয়া। মানুহটো ভাল নহয়
পইচাৰ বেগৰ পৰা পাঁচশ টকাৰ নোট এখন উলিয়াই চালক জনৰ লগত বহি দঢ়ীয়া মানুহ জনৰ হাতত দি কলোঁ দুশ টকা ঘূৰাই দিয়া সি নোটখন হাতত লৈ মুহূৰ্তৰ ভিতৰতে দহটকীয়া এখন দেখুৱাই কলে, “এয়া কি পইছা দিছে? দহটকীয়া দিলে যে? তিনিশ টকা দিয়ক
চকুৰ পচাৰতে কি কিটিপত নোটখন সলনি হৈ গল ধৰিবই নোৱাৰিলোঁ। হেৰা মোক ঠগিবলৈ আহিছা নেকি? মই ভালদৰে চাই পাঁচশ টকীয়া এখন দিছোঁ। নতুন মানুহ দেখি গুণ্ডামি কৰিবলৈ আহিছা। মই পুলিছক মাতিম মই চিঞৰিলোঁ।
নিচিঞৰিবি। পুলিচৰ কথা কৈ ভয় দেখুৱাবলৈ আহিছ। ৰাষ্টাত লাচ বনাই পেলাই থৈ যাম, চিনি পোৱা নাই দঢ়ীয়া জন দুৱাৰ খুলি ওলাই আহি ধমকি দিলে।
দি দিয়া। দি দিয়া। যি বিচাৰিছে দি দিয়া। মানুহটো ভাল নহয় শ্ৰীমতীয়ে ভয়ত চিত্কাৰ কৰি উঠিল। উপায় নাপাই এইবাৰ এখন এখনকৈ সন্মুখত গণি তিনিখন এশ টকীয়া নোট মানুহজনৰ হাতত দিলোঁ।
দঢ়ীয়াই ধামকৈ শব্দ কৰি দৰ্জা খন বন্ধ কৰিলে আৰু চালকজনে গাড়ীখন ষ্টাৰ্ট কৰি তীব্ৰ বেগত গুচি গল। গাড়ী বেয়া হোৱাৰ নাটকখন শেষ হল।
ৰাম ঠগন খাই বস্তু বাহানি লৈ মাজৰাতি মুম্বাইৰ ৰাজপথৰ দাঁতিত কিছু সময় থিয় হৈ থাকিলোঁ। কত আছোঁ ধৰিব নোৱাৰিলোঁ। মন কৰিলোঁ ঠাই ডোখৰ আওহতীয়া। ষ্ট্ৰীট লাইট জ্বলা নাই বাবে ঠাইটুকুৰা  আন্ধাৰ। এই আন্ধাৰৰ সুযোগত আমাক ঠগিলে।  
গাড়ীবোৰ বেগেৰে অহা য়োৱা কৰি আছে। আকৌ টেক্সী ৰখাবলৈ ভয় লাগিল।
উপায় নাপাই অট এখন ধৰি কোনোমতে গেষ্ট হাউছ পালোহি। বাটত আমাৰ পৰিস্থিতিৰ কথা জানিব পাৰি অট চালক জনে কলে, “আপোনালোকক মুম্বাইৰ মাৱালিয়ে পালে। ভাগ্য ভাল, বস্তু বাহানি খিনি নিনিলে। কেতিয়াবা নতুন মানুহ পালে এই মাৱালিবোৰে সকলো লুটি পুটি লৈ যায়




ৰঙা পোহৰৰ বজাৰ



আমষ্টাৰডাম চহৰ। হলেণ্ডৰ ৰাজধানী। বৰ ধুনীয়া চহৰখন। বাৰ্লিনৰ পৰা সন্ধিয়াৰ ৰেলত আহি হোটেল পাওঁতে প্ৰায় ৰাতি এঘাৰটা বাজিছে। মই এটা বাৰজনীয়া শিক্ষামূলক ভ্ৰমণ দলৰ সদস্য। হোটেল পোৱাৰ পিছত আমাক জনোৱা হলযে আটাইৰে বাবে হোটেলত কোঠা খালি নাই। কেইজনমানে আন এখন হোটেললৈ যাব লাগিব।

আমাৰ লগত ইনচাৰ্জ হিচাপে যোৱা যোৱা প্ৰফেছৰ গুডিনোৰ প্ৰচণ্ড খং উঠিল। আগতিয়াকৈ বুক কৰি থোৱাৰ পিছত এনে অৱস্থা হোৱাৰ বাবে তেওঁ ৰিচেপচনত থকা ডেকা গাভৰু হালক উধাই মুধাই গালি পাৰিলে। তেওঁলোকে পিচে হাঁহি হাঁহি পৰিস্থিতি চম্ভালি ললে। তেতিয়া হেনো আমষ্টাৰডামত ফুলৰ উত্সৱ চলি আছে। সেয়েহে পৰ্যটকৰ খুব ভিৰ। বিভিন্ন দেশৰ পৰা মানুহে ফুলৰ উত্সৱ চাবলৈ আহিছে। উপায় নাপাই আমাৰ দলটোৰ কেইজনমান আন এখন হোটেললৈ গল।

পিচদিনা দিনত আমি বিশ্ব বিখ্যাত টিউলিপ গাৰ্ডেন চাবলৈ গলোঁ। সেইখন ঠাই যেন এখন সৰগ। ইমান ধুনীয়া ঠাই মই আগতে কেতিয়াও দেখা নাই। গাড়ীত ফুল সজাই নাচি বাগি কৰা শোভাযাত্ৰা দেখিলোঁ। তাত ফুলৰ উত্সৱ চলি আছে। সকলোপিনে কেৱল ফুল। বুজিলোঁ হলেণ্ড কিয় ফুলৰ বাবে পৃথিৱী বিখ্যাত।

ৰাতিপুৱা হোটেলৰ ৰিচেপচনত সুধিছিলোঁ, আমষ্টাৰডামৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থল কি। সুন্দৰী ছোৱালীজনীয়ে হাঁহি মাৰি কৈছিল, ৰেড লাইট ডিষ্ট্ৰিক্ট। অৰ্থ বুজি পোৱা নাছিলোঁ। ৰঙা লাইটৰ জিলা কেনে হ'ব পাৰে ভাবি পোৱা নাছিলোঁ।  কিন্তু টিউলিপ গাৰ্ডেনৰ পৰা আহি আমাৰ বাছখন সাগৰৰ পাৰৰ এঠাইত ৰোৱাৰ পিছত হঠাতে গুডিনো ছাৰে যেতিয়া কৈছিল, আমি আমষ্টাৰডামত পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰেড লাইট ডিষ্ট্ৰিক্টপাইছোঁহি আমি উত্সাহিত হৈ ডিঙি মেলি বাহিৰলৈ চালোঁ। ছাৰে নিৰ্দেশ দিলে, যিসকলে ৰেড লাইট ডিষ্ট্ৰিক্ট চাবলৈ বিচাৰে বাছৰ পৰা নামি নামি ঘূৰি পকি নিজাকৈ ব্যৱস্থা কৰি হোটেললৈ যাব লাগিব।

ছাৰে সকীয়নিৰ সুৰত ক'লে, "এই ঠাইখিনি পৰ্যটক হিচাপেহে চাবা। পইছা খৰছ কৰিবলৈ গ'লে হাত খালি হৈ উভতিব লাগিব। ইয়াৰ ছোৱালীবোৰ যিমান ধুনীয়া, সিমানেই ভয়ংকৰ"। ৰাতিপুৱাৰ পৰা মনত খোকজা লগা শব্দটোৰ অৰ্থ সোনকালেই বুজি পালোঁ।

ইমান দুৰ আহি পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাইডোখৰ নোচোৱাকৈ ঘূৰি যোৱাৰ কথা ভাবিবই নোৱাৰি। পত্নীৰ লগত অহা গুডিনো ছাৰ  বাছত হোটেললৈ উভতি গল। আমি ডঙুৱা কেইজন ওলালোঁ সেই আকৰ্ষণীয় ঠাই ডোখৰৰ ৰেহ ৰূপ চাবলৈ।

সন্ধিয়া হোৱাৰ লগে লগে ৰঙচুৱা পোহৰে ঠাইডোখৰ মোহনীয়া কৰি তুলিলে। শাৰী শাৰী সৰু সৰু কোঠালী সদৃশ ঘৰ কিছুমান দেখিলোঁ। প্ৰতিটো ঘৰৰ সন্মুখত একোটা ৰঙা লাইট। কিছুমান জ্বলি আছে কিছুমান নুমাই আছে। ৰঙা লাইট জ্বলি থকা ঘৰবোৰত কাঁচৰ দুৱাৰৰ সিপাৰে একোজনী সুন্দৰী। বিভিন্ন ভংগীমাত ঠিয় হৈ আছে। গাত কাপোৰ নামমাত্ৰ।  দুৱাৰখনৰ ওচৰলৈ গলে হাতৰ পাঁচটা আঙুলি দেখুৱাই দিয়ে। অলপ সময় মানুহৰ ৰেহৰূপ চাই বুজি পালোঁ পাঁচটা আঙুলিৰ অৰ্থ হল পঞ্চাশ ইউৰো। সিমানখিনি ধন দিলে দুৱাৰখন খোল খায়, ঘৰটোৰ ভিতৰলৈ সোমাব পাৰি, পৰ্দাখন টান খায় আৰু ৰঙা লাইটটো নুমাই যায়। মানুহ ওলাই অহাৰ পিছত ৰঙা লাইটটো আকৌ জ্বলি উঠে, পৰ্দাখন আঁতৰি যায় আৰু সুন্দৰীজনী সাজি কাঁচি আকৌ কাঁচৰ দুৱাৰৰ সিপাৰে ঠিয় দিয়েহি। 

বজাৰৰ কাঁচৰ আলমাৰিত সুন্দৰীৰ পুতলা বহুত দেখিছোঁ, কিন্তু কাঁচৰ দুৱাৰৰ সিপাৰত থকা জীৱন্ত সুন্দৰী কেতিয়াও দেখা নাছিলোঁ। ৰঙা লাইটৰ পোহৰত নিজকে সজাই পৰাই বজাৰৰ পন্য হিচাপে আগবঢ়োৱা প্ৰায় বিবসনা সুন্দৰী সকলক এফালৰ পৰা চাই গলোঁ। সুন্দৰী সকলক লৈ বহা সেইখন এখন বিশাল বজাৰ। বিদেশী পৰ্যটকে নিজৰ কেঁচুৱা - লৰা - তিৰোতা লগত লৈয়ো সেই ৰঙা পোহৰৰ বজাৰখন ঘূৰি ফুৰিছে। মানুহেই মানুহ। কোনো লুক ঢাক নাই। আমষ্টাৰডামৰ সেয়া এক মুখ্য আকৰ্ষণ।

প্ৰথম বাৰৰ বাবে ৰঙা পোহৰ বা ৰেড লাইটৰ অৰ্থ ভালদৰে বুজিলোঁ। আমাৰ পিনে যেনিবা কেৱল ডিষ্ট্ৰিক্ট নুবুলি এৰিয়া বুলি কোৱা হয়।

এসময়ত ৰঙা পোহৰৰ বজাৰখন চাই চাই আমনি লাগিল। ৰাতি বেছি হোৱাত কেইজনমানে মিলি টেক্সী লৈ হোটেল পালোঁহি।




আমেৰিকাৰ দেৱালী



২০০৩ চনৰ ৪ জুলাইৰ দিনা আমেৰিকাৰ হিউষ্টন চহৰত আছিলোঁ। মোৰ লগত আছিল তিনিজন জ্যেষ্ঠ সহকৰ্মী। আমি আটায়ে এটা কাৰিকৰী প্ৰশিক্ষণৰ বাবে আমেৰিকালৈ গৈছিলোঁ। ৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস। সেইদিনা অফিচ, স্কুল সকলো বন্ধ। সকলোতে আমেৰিকাৰ পতাকা উৰি থাকে। সেইদিনা আমি দিনত নাছা (NASA) দৰ্শন কৰিলোঁ। সন্ধিয়া খবৰ পালোঁ যে ৰাতি হিউষ্টন চহৰত  স্বাধীনতা দিৱস উপলক্ষে  Fire-show  ব। আন কথাত ক’বলৈ গ’লে আমেৰিকাৰ দেৱালী। স্বাধীনতা দিৱসত ফটকা ফুটাই আনন্দ কৰাটো আমেৰিকান সকলৰ বহুদিনৰ পৰম্পৰা।
হোটেলৰ ৰিচেপচনত কথা পাতি গম পালোঁ যে আমাৰ দৰে ঘৰে ঘৰে ফটকা ফুটাই আমেৰিকাত দেৱালী নকৰে। এটা নিৰ্দিষ্ট অঞ্চলত মানুহ গোট খায় আৰু তাতেই আতচবাজীৰ প্ৰদৰ্শন হয়। আমি জানিব পাৰিলোঁ যে সেই অঞ্চলটো আমাৰ হোটেলখনৰ পৰা যথেষ্ট দূৰত আৰু তালৈ টেক্সী লৈ যাব লাগিব।
    মোৰ দুজন সহকৰ্মীৰ ওলাই যাবলৈ মন নাই। তেওঁলোকৰ মতে, আমি দেৱালীৰ দেশৰ মানুহ। আমেৰিকাত Fire-show কি চাবলৈ যাম। তাতে আমেৰিকাত টেক্সী লৈ ওলাই যোৱা মানে বহুত খৰছী কাৰবাৰ।
মোৰ পিছে যাবলৈ মন। আকৌ কেতিয়াবা আমেৰিকাৰ দেৱালী চাবলৈ সুযোগ পাম জানো? আনজন জ্যেষ্ঠ সহকৰ্মী হুছেইন দাই মোৰ মনৰ কথা বুজিব পাৰি ক’লে, লা, আমি দুজনেই যাওঁ। অন্তত: আমেৰিকাত দেৱালী কৰিলোঁ বুলি লোকক কবগৈ পাৰিম
মোৰ বৰ ষ্ফূৰ্তি লাগিল। ক’লোঁ, লক হুছেইন দা। মই ভৰি ডাঙিয়েই আছোঁ
সন্ধিয়া হোটেলৰ পৰা ফোন কৰি টেক্সী মাতিলোঁ। টেক্সী ড্ৰাইভাৰক কলোঁ, ফায়াৰ শ্বো’ চাবলৈ যাম। কথাচহকী ড্ৰাইভাৰ জনে বাটে বাটে কৈ গল তেওঁলোকৰ এই আতচবাজী প্ৰদৰ্শনৰ বিষয়ে। আমেৰিকাত প্ৰদূষণৰ প্ৰতি মানুহ বৰ সজাগ, সেয়েহে চহৰৰ পাৰ্শ্বৱৰ্তী, জনবসতি সেৰেঙা অঞ্চল এটা বাচি লোৱা হয় আতচবাজীৰ বাবে। আমাৰ দৰে ঘৰে ঘৰে দেৱালী নকৰে। শব্দ প্ৰদূষনৰ সম্ভাৱনাৰ বাবে আমেৰিকাত শব্দ কৰা ফটকা ফুটোৱাটো নিষেধশব্দ প্ৰদূষণৰ প্ৰতি আমেৰিকাৰ চৰকাৰ অতি সজাগ, কাৰণ বিকট শব্দৰ বাবে ৰুগীয়া, বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলাৰ বহুতো অনাকাংক্ষিত সমস্যা হ’ব পাৰে। দুৰ্ঘটনা ঘটিব পাৰে বুলি অনুমতি নোহোৱাকৈ সাধাৰণ মানুহে আতচবাজী ব্যৱহাৰ কৰাতো বাধা আছে এডোখৰ সমূহীয়া ঠাইত একোটা পেচাদাৰী গোষ্ঠীয়ে মানুহৰ মনোৰঞ্জনৰ বাবে আতচবাজীৰ খেল দেখুৱায়। ড্ৰাইভাৰজনৰ কথা শুনি থাকোঁতে মনলৈ ভাৱ আহিছিল, আমাৰ দেশৰ দেৱালী উত্সৱৰ বাবে আমি গৌৰৱ কৰোঁ, কিন্তু কেতিয়াবা দেৱালীৰ সময়ত এই সৰু সৰু কথাবোৰ কোনোবাই ভাবেনে? সেই সময়ত মনত পৰিছিল আমাৰ দেশত দেৱালীৰ দিনা ধুম ধামকৈ বিকট শব্দৰে গোটেই ৰাতি চলা দেৱালীৰ কথা।
নিৰ্দিষ্ট অঞ্চলটো পাবলৈ কিছু সময় লাগিল। এঠাইৰ পৰা দেখিলোঁ গাড়ীৰ দীঘলীয়া শাৰী আৰু ট্ৰেফিক জাম। ড্ৰাইভাৰে আমাক কলে, “আতচবাজী চাবলৈ বহুত মানুহ আহিছে বাবে আগত বহুত জাম আছে। গাড়ীত বহি গৈ থাকিলে বহুত সময় লাগিব আৰু খৰছো বেছি হব। আৰু এমাইলমান বাট আছে। আপোনালোকে পোনে পোনে খোজকাঢ়ি গৈ থাকিলে আতচবাজী প্ৰদৰ্শনৰ ঠাইখিনি পাই যাব
টেক্সী ড্ৰাইভাৰক পইচা দি বিদায় দিয়াৰ সময়ত উভতি যাবলৈ কি কৰিব লাগিব সুধিলোঁ। তেওঁ এটা ফোন নম্বৰ দিলে আৰু সেই ফোন নম্বৰত ফোন কৰিলে টেক্সী পাই যাম বুলি আশ্বাস দিলে। আধা ঘণ্টা মান ভিৰৰ মাজত খোজ কঢ়াৰ পিছত গন্তব্যস্থল পালোঁগৈ।
আতজ বাজী প্ৰদৰ্শন কৰা ঠাইডোখৰ লোকে লোকাৰণ্য হৈ আছিল। দেখিলোঁ এটা হ্ৰদৰ চাৰিওপিনে মানুহ ভৰি পৰিছে। হ্ৰদৰ মাজত এখন নাও। অলপ সময় ৰোৱাৰ পিছত সেই নাওখনৰ পৰা আৰম্ভ হল আতচবাজীৰ খেল। আতজবাজীৰ ফিৰিঙতি যাতে দৰ্শকৰ গাত নপৰে তাৰ বাবে পানীৰ মাজৰ পৰা আতচবাজী ব্যৱহাৰ কৰা হয়। ঘনে ঘনে বিভিন্ন প্ৰকাৰৰ আতচবাজী আকাশলৈ নিক্ষেপ কৰা হল। মুহূৰ্তৰ ভিতৰতে নিশাৰ আকাশখন নানা বৰণৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল। মুঠি মুঠি ৰং বিৰঙৰ তৰাৰে আকাশত মায়াজাল ৰচিত হল। আকাশ উজ্বলাই তোলা শব্দহীন পোহৰৰ খেল। মানুহে কেমেৰাৰে সেই দৃশ্য বন্দী কৰিলে। আমাৰ হাতত ৰাতি ফটো তুলিব পৰা ভাল কেমেৰা নোহোৱা বাবে চকুৰেই সেই নান্দনিক দৃশ্য উপভোগ কৰি থাকিলোঁ।
এঘণ্টামান পিছত আতচবাজী শেষ হল। মানুহবোৰ ঘৰাঘৰি যাবলৈ ধৰিলে। আকৌ গাড়ীৰ জাম। আমি খোজকাঢ়ি কিছুদুৰ আহি তিনি আলি এটাত ৰৈ দিলোঁ। আমাৰ হাতত মোবাইল ফোন নাই বাবে তিনি আলিটোৰ মাজৰ ঘাঁহনি ডোখৰত থকা এটা পেফোনৰ বুথৰ পৰা টেক্সী মাতিবলৈ ড্ৰাইভাৰে দিয়া ফোন নম্বৰ ডায়েল কৰিলোঁ। সেইটো কেব (টেক্সি) কোম্পানীৰ নম্বৰ। টেক্সী বিচৰাত আমি কত আছোঁ, কোনখিনি ঠাইত ৰৈ আছোঁ তাৰ সঠিক তথ্য বিচাৰিলে। পিছে সেই কথা আমি ভালদৰে বুজাই ক’ব নোৱাৰিলোঁ। অলপ আঁতৰত এটা কমিউনিটি চেণ্টাৰ আছে, তাৰ সোঁফালে অলপ দূৰলৈ শ্বপিং মল এখন আছেঅলপ দুৰলৈ এটা নাইট ক্লাৱ আছে”, এনে ধৰণৰ বৰ্ণনা দিয়াত তেওঁলোকে টেক্সী নপঠিয়ায় বুলি ষ্পষ্টকৈ জনাই দিলে।
আমাৰ পানীত হাঁহ নচৰা অৱস্থা হল। ৰাতি গভীৰ হৈ আহিছে। ইপিনে পেটে কলমলাইছে। সন্ধিয়াৰ পৰা একো এটা পেটত পৰা নাই। অলপ আঁতৰত মানুহ এজনে হট ডগ্‍ বেচি থকা দেখি আগুৱাই গৈ দুজনে দুটা হট ডগ্‍ কিনি খালোঁ।
দুটামান  কামোৰ মৰাৰ পিছতে হুছেইন দাই কলে, “হেৰা তুমি এইবিধ নাখাবা নেকি? মাংসটোৰ ওপৰত মোৰ সন্দেহ হৈছে
       মই ইতিমধ্যে আধা আধি খালোঁৱেই। হুছেইন দাৰ ইংগিত বুজিলোঁ। তেওঁ সোৱাদত ধৰিব পাৰিছে সেয়া গো-মাংস। বাদ দিয়ক হে হুছেইন দা। ভোকত সকলো ভগবানৰ প্ৰসাদ বুলিয়েই গ্ৰহণ কৰিব লাগেএই সময়ত আগতে পেট পূজা, পিছতহে ধৰ্মৰ কথা”এই বুলি হট ডগ্‍টো গোগ্ৰাসে খাই শেষ কৰিলোঁ। হুছেইন দাই জোকালে, “তোমাৰ আজি ধৰ্ম গল দেই
       ৰাতি হৈ আহিছিল। বাটত গাড়ী মটৰ সেৰেঙা হল। লাহে লাহে ভয় লাগিবলৈ ধৰিলে। এনেতে এখন পুলিচৰ গাড়ী আহি আমাৰ ওচৰত ৰল। আমেৰিকাত সাধাৰণতে কোনেও খোজকাঢ়ি ঘূৰি নুফুৰে। আমি ৰাতিখন ঘুৰ্মুটিয়াই দেখি এজন পুলিছ বিষয়াই আহি আমাৰ ওচৰ পালে। আমেৰিকাত পুলিছ বুলিলেই অৱশ্যে ভয় কৰিবলগীয়া কথা। অলপ কিবা সন্দেহ হ’লেই ৰঙা ঘৰত সুমুৱাই দিয়ে।
বিষয়া জনে কিবা সোধাৰ আগতে মৰসাহ কৰি আগধৰি তেওঁক আমাৰ সমস্যাৰ কথা জনালোঁতেওঁ আমাৰ পৰিচয় পত্ৰ, পছপোৰ্ট আদি পৰীক্ষা কৰিলে। কথাটো গমি চাই তেওঁ আমাৰ হোটেলৰ ঠিকনা বিচাৰিলে। ঠিকনাটো দিয়াত তেওঁ মোবাইলৰ পৰা ফোন কৰিলে। আমাক লৰচৰ নকৰাকৈ সেই ঠাইতে থিয় হৈ থাকিবলৈ নিৰ্দেশ দিলে। আমাৰ বাবে টেক্সী এখন আহি আছে বুলি কৈ তেওঁলোক গলগৈ। সেই নিশা পুলিছ বিষয়া জনক দেৱদূত যেনেই লাগিছিল
পোন্ধৰ মিনিটমান একে ঠাইতে শিলামুৰ্তিৰ দৰে ৰৈ থাকিলোঁ। দূৰত গাড়ী দেখিলে ডিঙি মেলি চাওঁ। এনেতে এখন টেক্সী আহি অলপ দূৰত ৰল। আমি দৌৰি যোৱাৰ দৰে টেক্সীখনৰ ওচৰ পালোঁগৈ।
ড্ৰাইভাৰ জনে হোটেলৰ ঠিকনা লিখা থকা কাৰ্ডখন চাই আমাক বহিবলৈ ইংগিত কৰিলে। আমি যেন সৰগ ঢুকি পালোঁ। গাড়ী নিশাৰ ৰাজপথত আমাৰ হোটেল অভিমুখে চলিবলৈ ধৰিলে। বুজিলোঁ এয়া পুলিছ বিষয়া জনৰেই কৃপা। মনে মনে পুলিছ বিষয়াজনক অশেষ ধন্যবাদ জনালোঁ।

       বাটত আহি থাকোঁতে হুছেইন দাক কলোঁ, “খাদ্যৰ কাৰণে ধৰ্ম নাযায় বুলি বুজি পালোঁ হুছেইন দা। নহ'লে ভগৱানে আজি পুলিছ বিষয়াৰ ৰূপত আহি আমাক সহায় নকৰিলেহেতেন